প্ৰথম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
মূল আলোচ্য বিষয়
- বংগ ভংগৰ পটভূমি
- বংগ বিভাজন
- স্বদেশী আন্দোলন
- স্বদেশী আন্দোলনৰ ফলাফল
- জাতীয় সাহিত্য
- জাতীয় শিক্ষা
- স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা
- স্বদেশী শিল্প উদ্যোগ
- মুছলিম লীগৰ প্ৰতিষ্ঠা
- চৰকাৰৰ আন্দোলনবিৰোধী কর্মপন্থা
- স্বদেশী আন্দোলন আৰু জাতীয় কংগ্রেছ
- স্বদেশী আন্দোলনৰ অৱদান
প্রস্তাবনা:
বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূর্ণ অধ্যায়। ভাইচৰয় লর্ড নেথানিয়েল কার্জন (Lord Nathaniel Curzon) শাসনকালত (১৮৯৯-১৯০৫) সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগন্তকাৰী ঘটনা। বিশাল বংগ প্রদেশক দুভাগ কৰি দুখন প্রদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সর্বভাৰতীয় প্রেক্ষাপটত ব্রিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্রামৰ সুচনা কৰিছিল। চিপাহী বিদ্রোহৰ (১৮৫৭ খ্রীষ্টাব্দ) পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক’ব লাগিব।
উনবিংশ শতিকাৰ শেষৰ পিনে আৰু কুৰি শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈকে ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি ‘পূৰ্ব বংগ আৰু অসম’ নামৰ এখন প্রদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি, পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্র দেশ এঁক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্রত এটা নতুন যুগৰ সূচনা হৈছিল। প্রকৃতপক্ষে বিটিছ শাসনৰ বিপক্ষে বংগ ভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। আমি এই অধ্যায়ত বংগ বিভাজনৰ এতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম।
মোগল সম্রাট শ্বাহ আলম (১৭৫৯-১৮০৬) আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ (১৭৬৫) যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্রদেশত অন্তর্ভুক্ত হৈছিল।
১.০১ : বংগ ভংগৰ পটভূমি
১৭৭৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন (Regulating Act. 1773) প্রৱৰ্তন কৰি বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰ পদটো ‘গৱৰ্ণৰ জেনেৰেল’ (Governor General) পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক ফ’ৰ্ট উইলিয়াম (Fort William)ৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। ফ’ৰ্ট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্রদেশ শাসনৰ দ্বায়িত্ব এগৰাকী লেফ্টেনেণ্ট গৱৰ্ণৰৰ (Lieutenant Governor) হাতত অর্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্রদেশৰ সু-শাসন এজন লেফটেনেন্ট গৱৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভব হৈ উঠা নাছিল। চিপাহী বিদ্রোহৰ (১৮৫৭ খ্রীষ্টাব্দ) পিছত ভাৰতীয় প্রশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্রিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাব-চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ব্রহ্মপুত্র উপত্যকাৰ ছখন জিলাৰ (গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ) সৈতে খাহীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্রীহট্টক সংলগ্ন কৰি (সৰ্বমুঠ এলেকা ৫৪,১০০ বর্গমাইল, জনসংখ্যা ৪১,৫০,০০০) ১৮৭৪ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে 'অসম' নামৰ প্রদেশখন গঠন কৰা হয়। নবগঠিত প্রদেশখনৰ কাৰণে মুখ্য আয়ুক্ত (Chief Commissioner) পদ এটা সৃষ্টি কৰি কৰ্ণেল আৰ এইচ কীটিঞ্জক (Colonel R H Keatings) অসম প্রদেশ প্রশাসনৰ দায়িত্বভাৰ (১৮৭৪-১৮৭৮) অর্পণ কৰা হৈছিল। কোনো কোনো ঐতিহাসিকৰ মতে, এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ।
বংগ বিভাজনৰ (১৯০৫) ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্য প্রদেশৰ মুখ্য আযুক্ত (Chief Commissioner) এন্ড্রু ফ্রেজাৰ (Andrew Fraser) আৰু আনজন অসমৰ মুখ্য আযুক্ত জন ব্যামফিল্ড ফুলাৰ (১৯০২-১৯০৫, J. Bamfylde Fuller)। ১৯০১ খ্রীষ্টাব্দত ফ্রেজাৰে মধ্য প্রদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিবর্তন কৰাৰ প্রস্তাৱ ভাইচৰয় কার্জনক দিছিল। ফ্ৰেজাৰে বংগৰ ৭ কোটি ৮০ লাখ বর্হিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সঙ্গলপুৰ আৰু উৰিষ্যাক বংগ প্রদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্য প্রদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আযুক্ত ফুলাৰেও চাহ ব্যবসায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্রামক সংলগ্ন করাৰ প্রস্তাৰ দিছিল। লর্ড কার্জনে ফ্ৰেজাৰ আৰু ফুলাবৰ দুয়োটা প্রস্তাৰ মনোযোগেৰে অধ্যয়ন কৰিছিল। প্ৰস্তাৱ দুটা তেওঁৰ মনঃপুত হৈছিল আৰু তাক কার্যকৰী কৰাৰ ইচ্ছা প্রকাশ কৰিছিল।
গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৱৰ (Robert Clive, ভাৰতবৰ্ষত ক্লাইৱৰ দ্বিতীয় কার্যকাল ১৭৬৫ খ্রীষ্টাব্দ) পৰা লর্ড ডেলহাউছীৰ (Lord Delhousie, ১৮৪৮-৫৬ খ্রীষ্টাব্দ) সময়লৈকে প্রায় সমগ্র ভাৰতবৰ্ষত ব্ৰিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্রাজ ইষ্ট ইন্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। প্রত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্রেছিডেন্ট (President) বিষয়বাৰ দিয়া হৈছিল আৰু প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্রটো 'প্রেছিডেন্সি' হিচাপে জনাজাত হৈছিল।
১৮৬৬ খ্রীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুর্ভিক্ষত প্রায় দহ হেজাৰ মানুহে মৃত্যুক সাবটি ল'ব লগা হৈছিল। ভাইচৰয় লর্ড নর্থব্রুকে (Lord Northbrook, ১৮৭২-৭৬) বংগ প্রশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্রদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল।
য়াণ্ডাবু সন্ধিৰ (১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী) যোগেদি অসম তথা ব্রহ্মপুত্র উপত্যকা, ১৮৩২ খ্রীষ্টাব্দত কাছাৰ, ১৮৩৩ খ্রীষ্টাব্দত খাছীয়া পাহাৰ, ১৮৩৫ খ্রীষ্টাব্দত জয়ন্তীয়া পাহাৰ, ১৮৩৯ খ্রীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, ১৮৪৩ খ্রীষ্টাব্দত খামতি ৰাজ্য, ১৮৪৩ খ্রীষ্টাব্দত চিংফৌ ৰাজ্য, ১৮৫৪ খ্রীষ্টাব্দত আঙ্গামীসকলৰ নগা পাহাৰ এলেকা ভাৰত-ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন ১৮৭৪ খ্রীষ্টাব্দলৈকে বংগ প্রদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। তেতিয়া বংগ প্রদেশৰ সৰ্বমুঠ মাটিকালি আছিল ২,৫৩,০০০ বর্গমাইল। মুঠ জনসংখ্যা আছিল ৪ কোটি ৬০ লাখ।
১.০২ : বংগ বিভাজন
১৯০৩ খ্রীষ্টাব্দত এন্ড্রু ফ্ৰেজাৰ বংগ প্রদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লর্ড কার্জনে তেওঁক প্রাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পরিকল্পনা যুগুত কৰিবলৈ নির্দেশ দিছিল। এন্ড্রু ফ্রেজারে তেতিয়া পূর্বতে উইলিয়াম ই বার্ডে (William E. Ward) আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম বদ-বদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগ প্রদেশৰ পৰা ঢাকা, চট্টগ্রাম আৰু বাজশাহী সংমণ্ডলক কাটি আনি (সর্বমুঠ ১৫খন জিলাৰ ভূ-খণ্ড) চুবুৰীয়া অসমৰ লগত সংলগ্ন কবি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি ২৮ মার্চ, ১৯০৩ খ্রীষ্টাব্দ তারিখে কার্জনৰ হাতত অর্পণ কৰিছিল। ১ জুন, ১৯০৩ খ্রীস্টাব্দ তারিখে ভাইচৰয় লর্ড কার্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব (Secretary of state) হাবার্ট ৰিজলীৰ (Hebert Risley) লগত আলোচনা কৰি বংগ বিভাজন প্রক্রিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ (প্রস্তাৱ) তৈয়াৰ কৰিছিল। যথা ৰীতি লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই 'আঞ্চলিক পুনর্গঠন সংক্রান্ত টোকা' (Minute on Territorial Re-distribution in India) নামেৰে বিবেচিত হৈছিল। প্ৰস্তাৱটো ভাৰত সচিব বিজলীয়ে ৬ ডিচেম্ববত (১৯০৩ খ্রীষ্টাব্দ) প্রকাশ কৰাৰ পিছত ৰিজলী পেপাৰ (Risley papers) নামেৰে জনাজাত হৈছিল। বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক 'বংগ ভংগ' বুলি জনা যায়।
অসমত চাহখেতিৰ সম্প্ৰসাৰণ ঘটোৱা ইউৰোপীয় চাহ খেতিয়কসকলে ব্যৱসায়িক সা-সুবিধাৰ কাৰণে সামুদ্রিক জলপথ বিচাৰি বংগদেশৰ চট্টগ্রামলৈকে অসমৰ ভৌগোলিক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই উদ্দেশ্য আগত ৰাখি অসমৰ মুখ্য আযুক্ত উইলিয়াম ই ৱার্ডে (William E. Ward, ১৮৯৪-৯৬ৰ দ্বিতীয়টো কার্যকাল) চট্টগ্রামসহ ঢাকা আৰু মৈমনসিং জিলা দুখনো অসমৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে সেই সময়ৰ বিশৃংখল ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ কার্যকৰী কৰিব পৰা নাছিল।
ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী- এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বর্গমাইল। জনসংখ্যা আছিল ৩১ নিযুত। ইয়াৰ ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।
বিশাল বংগ প্রদেশক এজন লেফটেনেন্ট গৱৰ্ণবে সুচাৰুৰূপে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই প্রদেশখনৰ উত্তৰ আৰু পূব বংগৰ ১৫খন জিলা অসমৰ সৈতে সংলগ্ন কৰি 'পূর্ব বংগ আৰু অসম' (Eastern Bengal and Assam) নামৰ প্রদেশখন গঠন কৰাৰ আঁচনি গ্রহণ কৰা হয়। আনহাতেদি বংগ প্রদেশৰ অৱশিষ্ট অংশ অর্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰক আগৰ দৰে সংযোগ ঘটাই আনখন বংগ প্রদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হয়। ঢাকাক ৰাজধানী হিচাপে লৈ প্রস্তাবিত 'পূর্ব বংগ আৰু অসম' নামৰ প্রদেশখনৰ জনসংখ্যা আছিল ৩ কোটি ১০ লাখ। ইয়াৰে ১ কোটি ৮০ লাখ মুছলমান আৰু ১ কোটি ২০ লাখ হিন্দু। আনহাতে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ' প্রদেশখনৰ জনসংখ্যা আছিল ৫ কোটি ৪০ লাখ। ইয়াবে ৪ কোটি ২ লাখ হিন্দু আৰু ৯০ হাজাৰ মুছলমান। উল্লেখ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাত বংগ প্রদেশখনত বঙালী লোক সংখ্যালঘুত পৰিণত হৈছিল।
লর্ড কার্জনে শাসনৰ সুবিধার্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্রয়োজনৰ খাতিবত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত দুৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্রকাশ পাইছিল। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্রমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবার্ট বিজলীয়ে কার্জনলৈ লিখা চিঠিত প্রকাশ পাইছিল- "ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰমাৰ কৰিব।” গতিকে বংগভংগৰ অন্তর্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্রয়োজন হৈছিল সাম্প্রদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱা।
বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্রদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কার্জনৰ উদ্দেশ্য আছিল ব্রিটিছ সাম্রাজাবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যোগেদি তেওঁ বাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংবাজবিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক এপাট অস্ত্র হিচাপে বাছি লৈছিল।
১৯০৫ খ্রীষ্টাব্দৰ ২ ফেব্রুৱাৰিত লর্ড কার্জনে বংগ ভংগব প্রস্তাবটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্রেৰণ কৰে। ৯ জুন তাৰিখে ভাৰত সচিব জন ব্রডৰিকে (John Brodric) তাঁৰ বাৰ্তাৰ যোগেদি বংগ ভংগৰ প্রস্তাৱত অনুমোদন জনোৱাৰ পিছত ১৯ জুলাইত (১৯০৫) ভাৰত ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্রকাশ কৰিছিল। ১ ছেপ্টেম্বৰত (১৯০৫) পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰি ১৬ অক্টোবৰত বংগ ভংগ কাৰ্যকৰী কৰাৰ দিন ধার্য কৰিছিল। লর্ড কার্জনে ঘোষণা কৰা (১ ছেপ্টেম্বৰ) বংগ ভংগৰ চাৰিদফীয়া আঁচনিখন আছিল এনেধৰণৰ-
বংগ ভংগ আঁচনিৰ প্ৰথম দফা-
ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনব নাম 'পূর্ব বংগ আৰু অসম' হ'ব।
(খ) 'পূর্ব বংগ আৰু অসম' প্রদেশৰ ৰাজধানী হ'ব ঢাকা।
(গ) 'পূর্ব বংগ আৰু অসম' প্রদেশৰ শাসনৰ দায়িত্ব এজন লেফ্ টেনেন্ট গৱৰ্ণৰৰ হাতত অর্পণ কৰা হ'ব।
(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব।
দ্বিতীয় দফা-
(ক) পূর্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় (High Court) স্থাপন হ'ব।
(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপর্যন্ত প্রদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হ'ব।
তৃতীয় দফা-
(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ প্রদেশ'ৰ ৰাজধানী কলিকতা হ'ব।
চতুর্থ দফা-
(ক) ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পরিকল্পনা কার্যকৰী হ'ব।
১.০৩: স্বদেশী আন্দোলন (১৯০৫-১১)
বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল। বংগদেশৰ কৃতী সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় (১৮৪৮-১৯২৫), বিপিনচন্দ্র পাল (১৮৫৮-১৯৩২), অৰবিন্দ ঘোষ (১৮৭২-১৯৫০), ৰবীন্দ্ৰনাথ ঠাকুৰ (১৮৬১-১৯৪১), বাসবীহাৰী বসু (১৮৪৫-১৯২১), ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী (১৮৬৪-১৯১৯) আদি বিখ্যাত চিন্তানায়কসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বংগচ্ছেদ কাৰ্য্যকৰী কৰিলে বঙালী জাতিৰ ঐতিহ্যত আঘাত হোৱাৰ লগতে হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি তেওঁলোকে লিখনি আৰু সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল। প্ৰায় সত্তৰ হাজাৰ স্বাক্ষৰ সম্বলিত প্রতিবাদপত্র ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো ব্ৰিটিছ চৰকাৰে আত্মপক্ষ সমর্থন কৰি ভাল প্রশাসনৰ কথা কৈ এণ্ড্ৰু ফ্ৰেজাৰৰ বংগ ভংগৰ আঁচনিৰ যুক্তিযুক্ততা প্ৰচাৰ কৰাত বংগদেশৰ জনতা ক্ষুব্ধ হৈছিল।
চৰকাৰৰ ফালৰ পৰা বংগচ্ছেদ কাৰ্য্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰবিৰোধী জনজাগৰণ ক্ৰমশঃয়ে বৃদ্ধি হ'বলৈ আৰম্ভকৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। লৰ্ড কৰ্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল। তেওঁৰ বংগ বিভাজনৰ পৰিকল্পনাও আছিল প্রতিক্রিয়াশীল। গতিকে বংগ ভংগৰ অসন্তুষ্টিৰ উত্তাপে প্রবল বিক্ষোভৰ সৃষ্টি কৰিছিল। ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্রীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি-বর্ণ নির্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বর্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন 'স্বদেশী আন্দোলন' নামে জনাজাত হয়।
সঞ্জীবনী পত্ৰিকাত (সম্পাদক কৃষ্ণকুমাৰ মিত্ৰ, ১৮৫২-১৯৩৬) প্রকাশিত (৬ জুলাই, ১৯০৪ খ্ৰীষ্টাব্দ) 'বংগৰ সৰ্বনাশ' নামৰ নিবন্ধটোৱে বংগ দেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা ১৪ জুলাই, ১৯০৫ খ্রীষ্টাব্দত খুলনাত (বাগেৰহাট) অনুষ্ঠিত হৈছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্রলাল মিত্ৰ প্ৰমুখ্যে নেতাসকলে জন্মভূমিক খণ্ড-বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কূটীল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ’বলৈ সকলোকে আহ্বান জনাইছিল। ১৬ আৰু ১৭ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) অনুৰূপ সভা ক্রমে কিশোৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল। বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা (২০ জুলাই, ১৯০৫) দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বর্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। জিলা পৰ্যায়ত সভা-সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্রতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি লোৱা হৈছিল।
আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকর্ষণ কৰিছিল। ৰিপন কলেজৰ (বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ) ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত (১৮ জুলাই, ১৯০৫) ভাগ লৈছিল। ৩১ জুলাই তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্রাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল ৭ আগষ্ট তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) মহাৰাজা মণীন্দ্রচন্দ্র নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মর্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ 'হে বংগ জননী, স্বৰ্ণ প্ৰসৱিনী ... শিখেছি সবাই কবিতে ভাবনা, বিলাতি পোশাকে আৰু সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব ...' গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত 'ছাত্ৰ সংসদ' গঠন হৈছিল। কবিগুরু ববীন্দ্রনাথ ঠাকুরে উদাত্ত ভাষণেবে বংগবাসীক সাম্প্রদায়িক ঐক্য বজায় ৰাখিবলৈ আহবান জনাইছিল। বিদেশী সামগ্রীৰ বেচা কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক প্রতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। সভাস্থলীত বিদেশী বস্তু আৰু বিদেশী সা সামগ্রী দাহ কৰা হৈছিল।
২৩ ছেপ্টেম্বৰ তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) উত্তৰ কলিকতাৰ ৰাজাবজাৰত আয়োজিত বিশাল জনসভাই বংগ ভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা করিছিল। অব্দুল ৰছুলৰ পৌৰোহিত্যত অনুষ্ঠিত এইখন সভাত হালিম গজনবী, লিয়াকং হুছেইন, মহম্মদ ইছমাইল চৌধুবী প্রমুখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল। বংগ ভংগবিবোধী আন্দোলনটো সক্রিয় তাবে আগবঢ়াই নিয়াৰ ক্ষেত্রত এই সভাখনে গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সাম্প্রদায়িক একতাৰ চিনস্বরূপে সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্রাত জাতি-বর্ণ নির্বিশেষে সকলোরে অংশগ্রহণ কৰিছিল।
বংগ ভংগ কার্যকৰী হোৱাৰ দিনা (১৬ অক্টোবৰ, ১৯০৫) বংগবাসীয়ে 'জাতীয় শোক দিবস' পালন কৰিছিল। ৰামেন্দ্রসুন্দৰ ত্রিবেদীৰ প্রস্তাৱমর্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল। কবিগুৰুৰ আহবান ক্রমে কলিকতাৰ জনতাই বঙালী জাতিব অখণ্ডতাব প্রতীক হিচাপে সেইদিনা বাখীবন্ধন পালন কৰিছিল। ববীন্দ্রনাথ ঠাকুৰ ৰচিত বাখী সংগীত 'বাঙালিৰ প্রাণ, বাঙালিব মন, এক হওক হে ভগবান...' গীতটি গাই গাই হিন্দু মুছলমানৰ মাজত যুগমীয়া সম্প্রীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত বাখী পিন্ধাইছিল কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালুতোলা আৰু চীৎপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অনা'না মুছলমান লোকসকলক বাখীবন্ধন কৰিছিল। বংগদেশৰ জিলাই জিলাই প্রতিবাদী সভা অনুষ্ঠিত কবি সেইদিনাৰ পথা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল। ছাত্র সংগ্রাম সমিতিৰ নির্দেশমর্মে ছাত্রসকলে বংগ ভংগ উঠাই নোলোৱাপর্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সংকল্প লৈছিল।
১৬ অক্টোবৰৰ (১৯০৫) আবেলি সমগ্র কলিকতাত বংগ ভংগন বিরুদে, হৰতাল পালন করা হয়। দোকান পোহাৰ, অনুষ্ঠান প্রতিষ্ঠান, বাহ ট্রাম আদি বন্ধ হৈ পৰে। আনন্দমোহন বসুৱে (কংগ্ৰেছৰ চতুর্দশ মাদ্রাছ অধিবেশন, ১৮৯৮ব সভাপতি) বংগ ভূমিৰ একতা আৰু ঐতিহাৰ প্রতীক হিচাপে 'ফেডাবেল হল'ৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্যি সকলোকে বংগ ভংগবিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। বংকিমচন্দ্র চট্টোপাধ্যায়ব 'বন্দে মাতৰম' গীতেৰে মুখৰিত কলিকতব জনতাই দেশপ্রেমৰ শ্লোগান আৰু কবিতাৰে আকাশ-বতাহ কঁপাই তোলে। বংগদেশৰ জনতাই সেইদিনাৰ পৰা শোক দিবস বহবজোৱাকৈ পালন কৰে।
আৰম্ভণিতে স্বদেশী আন্দোলনটে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতে সীমাবদ আছিল। প্রথমটোক নেতিবাচক আৰু দ্বিতীয়টোক ইতিবাচক পন্থা হিচাপে গণ্য কৰি ব্রিটিছ শক্তিক অর্থনৈতিক দিশত হেঁচা দিয়াৰ এই কর্মপন্থা বচনা কৰিছিল। কিন্তু আন্দোলনৰ পৰিধি ক্রমান্বয়ে ব্যাপক হোৱাৰ লগে লগে বৰ্জনৰ পৰিসৰো ব্যাপকতব হৈ পৰিছিল। অৰবিন্দ ঘোষে কৈছিল "বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মার্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্রকাৰে অসহযোগিতা কৰা।' খাষি অৰবিন্দৰ এই বৰ্জনৰ মানসিকতাই আন্দোলনকাৰীৰ মনত স্বদেশ-স্বজাতি আৰু দেশপ্রেমৰ ভাব বেছি সতেজ আৰু সক্ৰিয় কৰি তুলিছিল। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি ব্রিটিছ প্রশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় আদিকো আন্দোলনকাৰীয়ে বর্জন কৰিবলৈ সিদ্ধান্ত লৈছিল। স্বদেশী সামগ্রীৰ আদৰ বাঢ়িছিল। স্বদেশীয়ে স্বদেশী কাৰিকৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্রী ক্রয় কৰি জাতীয় স্বাবলম্বিতা অনুভব কৰাৰ লগতে স্বদেশী বজাৰ অর্থনীতিৰ বুনিয়াদ গঢ়ি তোলাত বিশেষ সহায়ৰ হাত আগবঢ়াইছিল। আনহাতেদি ভাৰতীয় বজাৰ দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্ৰৱণতা স্বদেশীৰ মনত গঢ়ি উঠিছিল। আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা, চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতাও আন্দোলনকাৰীৰ মনত গঢ় লৈ উঠিছিল।
স্বদেশী আন্দোলনৰ কেন্দ্রভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্রম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ-পূব ভাৰতৰ জনগণেও শাসকবিৰোধী এই আন্দোলনটো সমর্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হৈছিল। সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, বাল গংগাথৰ তিলক, গোপালকৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা লাজপত ৰায়, দাদাভাই নৌবজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্রম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশলৈও প্রসাৰিত হৈছিল।
স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্র ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল। স্বৰূপতে ই এটা বাজনৈতিক আন্দোলন আছিল যদিও সাত বছৰীয়া (১৯০৫-১১) এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অর্থনীতি আদি সকলো দিশতে সুদূৰসাৰী প্রভাৱ পেলাইছিল।
১.০৪: স্বদেশী আন্দোলনৰ ফলাফল
(ক) জাতীয় সাহিত্য:
স্বদেশানুভূতিৰ জোৱাবে সাহিত্য সৃষ্টিত বিশেষ অবিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল বিভিন্ন সংবাদপত্র, আলোচনী, গ্রন্থ আৰু গীত, নটিক, প্রবন্ধ ইত্যাদি
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত 'বেংগলী' (১৯০৪), কৃষ্ণকুমাৰ মিত্ৰৰ 'সঞ্জীৱনী' (১৯০৪), কালীপ্রসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্রনাথ বিদ্যাভূষণৰ 'হিতবাদী' (১৯০৫), ভুপেন্দ্রনাথ দত্তব 'যুগান্তৰ' (সাপ্তাহিক, ১৯০৬), ব্ৰহ্মবান্ধব উপাধ্যায়ৰ 'সন্ধ্যা' (১৯০৬),সতীশ চন্দ্র মুখোপাধ্যায়ৰ 'দি ডন' (১৯০৬), কুমুদিনী মিত্ৰৰ মহিলা আলোচনী 'সু-প্রভাত' (১৯০৬), অৰবিন্দ ঘোষৰ 'বন্দে মাতৰম' (১৯০৫) আদি সংবাদপত্র আৰু আলোচনীত প্রকাশিত জাতীয়তাবাদী লেখাসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল।
স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীরোদ প্ৰসাদৰ 'পলাশীৰ প্রায়শ্চিত্ত', গিৰীশ ঘোষৰ 'চিবাজউদ্দৌলা' আৰু 'মিৰ কাছিম', অমৃতলাল বসুব 'চাব্বাস বাঙালী', অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ' ইত্যাদি। একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্রন্থকেইখনমান হ'ল- স্বর্ণকুমাৰী দেবীৰ 'জাপানী বীৰ', প্রমথনাথ ৰায়চৌধুৰীৰ 'জয় সংগীত', কার্তিকচন্দ্র দাশগুপ্তৰ 'নব্য ভাৰত', বামেন্দ্রসুন্দৰ ত্রিবেদীৰ 'বংগলক্ষীৰ ব্ৰতকথা'।
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিব সম্পদ হৈ থাকিব। 'আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি' শীর্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মর্যাদা লাভ কৰিছিল। 'যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো বে...'ব দবে তীব্র জাতীয় আবেদনময়ী গীতে চিৰকালে জনপ্রিয়তা লাভ কৰি থাকিব। আন্দোলনৰ সময়ছোৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্রলাল বয় আদিৰ গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল। স্বদেশী আন্দেলনৰ পটভূমিত ৰবীন্দ্রনাথে ৰচনা কৰা এটা বিখ্যাত প্রবন্ধ আছিল 'ভাই ভাই এক ঠাই'।
অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত 'বংগীয় কলা সংসদ' (১৯০৭) নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটোরে পাশ্চাত্য প্রভাবমুক্ত নিভাঁজ ভাৰতীয় চিত্রকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলাত মনোযোগ দিছিল। অবনীন্দ্রনাথ ঠাকুৰে তেওঁৰ সু-বিখ্যাত 'বংগ মাতা' ছবিখন অংকন কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্রতিষ্ঠা কৰিছিল। ভগিনী নিবেদিতাই 'বংগ মাতা'ক 'ভাৰত মাতা'ৰ ৰূপ প্রদান কৰিছিল।
(খ) জাতীয় শিক্ষা:
স্বদেশী আন্দোলন কেৰল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য বাখি বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কার্লাইলে (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫) ছাত্রসকলক আন্দোলনত ভাগ নল'বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্র বংগদেশত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কার্লাইলৰ জাননীৰ বিৰুদ্ধে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। বীন্দ্রনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাণ্ডা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত (৪ নৱেম্বৰ, ১৯০৫) 'এন্টি সার্কুলাৰ ছ'চাইটী' (Anti-Circular Society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা।
বিপিনচন্দ্ৰ পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশচন্দ্র মুখোপাধ্যায় (১৮৬৫–১৯৪৮) সম্পাদিত 'দি ডন' (The Dawn) পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্ৰ মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাকদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪–১৯১৮) সহযোগত 'ডন ছ'চাইটি' (Dawn Society) নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰাত ব্ৰতী হৈছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কাৰ্লাইল জাননীৰ (১৯০৫) সম্পূর্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল। পিছদিনা (৬ আগষ্ট) বিশাল জনতাৰ উপস্থিতিত তেওঁ 'বংগ জাতীয় বিদ্যালয়' নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) বংগপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। বাসবিহাৰী বসুৰ (১৮৪৫–১৯২১) অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত 'জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ (উ. সমৰ প্ৰথমগৰাকী আই চি এছ আনন্দৰাম বৰুবাৰ অন্তৰংগ বন্ধু) অৰ্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট (Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত 'বিহাৰ বিদ্যাপীঠ', মহাৰাষ্ট্ৰত 'সমৰ্থ বিদ্যালয়' আৰু গুজৰাটত 'গুজৰাট বিদ্যালয়' প্ৰতিষ্ঠা কৰা হৈছিল।
(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা :
সকলো ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মফচলিও নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। বংগ বিভাজনবিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)। বিপ্লবী ভাবাদৰ্শৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ৫৩, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। 'ভাৰতী' নামৰ পত্রিকা এখন (১৯০৭) সম্পাদনা কৰি বংগ দেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।
নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্রহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবল (Margaret Elizabeth Noble, ১৮৬৭-১৯১১)। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল।
বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পর্কে লণ্ডনৰ 'ডেইলী টেলিগ্রাফ' (Daily Telegraph) কাকতত প্ৰকাশ পাইছিল (১১ অক্টোবৰ, ১৯০৭) এনেদৰে— 'বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুর্দম আৰু বিপজ্জনক' (The most obstinate and most dangerous antagonist of the English)।
(ঘ) স্বদেশী শিল্প উদ্যোগ :
স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্র আৰু মজলীয়া তাঁত-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্রনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্তু প্ৰতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত 'ইণ্ডিয়ান ষ্টোৰ্ছ' (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কর্ণৱালিছ ষ্ট্ৰীটত (বৰ্তমান বিখন সৰণী) 'লক্ষ্মী ভাণ্ডাৰ' (১৯০৩) প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল 'ইউনাইটেড বেংগল ষ্টোৰ্ছ' (১৯০৬)।
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাৱৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশচন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত 'বংগলক্ষী কটন মিল' (১ আগস্ট, ১৯০৬) আৰু আচার্য প্রফুল্ল ৰায়ে 'বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদণ্ডী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভারে হ্রাস পাইছিল।
বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্র কবি ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গড়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত ব্যবসীত অনুষ্ঠিত প্রথম 'ভাৰতীয় উদ্যোগ সম্মিলন'ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাবনীয়তা সম্পর্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সম্মিলনৰ যোগেদি বহুতো দেশীয় শিল্পক পুনরুজ্জীবন সম্ভব হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্রত স্বদেশী আপোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।
(ঙ) মুছলিম লীগৰ প্ৰতিষ্ঠা :
ব্রিটিছ শাসকে ভাৰতবর্ষত একত্রিত বিশাল ভাৰতীয় জাতি গঠন হোৱাটো বিচৰা নাছিল। সাম্রাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে ধর্ম, জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিত ভাৰতবাসীৰ মাজত বিভেদ অনাৰ প্রয়াস চলাইছিল। বংগ বিভাজনো আছিল ভাৰতীয় জাতীয়তাবাদক নিশকতীয়া কৰাৰ লগতে সাম্প্রদায়িক ভেদাভেদ সৃষ্টি বাব এপটি চোক অ
কার্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে ১৯০৪ খ্রীষ্টাব্দৰ ফেব্রুৱাৰি মাহত পূর্ব বংগ ভ্ৰমণৰ দীঘলীয়া কাৰ্যসূচী লৈছিল। ঢাকা, মৈমনসিং, চট্টগ্রাম আদি ঠাইত আয়োজিত জনসভাত তেওঁ বংগ ভংগৰ সপক্ষে প্ৰচাৰ চলাইছিল। মুছলমান জনগণক বংগ ভংগৰ যোগেদি প্ৰচুৰ লাভৱান হ'ব বুলি বুজাইছিল। ১৮ ফেব্রুৱাবি তাৰিখে (১৯০৪) ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূর্ব বংগৰ ইছলাম ধর্মীয় জনগণক হিন্দুসকলৰ বিরুদ্ধে মাৰবাদি থিয় হ'বলৈ আহ্বান জনাইছিল। ঢাকাৰ নবাব ছলিমউল্লা খানৰ যোগেদি পূর্ব বংগব মুছলমান জনতাক ওচব চপাই অনাব প্রচেষ্টা হাতত লৈছিল। এই উদ্দেশ্য আগত বাখি তেওঁ নবাবগৰাকীক ১৪ লাখ টকা অতি নগণ্য সুতৰ বিনিময়ত ধাৰলৈ দিছিল ইছলাম ধর্মীয় ভূ-স্বামীসকলকো বিশেষ সা-সুবিধা দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছিল। ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ ভংগ পৰিকল্পনাক আদৰণি জনাইছিল কাৰ্জনৰ নীতিত বিশ্বাস ৰখা পূর্ব বংগৰ একাংশ নেতাই প্রস্তাৱিত 'পূর্ব বংগ আৰু অসম' নামব প্রদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূর্ণ হ'ব বুলি ভাবিছিল। তেওঁলোকৰ মনত আত্মপ্রতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল। চৰকাৰে এইদবে তেওঁলোকৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ়ি তুলিছিল।
লর্ড কার্জনৰ পিছত ভাইবেৰ পদত অধিষ্ঠিত হোৱা লর্ড মিন্টোৰ (১৯০৫-১০, Lord Minto) ঘোষণাই (১৩ এপ্রিল, ১৯০৬) মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা-সুবিধা প্রদান কৰাৰ ইংগিত বহন কৰিছিল তেওঁ শাসন প্রক্রিয়াত প্রতিনিধিত্বমূলক ব্যৱস্থা প্রয়োগ কৰি ভাৰতীয়ৰ বাবে এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ ঘোষণা জাৰি কৰিছিল। উক্ত ঘোষণাৰ পিছত একাংশ মুছলমান নেতাই প্রস্তাৰিত শাসন সংস্কাৰ আঁচনিত তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব সেই বিষয়ে গভীৰ চিন্তা চর্চাত ব্যস্ত হৈছিল তেওঁলোকে আলীগড় কলেজৰ অধ্যক্ষ উইলিয়াম আকবপূৰ (William Archbold) লগত আলোচনা কবি এখন আৱেদন প্রস্তুত কৰিছিল মুছলমানসকলৰ বাবে সংবিধানিক (প্রস্তারিত শাসন সংস্কাৰ বিধিত) সুকীয়া নির্বাচনী মণ্ডল গঠনৰ অপৰিহাৰ্যতা এই আৱেদনৰ মাজেবে উত্থাপন কৰিছিল। ১ অক্টোবৰ তাৰিখে (১৯০৬) অগা খব (খান) নেতৃত্বত ৩৫জনীয়। এটা সজাতী দলে চিমলাত উপস্থিত হৈ লর্ড মিন্টোৰ হাতত এই আবেদন প্রদান কৰিছিল। ভাইচৰয়ে তেওঁলোকৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিছিল বাজ অনুগ্রহণ এই অনুকূল পৰিৱেশত তেওঁলোকে তেওঁলোকৰ উদ্দেশ্যক সার্থক রূপ দিয়াত নিময় হৈছিল।
১৯০৬ খ্রীষ্টাব্দৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লাৰ আহ্বান ক্রমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমুৰীয়াই নবাব বিকৰউল মূলল্কৰ পৌবোহিতাত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্রহণ কৰিছিল। এই ঐতিহাসিক সভাতে 'সৰ্বভাৰতীয় মুছলিম লীগ' নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। মুছলিম লীগ স্থাপনত নেতৃত্ব বহন করা ব্যক্তি নবাব ছলিমউল্লাই সেইদিনা ঘোষণা কৰিছিল যে নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোব লক্ষ্য আৰু উদ্দেশ্য হ'ব-
(ক) ব্রিটিছ চৰকাৰৰ প্রতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা।
(খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্রতি সদ-সচেতন কৰি ৰখা।
(গ) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্রাস, বিদ্বেষ ভাবৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা।
ভাইচৰয় লর্ড মিন্টো আৰু ভাবত সচিব জন মলেই (John Morley) মুছলিম লীগৰ কামত সন্তুষ্টি প্রকাশ কৰিছিল। প্রকৃতার্থত ক'বলৈ গ'লে দুয়োগৰাকী ইংবাজ শাসকে হিন্দু আৰু মুলমানৰ মাজত ধর্মগত পার্থক্য তথা মতবিৰোধক এটা ৰাজনৈতিক সুবিধা হিচাপে গ্রহণ কৰিছিল। অতি কম সময়ৰ ভিতৰক্তে মিন্টোৱে জাতীয় কংগ্ৰেছৰ নৰমপন্থীসকলকো ওচৰ চপাই অনাৰ পৰিকল্পনা কৰিছিল। লর্ড মিন্টোৰ প্রতিশ্রুতি অনুসৰি ১৯০৯ খ্রীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি (মৰ্লে-মিন্টো শাসন সংস্কাৰ আইন, ১৯০৯) মুছলমানসকলে পৃথক নির্বাচনৰ সুবিধা লাভ কৰিছিল
জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাবতীয় মুছলমান জনগণক প্রতিনিধিত্ব কৰিব পৰা এটা সক্রিয় অনুষ্ঠান হিচাপে আত্মপ্রকাশ কৰিছিল। ব্রিটিছ শাসকৰ প্রতি অনুগত্য পূর্ণ ব্যৱহাৰৰ যোগেদি এই অনুষ্ঠানটোরে অতি সহজে ৰাজনৈতিক অধিকাৰ আদায় কৰাত সফল হৈছিল। জাতীয় কংগ্রেছক দুর্বল কৰাত অনুষ্ঠানটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯১০ খ্রীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হয়।
মুছলিম লীগে সমাজৰ সকলো শ্ৰেণীৰ মানুহক আকর্ষণ কৰিব পৰা নাছিল। সমাজৰ উচ্চ শ্রেণীৰ ৰক্ষণশীল এচামৰ মাজত অবদ্ধ থকা এই অনুষ্ঠানটোৰ গুৰুত্ব বংগ বিভাজন ৰদ কৰাৰ পিছত (১৯১১) কিছু বছৰলৈ কমি গৈছিল। ১৯১৫ খ্রীষ্টাব্দত ছলিমউল্লাৰ মৃত্যুৰ পিছত লীগৰ ৰক্ষণশীল চৰিত্ৰৰ ভালেখিনি পৰির্তন ঘটিছিল।
স্বদেশী বস্তুৰ বুনিয়াদ প্রতিষ্ঠাতা বাপুজী মহাত্মা
১.০৫: স্বদেশী আন্দোলন আৰু জাতীয় কংগ্রেছ
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্র পাল, অৰবিন্দ ঘোষ, অশ্বিনীকুমাৰ দত্ত (১৮৫৬-১৯৫৩) প্রমুখো কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল তথা অসাধাৰণ বুদ্ধিমত্তাসম্পন্ন বাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সুসংগঠিত কৰিব পাৰিছিল। ১৮৮৫ খ্ৰীষ্টাব্দৰ পৰা ১৯০৫ খ্রীষ্টাব্দলৈকে ভাৰতবাসীৰ কেৱল আর্থিক অৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্রেহে বংগ ভংগক কেন্দ্র কৰি ভাৰতৰ জাতীয় জীবনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্রকাশ কৰাৰ সুযোগ লাভ কৰিছিল।
১৯০৩ খ্রীষ্টাব্দত লালমোহন ঘোষৰ (১৮৪৯-১৯০৯) পৌৰোহিত্যত মাদ্রাজত অনুষ্ঠিত জাতীয় কংগ্রেছৰ ঊনবিংশতিতম অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল। বংগ ভংগ কার্যকৰী (১৬ অক্টোবৰ, ১৯০৫) কৰাৰ আগে আগে জাতীয় কংগ্রেহব প্রতিনিধি হিচাপে লালা লাজপত ৰায় (১৮৬৫-১৯২৮) আৰু গোপালকৃষ্ণ গোখলে (১৮৬৬-১৯১৫) লণ্ডনত উপস্থিত হৈ (৬ জুলাই, ১৯০৫) প্রস্তাবিত বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাইছিল। বংগবাসীৰ স্বাক্ষৰসহ যুগুতোৱা প্রতিবাদী আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অর্পণ কৰিছিল। কিন্তু ভাৰতবাসীৰ আপত্তিক মুঠেও গুৰুত্ব নিদি চৎকাবে বংগ বিভাজন কার্যকৰী কৰাত জাতীয় কংগ্রেহে বংগ ভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্রহণ কৰিবলৈ সাজু হৈছিল।
বংগ বিভাজনৰ ফলস্বৰূপ সাত বছৰীয়া স্বদেশী আন্দোলনৰ শেষত ১৯১১ চনত ইংৰাজ চৰকাৰ বংগ একত্ৰিকৰণ কৰিবলৈ বাধ্য হয়। কিন্তু জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্র ভাৰতবাসী একত্রিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল।
লালা লাজপত বায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্র পাল। এই তিনিওজনক চমুকৈ 'লাল বাল-পাল' বুলি কোৱা হয়।
১.০৬: চৰকাৰৰ আন্দোলনবিৰোধী কর্মপন্থা
ব্রিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত বখাব উদ্দেশ্যে, তেওঁলোকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্রদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদসাক উচ্চ নায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিছ সংসদত সদস্য পৰ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পর্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমর্থন আশা কৰিছিল। কিন্তু তথাপি কার্জনে বংগ ভংগবিবোধী আন্দোলন দুর্বল কৰিব পৰা নাছিল। সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্রেছৰ শীর্ষ নেতাৰ বংগ ভংগবিবোধী অটল স্থিতিয়ে চৎকাৰক শ'লঠেকত পেলাইছিল। বিপিনচন্দ্র পালে সকলো নেতাক ব্রিটিছপ্রদও উপাধি, পদ, পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায়। এই আহ্বানৰ প্রতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই পোনপ্রথমে 'নাইটহুড' উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল।
১.০৭: স্বদেশী আন্দোলনৰ অৱদান
১) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমরেত হ'লে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাবতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ও কৰিব পাৰিছিল।
২) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস বাখি ব্রিটিছ চৰকাৰৰ ওচবত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্রেহব চিন্তা-কর্মত পবিবর্তনব সূচনা হৈছিল। 'একমাএ গণ সংগ্রামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৰ' এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্রেছক প্রদান কৰিছিল।
৩। লর্ড কার্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল- 'শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব' (Administration and exploitation will go hand in hand)। বংগবাসীয়ে সাম্রাজ্যবাদী শাসকব এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বর্জন, স্বদেশী পণ্য ব্যবহাৰ তক স্বদেশী শিল্প গঢ়ি তোলাব বাবে গ্রহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্রতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ অর্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিত্কাল জিলিকি থাকিব।
৪। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্রিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্রেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬) পোনপ্রথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্রস্তাৱ গ্ৰহণ কৰিবলৈ বাধা কৰিছিল।
৫। স্বদেশী আন্দোলনৰ মাজেবে ভাবতীয় নাবীব আন্দোলনৰ প্রবণতা গঢ়ি উঠিছিল। দুটা ঘটনাই বংগদেশব নারী সমাজক আন্দোলনমুখী কৰি তুলিছিল। প্রথমটো আছিল- প্রফুল্ল চাকীৰ ফাঁচিৰ দিনটোত বংগদেশৰ প্রতিটো পৰিয়ালে উপবাসে কটাইছিল। মাতৃসকলে পাকঘৰৰ ৰন্ধন কাৰ্য বন্ধ কৰি গোটেই দিনটো শোকত নিয়মাণ হৈ দেশসেৱাৰ প্রতি উৎসাহিত হৈছিল। দ্বিতীয়টো আছিল- বংগ ভংগক কেন্দ্ৰ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ অপৰাধত 'যুগান্তৰ' পত্রিকাৰ সম্পাদক ভূপেন্দ্রনাথ দত্তক যেতিয়া পুলিচে কঠোৰ শাস্তি বিহিছিল, তেতিয়া দত্তব মাতৃ ভুবনেশ্বৰী দেৱীয়ে (স্বামী বিবেকানন্দবো মাতৃ) দুখ নকৰি সকলো নাৰীক আন্দোলনৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাইছিল। হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ লগত সমানে আন্দোলনত ভাগ ল'বলৈ সাজু হৈছিল
৬। স্বদেশী আন্দোলনৰ মাজেবে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্তবে বিপ্লবৰ পথ অনুসঋণ কৰি দেশক স্বাধীন কৰাৰ প্রবণতা এচাম আন্দোলনকাৰীব মাজ৩ গঢ়ি উঠিছিল।
বংগ ভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যর্থতা সুস্পষ্ট রূপত প্রকাশ কৰি গ'ল স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিত কৰিছিল আৰু এই উৎসাহে পবর্তী পর্যায়ত মহাত্মা গান্ধীৰ (১৮৬৯-১৯৪৮) নেতৃত্বত গড়ি উঠা জাতীয় সংগ্রামক শক্তিশালী আৰু ব্যাপক কৰি তুলিছিল। ভাৰতৰ স্বাধীনতা সংগ্রামত বংগ ভংগবিরোধী আন্দোলনৰ সাফল্য এটা উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰ'ব।
মূলকথা
· ভাইচৰয় লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ প্ৰদেশৰ বিভাজন ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা।
· বংগ প্ৰদেশক এজন লেফটেনেন্ট গৱৰ্ণৰে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী - এই তিনিটা সংমণ্ডল প্ৰদেশখনৰপৰা বিচ্ছিন্ন কৰিছিল। তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ১,০৬,৫৪০ বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখন গঠন কৰা হৈছিল।
· 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল।
· লর্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা।
· বংগ ভংগৰ যোগেদি লর্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু-বঙালীসকলক দুয়োখন প্ৰদেশত ('বংগ প্ৰদেশ', 'পূব বংগ আৰু অসম') সংখ্যালঘুত পৰিণত কৰিছিল।
· ১৯০৫ খ্ৰীষ্টাব্দত বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ কাৰ্যকৰী কৰিছিল।
· বংগ ভংগৰ অসন্তুষ্টিৰ উত্তাপে প্ৰবল বিক্ষোভৰ সৃষ্টি কৰিছিল।
· পূব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ তুলিছিল।
· জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো জনতাই এই সংগ্ৰামত জঁপিয়াই পৰিছিল।
· বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন 'স্বদেশী আন্দোলন' নামেৰে জনাজাত হয়।
· স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল।
· স্বদেশী আন্দোলনক এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে গণ্য কৰা হয়। প্ৰায় সাত বছৰীয়া ৰাজনৈতিক আন্দোলনটোৱে সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰসাৰী প্ৰভাৱ পেলাইছিল।
· সাম্ৰাজ্যবাদ অক্ষুঃ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে জাতি, ধৰ্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ মাজত বিভেদ অনাৰ প্ৰয়াস চলাইছিল। ইংৰাজ শাসকৰ উচটনিত একাংশ মুছলমান নেতাই প্ৰতিষ্ঠা কৰা 'সৰ্বভাৰতীয় মুছলিম লীগ' স্বদেশী আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল।
· স্বদেশী আন্দোলনৰ মাজেদি ভাৰতবৰ্ষত সশস্ত্ৰ বৈপ্লৱিক আন্দোলনৰ সূচনা হৈছিল। স্বদেশী আন্দোলনত ভাগ লোৱা এচাম নেতাই শান্তিপূর্ণ আন্দোলনৰ পথ পৰিহাৰ কৰি সশস্ত্ৰ বৈপ্লৱিক আন্দোলনৰ পথ বাছি লৈছিল।
· বংগ ভংগক কেন্দ্ৰ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। 'একমাত্ৰ গণসংগ্ৰামৰ মাজেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ' এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।
· বংগ ভংগৰ ফলশ্ৰুতিৰ অসমৰ ৰাজধানী শ্বিলঙৰপৰা ঢাকালৈ স্থানান্তৰিত হৈছিল।
· স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল।
· (১) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয়। (২) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰপৰা দিল্লীলৈ স্থানান্তৰ হয়। (৩) অসম মুখ্য আয়ুক্তৰ তলতীয়া প্ৰদেশত পৰিণত হয়। (৪) অসম প্ৰদেশৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰিত হয়।
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
৫। বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
৬। 'বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
৮। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল?
চমু উত্তৰৰ প্ৰশ্ন :
১। বংগ বিভাজনে সৃষ্টি কৰা 'পূৰ্ববংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
৩। বংগ বিভাজনবিৰোধী আন্দোলনে 'স্বদেশী আন্দোলন' নাম কিয় পাইছিল চমুকৈ লিখা।
৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
চমু টোকা লিখা :
(১) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ।
(২) মাৰ্গাৰেট এলিজাবেথ নোবল (ভগিনী নিবেদিতা)।
(৩) নবাব ছলিমউল্লা।
No comments:
Post a Comment