Invitation

js

Saturday, January 10, 2026

2019, Science Paper, Class 10

| 2019, Science Paper, Class 10

2019

GENERAL SCIENCE

Class 10

(THEORY)
(NEW COURSE)
Marks: 80, Hours: 3


SECTION-A

1. তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (a) এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত আছে-

  1. Nacl
  2. HCI
  3. LiCl
  4. KCI

উত্তৰঃ (ii) HCI

(b) এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ'ল-

  1. কেলছিয়াম
  2. কাৰ্বন
  3. ছিলিকন
  4. আইৰণ

উত্তৰ: (i) কেলছিয়াম

(c) মৌল X য়ে XCl₂ সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকমুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?

  1. Na
  2. Mg
  3. Al
  4. Si

উত্তৰঃ (ii) Mg

(d) আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়

  1. এমাইলেজ
  2. লাইপেজ
  3. ট্ৰিপচিন
  4. পেপচিন

উত্তৰঃ (i) এমাইলেজ

(e) মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকাৰ্য্য নিয়ন্ত্ৰণ কৰে, সেইটো হ'ল

  1. ডায়েনচেফালন
  2. চেৰিব্ৰাম
  3. চেৰিবেলাম
  4. মেড্যুলা অবলংগাভা

উত্তৰঃ (iii) চেৰিবেলাম

(f) জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াক বোলা হয়

  1. প্ৰজাতিকৰণ
  2. ক্ৰমবিকাশ
  3. বংশানুক্ৰম
  4. বিভিন্নতা

উত্তৰঃ (i) প্ৰজাতিকৰণ

(g) লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে, লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?

  1. লেন্সৰ মুখ্য ফ'কাছত
  2. ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
  3. অসীমত
  4. লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত

উত্তৰঃ (ii) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(h) নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল

  1. 25 m
  2. 25 cm
  3. 2.5 cm
  4. 2.5 m

উত্তৰঃ (ii) 25 cm

(i) বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 kWh মানে

  1. \(36 \times 10^5\) J
  2. \(3.6 \times 10^6\) J
  3. \(3.6 \times 10^5\) J
  4. \(36 \times 10^6\) J

উত্তৰঃ (ii) \(3.6 \times 10^6\) J

(j) তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?

  1. কাঠ
  2. নিউক্লীয় শক্তি
  3. গোবৰ গেছ
  4. কয়লা

উত্তৰঃ (ii) নিউক্লীয় শক্তি


Group-B

2. দ্বি-অপসৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ Na₂SO₄ (aq) (ছ'ডিয়াম ছালফেট) + BaCl₂ (aq) (বেৰিয়াম ক্ল'ৰাইড) → BaSO₄ (s) (বেৰিয়াম ছালফেট) + 2NaCl (aq) (ছ'ডিয়াম ক্ল'ৰাইড)

3. ধাতু এটাৰ নমনীয়তা কাক বোলে?

উত্তৰঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা যায়। অৰ্থাৎ ধাতুৰ বলীয় গুণবিশিষ্ট হয়। ধাতুৰ এই ধৰ্ম বা গুণক ধাতুৰ নমনীয়তা (Ductility) বোলে। এবিধ নমনীয় ধাতু হ'ল- সোণ।

4. তলৰ কোনবিলাক হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়?

C₂H₆, C₃H₈, C₃H₆, C₂H₂ আৰু CH₄

উত্তৰ: C₃H₆, C₂H₂

5. প্ৰভাৱী চৰিত্ৰ কাক বোলে?

উত্তৰঃ যৌন প্ৰজননকাৰী জীৱবোৰৰ একেটা চাৰিত্ৰিক বৈশিষ্ট্যৰে জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। যদিহে প্ৰতিলিপিসমূহ হুবহু একে নহয় তেতিয়া যিটো প্ৰতিলিপিৰ চৰিত্ৰ বা বৈশিষ্ট্যবোৰ বেছিকৈ প্ৰকাশ পাই তাক প্ৰভাৱী (Dominant) আৰু আনটোক অপ্ৰভাৱী (Recessive) চৰিত্ৰ বোলা হয়।

6. চকুৰ উপযোজনা ক্ষমতা কি?

উত্তৰঃ দূৰৰ বস্তু এটা লক্ষ্য কৰিলে চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য বৃদ্ধি হয় আৰু আমি দূৰৰ বস্তু এটা দেখা পাওঁ। সেইদৰে ওচৰৰ বস্তু এটালৈ লক্ষ্য কৰিলে চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য কমে আৰু ওচৰত থকা বস্তুটো দেখা পাওঁ। এইদৰে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা (Accommodation) বোলে।

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...