js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 11 – অৰণ্য যাত্ৰা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 11 – অৰণ্য যাত্ৰা

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ।

খ) পল আৰু পাহি কোন কোন শ্রেণীত পড়ে?

উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পড়ে।

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰ: বাচন-বর্তন ধোৱা, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা, বিছনাপাৰা, আদি কাম ছোৱালীৰ বুলি পলে পাহিক কৈছিল।

(ঘ) লর্ড কার্জন কোন?

উত্তৰ: লর্ড কার্জন ব্রিটিছ ভাইচৰয় আছিল।

২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

উত্তৰ: পাহিয়ে মাকক ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থর্থক্য দেখি এই পাৰ্থক্যবোৰে কোনে কৰিলে জানিব বিচাৰিছিল। তাই কৈছিল যে তায়ো দেখোন দাদাকৰ দৰেই পঢ়া-শুনা কৰে। কিন্তু দাদাকে কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পিছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়। দাদাকে কিয় এই কামবোৰ তাই বা মাকে কৰি দিব বুলি ভাবে? ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি বুলি তাই মাকৰপৰা জানিব বিচাৰিছিল।

মাকে পাহিৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত কৈছিল যে মাকে দুয়োজনকে তেওঁলোকৰ বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই আহিছে। তেওঁলোকে পঢ়া-শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিব, ধন উপাৰ্জন কৰিব। কিন্তু নিজৰ প্রয়োজনীয় কামখিনি, কৰিব নাজানিলে • পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব। তেতিয়া কেতিয়াবা সময় বা মানুহৰ হাতত তেওঁলোক ঠগ খাবলগীয়া হ’ব পাৰে।

৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

উত্তৰ: পাহিয়ে গছ-লতা, ফুল আদি বৰ ভাল পায়। সিহঁত থকা সক চহৰখনত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ওখ গছবোৰ দেখিলে ৰৈ ৰৈ চায়। প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুয়োজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেই বাবেই প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰে পাহিক আকৃষ্ট কৰে আৰু পাহিয়ে গছবোৰক বৰ ভাল পায়।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ, যি কথা কয় সেইমতে চলিবলৈ উপদেশ দিছিল। মাকে উপদেশ দিছিল যে তেওঁলোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰপৰা শিকিবলগীয়া বহু কথা আছে। তেওঁলোকে যাতে যিমান পাৰে শিকে আৰু তেওঁলোকে নিজক আৰু তেওঁলোকৰ লগত নিয়া বস্তুবোৰ চম্ভালে।

৫। “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”-এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতি-গুৰি মাৰি লিখা।

উত্তৰ: উক্ত কথাষাৰৰ বক্তা হৈছে অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়।

বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক লৈ বেচ হুলস্থুল আৰু গান-নাচ কৰি বাছ ছাত্ৰ-ছাত্ৰীৰ মাজৰপৰা নেতা-নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক দুখন কাজিৰঙা অভিমুখে গৈ আছিল। বাছৰ ভিতৰত শিক্ষকসকলে বাছত থকা ছাত্র-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ দায়িত্ব দিয়া হৈছিল। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিয়া হৈছিল। সৌৰভে তেওঁলোকক দিয়া দায়িত্বটো কৰিবলৈ টান পাই সেইটো পাহি আৰু বিদিশাক দিব বিচাৰিলে আৰু তেওঁলোকৰ দায়িত্বটো সৌৰভহঁতে ল’ব খুজিলে কাৰণ তেওঁলোক ল’ৰা, গতিকে লগৰীয়াসকলে উৎপাত কৰিলে সৌৰভহঁতে শাসনো কৰিব পাৰিব আৰু অসুবিধাসমূহো চাব পাৰিব। সৌৰভৰ কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়ৰ খং উঠিল। তেওঁ খঙেৰে উক্ত কথাখিনি কৈছিল যে কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিয়া হৈছে সেইদৰে কৰিব লাগে। পাহি বা বিদিশাই তেওঁলোকক কৰিব দিয়া কামতটো আপত্তি কৰা নাই। তেওঁলোকে খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব। কিন্তু সৌৰভহঁতেহে এটা কাম কৰিব পাৰিলে আনটো কাম কৰিব নোৱাৰে। গতিকে সৌৰভ আৰু আফতাবহে প্রকৃততে দুর্বল। এই কথা শুনি সৌৰভে লাজ পাই নিজৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি গৈছিল।

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফটাবহঁত কি বিপদত পৰিছিল? এই বিপদৰপৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

উত্তৰ: বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা পোৱাৰ পিছত এখন মনোমোহা ঠাইত থকা অতি ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰত থাকিবলৈ দিয়া হ’ল। দুপৰীয়া ভাত-পানী খোৱাৰ অন্তত তেওঁলোকক জিৰণি ল’বলৈ শিক্ষকসকলে আদেশ দিলে, কাৰণ আৱেলি সকলোকে ফুৰাবলৈ নিয়াৰ পৰিকল্পনা আছে। সকলোৱে ভাত-পানী খাই নিজৰ নিজৰ বিছনাত শুই পৰিল। এই সুযোগতে হাতত সাৰে ভৰিত সাবে পল, আফটাব আৰু সৌৰভে সুবৃহৎ আবাসৰ পিছফালে থকা শিকলিৰে বন্ধা এখন ডাঙৰ লোহাৰ জপনা বগাই পাৰ হৈ বাহিবলৈ গ’ল। জপনাৰ বাহিৰত সিহঁতে দেখিলে এখন ডাঙৰ বিল, বিলৰ সিপাৰে পথাৰ, পথাৰৰ সিপাৰে হাবি। মানুহ-দুনুহ নাই। দূৰৈত দুটামান জুপুৰী ঘৰ। সিহঁতে বিলৰ পাৰত বান্ধি থোৱা এখন নাও দেখা পালে। নাওখনত উঠিবলৈ তিনিওজন উদ্বাউল হৈ পৰিল। তিনিও গৈ নাৱত উঠাত নাওখন টুলুং-ভুটুং কৰিলে। আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰপৰা খুলি পেলালে। পলে সর্বশক্তিৰে বঠামাৰি নাওখন কিছুদূৰ আগুৱাই নিয়াৰ পাছত সেইখন মেটেকাৰ মাজত সোমাই পৰিল। আনফালে নাৱৰ তলিত থকা ফুটাৰে সেইখনত পানী সোমাবলৈ ধৰিলে। ভয়তে সিহঁতৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। প্ৰাণৰ সংশয় দেখি সিহঁতে কান্দিবলৈ ধৰিলে। সিহঁতৰ প্ৰাণ বচাবলৈ তিনিওটাই সজোৰে চিঞৰি থাকিল। নাওখনৰ ভিতৰৰ পানী আফতাবে দুই হাতৰ আঁজলিৰে বাহিৰলৈ পেলাই সৰ্বশক্তিৰে সিঁচিবলৈ লাগিল। সিহঁতে যেন কান্দিবলৈও পাহৰি গ’ল। তেতিয়াই সিহঁতে গাত বোকা আৰু হাতত জাকৈলৈ পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহি থকা দেখা পালে। সিহঁতে ছোৱালীকেইজনীৰপৰা সহায় বিচাৰি চিঞৰি উঠিল। আটাইকেইজনী দৌৰি আহি বিলৰ পাৰ পালেহি। তেনেতেই নাওখন কাতি হৈ পল পানীত পৰিল। তৎক্ষণাৎ দুজনী ছোৱালীয়ে বিলত জঁপিয়াই পৰি পলক টানি নি পাৰত পেলালগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত উঠি ব’ঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজেতেই নাওখন কাতি হৈ গ’ল। আফতাব আৰু সৌৰভ পানীত পৰি গ’ল। এই গোটেই ঘটনাটো পাৰৰপৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। পলে পানী খাইছিল। সেয়ে পলক উভতাই ছোৱালীকেইজনীয়ে তাৰ পেটৰপৰা পানী উলিয়ালে। এই দৰে পলহঁতে কাজিৰঙাত বিপদত পৰিছিল।

এই বিপদৰপৰা সিহঁতক গাত বোকা আৰু হাতত জাকৈলৈ পথাব্দ মাজেৰে আহি থকা ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিছিল।

৭। শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।

উত্তৰ: শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কাৰণ কাজিৰঙা দর্শনৰ বাবে অহা ছাত্র-ছাত্রীসকলৰ মাজৰ কেইজনমান ছাত্রই শিক্ষকক অৱমাননা কৰাই নহয় তেওঁলোকে কৰা কৰ্মৰ ফলত বিদ্যালয়খন কোনোমতেহে বদনামৰপৰা ৰক্ষা পৰিছিল।

নিশা ভাত-পানী খোৱাৰ পৰত কাজিৰঙা দৰ্শনলৈ যোৱা ছাত্র-ছাত্রী আৰু শিক্ষকসকলৰ মাজত এখন সভা বহিছিল। সেই সভাত অৰণ্যযাত্রাব দলপতি হাজৰিকা চাবে ছাত্র-ছাত্ৰীসকলক পিছদিনাৰ অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰাৰ কথা জানিবলৈ দিয়ে। কাৰণ অতি দুখৰ কথা যে তেওঁলোকৰ মৰমৰ তিনিজন ছাত্রই শিক্ষকসকলক অৱমাননা কৰাই নহয় তেওঁলোকৰ কার্যই বিদ্যালয়খনক কোনো মতেহে বদনামৰপৰা ৰক্ষা কৰিলে। গতিকে তেওঁলোকে পিছদিনা উভতি যাবগৈ। কাৰণ ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফবিবলৈ কেবল শিক্ষকসকল দায়িত্বশীল হ’লেই নহ’ব। তেওঁলোকক সুস্থ শৰীৰেৰে ওভতাই নিয়াটোও এতিয়া শিক্ষকসকলৰেই প্রধান কর্তব্য। এই কথা শুনি সকলোবে পল, আফতাব আৰু সৌৰভলৈ খঙেৰে চালে। সিহঁতে লাজত তলমূৰ কৰি থাকিল। তেনেতে পাহিয়ে থিয় হৈ অতি দুখেৰে ক্ষমা বিচাৰিলে আৰু দোষীসকলৰ বাবে নির্দোষীসকলেও শাস্তি পোৱাটো জানো উচিত বুলি প্রশ্ন কৰি দোষীসকলক অৰণ্য দৰ্শন কাৰ্যসূচীত অন্তর্ভূক্ত নকৰিবলৈ অনুৰোধ কৰিলে। পাহিৰ কথাত সকলোৱে সমর্থন আগবঢ়ালে। তেনেতে পলে থিয় হৈ নিজৰ দোষৰ বাবে শাস্তি বিচাৰিলে। তেওঁলোকে যি অপৰাধ কৰিলে তাৰ বাবে তেওঁলোকক এবি পিছদিনা অৰণ্য দৰ্শনৰ বাবে যোৱাতকৈ ডাঙৰ শাস্তি একো হ’ব নোৱাৰে বুলি তেওঁ স্বীকাৰ কৰিলে। পলৰ কথা শুনি ছাৰ বাইদেউসকলে নিজৰ ভিতৰতে কিবা আলোচনা কৰিলে আৰু শেষত সিদ্ধান্ত গ্রহণ কৰিলে যে কাজিৰঙা দৰ্শনৰ অন্তত ছাত্র-ছাত্রীসকলে সেই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি শিক্ষকক দিব লাগিব। পল, আফতাব আৰু সৌৰভে তেওঁলোকে কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰপৰা ৰক্ষা পৰা সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে সকলোৱে পিছদিনা অৰণ্য দৰ্শন কৰিবলৈ যাব পাৰিব। সকলোৱে আনন্দত হাত চাপৰি বজাই চিঞৰি উঠিল আৰু পলহঁতে ৰচনাত সকলো লিখি জীৱনত আৰু এনে কাম নকৰে বুলি কৈ অৰণ্য দৰ্শনৰ বাবে তেওঁলোককো যাবলৈ দিয়া বাবে শিক্ষকসকলক ধন্যবাদ জনালে।

৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰ: মহীচন্দ্ৰ ‘মিৰি হৈছে কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া।

তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াইছিল আৰু কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল সেই কথা সমগ্র জগতক জনাইছিল। এইদৰে কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিয়াত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল।’

৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কী? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপীৰাম হাজৰিকা।

তেওঁ ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী লেডী কার্জনকে প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

১০। কাজিৰঙালৈ যাত্রা কৰি কি কি ‘বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?

উত্তৰ: কাজিৰঙালৈ যাত্রা কৰি শিক্ষার্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ হ’ল-

১। নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।

২। গছ, বনৰ জীৱ-জন্তু মানুহৰ বন্ধু, গছ নাথাকিলে কোনেও জীয়াই থাকিব নোৱাৰে।

৩। ল’ৰা-ছোৱালী সকলো সমান। গাত বোকা সানি, হাতত জাকৈ লৈ পথাৰেৰে আহি থকা

ছোৱালীকেইজনীয়ে পলহঁতক উদ্ধাৰ নকৰা হ’লে পলহঁতে কাজিৰঙা দেখিবলৈ

নাপালেহেঁতেন।

৪। দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো অতি প্রয়োজনীয় কথা।

ভাষা-বিষয়ক:

১। বাক্য ৰচনা কৰা:

ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

উত্তৰ: ককাই-ভনী = মাক-দেউতাকৰ মৃত্যুৰ পাছত ককাই-ভনী দুয়োগৰাকী একেবাৰেই

অকলশৰীয়া হৈ পৰিল।

টুলুং-ভুটুং = ল’ৰা তিনিজন নাৱত উঠাত নাওখন পানীত টুলুং-ভুটুংকৰিলে।

চিঞৰ-বাখৰ = ছোৱালীজনীয়ে বৰকৈ চিঞৰ-বাখৰ কৰাত গোটেই গঞাৰাইজেই তাইক

সহায় কৰিবলৈ আগবাঢ়ি আহিল।

মানুহ-দুনুহ = নিজান ঠাইখনত বৰকৈ মানুহ-দুনুহ নাই বুলিবই পাৰি।

তিতি-বুৰি = হঠাতে অহা বৰষুণজাকত ল’ৰা দুটা তিতি-বুৰি জুৰুলি জুপুৰি হ’ল।

২। মূর্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা:

অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।

উত্তৰ:

অৰণ্য = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

অর্পণ = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

কণ্ঠ = ট-বৰ্গৰ লগত যুক্ত দন্ত্য ন সদায় মূর্দ্ধন্য ণ হয়।

ওৰণি = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

পোৰণি = ঋ, ৰ, য-ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

আড়ম্বৰপূৰ্ণ = ‘ন’ৰ আগত থকা ৰেফে (ৰ-কাৰ) আড়ম্বৰপূৰ্ণ শব্দত দন্ত্য ন-ৰ পৰিৱৰ্তন ঘটাই মূৰ্দ্ধন্য ‘ণ’ কৰিছে।

No comments:

Post a Comment

SEBA Class X Assamese Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ ভাৱ-বিষয়ক: ১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : (ক) তক্ষশীলা বিশ্ববিদ্য...