js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 10 – অৰুণিমা সিনহা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

 

Chapter 10 – অৰুণিমা সিনহা

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰ :- অকণিমা সিন্‌হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুণিমা সিন্‌হাৰ ঘৰ ক’ত?

উত্তৰ :- অকণিমা’ সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত মনত কি সপোনে তীব্র কাম ৰূপ লৈছিল?

উত্তৰ :- হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্র ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰপৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰ:- চিকিৎসালৰপৰা ওলাই গৈ অকণিমাই এভাবেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল।

অৰুণিমাই হিমালয়ৰ শৃংগলৈ উঠাৰ যি সপোন দেখিছিল তাক সফল কৰিবলৈ পৰামৰ্শ বিচাৰি বাচেন্দ্রি পালক লগ ধৰিছিল।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

উত্তৰ :- ২০১৩ চনৰ ২১ মে’ত অৰুণিমাই মাউন্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ প্রায় ডেৰ ঘণ্টাকাল তাত আছিল।

২। অৰুণিমা সিন্হাই ৰেল যাত্ৰাৰ সময়ত এক দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

উত্তৰ :- অকণিমা সিন্‌হা এগৰাকী ভাল ভলীবল খেলুৱৈ। উত্তৰ প্ৰদেশৰ বাসিন্দা অৰুণিমাই এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যেই সুনাম আৰ্জি থৈছে। ২০১১ চনৰ ঘটনা এয়া। অকণিমাই লক্ষ্ণৌৰপৰা দিল্লী-অভিমুখী ৰে’লগাড়ীত আহি থকা অৱস্থাত চলন্ত ৰে’লত ডকাইতৰ মুখামুখি হয়। ডকাইতৰ দলটোৱে দবাটোৰ আন আন যাত্রীবোৰৰপৰা নির্বিবাদে লুটপাত কৰিবলৈ ধৰে। যাত্ৰীবোৰৰপৰা ধন-সোণ আদি লৈ আহি ডকাইতৰ দলটোৱে অৰুণিমাৰ ডিঙিত থকা চেইনডাল বিচাৰে। অদম্য সাহসী অকণিমাই তাক দিবলৈ অস্বীকাৰ কৰাত দুজন ডকাইতে অৰুণিমাক ডাংকোলাকৈ তুলি নি চলন্ত ৰে’লগাড়ীৰপৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়ে। সেই সময়তে ওচৰেৰে আন এখন ৰে’লগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰে’লগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ’ল। তেওঁ প্রায় ৭ ঘণ্টা সময় ৰে’ল আলিৰ কাষত পৰি ৰ’ল আৰু সেই সময়ত ৩৯ খন ৰে’লগাড়ী পাৰ হৈ গ’ল। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। ৰাতিপুৱা সকলোৱে দেখিলে যে লক্ষ্ণৌ- দিল্লীগামী ৰে’লপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত ছোৱালী এজনী পৰি আছে। প্রথমে অৰুণিমাক বেৰিলী হস্পিতালত আৰু তাৰ পাছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অব মেডিকেল চায়েন্সত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল।

এই দুর্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিত লোৰ ৰ’ড সুমুৱাই তাৰ সহায়ত চলা-ফুৰা কৰিব লগা হয়। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হয়।

৩। অকণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?

উত্তৰ :- ডকাইতৰ লগত হোৱা দুর্ঘটনাটোত আহত অৰুণিমাক প্রথমে বেৰিলী হস্পিতাল আৰু তাৰ পাছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট – অব মেডিকেল চায়েন্সত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। হস্পিতালৰ বিছনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগত উঠাৰ

সপোনে তীব্র ৰূপ – লয়। তেওঁ নিজৰ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি যায়। চাৰি ল মাহৰ অন্তত হস্পিতালৰপৰা ওলাই তেওঁ এভাৰেষ্ট বিজয়ৰ বাবে সঠিক পথ দেখুৱাবলৈ পৰামর্শ বিচাৰি এভাবেষ্ট বিজয়ী বাচেন্দ্রি পালব ওচৰ পায়গৈ। দুচকুত লৈ গ’ল এভাবেষ্ট বিজয়ৰ সপোন। পৃথিৱীৰ শীর্ষ স্থানত থিয় হোৱাৰ তীব্র হেঁপাহ। বাচেন্দ্রি পালে তেওঁৰ সকলো কথ সহমর্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ ভাবে বাচেন্দ্রি পালৰ মনতো বিশ্বাস জন্মালে যে যদি সঠিকভাৱে প্রশিক্ষণ আৰু সাহস দিয়া যায় আকণিমাই নিশ্চয় এদিন লক্ষ্যত উপনীত হ’ব পাৰিব। এদিন সঁচাকৈয়ে দেখা গ’ল এখন কৃত্রিম ভৰি আৰু আনখন লোৰ ৰ’ড়ৰ সহায়ত চলা-ফুৰা কৰা ভৰিৰ গাভৰু অৰুণিমাই মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰে। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অৰুণিমাৰ অনুশীলন আৰম্ভ হয়।

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ আৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

উত্তৰ :- এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ এখন কৃত্রিম ভৰি আৰু আনখন লোৰ ব’ৰ্ডৰ সহায়ত চলা-ফুৰা কৰা ভৰি লৈ অৰুণিমাই মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰে। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অৰুণিমাৰ অনুশীলন আৰম্ভ হয়।

অৰুণিমাৰ শাৰীৰিক আৰু মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যবসায় একোৰেই অভাৱ নাছিল। ভৰিখন হেৰুৱাই তেওঁ যি দুর্ভাগ্যৰ সম্মুখীন হৈছিল সেই দুর্ভাগ্যক সৌভাগ্যলৈ বদলি কৰিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞ হৈছিল। প্রায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ আৰু উদ্যমেৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি তেওঁ অনুশীলনতেই ব্যস্ত হৈ পৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিট সময় লৈছিল বা দুই মিনিটত স্বাভাৱিক মানুহে যিটো খোজ শিকিব পাৰিছিল অৰুণিমাৰ ক্ষেত্রত সেই খোজটো শিকাবলৈ তিনিঘণ্টাও লাগিছিল। তথাপিও অৰুণিমা নিৰাশ হোৱা নাছিল। তেওঁক পর্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা ভৰিখন দেখি কেইবাবাৰো প্ৰাণ বচাবলৈ তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। কিন্তু অৰুণিমাই এই বাধা-বিপত্তিবোৰ আওকাণ কৰি আগুৱাই যাবলৈহে শিকিছিল। এইদৰে কোনো বাধা-বিপত্তিলৈ গুৰুত্ব নিদি অকণিমাই অৱশেষত কৃতকাৰ্যৰ চূড়ান্ত শিখৰত উত্তীৰ্ণ হৈছিল।

৫। অকণিমা সিন্‌হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

উত্তৰ :- অৰুণিমাই এখন কৃত্রিম ভৰি আৰু আনখন লোৰ ৰ’ডৰ সহায়ত চলা-ফুৰা কৰা ভৰিৰেই মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীৰ ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগদান কৰে। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অৰুণিমাৰ পৰ্বতাৰোহণৰ অনুশীলন আৰম্ভহয়। প্রায় এবছৰ কাল অনুশীলনৰ অন্তত অৰুণিমা লাডাখত থকা মাউন্ট চামছেৰ কাংৰিত আৰোহণ কৰাৰ অভিযান আৰম্ভ কৰে। এই চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অকণিমাই এই উচ্চতাৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু সেই সময়ত বতৰ অত্যন্ত প্রতিকূল হয়। এনে প্রতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ আৰোহণ কৰিবলৈ মাত্র ৬৯০ ফুট বাকী থকাত তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হয়। ফলত মাউন্ট চামছেৰ কাংৰিৰ অভিযান অসম্পূর্ণ হয়।

৬। অৰুণিমা সিন্‌হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

উত্তৰ :- লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ শিখৰত আৰোহণ কৰিব নোৱাৰাৰ বিফলতাই অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তোলে। শাৰীৰিক প্রতিবন্ধকতাক নেওচি ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউন্ট এভাৰেষ্টলৈ যাব পৰাতো যে সম্ভৱপৰ সেইটো অভি দৃঢ়তাৰে সাব্যস্ত কৰিলে। এইবাৰ অকণিমাই মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হয়। মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ’ধ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্রায়েবে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল আৰু পানী আৰু অক্সিজেনো লগত লৈ গৈছিল। চাবি নং কেম্প পাওঁতে দুয়োখন ভৰিৰপৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাবে বাৰে সকীয়াইছিল যে যিকোনো মুহূর্ততে অক্সিজেন শেষ হৈ যাব, তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। কিন্তু অকণিমাই ইমানখিনিলৈ আহি আৰু উভতি নাযাবলৈ দৃঢ়সংকল্প হৈছিল। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰপৰা কমালেৰে তেজ মচি মচি আগুৱাই গৈ থাকোঁতে তেওঁ বাটত বহুতো অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল। কিন্তু এইবোৰে তেওঁক হাৰ মনাব পৰা নাছিল। প্রচণ্ড পৰিশ্রম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফলস্বৰূপে কাঠমাণ্ডুৰপৰা যাত্রা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত নিশা প্রায় ৮ বজাত তেওঁ ৮৮৪৮ মি. উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্টৰ শৃংগত পদার্পণ কৰিবলৈ সক্ষম হয়।

বহুতো অভিযাত্ৰীৰে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন প্রায় শেষ পর্যায় পায়গৈ। সেয়েহে এভাবেষ্টৰ বুকুত ভৰি থৈ তেওঁলোক খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়, কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰপৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব।

অৰুণিমাৰো অক্সিজেন প্রায় শেষ হ’বলগীয়া হৈছিল। সেয়েহে লগত যোৱা শ্বেৰপাজনে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ’ব বুলি তেওঁক বুজাই দি ভাৰতীয় জাতীয় পতাকা সাৱটি ধৰা অকণিমাৰ ফটো তুলি দিছিল আৰু প্রায় ডেৰ ঘণ্টাৰ পাছত তেওঁলোক তাৰপৰা নামি আহিছিল।

৭। “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে, জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।”-কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰ :- জীৱনত সফলতা লাভ তথা উন্নতিৰ মূলমন্ত্ৰ হৈছে প্রচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। যি সকল ব্যক্তিৰ ইচ্ছাশক্তি প্রবল তেওঁলোকে জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাটত মুখামুখি হোৱা অনেক প্রত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰিব পাৰে। এনে একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰ বলত জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। এই ক্ষেত্ৰত আমি উত্তৰ প্ৰদেশৰ অকণিমা-সিন্হা নামৰ চাব্বিশ বছৰীয়া যুৱতীগৰাকীৰ কথা ক’ব পাৰোঁ। এওঁ অসাধ্য সাধন কৰি বিশ্বৰ আগত সুন্দৰ উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হাই লক্ষ্ণৌৰপৰা দিল্লী অভিমুখী ৰে’লত আহি থাকোঁতে ডকাইতৰ কৱলত পৰে আৰু এখন ভৰি চিৰদিনলৈ হেৰুৱাই পেলায়। আনখন ভৰিতো লোৰ ৰ’ড সুমুৱাই চলাফিৰা কৰিব-লগীয়া হয়। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হয়। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসৰ সহায়ত অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিৱন্ধকতাক নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখে। সেই বিষয়ে সঠিক পথ দেখুৱাবলৈ পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ কাষ চাপে। বাচেন্দ্রি পালে অৰুণিমাৰ সকলো কথা সহমর্মিতাৰে শুনে আৰু সঠিক প্রশিক্ষণ আৰু সাহস দি তেওঁক আগবঢ়াই লৈ যায়। শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে শক্তিশালী অকণিমাই অৱশেষত লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু প্রতিকূল বতৰৰ বাবে ইয়াৰ উচ্চতম শিখৰলৈ আৰোহণ কৰাত অসফল হয়। শাৰীৰিক প্ৰতিৱন্ধকতাৰ সত্ত্বেও মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ যাব পৰা ঘটনাটোৱে তেওঁৰ মনোবল অধিক দৃঢ় কৰে আৰু তেওঁ এইবাৰ মাউন্ট এভাৰেষ্ট শৃংগ বগাবলৈ সাজু হয়। অদম্য সাহস আৰু উৎসাহৰ অন্তত কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ মূৰত ২০১৩ চনৰ ২১ মে’ৰ দিনা নিশা প্রায় ৮ বজাত তেওঁ ৮৮৪৮ মি. উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সক্ষম হয়।

এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক পদ্মশ্রী সন্মানেৰে বিভুষিত কৰে। ইয়াৰ উপৰি ২০১৫ চনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জীৰপৰা টেনজিং নৰগে সন্মান লাভ কৰে। ২০১৪ চনত ভূতপূর্ব ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামৰপৰা ‘এমেজিং ইণ্ডিয়ান এবার্ড’ লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্রশংসা কৰে।

গতিকে ভিন ভিন পৰিৱেশ আৰু সময়ত এইদৰে একোগৰাকী ব্যক্তিয়ে নিজ প্রতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।

৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?

উত্তৰ :- যুৱৰাজ সিং ভাৰতীয় ক্রিকেট দলৰ এগৰাকী খেলুৱৈ। তেখেতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হৈছিল। কিন্তু তেখেতে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰপৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হৈছিল। এই ঘটনাটোৱে অকণিমা সিন্‌হাৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল। যুৱৰাজ সিঙে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ’ব নোৱাৰে। গতিকে ইয়াৰ দ্বাৰা অনুপ্রাণিত হৈ অৰুণিমাই নিজৰ শাৰীৰিক প্রতিৱন্ধকতার্ক হেলাৰঙে আওকাণ কৰিছিল। এমন কৃত্রিম ভৰি আৰু আনখন লোৰ ৰ’ড সুমুৱাই চলা-ফুৰা কৰা ভৰিৰে অৰুণিমাই এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছিল। এই বিষয়ে সঠিক পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ কাষ চাপিছিল। বাচেন্দ্ৰি পালে তেওঁৰ কথা সহমর্মিতাৰে শুনিছিল আৰু তেওঁৰ দুচকুৰ সপোন, প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ ভাৱে বাচেন্দ্ৰি পালৰ মনতো তেওঁৰ ইচ্ছাৰ সফল্ভাৰ ওপৰত বিশ্বাস জন্মাইছিল। অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অৰুণিমাৰ প্রশিক্ষণ আৰম্ভ হয়। শাৰীৰিক, মানসিক দুয়ো দিশত দৃঢ় আৰু অধ্যৱসায়ী -অৰুণিমাই প্ৰায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ প্রচেষ্টা চলোৱাৰ অন্তত লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয়। উচ্চতম শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে প্রতিকূল বতৰৰ বাবে এই অভিযান কার্য বাধাপ্রাপ্ত হয়। এই ঘটনাই তেওঁৰ মনৰ বল আৰু আত্মবিশ্বাস অধিক দৃঢ় কৰি তোলে। এইবাৰ তেওঁ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰিবলৈ সাজু হয়। কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত ২০১৩ চনৰ ২১ মে’ৰ দিনা নিশা আঠ বজাত তেওঁ ৮৮৪৮ মি. উচ্চতাৰ মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সক্ষম হয়।

গতিকে ক্রিকেটাৰ যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্রাণিত হৈ অকণিমাই নিজৰ অদম্য মানসিক শক্তিৰ সহায়ত শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও পৃথিৱীৰ উচ্চ শিখৰত পদার্পণ কৰে।

৯। চমুটোকা লিখা:

বাচেন্দ্রি পাল, টেনজিং নৰগে, ষ্টিফেন হকিং।

উত্তৰ :-

বাচেন্দ্রি পাল: এভাবেঊষ্ট শৃংগ জয় কৰা প্ৰথম ভাৰতীয় মহিলা পৰ্বতাৰোহী হৈছে বাচেন্দ্রি পাল। তেখেতৰ জন্ম হৈছিল ১৯৫৪ চনৰ ২৪ মে’ তাৰিখে উত্তৰাখণ্ডৰ উত্তৰকাশি জিলাৰ নাকুৰি নামৰ হিমালয়ৰ কাষৰ এখন গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল শ্ৰীৰাম কিশান পাল আৰু মাকৰ নাম হানচা দেৱী। সকৰেপৰাই তেওঁ পৰ্বত আৰোহণ কৰা কাৰ্যত সিদ্ধহস্ত আছিল। Neharu Institute of Mountaining-ত তেওঁ পর্বত আৰোহণৰ প্ৰশিক্ষণ গ্রহণ কৰিছিল। ১৯৮৪ চনত তেওঁ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয়। বাচেন্দ্রি পালক ভাৰত চৰকাৰে পদ্মশ্রী সন্মানেৰে বিভূষিত কৰিছে।

টেনজিং নৰগে : টেনজিং নৰগে পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম পৰ্বতাৰোহী। ১৯১৪ চনৰ ২৯ মে’ত নেপালৰ খুম্বুত টেনজিং নৰগেৰ জন্ম হয়। তেওঁৰ প্ৰকৃত নাম আছিল নামগ্যাল ওয়াংদি। তেওঁৰ পিতৃৰ নাম আছিল খাংলা মিংসা আৰু মাকৰ নাম দোকমো কিন জোম। উনৈশ বছৰ বয়সৰপৰাই এগৰাকী শ্বেৰপা হিচাপে কর্মজীৱন আৰম্ভ কৰি পিছলৈ প্ৰথম এভাৰেষ্ট বিজয়ী হিচাপে বিখ্যাত হৈ পৰে। ১৯৫৩ চনৰ ২৯ মে তাৰিখে বিখ্যাত পৰ্বতাৰোহী • এডমাণ্ড হিলাৰীৰ সৈতে একেলগে মাউন্ট এভাৰেষ্টৰ শিখৰত উপস্থিত হৈছিল। ১৯৮৬ চনৰ মে’ মাহৰ ৯ তাৰিখে ৭১ বছৰ বয়সত টেনজিং নৰগেৰ মৃত্যু হয়।

স্টিফেন হকিং: ১৯৪২ চনৰ ৮ জানুৱাৰী তাৰিখে ইংলেণ্ডৰ অক্সফোর্ডত স্টিফেন উইলিয়াম হকিঙৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ডা° ফেংক হকিং। তেওঁ লণ্ডনৰ “নেচনেল ইন্সটিটিউট ফ’ৰ মেডিকেল ৰিচাৰ্চ” প্রতিষ্ঠানটিৰ এগৰাকী জীৱ বিজ্ঞানী তথা চিকিৎসক আছিল। ষ্টিফেন হকিঙ্গে লণ্ডনত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰি অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞান পঢ়িবলৈ লয় আৰু ১৯৬২ চনত স্নাতক উপাধি লাভ কৰে।

ষ্টিফেন হকিঙচে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ডেনিচ স্কিয়ামাৰ তত্ত্বাবধানত তাত্ত্বিক অনাদি বিজ্ঞান (Theoritical Cosmology) গৱেষণা কৰি কৃষ্ণ গহ্বৰ (Black hole)-ৰ বিষয়ে গৱেষণা গ্ৰন্থ লিখি ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৬৬ চনৰপৰা ১৯৭৩ চনলৈ কেম্ব্রিজৰ ইন্সটিটিউট অব এষ্ট্র ‘নমীত গৱেষক হিচাপে কাম কৰাৰ পাছত প্রায়োগিক গণিত আৰু তাত্ত্বিক পদার্থ বিজ্ঞান বিভাগত যোগদান কৰে।

১৯৮৯ চনত ইংলেণ্ডৰ ৰাণী এলিজাবেথে নিজ হাতে তেওঁক সন্মানীয় সংগী সন্মানেৰে বিভূষিত কৰিছিল। ১৯৬২ৰ দশকৰ আগভাগৰ পৰাই তেওঁ দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্রান্ত হয় আৰু দীর্ঘদিনৰ শাৰীৰিক অসুস্থতাৰ অন্তত ২০১৮ চনৰ ১৪ মাৰ্চত তেওঁৰ মৃত্যু হয়।

ভাষা-বিষয়ক:

১। সন্ধি ভাঙাঃ

সংশয়, পর্বতাৰোহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।

উত্তৰ :- সংশয় = সম + আশয়

পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ

উৎসাহ = উৎ + সাহ

হিমালয় = হিম + আলয়

প্রত্যাহ্বান = প্রতি + আহ্বান

বিপদাপন্ন = বিপদ + আপন্ন।

২। তলৰ শব্দকেইটাৰ উপসর্গ ভাঙি দেখুওৱা: – অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।

উত্তৰ :-

অনুৰাগ – অনু – ৰাগ

অনুভব – অনু – ভব

অভিনয় – অভি – নয়

প্রতিফল – প্রতি – ফল

No comments:

Post a Comment

SEBA Class X Assamese Chapter 1 – বৰগীত পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 1 – বৰগীত   ভাৱ-বিষয়ক: ১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : (ক) “… নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে...