js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 3 – প্ৰশস্তি পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 3 – প্ৰশস্তি

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক

১। অতি চমু উত্তৰ দিয়া :

(ক) ৰঘুনাথ চৌধৰীক কি কবি বুলি জনা যায়?

উত্তৰ :- ৰঘুনাথ চৌধৰীক বিহগী কবি বুলি জনা যায়।

(খ) ৰঘুনাথ চৌধৰীৰ কবিতাপুথি দুখনৰ নাম লিখা।

উত্তৰ :- ৰঘুনাথ চৌধৰীৰ কবিতাপুথি দুখনৰ নাম হৈছে-কেতেকী আৰু দহিকতৰা।

গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰ :- ন কুঁহিপাতে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।

ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে

কৈছে?

উত্তৰ :- মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কেছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰ :- জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰ :- মোহন কীচক বেণুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

উত্তৰ :- এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ইয়াত বেলিৰ পোহৰে পৃথিৱীক পোহৰাই তুলিছে। ন কুঁহিপাতে প্রকৃতিক সাদৰি আনিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রকৃতিলৈ

গ্রেম-পবিমল যাচিছে। চৰাই-চিৰিকটিৰ সুমধুৰ গীতে জল, স্থল, অন্তৰীদ্ধ সকলোতে যেন দেবতাৰহে সন্ধান কৰিছে। এইদৰে কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদান টানি আনি ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।

৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?

উত্তৰ:- বিহগী কবি ৰঘুনাথ চৌধৰী সুন্দৰৰ উপাসক। সেয়েহে কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত অফুৰন্ত সৌন্দর্য দেখিবলৈ পায়। প্রশস্তি কবিতাটোৰদ্বাৰা কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ আধাৰত সুন্দৰৰ আৰাধনা কৰিছে ।

উক্ত কবিতাটোত কবিয়ে সুন্দৰৰ প্রশস্তি কৰিছে। ৰাতিপুৱা বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই-ব পৰাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে উদ্ভাসিত হৈ পৰিছে। মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও এই সৌন্দর্যত নিজৰ প্রেম-পৰিমল যাচি দিছে। সুমধুৰ কণ্ঠেৰে গোৱা চৰাই-চিৰিকটিৰ গীতেও যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলোকে এই ঈশ্বৰৰ প্ৰশস্তি কৰিবলৈ আহ্বান জনাইছে।

৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।

উত্তৰ:- বিহগী কবি ৰঘুনাথ চৌধৰীয়ে এই কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। কবি চৌধৰী সুন্দৰৰ উপাসক আৰু প্ৰকৃতিপ্রেমী। গতিকে প্ৰকৃতিৰ প্ৰতিটো বিষয়তে কবিয়ে সুন্দৰৰ অফুৰন্ত সমল বিচাৰি পায়।

বাতিপুৱা সুৰুষৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত – গছ-লতাৰ নতুন কুঁহিপাতে প্রকৃতিক নতুন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও যেন প্রেম-পৰিমল যাচি দিছে। ৰাতিপুৱা চৰাই-চিৰিকটিবোৰেও যেন সুমধুৰ কণ্ঠেৰে গীত গাই গাই জল-স্থল- অন্তৰীক্ষ সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান – মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কীচক বেণুবে বতাহত মহামহিমৰ গান গাইছে। কবিয়ে ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি উঠিবলৈ কৈছে আৰু সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। এই প্ৰকৃতিৰ ৰূপ বা সুন্দৰৰ আৰাধনাৰ আঁৰত কতিাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে।

৫। প্রশস্তি কবিতাটোৰ মূলভাৰ লিখা।

উত্তৰ :-প্রশস্তি কবিতাটোৰদ্বাৰা কবি ৰঘুনাথ চৌধৰীৰ সুন্দৰৰ আৰাধনা আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰীতি সুন্দৰকৈ ফুটি উঠিছে। ৰাতিপুৱা সুৰুসৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত ন কুঁহিপাতে চোঁৱৰেৰে বিচি প্ৰকৃতিক আদৰ-সাদৰ কৰি লৈ আহিছে। সেই সুন্দৰ প্ৰকৃতিক দেখি চৌদিশে ফুলি থকা ফুলবোবৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্রেম-পৰিমল যাচি দিছে। সুললিত কণ্ঠে গীত গাই চৰাই-চিৰিকটিবোৰে সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কালৰাত্ৰি শেষ হোৱাত কৰিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে অনাহত ছন্দৰে গীত গাই ঈশ্বৰৰ বন্দনা কৰিছে আৰু ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ রূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে! এইদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে।

৬। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্রী।”

-কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

উত্তৰ :- উক্ত কবিতাটোৰ দ্বাৰা কবিয়ে ভক্তসকলক সুন্দৰৰ উপাসনা কৰিবলৈ আহ্বান জনাইছে। কবিয়ে ৰাতিপুৱাৰ সুন্দৰ ক্ষণত মানুহৰ মনত থকা সকলো বেয়া ভাৱ, ধাৰণা, চিন্তা আদি ত্যাগ কৰি সকলোকে মুক্তিব পথ বিচাৰিবলৈ আহ্বান জনাইছে। মহা কালৰাত্রি শেষ হ’ল অর্থাৎ মানুহে সকালে কু-কথা, কু-আচাৰ, কু-ভাৰ-ধাৰণা আদি ত্যাগ কৰিবৰ হ’ল। দিনৰ পোহৰে ৰাতিৰ অন্ধকাৰ নাশ কৰাৰ দৰে মানুহেও কালৰাত্ৰিক শেষত মনৰ মাজত থকা বেয়া ভার, চিন্তা আদি ত্যাগ কৰি মুক্তিপথ বিচাৰিব লাগে। সেয়েহে মানুহে নিজৰ মাজত থকা অজ্ঞানতা আঁতৰ কৰি জ্ঞান লাভ কৰাৰ সময়ত আহি পৰিছে। সেয়েহে সকলোৱে এক ধ্যানে সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে।

৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

উত্তৰ :- বিহগী কবি ৰঘুনাথ চৌধৰীয়ে এই কবিতাটোৰ দ্বাৰা ভক্তসকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। চৌধাৰীদেৱে প্ৰকৃতিৰ সৌন্দৰ্যসমূহৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন-সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰ আনন্দত মতলীয়া হৈ পৰিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও সেই আনন্দত প্রেম-পৰিমল যাচি দিছে। সুললিত কণ্ঠেৰে গীত গাই চৰাই-চিৰিকটিবোবেও দশোদিশে যেন দেৱতাৰহে সন্ধান কৰিছে। মোহন কীচক বেণুৱেও অনাহত ছন্দেৰে স্ৰষ্টাৰ গান গাইছে। গতিকে এনে এটা সুন্দৰ পৰিৱেশত কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

৮। ব্যাখ্যা কৰা:

(ক) উঠে তক শিৰে শিৰে বন বিহংগৰ

ছন্দভৰা সুমধুৰ তান

জল স্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি লোবা হৈছে।

কবি চৌধৰীদেৱ হৈছে সুন্দৰৰ উপাসক। তেখেতে প্ৰকৃতিৰ সকলো বস্তুতেই সৌন্দৰ্যৰ আকৰ বিচাৰি পায়। উক্ত কবিতাটোতো কবিয়ে ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ চিত্ৰ এটা অংকন কৰিছে। ৰাতিপুৱা সূৰুযে ৰাঙলী আভাৰে গোটেই পৃথিৱী উদ্ভাসিত কৰি তুলিছে। নতুন কুঁহিপাতে চামৰেদি বিচি প্রকৃতিক যেন আদৰ-সাদৰ কৰি আগবঢ়াই আনিছে। ৰাতিপুৱাৰ সেই মনোমোহা পৰিৱেশ দেখি চিত্তহাৰী ফুলবোৰৰ মন আনন্দত নাচি উঠিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও তাতে প্রেম-পৰিমল যাচি দিছে। এনে এটা ধুনীয়া পৰিৱেশত চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠে গীত গাই জল, স্থল, আকাশ আদি সকলো ঠাইতেই যে দেৱতাৰহে সন্ধান কৰিছে। এইদৰে কবিয়ে প্ৰকৃতিৰ প্ৰতিটো বস্তুতেই নেদেখা জনৰ ৰূপ ধ্যান কৰিছে।

(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ

শেষ হ’ল মহাকালৰাত্ৰি,

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ

উঠা যত মুক্তি পথযাত্রী।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বঘুনাথ চৌধৰীদেৱে ৰচনা কৰা

‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে ।

উক্ত কবিতাটোৰ দ্বাৰা কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰদ্বাৰা সুন্দৰৰ আৰাধনা কৰিছে। ৰাতিপুৱা সুৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তুলিছে। নব প্রভাতত গছ বিৰিখৰ নতুন কুঁহিপাতে চোঁৱৰেৰে বিচি প্রকৃতিদেবীক সাদৰি আনিছে। চৌদিশে ফুলি থকা চিত্তহৰণকাৰী ফুলবোৰ আনন্দত নাচি উঠিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও এই আনন্দৰ সময়ত প্রেম-পৰিমল যাচি দিছে। চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠেৰে গীত গাই সকলো ঠাইতে দেৱতাৰ সন্ধান কৰিছে। পুৰণি সকলো কলুষ-কালিমাৰে ভৰা কালৰাত্ৰি আঁতৰি গৈছে। সেয়েহে কবিয়ে এই নর প্রভাতত অমৃতৰ সন্তান মানৱক মুক্তিৰ পথ বিচাৰিবৰ বাবে নিদ্রা ত্যাগ কৰি উঠিবলৈ আহ্বান জনাইছে। এইদৰে কবিয়ে প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলো ভক্তকেই তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

(গ) মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান

মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ

সুন্দৰৰ কৰা ৰূপধ্যান।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি লোৱা হৈছে।

কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত সুন্দৰৰ ৰূপ ধ্যান কৰিছে। ৰাতিপুৱা সূৰুযৰ ৰাঙলী আভাই দশোদিশ পোহৰাই তোলাৰ লগে লগে ন কুঁহিপাতে প্রকৃতিক আদৰ-সাদৰ কৰি আগবঢ়াই আনিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। গছ-গছনিবোৰত থকা চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠেৰে গীত গাই জল-স্থল-অন্তৰীক্ষ

সকলোতে ঈশ্বৰৰ সন্ধান কৰিছে। পুৰণি ক্লেদেৰে ভৰি থকা মহাকালৰাত্ৰি আঁতৰি যোৱাত কবিয়ে অমৃতৰ সন্তান মানুহক নতুন প্রভাতত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে অনাহত ছন্দেৰে বতাহত স্ৰষ্টাৰ গান গাই আছে। গতিকে কবিয়ে ভক্তবৃন্দক টোপনিৰু মোহ ত্যাগ কৰি উঠি সুন্দৰৰ ৰূপ আৰাধনা কৰিবলৈ অনুৰোধ জনাইছে।

ভাষা-বিষয়ক:

১। অর্থ লিখা :

কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্ৰালস।

উত্তৰ :-

কিশলয় – কুঁহিপাত, গজালি।

চিত্তহাৰী – মন-প্রাণ হৰি নিয়া।

অন্তৰীক্ষ – আকাশ, যাক পৃথিৱী আৰু সূৰ্য্যৰ মাজত দেখা যায়।

তন্দ্রালস – শ্রান্ত-ক্লান্ত, টোপনি যোৱা অৱস্থা।

২। বাক্য ৰচনা কৰা:

দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ।

উত্তৰ :-

দশোদিশ – পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত

কৰি তুলিছে।

উপেক্ষিত – অতদিনে নিজৰ বাহুবালৰে জগত জিনা মানুহজন আজি

উপেক্ষিত হৈ পৰিছে।

জৰাজীৰ্ণ – আজিও অসমৰ বহু বাট-পথৰ অৱস্থা জৰাজীৰ্ণ হৈ আছে।

অমৃত – মধুৰ বচনক অমৃতৰ লগত তুলনা কৰা হয়।

মোহ – কবিয়ে ভক্তবৃন্দক টোপনিৰ মোহ ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান

জনাইছে।

৩। সমার্থক শব্দ লিখা:

তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।

উত্তৰ:-

শব্দ

সমার্থক শব্দ

তৰু

মুক্তি

সুমধুৰ

অভিযান

ধ্যানী

গছ

মুকুতি

শুৱলা

যাত্রা

ধ্যানমগ্ন, ধ্যানৰত

No comments:

Post a Comment

SEBA Class X Assamese Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ ভাৱ-বিষয়ক: ১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : (ক) তক্ষশীলা বিশ্ববিদ্য...