Redirect Image

js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 2 – জিকিৰ পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 2 – জিকিৰ

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক

১।’ চমু উত্তৰ দিয়া:

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰ :- জিকিৰৰ ৰচক ‘আজান ফকীৰ’ বুলি বিখ্যাত ‘শ্বাহ-মিলান’ নামৰ এগৰাকী ইছলাম ধর্মী সাধু।

(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?

উত্তৰ :- উজনি অসমত প্রচলিত বিভিন্ন লোকগীত যেনে টোকাৰী, গীত, দেহ বিচাৰৰ গীত আদিৰ সুৰৰ লগত জিকিৰ গীতৰ সুৰৰ সাদৃশ্য লক্ষ্য কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উত্তৰ :- ‘জিকিৰ’ শব্দটা ‘জিক্‌’ শব্দৰপৰা ওলাইছে।

২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।

উত্তৰ :- ৰছুল —– দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, পয়গম্বৰ।

মোমিন —– বিশ্বাসী মুছলমান।

ৰহম —– দয়া।

কুটুব —— -ধ্ৰুৱ নক্ষত্র।

বান্দা —- -ভৃত্য।

৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।

-উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰ :- মক্কা ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অতি পুণ্য স্থান। বছৰত এবাৰকৈ হজযাত্রীসকলে মক্কা দর্শন কৰিবলৈ যায়। এই মক্কাই দৰাচলতে পৃথিবীৰ সমগ্ৰ মানৱ জাতিৰে আপোন আপোন ধর্মস্থানক প্রতিনিধিত্ব কৰিছে। তীর্থস্থানসমূহত বিশাল জনসমাৱেশ প্রতিদিনেই পৰিলক্ষিত হয়। ইয়ালৈ অহা প্রত্যেক মানুহৰ মূল উদ্দেশ্য অন্য একো নহয়। তেওঁলোক প্রত্যেকেই মাথো ধৰ্ম-কৰ্মৰে পুণ্য আর্জিব বিচাৰে। তেওঁলোকৰ বিশ্বাস এই পুণ্যই তেওঁলোকক মোক্ষ প্রাপ্তিত সহায় কৰে। কিন্তু মন্দিৰ-মছজিদ-মক্কা আদিৰ সন্মুখত পুণ্য বিচাৰি হাহাকাৰ কৰিলেই মানুহৰ পুণ্য অর্জন নহয় বা মোক্ষ লাভো নহয়। এয়া দৰাচলতে মানুহৰ ভুল ধাৰণাহে। পুণ্য বা মোক্ষৰ লগত মানুহৰ সৎ কর্ম বা সৎ মানসিকতাৰহে সম্পর্ক আছে। মোক্ষ আৰু পুণ্যৰ বাবে মক্কাৰ দুৱাৰত ভিৰ কৰাৰপৰা মানুহৰ একো উপকাৰ নহয়। এয়া শাল, শ’ল আৰু দৰিকণা মাছৰ পিটিকা খাই টকালি পৰাৰ দৰেহে। এই পিটিকা খাবলৈ অতি সুস্বাদু। এয়া ভক্ষণ কৰি টকালি নপৰা মানুহ হয়তো খুব কমকৈহে ওলাব। কিন্তু এনেদৰে মাছৰ পিটিকা খাই টকালি পৰাৰপৰা মানুহৰ শৰীৰৰ বিশেষ উপকাৰ নহয়। মানুহৰ শৰীৰৰ উন্নতি হয় তেতিয়া, যেতিয়া কোনো এবিধ খাদ্যই শৰীৰৰ পুষ্টি যোগাব পাৰে। পুষ্টিহীন খাদ্য ভক্ষণ কৰা আৰু মক্কাৰ দুৱাৰৰ আগত ঈশ্বৰ বিচাৰি হাহাকাৰ কৰা একে কথা। দুয়োটাই কোনো ধৰণৰ উপকাৰ সাধিব নোৱাৰে।

৪। ব্যাখ্যা কৰা:

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

উত্তৰ :- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ‘জিকিৰ’ কবিতাটোৰপৰা তুলি দিয়া হৈছে। কৰিতাটোৰ ৰচক আজান ফকিৰ।

কবিতাফাকিৰ মাজেদি মানুহৰ ভিতৰতেই যে ঈশ্বৰ অন্তর্হিত হৈ থাকে তাকে কোৱাৰ প্ৰয়াস কৰা হৈছে। পানী খালে মানুহৰ পিয়াহ নিবাৰণ হয়। পিপাসিত ব্যক্তি এজনক পানীৰ কিমান প্রয়োজন, সেয়া ব্যক্তিজনেহে জানে। পানীয়ে কিন্তু নাজানে তাৰ গুণতহে মানুহ পিয়াহৰপৰা মুক্ত হয় বুলি। পানী অবিহনে মানুহৰ কেনে বিপত্তি হ’ব সেয়া বুজাৰ সামৰ্থ্য পানীৰ নাই। অগ্নিৰ ক্ষেত্ৰতো কথা একেটাই। জাৰত কঁপি থকা ব্যক্তি এজনৰ জাৰৰ উপশম ঘটাব পাৰে অগ্নিয়ে। কাৰণ জুইৰ উত্তাপ শক্তি আছে। ইমান উত্তপ্ত হ’লেও কিন্তু নিজৰ ক্ষমতা সম্পর্কে জুই অজ্ঞ। জুইয়ে নিজে নিজৰ উত্তাপৰ কথা নাজানে। দৰাচলতে পৃথিৱীত ওপজা প্রত্যেকটো বস্তুৱেই নিজে নিজৰ শক্তি বা অস্তিত্ব সম্পর্কে ভালদৰে নাজানে। মানুহে ঈশ্বৰক বিচাৰি হাবাথুৰি খায়। ঈশ্বৰে মানুহক মুক্তি দিব পাৰে, এই কথা জানিয়েই মন্দিৰে-মছজিদে মানুহে ঈশ্বৰক বিচাৰি ফুৰে; কিন্তু এনেদৰে বিচাৰিলে ঈশ্বৰক লাভ কৰিব নোৱাৰি। ঈশ্বৰ দৰাচলতে মানুহৰ মাজতেই থাকে। অসমীয়াত এষাৰ কথা আছে-‘নৰ সেৱা নাৰায়ণ সেৱা।’ অর্থাৎ মানুহক সেৱা বা সন্তুষ্ট কৰিলেই ঈশ্বৰ সন্তুষ্ট হয়। ঈশ্বৰ মোমিনৰ মাজত লুকাই থাকে। পৃথিৱীত ওপজা প্রত্যেকজন লোকেই দৰাচলতে ঈশ্বৰৰ দূত। কিন্তু যিদৰে পানীয়ে নিজৰ তৃষ্ণা নিবাৰণ ক্ষমতা সম্পর্কে নাজানে, জুইয়ে নিজৰ শীত নিবাৰণী ক্ষমতা নাজানে, তেনেদৰে মানুহেও নিজৰ মাজতে সোমাই থকা ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভনকৰে, নিজৰ অজ্ঞতা প্রকাশ কৰে।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰ :- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত আজান ফকিৰৰ ‘জিকিৰ’ কবিতাটোৰপৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ মাজেদি মায়াই মানুহক কিদৰে বেৰি ৰাখে তাকে কোৱা হৈছে।

‘তিৰবেণীৰ ঘাট’ বা ‘ত্রিবেণী ঘাট’ক অতি পুণ্য স্থান হিচাপে গণ্য কৰা হয়। প্রয়াগ নামে ঠাইত গংগা, যমুনা আৰু সৰস্বতী এই তিনিখন পবিত্র নদী বৈ আহি লগ লগা ঠাইখিনিক ত্রিবেণী ঘাট বোলে। এই ঘাট দৰ্শনৰ লগতে ইয়াত স্নান কৰিলে পুণ্য তথা মোক্ষ লাভ হয় বুলি হিন্দুধর্মাবলম্বী লোকসকলে বিশ্বাস কৰে।

ত্রিবেণী হিন্দুসকলৰ বাবে পুণ্য স্থান হোৱাৰ দৰে মক্কা ইছলামসকলৰ বাবে অতি পুণ্য স্থান। মক্কাৰ দুৱাৰ আৰু ত্রিবেণীৰ ঘাটৰ মাজত বিশেষ সা প্রভেদ নাই। অন্য ক্ষেত্রত প্রভেদ থাকিলেও মুঠতে মূল্যদি দুয়োটা সমান। দুয়োটাকে মানুহে পুণ্য স্থান হিচাপে গণ্য কৰিলেও কিন্তু মানসিকতা তথা সৎকর্ম আচৰণ নকৰিলে মানুহক এই দুবিধৰ দৰ্শনে কোনো ধৰণৰ পুণ্য তথা আকাংক্ষিত মোক্ষ প্রদান কৰিব নোৱাৰে। এয়াই হৈছে জীৱৰ বাবে প্রকৃত সত্য। এয়া উপলব্ধি কৰিব নোৱাৰাটো মানুহৰ প্ৰধান ভুল। কিন্তু ইয়াৰ বাবে প্ৰকৃততে জগৰীয়া মানুহ নহয়, মানুহক আৱৰি ৰখা মায়াহে ইয়াৰ বাবে জগৰীয়া। জন্মিয়েই মানুহ মায়াৰ জালত পৰে। ইয়াৰপৰা পৰিত্ৰাণ পোৱা কাৰোবাবে সম্ভৱ নহয়। মায়াই মানুহক জীৱন সম্পর্কে প্রকৃত সত্য উপলব্ধিত বাধা দিয়ে আৰু অথাই সাগৰত কক্‌কাই থাকিবলৈ বাধ্য কৰে।

গ) সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।

উত্তৰ :- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত আজান

ফকিৰৰ ‘জিকিৰ’ কবিতাটিৰপৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ মাজেদি মানৱ জীৱন যে ক্ষন্তেকীয়া তাকে বুজোৱা হৈছে। ইয়াত মানৱ জীৱনক সজাৰ মইনা এটিৰ সতে তুলনা কৰা হৈছে।

মানৱ জীৱন ক্ষন্তেকীয়া। ক্ষন্তেকীয়া জীৱনটো কেতিয়া, ক’ত, কোন ব মুহূর্তত ক্ষয়প্রাপ্ত হয়, সেয়া কোনেও ক’ব নোৱাৰে। জীৱনৰ এনে স্থিৰতা এই নহ’লেও কিন্তু মানুহৰ বাবে জীৱনটো বৰ প্ৰিয়; দেহ মানুহৰ গৌৰৱৰ বস্তু। দেহটো থকালৈ মানুহে গৰ্ব, অহংকাৰ কৰে। কিন্তু যিদিনাই এই দেহ মৃত্যুৰ গ্ৰাসত পৰে, সেই মুহূৰ্তত এই অহংকাৰ, গৌৰৱ আদিবোৰো নোহোৱা হৈ পৰে। পৃথিৱীখনত জন্মি যিবোৰ বস্তু পাবলৈ বিচৰা হয় বা লিৰ পোৱাও হয় তাৰ প্ৰতি স্নেহ এই জীৱনধাৰণৰ সময়খিনিলৈহে। যি মুহূর্তত শষ সজাৰ মইনাস্বৰূপ এই জীৱন শেষ হৈ যায়, সেই মুহূর্ততেই প্রত্যেকটো সাংসাৰিক বস্তুলৈ মোহ নোহোৱা হয়।

ভাষা-বিষয়ক

১। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।

উত্তৰ:-

শব্দ

সমার্থক শব্দ

চিন্তো

ঘাট

পীৰিতি

আচমান

দৰিয়া

পিয়াহ

বাট

ভেল

ভাবো

তীৰ

প্রেম

আকাশ

সাগৰ, নদী

তৃষ্ণা

পথ

হ’ল

No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...