পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
ভাৱ-বিষয়ক
১। চমু উত্তৰ দিয়া:
(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ: কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ: মানুহজন কুকুৰীকণা হোৱা হেতুকে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
উত্তৰ: মানুহজনে নিজৰ ঘৰৰ পদূলি নঙলামুখত বিচাৰিছিল।
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰ: মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহবোৰে নমস্কাৰৰ ভংগীত আছিল।
(ঙ) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ: কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ:- সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি ভাবি ভুল কৰিছিল। তেওঁ সন্দেহেৰে কবিলৈ চাই সুধিছিল কবিয়ে ভাৰাঘৰ বিচাৰি আহিছেনে? যদি ভাৰাঘৰ বিচাৰি আহিছে কুবেৰৰ মহলাত ঘৰ পোৱা সহজ নহয়, আৰু যদি পোৱাও যায়, তাত শান্তি পোৱা টান আছে। আনকি মৃত্যু হ’লে দাহ কৰিবলৈও সেই কংক্রিটৰ মহা অৰণ্যত মানুহৰ অভাৱ হ’ব পাৰে। কাৰণ দাহ-সংস্কাৰক পৱিত্ৰ কৰ্ম বুলি গণ্য কৰা মানুহ তাত নাই। তাত সকলোবোৰ কৃত্রিমতাই আৱৰি আছে। মুঠৰ ওপৰত সেই ঠাইত শান্তি নাই, মানুহক ভাল পোৱা, সমীহ কৰা মানুহো তাত নাই।
৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ: কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ চিত্রিত হৈছে। সময় গতিশীল। এই গতিশীলতাৰ সতে সকলোবোৰ পৰিৱৰ্তন হয়। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ বর্তমান সকলো ক্ষেত্রতে অঘোষিত প্রতিযোগিতা চলিছে আৰু তাৰ মাজত সহজ সৰল মানুহৰ মনবোৰ হেৰাই গৈ সকলোতে কৃত্রিমতাই আৱৰি ধৰিছে।
পঁচিশ বছৰ আগতে দেখা পোৱা ছবিখন আজি ক’তো বিচাৰি পোৱা নাযায়। বর্তমান সেই কেঁচা আলি কেকুঁৰিও নাই আৰু সেই কেঁচা ঘৰো নাই। নিজৰ নঙলামুখত থিয় হৈ নিজৰ ঘৰটোকে বিচাৰি থকা কুকুৰীকণা মানুহজনো আজি পৰিৱৰ্তনৰ ৰঙত বিধৌত।
পঁচিশ বছৰৰ পাছত আগৰ সেই ঠাইডোখৰো বহু সলনি হ’ল। পুৰণি পঁজাঘৰটো নাই। তাৰ ঠাই ল’লে সাতমহলীয়া প্রকাণ্ড ঘৰটোৱে আৰু পঁচিশ বছৰৰ আগতে আকাশ ধিয়াই থকা কাকিনী তামোল আৰু আগলি বাঁহ আদিবোৰৰ ঠাইত গঢ় লৈ উঠিল কেইবাটাও অট্টালিকাই। তাৰ লগে লগে মানুহৰ মনবোৰ সলনি হ’ল। কোমল চাৱনিৰ ঠাই গ্ৰহণ কৰিলে সন্দেহী চাৱনিয়ে। আপোন আত্মীয়তাৰ ভাৱবোৰো নোহোৱা হৈ সকলোবোৰ অচিনাকী যেন হৈ পৰিল। এনেকৈয়ে আধুনিকতাৰ প্ৰভাৱত সকলো হেৰাই গ’ল।
পঁচিশ বছৰৰ আগতে পোৱা শান্তিবোৰ আজি হেৰাই গ’ল। অচিনাকী কবিৰ হাতত ধৰি পঁজাঘৰত ভৰি দিয়াৰ সময়ত যিজন মানুহে শান্তিত থকাৰ কথা কৈ সন্তোষ লভিছিল, সেই একেজন মানুহেই বাজসুখত থাকিও ভাৰাঘৰ বিচাৰি যোৱা বুলি ভুল কৰি কবিক কৈ পঠিয়ালে নিজৰ অশান্ত মনৰ বতৰা। কুবেৰৰ মহলত ধন আছে, কিন্তু তাত শান্তি নাই। সুখত থাকিও দুখত আছে মানুহজন। সংগীহীনতাত ভোগা বৃদ্ধ কুঁজা দেহৰ মানুহজনে মানৱতা হেৰুৱাই পেলোৱা মানুহৰ কথা কৈ দুখ কৰি সাতমহলীয়া উচ্চ অট্টালিকাটোৰ ভিতৰলৈ সোমাই গ’ল। অৱশেষত কবিয়েও অশান্ত আৰু অসন্তুষ্ট মনেৰে কংক্রিটৰ অৰণ্যখনৰ পৰা উভতি আহিল। এয়ে সময়। ইয়াৰ লগতেই সদায় দৃশ্যপটৰ সলনি হয় বা দৃশ্যান্তৰ ঘটে।
৪। “বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
–কোনে কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা।
উত্তৰ: কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজনে কবিক এনেদৰে কৈছিল। সহায় সাৰথি নোহোৱা মানুজনক কবিয়ে হাতত ধৰি আগুৱাই দিওঁতে মানুহৰ মাজত দেখা পোৱা সুহৃদয়তাত আপ্লুত হৈ মানুহজনে এনেদৰে কৈছিল।
পঁচিশ বছৰৰ আগত কবিয়ে লগ পাওঁতে মানুহজন শান্তিত আছিল। কেঁচা কেকুৰি, বিচাৰিলেও বিচাৰি নোপোৱা এটা পঁজাঘৰত প্ৰকৃততে একো সুখৰ উৎস নাছিল। নাছিল কোনো ভোগ। একেবাৰে সহজ সৰল পৰিৱেশ-পদূলিমুখত নঙলা, আকাশলৈ মূৰ তুলি থিয় দি থকা কাকিনী তামোল, ঘৰৰ দাঁতিত থিয় হৈ নমস্কাৰ জনাই থকা বাঁহ গছ। কিন্তু মানুহৰ মানুহৰ প্ৰতি মৰম ভালপোৱা আছিল সেই পৰিৱেশত। অচিনাকি হৈও কবিয়ে অচিনাকি মানুহজনক হাতত ধৰি ঘৰটো বিচাৰি উলিওৱাত সহায় কৰিছিল। সেইবাবেই সেই পৰিবেশত শান্তি বিচাৰি পাইছিল মানুহজনে।
সুখ আৰু শান্তি একে যেন লাগিলেও দৰাচলতে একে নহয়। শান্তিৰ উপলব্ধি এক ডাঙৰ উপলব্ধি।
৫। “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?” কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ: কবিয়ে পঁচিশ বছবর আগতে লগ পোৱা সেই কুকুৰীকণা মানুহজনে পাঁচশ বছৰৰ পাছত কবিক লগ পাই এনেদবে সুধিছিল।
কবিয়ে পঁচিশ বছৰ আগতে এজন মানুহ লগ পাইছিল, এডোখৰ ঠাইত এক সহজ সবল জীৱন শৈলীৰ মাজত। উকখা পঁজাত থাকিও সেইজন মানুহে শান্তিত থকাৰ কথা কৈ গৌৰৱ অনুভৱ কৰিছিল। সেই একেজন মানুহকেই পঁচিশ বছৰৰ পিছত কবিয়ে সেই একেডোখৰ ঠাইতে এটা সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা দেখা পালে। তেওঁ সন্দেহেবে কবিলৈ চাই সুধিছিল, কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে নেকি? যদি ভাৰাঘৰ বিচাৰি আহিছে কুবেৰৰ মহলাত ঘৰ পোৱা সহজ নহয়। আক যদি পোৱাও যায়, তাত শান্তি পোৱা টান আছে। আনকি মৃত্যু হ’লে দাহ কৰিবলৈও সেই কংক্রিটৰ মহা অৰণ্যত মানুহৰ অভাৱ হ’ব পাৰে। কাৰণ দাহ-সংস্কাৰক পৱিত্ৰ কর্ম বুলি গণ্য কৰা মানুহ তাত নাই। সকলোবোৰ কৃত্রিমতাই আৱৰি পেলাইছে। মুঠতে সেই ঠাইত শান্তি নাই, মানুহক ভাল পোৱা, সমীহ কৰা মানুহো তাত নাই।
৬। দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ: দৃশ্যান্তৰ কবিতাটোত কবি হৰেকৃষ্ণ ডেকাই সামাজিক জীৱনৰ রূপ অংকন কৰিছে। সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তিত সময়ৰ লগত খাপ মিলাই চলিবলৈ আজিৰ সমাজত অঘোষিত প্রতিযোগিতা আৰম্ভহৈছে আৰু সেই প্রতিযোগিতাৰ মাজতে হেৰাই গৈছে সহজ সৰল মানুহৰ মনবোৰ। আজিৰ সমাজ জীৱনৰ চৌদিশে এক কৃত্রিমতাৰ আৱৰণে ঢাকি ধৰিছে। পঁচিশ বছৰ আগতে বিচাৰি পোৱা ছবিখন আজি আৰু নাই। নাই আলি কেকুঁৰিব কেঁচা ঘৰ। নঙলামুখত থিয় হৈ নিজৰ ঘৰটোকে বিচাৰি হাবাথুৰি খোৱা কুকুৰীকণা মানুহজনো আজি পৰিৱবৰ্তনৰ ৰঙত বিধৌত। সেই কেঁচা আলি-কেঁকুৰি, উৰুখা পঁজাঘৰ, আকাশ ধিয়াই থিয় হৈ ৰোৱা ■ কাকিনী তামোলৰ গছবোৰ, আগলি বাঁহৰ সেই সুন্দৰ গছবোৰ আজি আৰু নাই।
পঁচিশ বছৰ পাৰ হ’ল। ঠাইডোখবো সলনি হ’ল। পুৰণি পঁজাঘৰটোৰ ঠাই অধিকাৰ কৰিলে সাতমহলীয়া এটা প্রকাণ্ড ঘৰে আৰু কাকিনী তামোল, আগলি বাঁহ আদিবোৰৰ ঠাইত গঢ় লৈ উঠিল কেইবাটাও অট্টালিকাই। ইয়াব লগে লগে মানুহৰ মনবোৰো সলনি হ’ল। কোমল চাৱনিৰ ঠাই গ্ৰহণ কৰিলে সন্দেহী চাৱনিয়ে। আপোন আত্মীয়তাৰ ভাৱবোৰকো গ্ৰাস কৰিলে অচিনাকী যেন লগা ভাৱবোৰে। এনেকৈয়ে আধুনিকতাৰ প্ৰভাৱত সকলো প্রাচীনত্ব নোহোৱা হৈ গ’ল।
৭। “দৃশ্যান্তৰ” কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয় দিয়া।
উত্তৰ: হৰেকৃষ্ণ ডেকা অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ কবি। তেখেতৰ জন্ম হয় ১৯৪৩ চনত। ল’ৰালি কাল তিনিচুকীয়াত অতিবাহিত কৰি ১৯৫৯ চনত মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে। গুৱাহাটী কমার্চ কলেজত অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰি ডেকাদেৱে পিছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে আৰু আৰক্ষী সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।
হৰেকৃষ্ণ ডেকা The Sentinel কাকত আৰু “গৰীয়সী” আলোচনীৰো সম্পাদক আছিল। ডেকাদেৱে “ৰাতিৰ শোভাযাত্রা”, “আন এজন”, “Sea-Scare” আদি কবিতাপুথি; “গল্প আৰু কল্প”, “মধুসূদনৰ দলং”, “বন্দীয়াৰ মৃত্যুদণ্ড” আদি গল্পৰ পুঁথি ৰচনা কৰে। তেখেতৰ একমাত্র উপন্যাস হ’ল ‘আগন্তুক”। ইয়াৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। ১৯৮৭ চনত তেখেতে “সাহিত্য অকাডেমী” বঁটা লাভ কবে। ১৯৯৬ সালে লাভ কৰে। অসমীয়া সাহিত্যজগতলৈ তেখেতৰ অৱদান অতুলনীয়।
৮। ব্যাখ্যা কৰা:
(ক) “মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।”
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে ৰচনা কৰা ‘দৃশ্যান্তৰ’ কবিতাটোৰপৰা তুলি দিয়া হৈছে।
কবিতাটোৰ মাজেৰে কংক্রিটৰ অৰণ্যত হেৰাই যাবলৈ উপক্রম হোৱা মানুহ এজনৰ অনুভৱ ব্যক্ত কৰা হৈছে। কবিতাফাকিৰ মাজেৰে যান্ত্রিক মানুহৰ হৃদয়হীনতাৰ কথা প্ৰকাশ কৰা হৈছে।
মৃতকৰ দাহ সংস্কাৰ অতি পবিত্র কর্ম বুলি হিন্দু শাস্ত্রই গণ্য করে। যে অতীতৰপৰাই হিন্দুসকলে এই কাম অতি পৱিত্ৰ অন্তৰেৰে নীতি-নিয়মৰ মাজেৰে কৰি আহিছে। এই কামত অৱহেলা কৰাজন মহাপাপৰ দোষত লে পতিত হয়। কিন্তু কংক্রিটৰ সভ্যতাই বর্তমান এই প্রথাক দূৰতে বিদূৰ এ কৰিছে। যিমানে আমাৰ সমাজখন উন্নতিৰ পথত আগবাঢ়িছে, সিমানেই মানুহৰ মনবোৰ ঠেক সীমা এটাৰ ভিতৰলৈ সোমাই গৈছে। সহজ ভাষাত ক’বলৈ গ’লে বর্তমান সময়ৰ মানুহবোৰ খোলাৰ ভিতৰৰ মানুহ। অর্থাৎ ত বর্তমান মানুহেই মানুহক চিনি নোপোৱা অৱস্থা এটা হৈছে। মানুহে যেতিয়া মানুহক চিনি পাব নিবিচৰা হ’ল, দাহ সংস্কাৰ ক’ৰপৰা সম্ভব? কংক্রিটৰ অৰণ্যৰ ওখ মহলৰ মাজত বৰ্তমান মানুহৰ-খুবেই অভাৱ। মানুহ বুলি ইয়াত মানৱতা থকা মানুহৰ কথাহে বুজোৱা হৈছে। হাত-ভৰি থাকিলেইতো মানুহ নহয়, যদিহে তেওঁৰ মাজত মানবীয় গুণসমূহ বিচাৰি পোৱা নাযায়। মানৱীয় গুণে মানুহক ভাল পাবলৈ, স্নেহ, সহায়-সহযোগিতাৰে জীয়াই থাকিবলৈ শিক্ষা প্রদান কৰে। মানুহ হ’লে মানুহৰ কথা ভাবিব পাৰিব লাগিব। ড° ভূপেন হাজৰিকাদেৱে গাইছে-
মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে,
অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা।
সেয়ে হৈছে মানৱীয়তাৰ জয়গান। কিন্তু কংক্রিটৰ অৰণ্যত এই মানৱীয়তা বিচাৰি পাবলৈ টান। মৃতকৰ কাঠ সংস্কাৰৰ কাৰণেও তাত মানুহ পাবলৈ নাই। ঠেক, কৃত্রিম মনৰ মানুহে বিপদত পৰা মানুহক উদ্ধাৰ কৰিবলৈ কেতিয়াও আগবাঢ়ি নাহে এই যান্ত্ৰিকতাৰে ভৰা কংক্রিটৰ জগতখনত।
(খ) “যখৰ পোৱালিহঁতে কাক কোনে চায়।”
উত্তৰ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে ৰচনা কৰা “দৃশ্যান্তৰ” নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে।
কংক্রিটৰ অৰণ্য অৰ্থাৎ কৃত্রিম সাজসজ্জাৰ সুন্দৰ মহলাৰ মাজত হেৰাই যোৱা মানুহ এজনৰ সুস্থ মানসিকতাৰ অৱস্থিতিৰ সংকটত ভুগি কবিয়ে এই কবিতাফাকি অবতাৰণা কৰিছে।সময় পৰিৱৰ্তনশীল। সেই পৰিৱৰ্তনশীলতাই মানুহৰ মন, সাজ-সজ্জা, ৰহণ-চহন সকলোতে প্রভাৱ পেলায়। কিন্তু দেখতে ইমান অত্যাধুনিক অথবা উন্নত সভ্যতা যেন লাগিলেও তাৰ মাজে মাজে প্রকাশ পায় নিকৃষ্ট মানসিকতাৰ। সেইবাবে অসন্তুষ্ট হৈছে মানুহজন। হেৰাই গৈছে তেওঁ কৃত্রিম সভ্যতাৰ মাজত।
কবিয়ে পঁচিশ বছৰ আগতে এজন মানুহ লগ পাইছিল, একেডোখৰ ঠাইত সহজ-সবল জীৱন শৈলীৰ মাজত, উৰুখা পঁজাত থাকিও মানুহজনে শান্তিত থকাৰ কথা কৈ গৌৰৱ অনুভৱ কৰিব পাৰিছিল। পঁচিশ বছৰৰ পিছত কবিয়ে সেই ঠাইতে পুনৰ মানুহজনৰ সৈতে মুখামুখি হৈছে। সেই মানুহজন যেন এক অন্যরূপ। সেয়ে কবি আচৰিত হৈছে। ওখ অট্রালিকা, উচ্চ সভ্যতা ঠাইডোখৰত বিৰাজমান, কিন্তু সহজ সবল মানুহৰ মনবোৰ আজি যেন নাই। সেই সহজ সৰল জীৱনধাৰাৰ লগত সেইবোৰো যেন হেৰাই গৈছে। মানুহজনে কবিৰ আগত চৰম অসন্তুষ্টি ব্যক্ত কৰিছে। কাৰণ এই কংক্রিট অৰণ্যত মৃতদেহ দাহ-সংস্কাৰৰ দৰে পৱিত্ৰ কাম কৰিবলৈও মানুহ পাবলৈ নাই। ইয়াত মানুহৰ শান্তি নাই। মানুহৰ মানৱীয় গুণবোৰ নাই। ইয়াৰ মানুহবোৰক যখৰ লগত তুলনা কৰি মানুহজনে কৈছে যে যখৰ পোৱালীবোৰে কোনেও কাকো চিনি নাপায় বা চিনিবলৈ ইচ্ছা নকৰে। সকলোবোৰেও আত্মকেন্দ্রিক। এয়াই মানৱীয়তাৰ চূড়ান্ত অৱক্ষয়ৰ নমুনা। ইয়াৰ পিছত মানুহজন সাতমহলীয়া ঘৰটোৰ কৃত্রিমতাৰ মাজলৈ সোমাই যায়।
(গ) “এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু।”
উত্তৰ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে ৰচনা কৰা “দৃশ্যান্তৰ” নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে।
কংক্রিটৰ অৰণ্য অর্থাৎ কৃত্রিম সাজ-সজ্জাৰ, সুন্দৰ মহলৰ মাজত হেৰাই যোৱা মানুহজনৰ সুস্থ মানসিকতাৰ অৱস্থিতিৰ সংকটত ভুগি কবিয়ে এই কবিতাফাকিৰ অৱতাৰণা কৰিছে।
সময়র সোঁতত সকলো সলনি হয়। মানুহৰ মন, সাজ-সজ্জা বহণ-চহন সকলো পৰিৱৰ্তনৰ ঢৌৱে ঢৌৱাই পেলায়। কিন্তু দেখাত ইমা অত্যাধুনিক অথবা উন্নত সভ্যতা যেন লাগিলেও তাৰ মাজে মাজে প্রকা পায় নিকৃষ্ট মানসিকতাৰ। সেয়ে অসন্তুষ্ট হৈছে মানুহজন, হেৰাই গৈ তেওঁ কৃত্রিম সভ্যতাৰ মাজত।
কবিয়ে পঁচিশ বছৰ আগতে এজন মানুহ লগ পাইছিল একেডোখ ঠাইত সহজ সৰল জীৱনশৈলীৰ মাজত। উৰুখা পঁজাত থাকিও সেইজন মানুহে শান্তিত থকাৰ কথা কৈ গৌৰৱ অনুভৱ কৰিব পাৰিছিল। সেই একেডোখৰ ঠাইত কবিয়ে আকৌ মুখামুখি হৈছে মানুহ এজনৰ সৈতে। একে যেন লাগিলেও একে নহয় যেন সেই মানুহজন। সেয়ে কবি আচৰিত হৈছে। ওখ মহলৰ উচ্চ সভ্যতা ঠাইডোখৰত বিৰাজ কৰিছে। কিন্তু সহজ সৰল মনবোৰ যেন মানুহৰ সহজ জীৱনবোৰৰ লগতে হেৰাই গ’ল। মানুহজনৰ চৰম অসন্তুষ্টি ব্যক্ত হৈছে, কবিৰ আগত ঠাইডোখৰত মৃতকৰ দাহ সংস্কাৰৰ দৰে পৱিত্ৰ কাম কৰিবলৈও মানুহ পাবলৈ নাই বোলা কথাষাৰত। এয়াই মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ নমুনা। হঠাৎ মানুহজন সাতমহলীয়া ঘৰটোৰ কৃত্রিমতাৰ মাজলৈ সোমাই গ’ল। এয়াই কংক্রিটৰ হাবি। অর্থাৎ আধুনিকতা আৰু আদর্শ গঢ়িবলৈ কৰা লৰা-ঢপৰাৰ ফলত জন্ম লভা এক দুখ লগা সভ্যতা, য’ত ধ্বংসপ্রাপ্ত হৈছে মানুহৰ মনৰ সৰলতাবোৰ। সেই পৰিৱেশৰ মাজতে সহজ-সৰল মানুহ এজন হেৰাই গ’ল। কবিয়ে তেওঁৰ খবৰ উলিয়াব নোৱাৰিলে; বিচাৰি নাপালে তেওঁক।
ভাষা-বিষয়ক:
১। বিপৰীত শব্দ লিখা:
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।
উত্তৰ:
|
শব্দ |
বিপৰীত শব্দ |
|---|---|
|
কেঁচা গধূলি পোহৰ শান্তি ৰূপ। |
পকা ৰাতিপুৱা আন্ধাৰ অশান্তি বিৰূপ/কুৰূপ |
২। এটাকৈ সমার্থক শব্দ লিখা:
জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰ:
|
শব্দ |
সমৰ্থক শব্দ |
|---|---|
|
জোন ঘৰ চৰা দাহ উভতি |
চন্দ্র গৃহ ওখ দাহন ঘুৰি |
৩। নঞার্থক শব্দ গঠন কৰা:
শান্তি, চিনাকি, সহায়।
উত্তৰ:
|
শব্দ |
নঞার্থক শব্দ |
|---|---|
|
শান্তি চিনাকি সহায় |
অশান্তি অচিনাকি অসহায় |
প্রশ্ন ৪। “নমস্কাৰ” শব্দটোৰ সন্ধি ভাঙিলে এনে হ’ব নমঃ + কাৰ। এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি কৰা।
উত্তৰ: পুৰঃ + কাৰ = পুৰস্কাৰ
পৰিঃ + কাৰ = পৰিষ্কাৰ
আবিঃ + কাৰ = আৱিষ্কাৰ
জাতিঃ + কাৰ = জাতিষ্কাৰ
No comments:
Post a Comment