পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ ![]()
ভাৱ-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সেমোৱা শ্রেণী-আছে-শিক্ষকগৰাকীৰ নাম কি?
উত্তৰ: দশম শ্রেণী-শিক্ষকগৰাকীৰ নাম আছিল প্রকাশ গোস্বামী।
(খ) শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰ: শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে নিজকে কেনেকৈ উদ্যোগী হিচাপেন গঢ়ি তুলিব পাৰে।
(গ) এজন উদ্যোগী আৰু কর্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যবধান কি?
উত্তৰ: এজন উদ্যোগী আৰু এজন কর্মহীন নিবনুৱাৰ মাজত থক ক্ষুদ্ৰ ব্যৱসায়টো হ’ল এলাহ।
ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন?
উত্তৰ: এজন সফল উদ্যোগী হা’বলৈ ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা প্রবৃত্তি যাজন।
(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰ: ক’কা ক’লা কোম্পানীটোৰ বিজ্ঞাপনত কোৱা কথাষাৰ হৈছে
– ‘Eat cricket, sleep cricket, dream cricket, drink cricket.
(চ) নাৰায়ণ মূৰ্ত্তী কোন?
উত্তৰ: নাৰায়ণ মূৰ্ত্তী ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক।
(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কী কৈছিল?
উত্তৰ: উদ্যোগী সম্পর্কে বিজিতে কৈছিল যে “ যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোন বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হয়।”
জ) প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
উত্তৰ: প্রথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰপৰা চণ্ডী পাঠলৈ সকলো কৰিবলৈ সাজু থাকিব লাগিব।
(ঝ) টমাছ আলভা এডিছনে ইলেক্ট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
উত্তৰ: বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ টমাছ আলভা এডিছনে কৈছিলা, ‘মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে।’
২। চমুকৈ বুজাই লিখা:
(ক) ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’- শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা।
উত্তৰ: শিক্ষকগৰাকীয়ে কোৱা প্রশ্নোক্ত কথাষাৰৰ অৰ্থ এয়াই যে উদ্যোগী হ’বলৈ সিংহৰ দৰে সাহসী হোৱাৰ প্ৰয়োজন। তেওঁ সকলো কাম কৰিবলৈ সাজু থাকিব লাগিব। এলেহুৱা মানুহে একো কৰিব নোৱাৰে। তেওঁলোক যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা কাপুৰুষ সৈনিকৰ দৰে। সফল উদ্যোগী আৰু নিবনুৱাৰ মাজৰ ক্ষুদ্র ব্যৱধানটো হ’ল এলাহ।
(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন?
উত্তৰ: সফল উদ্যোগী হ’বলৈ ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন। এনে গুণ সকলোৰে নাথাকে। সেইবাবেই সফল উদ্যোগী হোৱাটো কঠিন।
(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰ: চাইকেল চলাবলৈ শিকাৰ আৰম্ভণিৰপৰা চাইকেল চলাব পৰা হোৱালৈ ঢাপে ঢাপে আগ বাঢ়িব লাগে। তাৰ মাজতে আছে পৰি ছাল-বাকলি যোয়াৰ আশংকা। নেৰানেপেৰাকৈ লাগি থাকিলে চাইকেল চলাবলৈ শিকিব পাৰি। একেদৰে উদ্যোগী হ’বলৈ ঢাপে ঢাপে আগ বাঢ়িব লাগিব। আশংকাক অতিক্ৰম কৰি নেৰানেপেৰাকৈ লাগি থাকিলেহে উদ্যোগত সফল হ’ব পাৰি।
(ঘ) উদ্যোগী কোন সকল ব্যক্তিক কোৱা হয় বুজাই লিখা ?
উত্তৰ: নিজৰ ইচ্ছা অনুসৰি নিজৰ সময়সূচী নিৰ্দ্ধাৰণ কৰি উদ্ভাবন শক্তি আৰু কৰ্মশক্তিৰে নিজকে প্রতিষ্ঠা কৰা ব্যক্তিকে উদ্যোগী বুলি কোৱা হয়। শিল্পী, ব্যবসায়ী আদি সকলো স্বাধীন কর্মীকে উদ্যোগী বুলি ক’ব পাৰি।
৩। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
উত্তৰ: ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল কৰ্ণাটকৰ নাৰায়ণ মূর্তিয়ে। নাৰায়ণ মুর্ত্তিয়ে এটা নিম্ন-মধ্যবিত্ত পৰিয়ালত জন্ম গ্রহণ বিছিল। সৰুৰে পৰাই তেওঁৰ উদ্যোগী হোৱাৰ প্রৱল হেঁপাহ র্তিত আছিল। অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি তেওঁ কিছুদিন চাকৰি কৰিছিল যদিও সেই চাকৰি এৰি তেওঁ Softronics নামে এটা কোম্পানী প্রতিষ্ঠা কৰিছিল। ডেৰ বছৰৰ ভিতৰতে কোম্পানীটো আর্থিক দুৰৱস্থাৰ বাবে বন্ধ হৈ পৰিছিল। তেওঁ পুনৰ চাকৰিত যোগদান কৰি সেয়াও ত্যাগ কৰি বন্ধুবৰ্গৰ সহযোগত ইনফচিচ নামৰ কোম্পানী আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁ তেওঁৰ পত্নীৰপৰা দহ হাজাৰ টকা লৈছিল। প্রথম অৱস্থাত কোম্পানীটো বহু ঘাত-প্রতিঘাতৰ সন্মুখীন হৈছিল। নব্বৈৰ দশকত ভাৰতত মুক্ত অৰ্থনীতিৰ প্ৰৱৰ্তনৰ ফলত নাৰায়ণ মূৰ্ত্তিৰ হাতলৈ সোণালী সুযোগ আহি পৰে। ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত নাৰায়ণ মূৰ্ত্তিয়ে ইনফচিচৰ মাধ্যমত নিজকে ভাৰতৰ অন্যতম সফল উদ্যোগী হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়।
৪। “ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ’ব লাগিব?”-এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল?
উত্তৰ: প্রশ্নোক্ত কথাষাৰ সুধিছিল প্রীতমে।
ইয়াৰ উত্তৰত শিক্ষক প্রকাশ গোস্বামীয়ে কৈছিল যে উদ্যোগৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি ভিন ভিন অৰ্হতাৰ প্ৰয়োজন হয়। ধাবা বা গেলামাল আৰু পাচলিৰ দোকান খুলিবলৈ বিশেষ শিক্ষাগত অর্হতা প্রয়োজন নাই। অৱশ্যে সফল হ’বলৈ এইবোৰতো বুদ্ধি আৰু সাধাৰণ জ্ঞান প্রয়োজনীয়। বিউটি পার্লাৰ, বৈদ্যুতিক সামগ্রীর মেৰামতি বা বিক্ৰীৰ দোকান আদি খুলিবলৈ নিজ নিজ ক্ষেত্রত দক্ষতাৰ প্ৰয়োজন। তথ্যপ্রযুক্তিৰ উদ্যোগ আদিৰ বাবে নির্দিষ্ট বিষয়ত অভিযান্ত্রিক ডিগ্রী থাকিব লাগে। লগতে লাগে মেনেজমেন্টৰ ডিগ্রী। নার্চিংহোম খুলিবলৈ চিকিৎসা-বিজ্ঞানৰ ডিগ্রীর প্রয়োজন।
৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”-কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ: উদ্যোগী হ’বলৈ বিচৰাটো বা উদ্যোগী হোৱাটো সহজ হি কথা। কিন্তু উদ্যোগত সফলতা লাভ কৰাটো সহজ নহয়। স্থাপনৰ দিনাখনৰ পৰাই উদ্যোগে লাভৰ মুখ দেখা নাপায়। ইয়াত ঘাত-প্রতিঘাত, লোকচানৰ ভয় আদি থাকিবই। উদ্যোগৰ সফলতাৰ সোপান ঢাপে ঢাপে আগ বাঢ়ে। নিৱন্ধকাৰ দেৱজিৎ ভূঞাদেবে কোৱাৰ দৰে, “প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব।”
প্ৰাৰম্ভিক ব্যর্থতাবোৰত হতাশ নহৈ বাৰে বাৰে লাগি থাকিলেহে সফলতাৰ মুখ দেখা পায়। এই কথা প্রতিপন্ন কৰিবলৈ গৈ লিখকে টমাছ আলভা এডিছন, গ্রাহাম বেল, কার্লচন আদি বিজ্ঞানীৰ উদাহৰণ দাঙি ধৰিছে। বিল গেছৰ মতে সামগ্ৰীৰ তৈয়াৰ আৰু উৎপাদন কৰাটো সহজ; কিন্তু নতুন বস্তু এটাই বজাৰ দখল কৰাটো অত্যন্ত কঠিন কাম। বিক্রীব কৌশল (Marketing skill) উদ্যোগীৰ বাবে অতি গুৰুত্বপূর্ণ।
৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যবসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”-ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বর্ণনা কৰা।
উত্তৰ: আৰম্ভণিতে ধীৰুভাই আম্বানীৰ মূলধন আৰু শিক্ষাগত অৰ্হতা-দুয়োটাৰে অভাৱ অছিল। মেট্রিকতে শিক্ষা সামৰা 3 আম্বানীয়ে পেট্রোল ডিপোেত গাড়িত তেল ভৰোৱা কৰ্মচাৰী হিচাপে কাম কৰিছিল। পাছলৈ তেওঁ ডিপোৰ মেনেজাৰ হৈছিলগৈ। ইয়াতো মন নভৰাত তেওঁ ৰাইজৰ পৰা ধন লৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। এই ব্যৱসায়ৰ লভ্যাংশ তেওঁ অংশীদাৰীসকলৰ মাজতো বিতৰণ কৰে। তেওঁ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰা মোম্বাইৰ ৩৫০ বর্গফুটৰ কোঠাটোত আছিল এখন মেজ, তিনিখন চকী আৰু এটা টেলিফোন। ইয়াৰ পৰাই তেওঁ ৰিলায়েন্স কমাচিয়েল কর্পোৰেচন নামৰ প্রতিষ্ঠানটো সূচনা কৰে। ইয়েই কালক্ৰমত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ নামৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পর্যবসিত হয়।
লেখকৰ মতে এনে বিশাল সফলতা ধীরুভাই আম্বানীৰ প্ৰৱল আগ্ৰহৰ সুমিষ্ট ফল, ‘মন কৰিছে চন, বাকৰি মাটিতে ধন।’
৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
উত্তৰ: ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্রস্তুং কৰি ৰাখিবলৈ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়তে কর্তৃপক্ষর ফালৰ পৰা অনুপ্ৰেৰণামূলক আৰু প্ৰশিক্ষণৰ কাৰ্যব্যৱস্থা হাতত গুণ লোৱা উচিত।
বহুতো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এনে ব্যবস্থা আছে। মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ও সৰহভাগে নিজৰ নিজৰ উদ্যমিতা কোষৰ জৰিয়তে নিয়মিতভাবে কর্মশালা, প্রশিক্ষণ আদিৰ আয়োজন কৰে।
ছাত্র-ছাত্রীসকলে ভবিষতে কেৱল চৰকাৰী বা বেচৰকাৰী চাকৰিৰ আশা পালি বহি নাথাকি উদ্যোগী হ’বলৈ মন বান্ধি ল’লে নিজৰ লগতে আনকো সংস্থাপন প্রদান কৰিব পাৰিব। ইয়াৰ বাবে বিদ্যালয়, মহাবিদ্যালয়, সমাজ, অভিভাৱক আৰু শিক্ষার্থী সকলোৱে মানসিকভাবে প্রস্তুত হ’ব লাগিব।
প্রশ্ন ৮। চমুটোকা লিখা:
টমাছ আলভা এডিছন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, চেষ্টাৰ কাৰ্লচন, বিল গেছ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।
উত্তৰ: টমাছ আলভা এডিছন: এডিছনে ১৮৪৭ চনত আমেৰিকাত জন্মগ্রহণ কৰিছিল। উদ্ভাৱক তথা ব্যৱসায়ী এডিছনে বেদ্যুতিক বাল্ব উদ্ভাৱন কৰাৰ উপৰি পাৱাৰ জেনেবেটব, মাছ কমিউনিকেছন, ছাউণ্ড ৰেকর্ডিং আৰু গতিশীল চিত্ৰৰ বিকাশ ত ঘটাইছিল।
বৰাডাৰফৰ্ড: সম্পূর্ণ নাম ৰাডাৰফৰ্ড বি. হেইজ। তেওঁ আমেৰিকা ত যুক্তৰাষ্ট্ৰৰ ঊনবিংশ ৰাষ্টপতি হিচাপে ১৮৭৭ চনৰপৰা ১৮৮১ চনলৈ কার্যনির্বাহ কৰিছিল।
আলেকজেণ্ডাৰ গ্রাহাম বেল: গ্রাহাম বেলে স্কটলৈণ্ডত জন্ম গ্রহণ কৰিছিল। তেওঁ প্রায়োগিক টেলিফোনৰ আৱিষ্কর্তা। তেওঁ ১৮৮৫ চনত প্রতিষ্ঠিত আমেৰিকান টেলিফোন আৰু টেলিগ্রাফ কোম্পানীৰ সহ-প্রতিষ্ঠাপক আছিল।
চেষ্টাৰ কাৰ্লছন: চেষ্টাৰ ফ্লুইড কার্লছন এগৰাকী আমেৰিকান পদার্থবিদ আৰু উদ্ভাৱক আছিল। তেওঁ ইলেক্ট্র’ফটো গ্ৰাফীৰ উদ্ভাৱন করিছিল।
বিল গেছ: উইলিয়াম হেনৰি গেট্ III এগৰাকী আমেৰিকান উদ্যোগী, প্রণেতা আৰু উদ্ভাৱক। তেওঁ মাইক্ৰ’ছফ্টৰ সহ-প্রতিষ্ঠাতা।
উইলিয়াম শ্বেইক্সপীয়েৰ : শ্বেইক্সপীয়েৰ বিশ্ববিশ্রুত ইংৰাজ নাট্যকাৰ আৰু কবি। তেওঁক ইংলেণ্ডৰ ‘জাতীয় কবি’ বুলি আখ্যায়িত কৰা হয়। তেওঁ ৩৯খন নাটক, ১৫৪টা ছ’নেট আৰু তিনিটা দীঘল বর্ণনাত্মক কবিতা ৰচনা কৰিছিল।
জুবিন গাৰ্গ: জুবিন গাৰ্গ (জুবিন বৰঠাকুৰ) এগৰাকী জনপ্রিয় গায়ক, সংগীত পৰিচালক, গীতিকবি, অভিনেতা, চিত্র- নির্মাতা। তেওঁ ১৯৭২ চনত জন্মলাভ কৰিছিল।
অংগৰাগ পাপন মহন্ত: প্রসিদ্ধ কণ্ঠশিল্পী প্রয়াত খগেন মহন্ত আৰু কণ্ঠশিল্পী অর্চনা মহন্তৰ সুযোগ্য সন্তান অংগৰাগ পাপন মহন্ত। হিন্দী কথাছবি আৰু অসমীয়া লোকসংগীতভিত্তিক আধুনিক গীত শিল্পী অংগৰাগে প্ৰাগ চিনে এৱাৰ্ড, জি চিনে এবার্ড, ফিল্ম ফেয়ার এৱাৰ্ড, ২০১৬ বৰ্ষৰ GiMA এৱাৰ্ড, IIFA এবার্ড আদি সংগীতর অজস্র বঁটাৰে সন্মানিত হৈছে।
ভাষা-বিষয়ক:
৯। সমার্থক শব্দ লিখা:
প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লাগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
উত্তৰ:
|
প্ৰভাত |
পুৱা |
|---|---|
|
কঠিন |
টান |
|
এলেহুৱা |
সোৰোপা |
|
ডাঙৰ |
বৰ, বিশাল |
|
চেষ্টা |
প্রয়াস |
|
লাগৰীয়া |
বন্ধু, সমনীয়া |
|
লক্ষ্য |
উদ্দেশ্য |
|
নিৰৱচ্ছিন্ন |
নিৰন্তৰ |
|
হাবিয়াস |
হেঁপাহ |
|
সপোন |
স্বপ্ন, সমাজিক |
প্রশ্ন ১০। বিপৰীতার্থক শব্দ লিখা:
নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
উত্তর:-
|
নতুন |
পুৰণি |
|---|---|
|
ক্ষুদ্র |
বৃহৎ |
|
সফল |
বিফল |
|
কর্মহীন |
কৰ্মৰত |
|
এলেহুৱা |
উদ্যমী |
|
সহজ |
টান |
|
সপোন |
দিঠক |
|
সুবিধা |
অসুবিধা |
|
আৰম্ভ |
শেষ, অন্ত |
|
জন্ম |
মৃত্যু |
|
সমান |
অসমান |
১১। তুমি কথা-বতৰা পাতোঁতে সাৱধান হ’বা। মনে পঢ়া-শুনা কৰি আছে।
গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজা:
ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীবিকা, পা-পইচা।
উত্তৰ: ল’ৰা-ছোৱালী:- বিদ্যালয় খনত প্ৰায় সাতশ ল’ৰা-ছোৱালী আছে।
হাত-ভৰি : হাত-ভৰি ধুইহে আহাৰ গ্ৰহণ কৰিন লাগে।
খুৱাই-বুৱাই: কাউৰীজনীয়ে কুলি চৰাইৰ পোৱালি দুটাকে নিজৰ বুলি ভাবি
খুৱাই-বুৱাই ডাঙৰ কৰিলে।
জীবন-জীবিকা: লাউনৰ সময়ত বহুতলে জীৱন-জীৱকাৰ পথ ৰুদ্ধ হৈ গৈছিল।
পা-পইচা: হাতত বেছি পা-পইচা নথকাকৈয়ে তেও বাঁহ-বেতৰ উদ্যোগটো আৰম্ভ
কৰিছিল।
১২। ভাৱ সম্প্ৰসাৰণ কৰা:
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা, কাপুৰুষন সমান।
উত্তৰ: ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুক কাপুৰুষৰ সমান।’
-এই বাক্যসাৰিৰ অর্থ হ’ল উদ্যোগী হ’বলৈ সিংহৰ দৰে সাহসী হ’ব লাগিব। কেতিয়াবা হ’ব পৰা আর্থিক সংকটৰ বাবেও সাজ থাকিব লাগিব। উদ্যোগী আৰু কৰ্মহীনৰ মাজৰ ক্ষুদ্ৰ ব্যৱধানটো হ’ল এলাহ। এলাহ কৰিলে সিদ্ধি লাভ নহয়। ৰণক্ষেত্ৰৰপৰা পলায়ন কর কাপুৰুষ সৈনিকৰ দৰে এলেহুৱা মানুহে কামক ভয় কৰি পলায়।
খ) ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন।’
-এই আপ্তবাক্যফাঁকিৰ জৰিয়তে ইয়াকেই বুজোৱা হয় যে শিশুৰ আচাৰ-ব্যৱহাৰ, স্বভাব, উদ্যমিতা বা এলাহ দেখিয়েই তাৰ ভবিষ্যত সম্পৰ্কে ধাৰণা কৰি ল’ব পাৰি। মুলাটো মাটিৰ তলত লুকাই থাকে। একেদৰে মানুহৰ ভৱিষ্যতটোও লুকাই থাকে। মূলাটো ডাঙৰ হৈছে বা ভৱিষ্যতে ডাঙৰ হ’বনে, সেই বিষয়ে তাৰ পাতৰ স্বাস্থ্য দেখিহে অনুমান কৰি লোৱা হয়। যাৰ ভৱিষ্যত উজ্জ্বল, তাৰ বৰ্তমানৰ উদ্যমিতা, উৎসাহ, সৎ স্বভাৱ, সুস্বাস্থ্য আদি দেখিয়েই অনুমান কৰিব পাৰি।
(গ) ‘শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।’
-সুযোগৰ সদ্ব্যৱহাৰ কৰিব জানিলেহে সফল হ’ব পাৰি। এলেহুৱা বা কর্মবিমুখ মানুহে উন্নতি কৰিব নোৱাৰে। শুই থকা শিয়ালটোৰ দৰে মুখৰ আগেৰে পাৰ হৈ যোৱা হাঁহটো ধৰিব নোৱাৰাৰ উপমাটো কর্মবিমুখ মানুহৰ ক্ষেত্ৰতো খাটে!
১৩। লিংগ পৰিৱৰ্তন কৰা :
শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
উত্তৰ: শিক্ষক —– শিক্ষয়িত্ৰী
ছাৰ ——- বাইদেউ
ছাত্র —- ছাত্রী
পুৰুষ —- -নাৰী/স্ত্রী
বন্ধু —- – বান্ধৱী
No comments:
Post a Comment