জতুৱা ঠাঁচ আৰু খণ্ডবাক্য ৰচনা
অমাতৰ মাত (শুৱলা মাত): অমাতৰ মাত বুলিলে শিশুৰ মাতক বুজায়।
অলপ ধতুৱা (সামান্য সাহ): অলপ ধতুৱাই জীৱনত উন্নতি কৰিব নোৱাৰা।
অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট): কনকক এক নক’বা, সি আজৌ গছৰ বজৌ গুটি।
আহুকাণে-পহুকাণে (ইকাণে-সিকাণে): আহুকাণে-পহুকাণে শুনিলো যে তুমি বিয়া পাতিলা।
আঁঠুৱাৰ তলৰ মহ (অধীন লোক): নবী খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।
আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা): গুৰুজীক আলপৈচান ধৰিবি।
আপোন পেটা (স্বাৰ্থপৰ) (স্বাৰ্থপৰ): আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰ লাভ নহ’ব।
আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক): তপন এজন আঁকোৰ-গোজালি স্বভাৱৰ ল’ৰা।
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা): কমল আকাশত চাং পতা ল’ৰা।
আলাসৰ লাড়ু (অতি মৰমৰ): সন্তান-সন্ততি মা-দেউতাকৰ আলাসৰ লাড়ু।
আলৈ-আথানি (অৱহেলিত, নিৰাশ্ৰয়): দেউতাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।
আঁচলৰ ধন (অতি আদৰৰ): নমিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।
আলৈ-বিলৈ (দুখ-দুৰ্গতি): পিতৃহীন হোৱাৰ পৰা ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।
আঁঠু ল (সেৱা কৰ): বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।
আঁঠু কাঢ় (আঁঠুৰে বুল বা খোজ কাঢ়): শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।
আমা-ডিমা (নিচেই সৰু): আমা-ডিমা ল’ৰা কেইটাই তাতে বহি আছে।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): চাকৰিটো পাই তাই ঊনৈশত বা বলিবলৈ ল’লে।
উলহ-মালহ (অতিশয় আনন্দ): উৰুকাৰ দিনাই ল’ৰাকেইটাৰ উলহ-মালহ লাগিল।
এলা-পেচা (সামান্য): ৰাম এলা-পেচা লোক নহয়।
এলাই বাদু (অকাজী): এলাই বাদু ছোৱালীক কোনও ভাল নাপায়।
ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ): সি ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।
কাণ পাত (শুনিবলৈ সাজু হ): শিক্ষকে কি কৈছে, কাণ পাতি শুনা।
কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থ): নগেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।
কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ): লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।
কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ): তুমি কাণ সৰালি মাৰি নাথাকিবা।
কপাল মুকলি হ (ভাগ্য উদয় হ): চাকৰিটো পোৱাৰ লগে লগে মধুৰ কপাল মুকলি হ’ল।
কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা): কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে।
কাণ কৰ (মনোযোগ দে): গুৰুজীৰ কথালৈ কাণ কৰিবা।
কাণত ধৰি ক (শপত খাই ক): তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো আমি বিশ্বাস নকৰো।
কাণ সমনীয়া (ডেকা): কাণ সমনীয়া হৈয়ো অকনে নিজৰ দায়িত্ব নুবুজে !
কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত আমি বিশ্বাস নকৰো।
কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা): কাঠ-বাঁজীজনী এইবাৰ বছৰ বয়সত ঢুকাল।
কণাৰ লাখুটি (একমাত্ৰ সহায়): একমাত্র নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।
কথা চহকী (বেছিকৈ কথা কোৱা লোক): ৰজনী এজন কথা চহকী লোক।
বুকু ডাঠ (সাহসিয়াল): আমাৰ বুকু ডাঠ ল’ৰাবোৰৰহে প্ৰয়োজন।
কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া): আমি নগেনৰ কাঠ সংস্কাৰ কৰিলো।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা): খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।
গা টঙা (নৰিয়াৰ পৰা উঠা): গাৰ্গীয়ে বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।
গা চাই ফুৰ (সাৱধান হৈ ফুৰ): আচহুৱা ঠাইত গা চাই ফুৰিবি।
গাই বাই চা (যত্ন কৰি চা): কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।
ঘৰ পাত (বিয়া কৰ): সি যোৱা মাহত ঘৰ পাতিলে।
ঘৰ গোনা (সদায় ঘৰতে বহি থকা): ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।
চকু মুদ (মৃত্যু হোৱা): ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।
চকুৰ কুটা (অপ্ৰিয় শত্ৰু): ৰাকেশ সকলোৰে চকুৰ কুটা।
চকুত ধূলি মাৰ (অপ্ৰিয় শত্ৰু): ৰাকেশ সকলোৰে চকুৰ কুটা।
চকুত ধূলি মাৰ (ফাঁকি দিয়া): অকনে চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকক কোনেও ভাল নাপায়।
চকু মুদা কুলি (প্ৰৱঞ্চক): আদিত্য এজন তেওঁ চকু মুদা কুলিহে।
চকুৰ মণি (অতি আদৰৰ): বৰুৱা সকলোৰে চকুৰ মণি।
চকুত লগা (ধুনীয়া, মৰম লগা): কি যে চকুত লগা বাৰীখন বনালা!
মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ): আমি কেতিয়াৱাই ককাৰ মুখৰ ছাই গুচাই উঠিলো।
মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক): ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): সিদ্ধাৰ্থই হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গৈছিল।
হাত দীঘল (ক্ষমতাশালী): ইন্দিৰা গান্ধী এজনী হাত দীঘল নেতা আছিল।
হাত লৰ (চোৰ স্বভাৱৰ): তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।
হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক): হাত সাবটি বহি নাথাকিবা।
হাত টান (কৃপণ): দীপাৰ এজনী হাত টান ছোৱালী।
পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ): তেওঁক প্ৰশ্ন কৰি লাভ নহ’ব সি পেট ভাটৌহে।
পেটে ভাতে খা (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা): আমি কোনো মতে পেটে ভাতে খাই আছো।
পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা): সিংহটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।
ভাতৰ ভতুৱা (অকামিলা): ৰমেনৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।
মাটিৰ মানুহ (অতি সহজ সৰল লোক): কৰিম এজন মাটিৰ মানুহ।
হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা): ককাৰ হাড়ত বন গজিল।
হাড়ক মাটি কৰ (কঠোৰ পৰিশ্ৰম কৰ): কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।
হাড় পেলা (মৃত্যু হ): ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।
হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল): এই হাড়ে ছালে লগা ল’ৰাটোৰ যত্ন ল’বা।
ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক): ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰিব লাগিব।
গাখীৰতে ম’ৰ খুটি (মহা সুখ): সি চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।
গোট গৰু (মূৰ্খ): তাইক বুজাই লাভ নাই, সি গোট গৰু।
চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা): দেউতাক মৰাৰ পিছত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।
চুক ভেকুলী (একো নজনা): হিৰেনএজন চুক ভেকুলী।
ডাল দৰিদ্ৰ (অতি দুখীয়া): ডাল দৰিদ্ৰক সহায় কৰিব লাগে।
ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ): ভূপেন এজন ডলাৰ বগৰীহে।
ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই): বা বহু ব্যস্ততাৰ মাজত ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।
থৈয়া-নথৈয়া (ভয়ানক): পানীপথ নাম ঠাইত ইব্রাহিম লোডী আৰু বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।
দোপত দোপে (ক্ৰমে ক্ৰমে): সি ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।
দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা): দেউতাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।
চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ): চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা দেই।
চিলিম ছিগ (উপায় নাইকীয়া হ): চাকৰিটো হেৰালত ডেভিডৰ চিলিম ছিগিল।
টুপাই বুৰ মাৰ (সমূলি মিছা মাত): খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।
ধোঁৱা-খুলীয়া (অতিপাত খৰচী): ললিতা এজনী ধোঁৱা-খুলীয়া ছোৱালী।
ধোদৰ পচলা (অকামিলা): ধোদৰ পচলাই জীৱনত উন্নতি কৰিব নোৱাৰে।
নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা): ৰাকেশ নপতা ফুকন হৈ বহি আছে।
নিমাও মাও (মাত বোল নোহোৱা): নিমাও মাও হৈ বহি আছা কিয়?
নলে-গলে লগা (অতি ঘনিষ্ট, পৰম): ৰাম আৰু ৰহিম নলে-গলে লগা বন্ধু।
নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল): কৰিমে নলঙা জেঙাত লাগি বহুত অসুবিধাৰ সন্মুখীন হ’ল।
মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা): চাকৰিটো হেৰালত তাইৰ মূৰত সৰগ ভাগি পৰিল।
সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা): এইবাৰ দালালৰ সান্দহ খোৱা বালি তল পৰিল।
ফুটুকাৰ ফেন (অস্থায়ী, অথলে যোৱা): তেওঁৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।
বিধি পথালি দিয়া (বাধা দিয়া): কামত বিধি পথালি নিদিবা।
বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ): মাকৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।
বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ): আমি বগলী ভকতৰ পৰা সাৱধানে থাকিব লাগে।
বাপতি সাহোন (পৈত্ৰিক সম্পতি): বিহু উৎসৱটি অসমীয়াৰ বাপতি সাহোন।
মৰণত শৰণ দি (প্ৰাণ পণে): ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল যদিও পৰাজিত হয়।
হৰিভৰ দিয়া (সন্মতি দিয়া): তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো।
পানীৰ মিঠৈ (কাল্পনিক কথা): তাইৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।
পাবত গজা (মূল নোহোৱা): সমাজত পাবত গজা নেতাৰ অভাৱ নাই।
পোতক তোল (প্ৰতিশোধ লোৱা): এইবাৰ ৰাকেশে তোমাৰ অসভ্যালিৰ পোতক তুলিব।
নৱম আৰু দশম শ্ৰেণীৰ বাবে জতুৱা ঠাঁচ আৰু খণ্ডবাক্য
কাণ-সমনীয়া (সমান): ৰাম ৰহিমৰ কাণ-সমনীয়া বন্ধু।
কাণ-কৰ (মনোযোগ দিয়া): ছাত্র-ছাত্রীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে।
পেট-পা (মনৰ কথাৰ বুজ পোৱা): আজিৰ যুগত এজন লোকে আন এজন লোকৰ পেট পোৱা জটিল।
পেট ভাটো (গোপন কথা প্রকাশ কৰা লোক): পেট ভাটো, লোকক সকলো কথা ক’লে বিপদত পৰাৰ সম্ভাৱনাই অধিক।
ন-দি-ক (ডাঠি কোৱা): ক্রিকেট খেলত শচীন তেণ্ডুলকাৰে শতৰাণ কৰিবই বুলি ন- দি-ক’ব নোৱাৰি।
অথাই-সাগৰ (মহা বিপদ): বানপানীয়ে অসমৰ খেতিপথাৰ বিধ্বস্ত কৰি অসমীয়া ৰাইজক অথাই সাগৰত পেলালে।
বিনা মেঘে বজ্রপাত (আকস্মিক বিপদ): কৈকেয়ীৰ বৰ দুটাৰ কথা শুনি ৰজা দশৰথৰ ওপৰত বিনা মেঘে বজ্রপাতহে পৰিল।
কঁকালত টঙালি মাৰ (মনোবল বান্ধ): লাচিতৰ সৈন্যসকলে কঁকালত টঙালি মাৰি মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল।
কঁকাল পৰ (দুৰ্বল হ): দেউতাকৰ মৃত্যুৰ পাছত ৰামচন্দ্ৰৰ কঁকাল পৰিল।
কঁকাল হাল (বুঢ়া হোৱা): কঁকাল হালিলে মানুহৰ কাৰ্যক্ষমতা নাইকিয়া। সকলোৰে অবহেলাৰ পাত্ৰ হয়। হয় আক
মূৰ দোঁৱা (শ্রদ্ধা কৰা): আমি প্রত্যেকেই জ্ঞানীজনৰ ওচৰত, জ্যেষ্ঠজনৰ ওচৰত মূৰ দোঁৱাব লাগে।
মুখ ফুলা (অভিমান কৰা): ল’ৰা-ছোৱালীয়ে সাধাৰণ কথাতে মাক-বাপেকৰ আগত মুখ ফুলায়।
মাটিৰ মানুহ (সহজ-সৰল লোক): মহাত্মা গান্ধী মাটিৰ মানুহ আছিল।
চকুত লগা (ধুনীয়া): আজিকালি প্রত্যেকেই চকুত লগাকৈ এটা ঘৰ সজাৰ কথা চিন্ত কৰে।
খাই পাত ফলা (অশলাগীলোক): খাই পাত ফলা লোকৰ আদৰ নাই।
তলা-নলা (আঁত-গুৰি নোহোৱা): ঘটনাৰ তলা-নলা নোপোৱাকৈ মাত মাতিব নাপায়।
চকু উঠা (ঈর্ষান্বিত হোৱা): আজিকালি এজনে উন্নতি কৰা দেখিলে আন মানুহৰ প্ৰায়ে চকু উঠে।
মন পা (মনৰ কথা বুজা): মানুহৰ মন পাবলৈ কঠিন।
চকু ফুৰাই চা (ওপৰে ওপৰে চা): কিতাপত চকু ফুৰাইচোৱাতকৈ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে।
মাটি কৰ (কষ্ট কৰ): খেতিয়কে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰিছিল, কিন্তু বানে খেতি পথাৰ নষ্ট কৰি খেতিয়কৰ শ্রম মাটি কৰি দিলে।
হাত পাত (সহায় বিচৰা): আনৰ ওচৰত হাত পতাতকৈ নিজে কষ্ট কৰি উপাৰ্জন কৰা বস্তুৰ আমেজ বেলেগ।
মন মাৰ (নিঝৎসাহ): পৰীক্ষাৰ ফলাফলে সীতাৰ মন মাৰি পেলালে।
চিলিম চিগা (আশা ভংগ হোৱা): দেউতাকৰ মৃত্যুৱে ৰহিমৰ চিলিম চিঙিলে।
জাকত জিলিকা (অতি ধুনীয়া): তাজমহল এটি জাকত-জিলিকা স্মৃতিস্তম্ভ।
যক্ষৰ ধন (কৃপনৰ ধন): যক্ষৰ ধন থাকিলেও তাৰ পৰা ৰাইজৰ/সমাজৰ একো উপকাৰ নহয়।
যাচি কিল খোৱা (নিজে নিজৰ বিপদ চপাই লোৱা)ঃ জনা বুজা মানুহে যাচি কিল খাব নিবিচাৰে।
পাবত গজা (অস্বাভাবিক): পাৰত গজা নেতাসকলৰ পৰা সমাজৰ একো উন্নতি নহয়।
চকু মেলি চা (সহানুভূতি দেখুওৱা): দুখীয়া, দুর্দশাগ্রস্ত লোকক চকু মেলি চাৰ লাগে।
পানীত হাঁহ নচৰা (অতি শোচনীয়া অৱস্থা): বান বিধ্বস্ত খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়।
বিধি পথালি (অন্তৰায় বাধা): কোনো ব্যক্তিৰ কৰ্মপথত বিধি পথালি দিয়া উচিত নহয়।
জয়ঢোল কোবোৱা (নিজৰ গুণ নিজে বখনা): জ্ঞানী লোকে কেতিয়াও জয়ঢোল কোবাই নুফুৰে।
সময়ৰ শৰ (সুযোগৰ সদ্ব্যৱহাৰ): সময়ৰ শৰ সময়ত মাৰিলেহে আশা কৰা ফল লাভ কৰিব পাৰি।
হুৱা-দুৱা (হৈ-চৈ, হাহাকাৰ): বোমাতংকত হুৱা-দুৱা লাগিল সভাত উপস্থিত লোকৰ মাজত।
উপজি পুৱা (নিচেই পুরা): ছাত্র-ছাত্রীয়ে উপজি পুৱাতে উঠি অধ্যয়ন কৰিব লাগে।
কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা): লটাৰীত এক কোটি টকা পোৱাত ৰহিমৰ কপাল ফুলিল।
কপাল ফুটা (দুর্ভাগ্যই দেখা দিয়া): হৰিৰ দেউতাক শয্যাশায়ী হোৱাৰ পৰা হৰিৰ কপাল ফুটিল।
চুকৰ ভেকুলী (একো নজনা লোক): আজিৰ বিশ্বত চুকৰ ভেকুলী হৈ থাকিলে সকলোৱে ঠগাই খাব।
মুখলৈ চা (আশা কৰ): আনৰ মুখলৈ চাই থাকিলে এতিয়া কাৰো পেট নভৰে।
কণাৰ লাখুটি (অসহায়ৰ সহায়): ল’ৰা-ছোৱালীহালেই বৃদ্ধ মাক-বাপেকৰ বাবে কণাৰ লাখুটি স্বৰূপ।
হাত টান (কৃপণ): হাত টান ব্যক্তিয়ে উপাৰ্জন কৰাৰ যি কষ্ট তাকহে জানে, উপভোগ কৰিব নাজানে।
চকুৰ মণি (অতি আদৰৰ): মাক-বাপেকৰ বাবে তেওঁলোকৰ সন্তান সদায়ে চকুৰ মণি।
পানীৰ তলৰ কাঁইট (অজাত শত্রু): আমি সজাগ হৈ নাথাকিলে পানীৰ তলৰ কাঁইটে যিকোনো সময়তে বিপদ ঘটাব পাৰে।
আটোম-টোকাৰি (পৰিপাটী): আমি প্রত্যেকেই নিজৰ ঘৰখন আটোম-টোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে।
চকুৰ পচাৰতে (হঠাতে): বাছখন চকুৰ পচাৰতে বাগৰি পৰিল; ঘটনাৰ একো উৱা- দিহেই নাপালোঁ।
গা-বাই চা (চেষ্টা কৰি চা): ইমানকৈ গা বাই চোৱাৰ পাছতো ভাল ফল পোৱা
নগ’ল। উনৈশ-বিশ (ইফাল-সিফাল): তুমি ঘৰৰ বস্তুবোৰ উনৈশ-বিশ নকৰিবা।
সাতাম পুৰুষীয়া (চিৰকলীয়া): সাতাম পুৰুষীয়া ৰীতি-নীতি এক মুহূৰ্ততে এৰি দিয়াটো
অকাল বতাহলৈ আঁঠা মেলা – অসময়ত কোনো কাম কৰিবলৈ চেষ্টা কৰা।
অকলে ঢোল পেটা – একেলগৰ কামৰ কৃতিত্ব নিজৰমুখে লোৱা।
অন্ধক মাটিৰ সৰু ডুলি – দৰিদ্ৰই নিস্ফল দান কৰা।
অঙুলিৰ টিপত নাচোৱাকৈ মণিমুক্তা নাহে – পৰিশ্ৰম নকৰাকৈ সফলতা নাহে।
অগ্নিপৰীক্ষা দিব – কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব।
অজানক বাওঁ নলগা – অচিন লোকক অশ্ৰদ্ধা নকৰা।
অতি জানে ডাঙৰী ঘাট মেলে – অধিক জানি উপহাসৰ পাত্ৰ হ’ব।
অন্ধকাৰ ভেদ কৰা – বুজা কঠিন।
অকালৰ মৃত্যু – অকালতে মৃত্যু।
অন্ধৰ আগত চাকি জ্বলোৱা – বেকাৰ কাম কৰা।
কাণে ধৰা – শাস্তি পোৱা।
কাষ লৈ চোৱা – অতি গভীৰভাবে পৰীক্ষা কৰা।
কাণে সানি চোৱা – পৰীক্ষা কৰা।
কঠিন সময়ৰ সন্মুখীন – দুৰ্ভাগ্যৰ সময়ত পৰা।
কৃষ্ণ পক্ষৰ ৰাতি – অতি অন্ধকাৰ।
ক’তবাইৰ দুৱাৰ – অসম্ভৱৰ প্ৰয়াস।
কেনেকৈ যাবা জানিব পৰা নাই – বিপদত পৰি কি কৰিব নজনাৰ অৱস্থা।
কাৰো দোষ নাই – কোনো দোষ নাই।
কালক টানি লোৱা – সময় নষ্ট কৰা।
কঠিন সিদ্ধান্ত লোৱা – কঠিন পৰিস্থিতিত সিদ্ধান্ত লোৱা।
খোজ মিলাই চলা – একেলগে আগবঢ়া।
খৰাহী হোৱা – পৰিশ্ৰান্ত হোৱা।
খৰখেদা মাৰি উঠা – একেৰাহে শ্ৰেষ্ঠ হ’ব।
খাম খোৱা – কষ্ট কৰা।
খালকে গ’ল নাপাৰিলে, মলম চোপা – ব্যৰ্থতা।
খুউব দুখ পোৱা – অতি দুখিত হোৱা।
খোল ছেটীয়া হওঁক – দৰকাৰ নহ’ল।
খাওঁ, নহ’লে চিঞৰ – ইচ্ছাৰ প্ৰতিফলন।
খোজ ৰখা – আগবঢ়া।
খাৰখুটি ধৰিলে নাই – কোনো শিকাৰ নাই।
গধুৰ পদক্ষেপ – বিপদৰ বেগ।
গাঁওৰ পথাৰ ফালি উলাইছে – মহা কৃতিত্ব।
গছৰ ছাঁত উঠিব – আশ্ৰয় বিচাৰি ফুৰা।
গছৰ ডাল ভাঙিব – বিপদৰ সূচনা।
গঙ্গাজললৈ জাবনা মেলা – অৱহেলা কৰা।
গভীৰ সাগৰ – বিপদৰ ঘাঁটি।
গাখীৰ চিজিল – কষ্টৰ ফল।
গপল চুৰি কৰা – ঠগোৱা।
গভীৰ চিন্তা কৰা – গভীৰ চিন্তাৰ মাজত থাকিব।
গীতৰ ছন্দত বাচি থাকা – সুখেৰে জীয়াই থাকিব।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2018
২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ। [HSLC’18]
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
আলাসৰ লাডু (অতি মৰমৰ): আইতাকৰ বাবে নাতিনী আলাসৰ লাডু।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যে হমেই ন দি কব পাৰোঁ।
ভিৰাই লৰ মাৰ (পেলোৱা): সচাঁ কথা কোৱাৰ লগে লগে সি ভিৰাই লৰ মাৰিলে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2017
২০। উলহ মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা। [HSLC’17]
উলহ মালহ (আনন্দ উৎসৱ সহ): ভাৰতীয় ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা গৈছে।
আঁচলৰ ধন (অতি মৰমৰ): একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ আঁচলৰ ধন আছিল।
ৰমক-জমক (বৰ্ণাঢ্য): সৰ্বশেষত এখনি ৰমক জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।
এৰা ধৰা (ভালকৈ মনপুতি নলগা): এৰা ধৰা মনোভাৱৰে কোনো কামতেই সফল হ’ব নোৱাৰি।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2016
১৯। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা-নলা। [HSLC’16]
ৰমক-জমক (জিলমিলাই থকা): সৰু সৰুল’ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।
উলহ মালহ (আনন্দ উৎসৱ সহ): ঘৰৰ একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।
ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা): ডলাৰ বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি।
তলা-নলা (আঁতি গুৰি): তলা-নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2015
১৮। উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি। [HSLC’15]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজনকৰোঁতে হোৱা আলোচনা): ইমান উখল মাখল হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।
আঁচলৰ ধন (অতি মৰমৰ): মোৰ জীয়েকজনী মোৰ বাবে আঁচলৰ ধন।
উৰহীৰ ওৰ ( আচল কথা): উৰহীৰ ওৰ ওলাই পৰাত ঘটনাটো সকলোৱে বুজি পালে।
জয়দেউ কাকূতি (অতি অনুনয়-বিনয়): মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2014
১৭। উখল মাখল, জাকত জিলিকা, আশা ভৰসা, মন বান্ধ খা। [HSLC’14]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): উখল-মাখল পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।
জাকত জিলিকা (অতি সুন্দৰ): ছোৱালীজনী দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।
আশা ভৰসা (আশ্ৰয়): বিপদৰ সময়ত ঈশ্বৰেই একমাত্ৰ আশা-ভৰসা।
মন বান্ধ খা (মন দমা): মন বান্ধ খালেহে কামত সফলতা লাভ কৰিব পাৰি।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2013
১৬। ধোদৰ পচলা, হাত লৰ, চকু চৰহা, কাণে কাণ মাৰি। [HSLC’13]
ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।
হাত লৰ (চোৰ স্বভাৱ): হাত লৰ স্বভাৱৰ মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে বিপদ।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।
কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই আছে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2012
১৫। জাকত জিলিকা, ডলাৰ বগৰী, বগলী ভকত, গাই বাই চা। [HSLC’12]
জাকত জিলিকা ( বিখ্যাত, নামজলা): মহাত্মা গান্ধী এগৰাকী জাকত জিলিকা নেতা।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): ডলাৰ বগৰীৰ দৰে হ’লে একো কামত নাহে।
বগলী ভকত (মিছলীয়া সাধু): সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2011
১৪। উখল মাখল, কুন্দত কটা। [HSLC’11]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): বিয়া পাতিবলৈ লোৱাত ঘৰখনত উখল মাখল লাগি পৰিছে।
কুন্দত কটা (ধুনীয়া, নিপোটল): ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2010
১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট। [HSLC’10]
আকাশ কুসুম (মনৰ মিছা কল্পনা): আকাশকুসুমত সময় কটায় কোনো লাভ নাই।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): আমি সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ বুদ্ধিমান হ’ব লাগে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2009
১২। বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী। [HSLC’09]
বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা): আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই সি আমন-জিমনকৈ বহি আছে।
উলহ মালহ (আনন্দ উৎসৱ সহ): বহু দিনৰ মূৰত ল’ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): সৰু সৰু ল’ৰা-ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2008
১১। পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল। [HSLC’08]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটে ক’ত কি বিপদ ঘটায় ক’ব নোৱাৰি।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2007
১০। পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা। [HSLC’07]
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।
নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা): তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
চকু দিয়া (নজৰ ৰখা): ল’ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): দুই নাও দুই ভৰি হোৱাতকৈ শান্ত হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2006
৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা। [HSLC’06]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
টুপাই বুৰ মাৰ (আসৈ মাত): অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2005
৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান। [HSLC’05]
উভৈনদী (অপৰ্যাপ্ত, উপচি): ভাগ্য ভাল হ’লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।
কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয় বিদাৰক): গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।
হাত টান (কৃপণ): হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2004
৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা। [HSLC’04]
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।
মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ, শ্ৰীহীন হ): মুখ লগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ’ল।
হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ নোহোৱাকৈ): সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ’ল।
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): আজিকালি আনকি দুখীয়া লোকৰো পেটে ভাতে খাই চলাই টান হৈ পৰিছে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2003
৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা।[HSLC’03]
অজীন পাতকী (দুষ্ট): অজীন পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ): হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ’ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।
পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001
৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ।[HSLC’02]
কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ’লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
কপাল ফুল (সৌভাগ্য উদয় হ): চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।
বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমজনৰ প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।
গা গধুৰ (লেধা, কামধীৰ): গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001
৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HSLC’01]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়।
ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ’ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2000
৩। লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া। [HSLC’2000]
লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
চকু গজা (বুজন হ, জনা হ) : কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।
থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে কাম কৰিবলগীয়া হ’লেই থেৰোগেৰোঁ কৰে।
চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিয়া উচিত।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1999
২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HSLC’99]
দলনিত পোনা মেলা ( আলাই-আথানি কৰ): বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।
ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা): বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1998
১। বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল। [HSLC ’98]
বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমৰ লগতে সকলোকে মৰম – চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): জীৱ – জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা): পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।
No comments:
Post a Comment