Redirect Image

js

Tuesday, March 15, 2022

9 মোৰ দেশ

 



ভাব- বিষয়কঃ

প্ৰশ্ন নং ১।

ক) হীৰেণ ভট্টাচাৰ্যৰ কত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল।

খ) হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হল - চিত্ৰবন আৰু মনন।

গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।


প্ৰশ্ন নং ২। `মোৰ দেশ' কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- `মোৰ দেশ' কবিতাটোৰ মূলভাৱঃ

'মোৰ দেশ' কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য।
     সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ' নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।


প্ৰশ্ন নং ৩। বাখ্যা কৰা :

ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
      সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰঃ
          `অনৈক্যৰ মাজত...........
               ........... হৈ মই আছোঁ।'
--- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত `মোৰ দেশ' কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
        কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।
        আমাৰ দেশ ভাৰতবৰ্ষখন  বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সবকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।


খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰ:-
            `মোৰ জীৱনৰ............
              ................... কলৰোল।'
-উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা `মোৰ দেশ'  ৰ পৰা তুলি দিয়া হৈছে।
      কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।



প্ৰশ্ন নং ৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ- `মোৰ দেশ' কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য।
        কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।



প্ৰশ্ন নং ৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।


প্ৰশ্ন নং ৬। শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে দিছে - ভৰাঁলৰ এমুঠি ধান, পৰানৰ একোটি গান।


ভাষা- বিষয়কঃ

৭) সমাৰ্থক শব্দ লিখাঃ
দেশ - ৰাষ্ট্ৰ
কাম - কৰ্ম
কলৰোল - কলৰৱ
সাগৰ - সমূদ্ৰ
সপোণ - স্বপ্ন
বন্ধু - মিত্ৰ
শেষ - সমাপ্ত
সম্ভাৰ - সামগ্ৰী
শইচ - শস্য
বুকু - হৃদয়
তৰংগ - ঢৌ
কল্লোল - কলৰৱ


৮। বিপৰীতাৰ্থক শব্দ লিখা:
সপোন - দিঠক
দেশ - বিদেশ
জীৱন - মৰণ
পাহাৰ- ভৈয়াম
ঐক্য - অনৈক্য
সংহতি - বিৰোধ
শয়ন - জাগৰণ
বিশ্বাস - অবিশ্বাস
শত্ৰু - মিত্ৰ।

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...