ভাব বিষয়ক প্ৰশ্নঃ
১) চমু উত্তৰ দিয়াঃ
ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিৱলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বন জনাইছে।
খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল।
গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।
ঘ) 'মুমূৰ্ষ মানবক জীবনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ' - ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত 'বিদ্যুৎ' শব্দই পুনৰ সঞ্জীৱিত বুজাইছে।
ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।
২) বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।
৩) কবিয়ে 'সচাঁ উদাৰতা' কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ 'সচাঁ উদাৰতা' কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা বুজাব খুজিছে।
৪) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰঃ কবিয়ে বজ্ৰৰ কন্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে।
৫) কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।
৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বানী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।
৪) ব্যাখ্যা কৰা :
ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
উত্তৰঃ “বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।”
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বানী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে।
কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানবতাৰ জয় গান গাব পাৰে।
খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।
উত্তৰঃ "সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।"
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।
কবিয়ে প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।
--------------------------------------
গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।
উত্তৰঃ "মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।"
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান বোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।
কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।
ঘ) মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উত্তৰঃ “মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।”
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত `প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত মানবতাৰ সুৰ পৰিলক্ষিত হৈছে।
ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ
বিশালতাই যেন কবিক সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। মুমূৰ্ষু মানবক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।
ভাষা বিষয়কঃ
৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
ধুমুহা - বৰদৈচিলা
বুকু - হৃদয়
কাম্য - বিচাৰো
সংকীৰ্ণতা - ঠেক
বিশাল-বহল
দানব - দৈত্য
প্ৰণিপাত - প্ৰণাম
সিক্ত - তিতা, ভিজা
৬) তলত দিয়া শব্দকেইটাত কি কাৰণে 'ণ' হৈছে লিখাঃ
কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।
প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
সংকীৰ্ণতাঃ
প্ৰণিপাতঃ
৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ' ষ' হৈছে লিখা।
মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়।
দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্ধন্য ষ হয়।
৮) সন্ধি ভাঙাঃ
দিগন্ত = দিক্ +অন্ত
সৰ্বাকাশ= সৰ্ব+ আকাশ
সংকীৰ্ণ= সম্ + কীৰ্ণ
js
Tuesday, March 15, 2022
9 প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Subscribe to:
Post Comments (Atom)
Gauhati High Court: Library Assistant for the Judicial Academy, February, 2026, (Assam)
GAUHATI HIGH COURT AT GUWAHATI The Gauhati High Cour (THE HIGH COURT OF ASSAM, NAGALAND, MIZORAM AND ARUNACHAL PRADESH) WRITTEN EXAMINATI...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment