১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি ?
উত্তৰঃ গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ হ'ল আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা, আৰু মেগাম ।
২। গাৰো বসতিপ্ৰধান অঞ্চলবোৰ কি কি ?
উত্তৰঃ গাৰো বসতিপ্ৰধান অঞ্চলবোৰ হ'লঃ তিব্বত,কোচবিহাৰ, ধুবুৰী,হাব্ৰঘাট ।
৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় ?
উত্তৰঃ গাৰোসকলৰ পূজা কৰা লোকক সংসাৰেক বুলি কোৱা হয় ।
৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল ?
উত্তৰঃ গাৰোসকল আদিতে দেৱ-দেৱী আছিলঃ চালজং, গৱেৰা, খালখামে, আসিমা, ডিমসিমা, সুসিমে আদি । কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ'বলৈ ধৰে ।
৫। গাৰোসকল প্ৰধান বাদ্য-যন্ত্ৰসমূহ কি কি ?
উত্তৰঃ গাৰোসকল প্ৰধান বাদ্য-যন্ত্ৰসমূহ হ'লঃ ঢামা খ্ৰাম (ঢোল), গগনা, বাংসী-বাঁহী আদি ।
৬। চমুটোকা লিখাঃ
(ক) ৰামখে ওৱাথ্ৰে মোমিন
(খ) ৰেভা. গিলবাৰ্থ কে মাৰাক
(গ) সোনৰাম ৰমৰকগ্ৰে সাংমা
(ঘ) হাৱাৰ্ড ডেনচিন মোমিন ।
উত্তৰঃ (ক) ৰামখে ওৱাথ্ৰে মোমিনঃ ১৮৩৪ চনত মাটছকৰ গ্ৰে নামৰ সৰু ঠাইত ৰামখে ওৱাথ্ৰে মোমিনৰ জন্ম হৈছিল । ৰামখে ওৱাথ্ৰে মোমিনে ১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শুক্লেশৰ ঘাটত খ্ৰীষ্টান ধৰ্মৰৱ বাপ্তিষ্ট লৈছিল । ৰামখে দামৰাত এখন স্কুল স্থাপন কৰিছিল তাতে তেওঁ অধ্যক্ষ হিচাপে কাম কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে শিমলা গাৰো বসতি গাঁৱত চল্লিশজনীয়া সদস্যৰ সহায়ত খ্ৰীষ্টান ধৰ্মৰ ঘৰ গীৰ্জা ঘৰ স্থাপন কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে বহুতো মিচন স্কুল প্ৰতিষ্ঠা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিন আছিল এগৰাকী শিক্ষাবিদ, লেখক, গীকিকাৰ আছিল । তেওঁ আছিল গাৰোসমাজৰ পদ-প্ৰদৰ্শক । ৰামখে ওৱাথ্ৰে মোমিনে হাতে লিখা কলা আৰু সংস্কৃতি বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্ৰকাশ কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে ৪৫০০০ শব্দৰে বঙালী-গাৰো অভিধান ৰচনা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে লিখা কবিতাসমূহ হ'ল- বিচিক খ্ৰিতা, চিমানো আটছিয়ানি, নিকগ্ৰিকানি, আ. আকো দাকানি, 'ড' অৰা, । ৰামখে ওৱাথ্ৰে মোমিনে ২১ টা গীত ৰতনা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে লিখা গূত বোৰ বৰ্তমান তেওঁলোকে গীৰ্জাত উপসনাৰ সময়ত ব্যৱহাৰ কৰে । ৰামখে ওৱাথ্ৰে মোমিনে লিখা গীতবোৰক 'আছিকনি ৰিঙানিৰাং বুলি নামাকৰণ কৰিছিল গাৰোসকলে । ৰামখে ওৱাথ্ৰে মোমিনক মিছনাৰীয়ে সকলে 'Father of Modern Hari Community's বুলি আখ্যা দিছিল ।
(খ) ৰেভা. গিলবাৰ্থ কে মাৰাকঃ ১৯২৫ চনত কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম হৈছিল ৰেভা. গিলবাৰ্থ কে মাৰাক । ৰেভা. গিলবাৰ্থ কে মাৰাক আছিল ৰেভা. ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুতেক আছিল । ১৯৩৩ চনত প্ৰাথমিক শিক্ষা সাং কৰিছিল । ১৯৪১ চনত উচ্চ মাধ্যমিক প্ৰৰিক্ষা,উত্তীৰ্ণ হয় । তাৰপাছত চেৰাপুঞ্জি থিয়লজিকেল কলেজৰ পৰা ১৯৪৯ চনত এল.টি.এইচ পাছ কৰে । ১৯৬০ চনত থিওলজিকেল কলেজৰ পৰা 'ডিগ্ৰী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন' লাভ কৰিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে কামৰূপ জিলাৰ গোহালকেনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা হিচাপে যোগদান কৰিছিল । তাৰপাছত যোৰহাটত চেমিনাৰিৰ অধ্যক্ষ ডক্তৰ ডুফিচাই তেওঁক চিৰস্তাদাৰ পদত নিযুক্তি দিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে চুইজাৰলেণ্ডৰ জেনেভাৰ ৱৰ্ল্ড কাউন্সিল হিচাপে ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ এজন পৰামৰ্শদাতা পদত নিযুক্ত হৈছিল । ৰেভা. গিলবাৰ্থ কে মাৰাক খ্ৰীষ্টিয়ান সকলে তেওঁক 'ৰেভাৰেণ্ড' উপাধি দিছিল । সেই উপাধি পাই তেওঁ ৰেভা. গিলবাৰ্থ কে মাৰাক বুলি পৰিচিত হ'ল । ৰেভা. গিলবাৰ্থ কে মাৰাকে ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে বহুতো কবিতা লিখিছিল তাৰভিতৰত 'আং গিসিক খু আনিং বিদল-১ আৰু বিদল- ২' । ৰেভা. গিলবাৰ্থ কে মাৰাকে লিখা প্ৰবন্ধসমূহ হ'ল 'গাৰোহিলচ দ্যা আদাৰ ডেৰ্জাৰ্ট' । ২০০৭ চনত ৰেভা. গিলবাৰ্থ কে মাৰাকে ইহলীলা সম্বৰণ কৰে ।
(গ) সোনাৰাম ৰংৰকগ্ৰে সাংমাঃ ১৮৬৭ চনত গোৱালপাৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক নামৰ ঠাইত সোনাৰাম ৰংৰকগ্ৰে সাংমা জন্ম হয় । তেখেতৰ পিতৃৰ নাম খনাং গাবিল মোমিন আৰু মাতৃৰ নাম ছামৰে ৰংৰকগ্ৰে সাংমা আছিল।| নিশানগ্ৰামত তেখেতে প্ৰাথমিক শিক্ষা শেষ কৰিছিল আৰু তাৰপাছত তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণী লৈ পঢ়িছিল । তাৰপাছত তেওঁ শিক্ষা সমাপ্ত কৰে কাৰণ ষষ্ঠ শ্ৰেণীৰ পাছত উচ্চ মাধ্যমিক বিদ্যালয় গাৰো পাহাৰত ক'তো নাছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা আছিল সাহসী, আত্মবিশ্বাসী, আনক সেৱা কৰি ভাল পোৱা, মৰম -চেনেহ কৰা, পৰৰ নিন্দনীয় বাক্যবোৰ হেয়জ্ঞান কৰা লোক । সোনাৰাম ৰংৰকগ্ৰে সাংমা সদায় অন্যায়- অত্যাচাৰ বিৰোঘ কৰিছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা ব্ৰিটিছ চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা ১৯১৬ চনতৰ ২৭ আগষ্টত ইহলীলা সম্বৰণ কৰে ।
(ঘ) হাৱাৰ্ড ডেনচিন মোমিনঃ হাৱাৰ্ড ডেনচিন মোমিনৰ জন্ম হৈছিল ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে মেঘালয়ৰ সৰু চহৰত । তেখেতৰ পিতৃৰ নাম জবাং ডি মাৰাক আছিল ।মাতৃৰ নাম জনা নাযায় । হাৱাৰ্ড ডেনচিন মোমিনৰ প্ৰকৃত নাম হাৱাৰ্ড ডেনিচন ডব্লিউ আছিল কলিততাত পঢ়ি থকা সময়ত তেখেতৰ নাম হাৱাৰ্ড ডেনচিন মোমিন হয় । হাৱাৰ্ড ডেনচিন মোমিনক ন বছৰত কলকতাৰ সেন্ট জেমচ ইংলিচ স্কুলত নাম ভৰ্কি কৰা দিয়ে । সেই স্কুলত পঢ়ি থকা সময়ত হাৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবি লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ পঠিওৱা হৈছিল তাৰপৰা তেওঁ পুৰস্কাৰ পাইছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলকাতাৰ কলেজৰ পৰা স্নাতৰ ডিগ্ৰী লাভ কৰে তাৰপাছত ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । হাৱাৰ্ড ডেনচিন মোমিন আছিল ইংৰাজী স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম গাৰো সম্প্ৰদায়ৰ লোক । হাৱাৰ্ড ডেনচিন মোমিনক আধুনিক গাৰো সাহিত্যৰ জনক বুলি আখ্যা দিয়া হৈছিল । হাৱাৰ্ড ডেনচিন মোমিনে প্ৰখমে গাৰো মানুহৰ মাত' নামৰ গাৰো ভাষাৰ আলোচনী প্ৰকাশ কৰিছিল । হাৱাৰ্ড ডেনচিন মোমিনৰ প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল ।তাৰপাছত সানাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল । হাৱার্ড ডেনিচন মােমিন তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল । ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে যােগদান কৰিছিল । কটন কলেজত কৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰাে ছাত্র - ছাত্রীৰ সহযােগত তেওঁ‘ আছিক খুৰাং’ নামৰ আলােচনীখন প্রকাশ কৰিছিল । তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘ গাৰাে মাত - বােল’, ‘ NANGKO GISIK RAGEN ( তােমালৈ মনত পৰিব ), DO.MA SKINI GIT ’ ( চাতকী চৰাইৰ গীত) , SENGWAT ’ (জোনাকী পৰুৱা), ‘ ME.CHIK ARO TA - MAKU ( মাইকী আৰু তবাকু ) আৰু ১৯৪২ চনত ‘ BILSIGITAL ( নতুন বছৰ ) এইবােৰেই প্রধান আছিল । ১৯১৯ চনৰ ২২ ফেব্ৰুৱাৰীত হাৱার্ড ডেনিচন মােমিনৰ মৃত্যু হৈছিল তেখেতৰ মৃত্যু বাৰ্ষিকীত হাৱাৰ্ড ডেনিচন মোমিনক স-সন্মানে খা ছালাং প্ৰদান কৰিছিল ।
js
Tuesday, March 15, 2022
SEBA Class IX বৈচিত্রময় অসমঃ গাৰোসকল
Subscribe to:
Post Comments (Atom)
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)
চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds) ১. কাৰ্বন আৰু ইয়াৰ প্ৰকৃতি (Carbon and its Nature) কাৰ্বন (Carb...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment