js

Tuesday, March 15, 2022

SEBA Class IX বৈচিত্রময় অসমঃ চাওতালসকল




১। সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘ চাওতাল ’ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘ চাওতাল ’ শব্দটো সংস্কৃত 'সামন্তৰাল' শব্দৰ পৰা উৎপত্তি হৈছে ।

২। চাওতালসকলৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ চাওতালসকলৰ প্ৰধান জীৱিকা কৃষি ।

 ৩।‘মােড়ে হােড় ’ ( পাঁচজনৰ ) প্রধানজনক কি বুলি কোৱা হয় ?

উত্তৰঃ মােড়ে হােড় ’ ( পাঁচজনৰ ) প্রধানজনক 'গডেত'ক বুলি কোৱা হয় ।

৪। চাওতালসকলৰ উপাধি কেইটা আৰু কি কি ?

উত্তৰঃ চাওতালসকলৰ উপাধি ১২ টা সেইকেইটা হ'লঃ মুৰ্মু, হেম্ব্ৰম, কিস্কু, বেছৰা, টুডু, চৰেন, বাস্কে, হাসদাঃ, মাৰ্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদনা ।

৫। চাওতালসকলৰ কলা - কৃষ্টিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ চাওতালসকলৰ কলা - কৃষ্টিৰ বিষয়ে হ'লঃ

সাজ-পাৰঃ মহিলা সগলে লুংগী পাঞ্চি পাঞ্চি, পাঁডহাণ্ড  আৰু পুৰুষ সকলে পাঞ্চি । বিবাহ উৎসৱত পুৰুষসকলে ধূতী আৰু মহিলাই হালধি সনা কাপোৰখন যাক সিন্দুৰ খাণ্ডি বোলে ।

প্ৰধান উৎসৱঃ বাহা আৰু চৰাই ।

গীত-নৃত্যঃ দং নৃত্য-দং গীত, লাংগঁড়ে নৃত্য-লাগঁডে গীত, চহৰাই, বাহাগীত ।

বাদ্যযন্ত্ৰঃ টামাক, তুমদাঃ, কৰতাল, ঢোল ।

বিবাহ-উৎসৱতঃ কাঁহৰ পাত্ৰ-থাল, বাটি, লোটা ব্যৱহাৰ কৰে । তিৰোতাসকলে আ-অলংকাৰ ।

৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা ?

উত্তৰঃ চাওতালসকলৰ সামাজিক জীৱন - প্রক্রিয়া অতি সুকীয়া । তেওঁলােকে গাঁও পাতি বাস কৰে । গাঁৱৰ জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ দায়িত্ব অর্পণ কৰা হয় । সেই পাঁচজনক ‘ মােড়ে হােড় ’ কোৱা হয় । মােড়ে হােড়ৰ প্রধানজনক গাঁওবুঢ়া বা মাঝহি ’ বুলি কোৱা হয় । গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ মাঝহি’ৰ ওচৰত অভিযােগ দাখিল কৰা হয় । সেই অভিযােগৰ ভিত্তিত মাঝহিজনে পাঁচজনৰ এজন ‘ গডেতকৈ গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে । তেনে প্রক্রিয়াৰে সমাজৰ যিকোনাে সমস্যাৰ সমাধান কৰা হয় ।

৭ । শব্দার্থ লিখা

সিন্দুৰ খাণ্ডিঃ হালধি সনা সাজ -পাৰ

টটড়বাঃ টুপী

হােৰঃ বান্দেঃ সাজ - পাৰ

মাঝহিঃ  গাঁওবুঢ়া

পাড়হাণ্ডঃ লুংগী ।

৮। চমুটোকা লিখাঃ

(ক) বেনেডিক্ট হেম্ব্ৰম

(খ) বদন হাসদা

(গ) মিথিয়াছ টুডু

 (ঘ) ৰাহেল কিস্কু ।

উত্তৰঃ ( ক ) বেনেডিক্ট হেম্ব্ৰমঃ ১৯৬৭ চনৰ ১৮ অক্টোবৰত কোকৰাঝাৰ জিলাৰ পলাশগুৰি গাঁৱত বেনেডিক্ট হেম্ব্ৰম জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম জাটু লক্ষণ হেম্ব্ৰম আৰু মাতৃৰ নাম ৰাণী চৰেণ । পলাশগুৰি গাঁৱৰ পৰা বেনডিক্ট হেম্ব্ৰমে প্ৰাথমিক শিক্ষা পাছ কৰিছিল । তাৰপাছত ১৯১৩ চনত কটন কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত এম.এছ.ছি ডিগ্ৰী লাভ কৰে । গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল । বেনেডিক্ট হেম্ব্ৰময়ে চাওতালি সাহিত্যত কেইবাটাও কবিতা, প্ৰৱন্ধ আদি লিখিছিল তাৰওপৰু তাওতালি ব্যাকৰণ প্ৰস্তুত কৰিছিল । বেনেডিক্ট হেম্ব্ৰম এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল । বেনেডিক্ট হেম এজনা সহজ - সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল । তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও অৱহেলা কৰা নাছিল । যিকোনাে কামত সময়ৰ আগত কর্মস্থানত উপস্থিত হােৱাটো তেওঁৰ ডাঙৰ গুণ আছিল । মৃত্যুৰ আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ । ২০১৩ চনৰ ৫ অক্টোবৰত তেখেতৰ মৃত্যু হয় ।

(খ) বদন হাসদাঃ  ১৯৫৭ চনত কোকৰাধাৰ জিলাৰ খাপৰগাঁৱত বদন হাসদাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা । বদন হাসদায়ে কোকৰাধাৰ কলেজৰ পৰা আই. এ পাছ কৰে । বদন হাসদায়ে শিক্ষা-দিক্ষা, সামাজিক, অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰিছিল । কেওঁৰ নেতৃত্বত ১৯৮০ সদৌ অসম চান্থাল ছাত্ৰ সন্থা গঠিত হয় । তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল । ১৯৯৬ চনত হােৱা গােষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল । ৰি সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল । ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হােৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগােষ্ঠীৰ পৰা তেওঁ পৰিষদত কার্যবাহী সদস্য পদত অধিষ্ঠিত হয় । ২০০৭ চনত তেখেতৰ মৃত্যু হয় । তেওঁ অৱদান বি.টি.চি.ৰ ইতিহাসত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব ।

(গ) মিথিয়াছ টুডুঃ ১৯৩০ চনৰ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ চান্থাল কলনীৰ গাঁৱত মাচিত্রাজুৰীত হৈছিল । তেখেতৰ পিতৃৰ নাম ৰেভাৰেণ্ড কানহু টুডু আৰু মাতৃৰ নাম মাৰথা মুৰ্ম । মাটিয়াজুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰু কটন কলেজৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰিছিল । পশ্চিমবঙ্গৰ পৰা বি.টি. ডিগ্ৰী অৰ্জন কৰিছিল । তেখেতে গ্ৰাহামপুৰ হাইস্কুলৰ পৰা শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল । তেখেতে গোসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয় । তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে । তেওঁ ১৯৭২-১৯৭৮ চন কালছােৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী আছিল । তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল । ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চন লৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ - সভাপতি আছিল ।তেখেত আছিল অসম চান্থিল সাহিত্য সভাৰ সভাপতি, চান্থালি ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি , চান্থাল কলনী পাৰ্গনা বাইছিৰ সভাপতি , গ্রাহামপুৰ সমবায় সমিতিৰ প্রতিষ্ঠাতা , মৰনাই চাই বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি , সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল । কিতাপ পঢ়া , বাগিছাত কাম কৰা , কৃষিৰ কাম চোৱা - চিতা কৰা আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল । তেওঁ এজন ধর্মপৰায়ণ ব্যক্তি আছিল । তেওঁ কেতিয়াও কটু কথা কোৱা নাছিল । প্রতি দেওবাৰে গীর্জত উপস্থিত হৈছিল । ২০১৭ চনত তেখেতৰ মৃত্যু হয় ।

(ঙ) ৰাহেল কিস্কুঃ ১৯২৫ চনত কোকৰাঝাৰ জিলাৰ বৰচনপুৰ গাঁৱত ৰাহেল কিস্কু জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম জহন কিস্কু আৰু মাতৃৰ নান লুক্ষী মুৰ্মু আছিল । ৰাহেল কিস্কু স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল . ৰাহেল কিস্কু আছিল প্ৰথম চান্থাল মহিলা স্নাতক আছিল । ৰাহেল কিস্কু সমাজৰ দুৰ্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা, ডাইনী হত্যা বন্ধ কৰা  মহিলাৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাব্ সজাগ সৃষ্টি কৰিছিল । ৰাহেল কিস্কুয়ে গ্ৰাহামপুৰ হাই স্কুলৰ পৰা সহশিক্ষয়িত্ৰী হিচাপে কৰ্ম জীৱন পাতনি মেলিছিল  ১৯৮০ চনত প্ৰধান শিক্ষয়ত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । ৰাহেল কিস্কু ভাষাৰ কবি আৰু দক্ষ লেখক আছিল । তেওঁ কৰ্ম জীৱনৰ অৱসৰ লোৱাৰ পাছত সামাজিক, ধৰ্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰিছিল । তেওঁ মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰিছিল । ৰাহেল কিস্কু চান্থালি সাহিত্য জগতলৈ অমূল্য সম্পদ দি থৈ গ'ল । ৰাহেল কিস্কুয়ে ২০০১ চনৰ ৬ এপ্ৰিল তাৰিখে মৃত্যু হয় ।

No comments:

Post a Comment

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)

  চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)   ১. কাৰ্বন আৰু ইয়াৰ প্ৰকৃতি (Carbon and its Nature) কাৰ্বন (Carb...