১) চমু উত্তৰ দিয়া:-
ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰঃ যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।
খ)সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।
গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰঃ নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।
ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰঃ যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়।
ঙ) `সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ কি?
উত্তৰঃ`সিহে পায় নিজে নিজে আলাসত ঠাই'-ইয়াত `আলাস' শব্দটোৰ অৰ্থ হ'লঃ আকাশ, শূন্য কিন্তু কবিতাটিত `আলাস' শব্দটোৱে হৃদয়ত বুজাইছে।
প্ৰশ্ন নং ২ | ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা - কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গীত বা সংগীত আৰু ছবি বা চিত্ৰ - এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱমনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হবলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হলেই তাক উৎকৃষ্ট ছবিৰ মৰ্যদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়। আনহাতে, যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে।
প্ৰশ্ন নং ৩ সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিবেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিবেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক কবলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি।
প্ৰশ্ন নং ৪ কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ননা কৰা।
উত্তৰঃ কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ `গীত আৰু ছবি' নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কবলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনূভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নোবোলে বুলি কবিয়ে কৈছে। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ মীননৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ, সুৰ-লয়ে মানুহৰ অন্তৰত সুৰৰ ঝঙ্কাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্হান দিয়ে। যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়।
প্ৰশ্ন নং ৫ `গীত আৰু ছবি' কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ`গীত আৰু ছবি' - কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে - যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।
৬) বাখ্যা কৰাঃ
ক) সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।
উত্তৰঃ “সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।"
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত `গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সিঅসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।
আমি সদায়ে দেখি থকা গছৰ পাত খিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে।
খ) `মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য'তে পৰে ত' তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।
উত্তৰঃ `মিহি ভাব................
.................................
..................................
....................... ডাঙৰ।'
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা `গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।
সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্হান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হব পাৰে।
ভাষা-বিষয়ক
৭) সমাৰ্থক শব্দ লিখা :
জগতঃ পৃথিৱী, ধৰণী
উলাহঃ উৎসাহ, আনন্দ
চকুঃ নয়ন, অক্ষি
সৰুঃ ক্ষুদ্ৰ, সুক্ষ্ম
ভালঃ উত্তম, সজ
কানঃ কৰ্ণ
৮) বাক্য ৰচনা কৰা:
কৌশলী বিদ্যাঃ কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।
অজৰ-অমৰঃ শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।
আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘলঃ ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।
৯) বিপৰীত শব্দ লিখা :
মিহিঃ খহটা
প্ৰাণঃ নিস্প্ৰাণ
মৃত্যুঃ জন্ম
মূলঃ অতিৰিক্ত
ক্ষুদ্ৰঃ বৃহৎ
js
Tuesday, March 15, 2022
9 গীত আৰু ছবি
Subscribe to:
Post Comments (Atom)
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment