js

Tuesday, March 15, 2022

9 সন্মান




১। অতি চমু উত্তৰ দিয়াঃ

(ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ।

উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।


খ) ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ?

উঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব  নোৱাৰে ।


গ)ৰজা  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা - তেওঁ কোন ?

উঃ ৰজা  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা  - ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে ।


ঘ) হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল ?

উঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।


ঙ) হেমকোষ কি ?

উঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃতপত্তিগত অভিধান ।


চ) কানীয়াৰ কীৰ্তন ৰচক কোন  ?

উঃ  কানীয়াৰ কীৰ্তন ৰচক  হল - হেমচন্দ্ৰ বৰুৱা  ।


২) ঈশ্ৱৰৰ পাচতে পিতৃ - মাতৃ আমাৰ মাননীয় - কথাষাৰ বুজাই লিখা ?

উঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্ৰদ্ধাই হৈছে সন্মান । কোনো এজন লোকে তেওঁৰ নিজৰ গুন , পদমযাৰ্দা আদিৰ ভিক্তিত  সমাজ এখনত সন্মান লাভ

                      আমাৰ পাঠ্য়পুথিত অন্তগৰ্ত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন , কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে । সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে । ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ , সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ । তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি - অন্ত নাই । তেওঁ সকলোকে   সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে ।

                    ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ - মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে , লালন - পালন কৰি ডাঙৰ - দীঘল কৰিছে , জ্ঞান - বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি   তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ  পিতৃ - মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ - কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।


৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান - সতকাৰ কিয় ৰাখিব লাগে ?

উঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ - মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ - ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে  কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান - সতকাৰ সদাই ৰাখিব লাগে ।


৪) সন্মান পাঠটোৰ পৰা কি কি শিকিলা ,  চমুকৈ লিখা  ।

উঃ উত্তৰৰ বাবে ২ নং আৰু ৩ নং প্ৰশ্নউত্তৰ গৈ চোৱা ।


ভাষা - বিষয়ক ঃ  


১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা  ?

 নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।

উঃ  নৰিয়া  - ৰোগ , বেমাৰ , অসুখ ।

     জগত - ধৰিত্ৰী , বখুমতী , কৃথিৱী ।

     লোতক - অশ্ৰু , চকুপানী , চকুলো ।

      চকু - নেত্ৰ , নয়ন , অক্ষি ।

      হেতু - কাৰণ ।

       মান - শ্ৰদ্ধা , সন্মান ।


২) বিপৰীত শব্দ লিখা ।

 শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।

উঃ  শ্ৰদ্ধা - ঘৃনা , অশ্ৰদ্ধা ।

   শলাগ - অশলাগ ।

 আদি - অন্ত ।

  দুষ্ট - সান্ত , সত ।

জ্যেষ্ঠ - কনিষ্ঠ ।

 ন্যায় - অন্যায় ।

অতিৰিক্ত প্ৰশ্নোত্তৰ ।


১) সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে ।

উঃ সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ  পাঠমালা থিৰ পৰা লোৱা হৈছে ।


২) হেমচন্দ্ৰ  বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা ।

উঃ  হেমচন্দ্ৰ  বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম  হল - অসমীয়া ব্যাকৰণ ।


৩) কোনসকল লোকক  কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে ।

উঃ ঈশ্বৰ , পিতৃ - মাতৃ , শিক্ষক  , দেশৰ অধিকাৰ আৰু বুঢ়া লোক - এইসকলক লোকক কবিয়ে  সন্মানৰ পাত্ৰ বুলি কৈছে ।


৪) ঈশ্বৰৰ আদি অন্ত আছেনে ।

উঃ ঈশ্বৰৰ আদি অন্ত  নাই ।


৫) সকলোৱে কাক ভক্তি কৰা  উচিত ।

উঃ সকলোৱে ভগৱানক ভক্তি কৰা  উচিত ।


৬) কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়  ?

উঃ শিক্ষকৰ  অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়   ।


৭) কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে কাৰ আনন্দৰ সীসা নথকাৰ কথা কৈছে ?

উঃ কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে  আমাৰ পিতৃ - মাতৃৰ আনন্দৰ সীসা নথাকে বুলি কৈছে।


৮) অধিকাৰ নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি ।

উঃ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশৰ অস্থিৰতাক লগত তুলনা কৰিব পাৰি ।

No comments:

Post a Comment

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)

  চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)   ১. কাৰ্বন আৰু ইয়াৰ প্ৰকৃতি (Carbon and its Nature) কাৰ্বন (Carb...