Redirect Image

js

Tuesday, March 15, 2022

9 চোৰধৰা

 


ভাৱ বিষয়ক :

অতি চমুকৈ উত্তৰ লিখা

ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰ: কানাই বুলি ভগৱান শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে ।

 

খ) লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?

   উত্তৰ: লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল


গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

   উত্তৰ: নামঘোষা।


ঘ)''ওহি বান্দীসৱক থানে আৱৰ নাহি ''।

     'আৱৰ নাহি 'বুলি কোনে কাক কৈছিল

   উত্তৰ: যশোদাই বালক কৃষ্ণক কৈছিল ।


২। ক) হে মাই যশোদে তোহো তাপ তেজহ  ।

  যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় কব লগা হৈছিল ?

  উত্তৰ: যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা ।

 

খ) শ্ৰী কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি  দিছিল ?

  উত্তৰ: শ্ৰী কৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণু সানি দিছিল ।


৩। ইহা শুনি চিন্তা শোক তেজিৱে পৰম হৰষিত ভেল

কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?

উত্তৰ: মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল । গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰী কৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণু খাই থাকোতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে । এই কথা শুনি যশোদা হৰষিত হৈছিল ।


৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?

উত্তৰ: মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দী সকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ, গাখীৰ  লৱণুৰ  কথা সোধোতা কোন ? যিমান খাব পৰা সিমান মই দিম । তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী, বুকুৰ শীতল চন্দন ।

  এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি, বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই, পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ, অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই পৰম সন্তোষ লভিলে ।


ভাষা-     বিষয়ক

তলৰ      শব্দবোৰ  আধুনিক ৰূপত লিখা

তেজহ - ত্যাগ কৰা

তোহাৰি - তোমাৰ

হামু -    মই

থিক -      আছে

মাখিয়ে-    সানি

উনিকৰ-    এওঁৰ

ফিৰত-    ঘূৰি ফুৰা

গাৰি -     গালি


বিপৰীত শব্দ লিখা:

চোৰ- পুলিচ

উত্তৰ- প্ৰশ্ন

কাতৰ- ধৈৰ্যৱান

পূণ্য- পাপ

শোক- আনন্দ

হৰ্ষ- বিষাদ

শীতল-তপত

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...