js

Tuesday, March 15, 2022

SEBA Class IX বৈচিত্রময় অসমঃ ঠেঙ্গাল কছাৰীসকল



প্ৰশ্নাৱলী

১। মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি ?

উত্তৰঃ  মঙ্গোলীয় ( কিৰাত ) গােষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হ'লঃ “ গাৰ বৰণ পীত বা পীত পিংগল , কেশ ক’লা , ডাঢ়ি - গােফ তাকৰ , শৰীৰৰ নােম কম , মুখমণ্ডল বহল আৰু নাক চেপেটা । কপালস্থি বা হনু বৰ স্পষ্ট , নেত্র ঠেক বা নেত্র বক্র , নেত্রচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ ।

২। মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কক্ষৱাট বুলি অভিহিত কৰিছিল ।

৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল ?

উত্তৰঃ কছাৰী নাম  উৎপত্তি হৈছিল মঙ্গোলীয় সকল সংস্কৃত ভাষাত কক্ষৱাট বুলে । কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি- কছাৰী এনেদৰে উৎপত্তি হয় ।

৪। ড ° ভূৱন মােহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ  ড ° ভূৱন মােহন দাসে মঙ্গোলীয়সকলক ৬ ভাগত ভাগ কৰিছিল সেইকেইটা হ'লঃ

ক) খাছী

খ) বড়ো

গ) লুতাই কুকী

ঘ) নগা

ঙ) অৰুণাচলৰ জনজাতি

চ) অন্যান্য  ।  অন্যান্য জাতিৰ ভিতৰত দেউৰী, হাজং, মিছিং আদি । বড়োগোষ্ঠীৰ ভিতৰত গাৰো, মেচ, ৰাভা, ডিমাছা, তিৱা, ঠেঙ্গাল, ঝৰুৱা, সোণোৱাল আদি

৫। ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গােষ্ঠীৰ পৰা অহা ?

উত্তৰঃ ঠেঙ্গাল কছাৰীসকল পৌৰাণিক মঙ্গোলীয় গােষ্ঠীৰ পৰা অহা ।

৬। ঠেঙ্গাল কছাৰীসকলক বর্তমানৰ অৱস্থান সম্পর্কে উল্লেখ কৰা ।

উত্তৰঃ  অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং , ধনশিৰি উপত্যকা আৰু নগাঁও পর্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান আছিল । কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অর্থনৈতিক কাৰণত তেওঁলােক অসমৰ বিভিন্ন প্রান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে । দক্ষিণ পাৰে বর্তমান যােৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লােকেৰে ভৰপূৰ । গােলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা , মৰঙি , বুঢ়াগোঁহাই খাট , সৰুপথাৰ , বৰ পথাৰ , চাউদাং পথাৰ , গমাৰি , চিচুপানী , মেৰাপানী , কাছমাৰী , দৈয়াং , কাৰ্বি আংলং জিলাৰ কালিয়নী , শিৱসাগৰ জিলাৰ সােনাৰি অঞ্চল , নাজিৰা , ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাঁও , চাচনী , উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া , কাৱৈমাৰী বাগিছা , বঙালমৰা , নাহৰণী , পকাদৌল , খােলাগুৰি , বৰাইখনা , নাওবৈছাৰ সােনাপুৰ , লােকামপুৰ , ঢেকীয়াজুলি , দলপাপথাৰ , বালিগাঁও , দক্ষিণ লালুক , হাৰমােতী , বান্দৰদেৱা , উত্তৰলালুক , ফুলবাৰী , কদম , ধেমাজি , গােগামুখ , কৃষ্ণপুৰ , গঢ়পাৰা , নাহৰবাৰী , পানীগাঁও , দঙ্গীবিল , জকাই পেলােৱা , জোনাই আদি ঠাইত ঘন বসতিপূর্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে ।

৭। চমুটোকা লিখাঃ

(ক) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল

উত্তৰঃ ১৯২১ চনৰ ১২ জানুৱাৰী তাৰিখে যোৰহাট জিলাৰ উলুতলী গাঁৱত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয় । তেখেতৰ পিতৃৰ নাম জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম কান্দুৰী ঠেঙ্গাল । ১৯২৯ চনত ৰ পৰা শিক্ষা আৰম্ভ হয় আৰু ১৯৫২ চনত গুৱাহাটী বিশ্বিবিদ্যালয়ৰ পৰা বি. এল. ডিগ্ৰী লাভ কৰে । ১৯৪২ চনত মেট্ৰিক পাছ কৰে । গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে । ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আতৰি আহি ৰাজনীতি জগতত প্ৰৱেশ কৰে । তেওঁ যোৰহাট ক'ৰ্টতো ওকালতি আৰম্ভ কৰে । গিৰিধৰ ঠেঙ্গালে শিক্ষা, সীমাজিক উন্নয়ন, লামাজিক ন্যায় আদি বিষয়ত নিজকে জড়িত কৰি ৰাখিছিল । তেওঁৰ নেতৃত্বত কমিউনিষ্ট পার্টি আন্দোলনৰ হেঁচাত কেইবাখনাে শ্রমিক - কৃষকৰ সপক্ষে লােৱা আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল । ১৯৭৮ চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নির্বাচিত হয় । যােৰহাটৰ পৰা বৰহেলালৈ প্রথম সর্ববৃহৎ দীর্ঘন - আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয় । ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট ৰাছিয়াত হােৱা মার্ক্সীয় অর্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্রহণ কৰিছিল ।

(খ) কমল কছাৰী ।

উত্তৰঃ ১৯৩৯ চনত যোৰহাট জিলাৰ মৰধলি কছাৰী গাঁৱত কমল কছাৰী জন্ম হৈছিল । দেউতাকৰ নাম  উনিৰাম কছাৰী আৰু মাকৰ নাম আইতী কছাৰী । কৰ্মসূত্ৰে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিংসা ক্ষেত্ৰত ফাৰ্মাচিষ্ট স্বাস্থ্যসেৱাত ব্ৰতী হয় । ভাস্কর্য শিল্পী , চিত্রশিল্পী , অনাতাঁৰ গীতিকাৰ , কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত - আলােচনী প্রতিধ্বনি ’ , ‘ অসমবাণী ’ , নীলাচল , ‘ অগ্রদূত ’ , ‘ সাদিন - প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল । শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল । কমল কছাৰীয়ে গীত , কবিতা , নাটক লিখাৰ উপৰিও বেনাৰ , ফেষ্টুন , কিতাপ - আলােচনীৰ বেটুপাত অংকন , স্থাপত্য ভাস্কর্য নিজ হাতেৰে খােদিত কৰাত সিদ্ধহস্ত আছিল । কমল কছাৰীক সাহিত্য সভাই ‘ বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা লাভ কৰিছিল । ২০১৩ চনত তেখেতৰ জীৱনৰ অৱসান ঘটে ।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...