js

Tuesday, March 15, 2022

SEBA Class IX বৈচিত্রময় অসমঃ চুতীয়াসকল



১| চুতীয়াসকলৰ আদি বাস্থান ক'ত আছিল ?

উত্তৰঃ চুতীয়াসকলৰ আদি বাস্থান হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান আছিল ।

২| চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল ?

উত্তৰঃ স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওলোক স্বাতীয় বোলা হৈছিল । স্বাতীয় শব্দৰ পৰা চুতীয়া শব্দৰ উৎপত্তি হৈছিল ।

৩| চুতীয়াসকলৰ  এগৰাকী বীৰাঙ্গনাৰ নাম লিখা |

উত্তৰঃ ৰাণী বীৰাঙ্গনা সতী  হ'ল চুতীয়াসকলৰ  এগৰাকী বীৰাঙ্গনাৰ নাম ।

৪| তলত দিয়া যিকোনো এগৰাকী বিষয়্ চমুকৈ লিখা ।

(ক) সোণাৰাম চুতীয়া, (খ)  ড° স্বৰ্ণলতা বৰুৱা (গ) চিদানন্দ শইকীয়া (ঘ) কোষেশ্বৰ বৰুৱা

উত্তৰঃ (গ) চিদানন্দ শইকীয়াঃ ১৯২৪ খ্ৰীষ্টাব্দত গোলাঘাট জিলাৰ বোকাখাট দ গাঁৱত  চিদানন্দ শইকীয়া জন্ম হৈছিল । চিদানন্দ শইকীয়া আছিল শিক্ষাব্ৰতী, স্বাধীনতা সংগ্ৰামী ।  চিদানন্দ শইকীয়া দেৱে ২২ খন কৈ গ্ৰন্থ প্ৰণয়ন কৰিছিল । তাৰে ভিতৰত কেইখন মান হ'ল ছোভিয়েট নাৰী , সীমান্ত গান্ধী, জুয়ে পোৰা সোণ, সেউজীয়া বোল, জীয়া ঢল বাগৰি যায়, ৰাছিয়ান সাহিত্য আদি । তাৰোউপৰি বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিথিল আৰু বাকৰি কাকত, আলোচনী, আদি ভালেই মান প্ৰবন্ধ ৰচনা কৰিছিল। সাহিত্য চৰ্চাৰ বাবেই মস্কো , টাচখণ্ড , ৰিগা আদি ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছােভিয়েট দেশ নেহৰু বঁটা , সাহিত্যিক পেন্সন আৰু শিক্ষক বঁটা লাভ কৰিছিল । অসমৰ সাংবাদসেৱাৰ জগতখনলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । বােকাখাট চহৰৰ নিকটবর্তী কাজিৰঙা মৌজাৰ কলাখােৱা গাঁৱৰ ভূমিহীন লােকসকলক দহ বিঘা পৰিমাণৰ মাটি ( দাগ নম্বৰ ১১২ , পট্টা নম্বৰ ৩৯ ) দান কৰিব পৰাটো দুখীয়া - দৰিদ্ৰৰ প্রতি সহানুভূতিৰ লগতে তেওঁৰ নির্মোহ ব্যক্তিত্বৰ উল্লেখযােগ্য দিশ ।

৫| চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা |

উত্তৰঃ চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি । চুতীয়াহিমালয়ৰ উত্তৰৰ মানস সৰােবৰৰ পূবত স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান আছিল । তাৰ পৰা তেওঁলােকে সােৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ অঞ্চল পায়হি । স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলােকক স্বাতীয়া বােলা হৈছিল । কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ’ল ।চুতীয়াসকলৰ পুৰণি ৰাজ্যৰ নাম আছিল বিদৰ্ভ । তেওঁলোকে দেৱীক উপাসক আছিল । চুতীয়া সকল সাংস্কৃতিক পৰম্পৰা চহকী আছিল । চুতীয়াসকল ভাস্কৰ্য শিল্পতো চহকী আছিল । চুতীয়াসকলে হাতী, ঘোঁৰা, গৰু-মহ আদি পালে ।

No comments:

Post a Comment

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)

  চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)   ১. কাৰ্বন আৰু ইয়াৰ প্ৰকৃতি (Carbon and its Nature) কাৰ্বন (Carb...