js

Wednesday, March 16, 2022

অসমীয়া ব্যাকৰণঃ খণ্ডবাক্য আৰু জতুৱা ঠাঁচ



১। বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল। [HSLC '98]

  বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমৰ
  লগতে সকলোকে মৰম - চেনেহ কৰা উচিত।

  পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ
  তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।

  সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট) :
  জীৱ - জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত
  ঘাটৰ সৈয়াকণী।

  চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) :
  পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ
  শাল।

২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HSLC'99]

  দলনিত পোনা মেলা ( আলাই-আথানি কৰ) :
  বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা
  মেলিলে।

  ঢৌতে খৰ মাৰ ( ব্যস্ততাৰ মাজতেই সময়
  উলিয়াই) : পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত
  খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।

  দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ
  অৱস্থা হোৱা) : ইমানবোৰ কাম কৰিবলগীয়া
  হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে
  হৈছিল।

  ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা) : বহু দিন
  ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে
  ইহলীলা সম্বৰণ কৰিলে।

৩। লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া।[HSLC'2000]

  লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত
  ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ
  ঘটিল।

  চকু গজা (বুজন হ, জনা হ) : কিতাপ
  কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।

  থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ
  কৰা অৱস্থা) : এলেহুৱা লোকে কাম
  কৰিবলগীয়া হ'লেই থেৰোগেৰোঁ কৰে।

  চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ
  দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি
  আমি চকু দিয়া উচিত।

৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HSLC'01]

  বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ
  অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।

  কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক
  কোনেও ভাল নাপায়।

  ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ'ল, ছোৱালী
  চাই সোনকালে ঘৰখন পাত।

  হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে
  পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ।[HSLC'02]

  কাণে কাণ মাৰি (কোনোমতে, কথমপি) :
  পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ'লে ভাল
  কলেজত নামভৰ্তি কৰিব পৰা নাযায়।

  কপাল ফুল (সৌভাগ্য উদয় হ) : চাৰিওজন
  পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ
  কপাল ফুলিল।

  বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ
  প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।

  গা গধুৰ (লেধা, কামধীৰ) : গা গধুৰ লোকে
  কামবোৰ সোনকালে কৰিব নোৱাৰে।

৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা।[HSLC'03]

  অজীন পাতকী (দুষ্ট) : অজীন পাতকী লোকে
  য'তে ত'তে অঘটন ঘটাই ফুৰে।

  হাত টান (কৃপণ) : হাত টান মানুহৰ পৰা ধাৰৰ
  আশা নকৰাই শ্ৰেষ্ঠ।

  গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) :
  প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ
  নামভৰ্তি ঠিক হ'ল।

  ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ
  ক) : অসত্য কথাক সত্য বুলি কোনেও ন দি ক'ব
  নোৱাৰে।

  পাবত গজা (অস্বাভাৱিক) : পাবত গজা নেতাই
  দেশৰ কল্যাণ সাধিব নোৱাৰে।

৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা।[HSLC'04]

  চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু
  চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব
  নোৱাৰে।

  মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ,
  শ্ৰীহীন হ) : মুখ লগা কাৰণেই সুন্দৰ কলথোক
  নষ্ট হ'ল।

  হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ
  নোহোৱাকৈ) : সি শুই থাকোঁতেই চোৰটোৱে তাৰ
  কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ
  বস্তুকেইপদ লৈ গ'ল।

  পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি
  থাক) : আজিকালি আনকি দুখীয়া লোকৰো
  পেটে ভাতে খাই চলাই টান হৈ পৰিছে।

৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান।[HSLC'05]

  উভৈনদী (অপৰ্যাপ্ত, উপচি) : ভাগ্য ভাল হ'লে
  মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।

  কাণ বাগৰা (লোকৰ মুখে শুনা) : কাণ বাগৰা
  কথাত বিশ্বাস কৰিব নালাগে।

  গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয়
  বিদাৰক) : গাজত লগা কথাই অন্তৰত বৰ দুখ
  দিয়ে।

  হাত টান (কৃপণ) : হাত টান মানুহে সজ কামতো
  ধন খৰচ কৰিব নোৱাৰে।

৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা।[HSLC'06]

  পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।

  টুপাই বুৰ মাৰ (আসৈ মাত) : অকৃতজ্ঞ লোকক
  সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ
  মাৰে।

  খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ
  পাহৰা) : খাই পাত ফলা লোকক উপকাৰ কৰি
  একো লাভ নাই।

  ধোদৰ পচলা (এলেহুৱা, অকামিলা) : ধোদৰ
  পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ
  নভৰে।

১০। পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা।[HSLC'07]

  পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি
  থাক) : দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে
  ভাতে খাই জীয়াই থকাই টান হৈ পৰে।

  নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা
  নোহোৱাকৈ থকা) : তোৰ সকলো কাম আনে
  কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।

  চকু দিয়া (নজৰ ৰখা) : ল'ৰা-ছোৱালীয়ে যাতে
  অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু
  দিয়া উচিত।

  দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ
  অৱস্থা হোৱা) : দুই নাও দুই ভৰি হোৱাতকৈ শান্ত
  হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।

১১। পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল।[HSLC'08]

  পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ
  তলৰ কাঁইটে ক'ত কি বিপদ ঘটায় ক'ব
  নোৱাৰি।

  চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) :
  আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।

১২। বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী।[HSLC'09]

  বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে,
  অকস্মাৎ বিপদ অহা) :

  আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই
  সি আমন-জিমনকৈ বহি আছে।

  উলহ মালহ (আনন্দ উৎসৱ সহ) : বহু দিনৰ
  মূৰত ল'ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক
  উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে।

  ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা
  মানুহ) : সৰু সৰু ল'ৰা-ছোৱালীবিলাক গোটেই
  দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।

১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট।[HSLC'10]

  আকাশ কুসুম (মনৰ মিছা কল্পনা) : আকাশ
  কুসুমত সময় কটায় কোনো লাভ নাই।

  পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : আমি
  সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ
  বুদ্ধিমান হ'ব লাগে।

১৪। উখল মাখল, কুন্দত কটা।[HSLC'11]

  উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
  কৰোঁতে হোৱা আলোচনা) : বিয়া পাতিবলৈ
  লোৱাত ঘৰখনত উখল-মাখল লাগি পৰিছে।

  কুন্দত কটা (ধুনীয়া, নিপোটল) : ছোৱালীজনী
  ইমান ধুনীয়া যেন কুন্দত কটাহে।

১৫। জাকত জিলিকা, ডলাৰ বগৰী, বগলী ভকত, গাই বাই চা।[HSLC'12]

  জাকত জিলিকা ( বিখ্যাত, নামজলা) : মহাত্মা
  গান্ধী এগৰাকী জাকত জিলিকা নেতা।

  ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা
  মানুহ) : ডলাৰ বগৰীৰ দৰে হ'লে একো কামত
  নাহে।

  বগলী ভকত (মিছলীয়া সাধু) : সম্প্ৰতি বগলী
  ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

  গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) :
  হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা
  পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।

১৬। ধোদৰ পচলা, হাত লৰ, চকু চৰহা, কাণে কাণ মাৰি।[HSLC'13]

  ধোদৰ পচলা (এলেহুৱা, অকামিলা) : ধোদৰ
  পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।

  হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ
  মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে
  বিপদ।

  চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু
  চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।

  কাণে কাণ মাৰি (কোনোমতে, কথমপি) :
  পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত
  ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই
  আছে।

১৭। উখল মাখল, জাকত জিলিকা, আশা ভৰসা, মন বান্ধ খা।[HSLC'14]

  উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
  কৰোঁতে হোৱা আলোচনা) : উখল-মাখল
  পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।

  জাকত জিলিকা (অতি সুন্দৰ) : ছোৱালীজনী
  দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।

  আশা ভৰসা (আশ্ৰয়) : বিপদৰ সময়ত ঈশ্বৰেই
  একমাত্ৰ আশা-ভৰসা।

  মন বান্ধ খা (মন দমা) : মন বান্ধ  খালেহে
  কামত সফলতা লাভ কৰিব পাৰি।

১৮। উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি।[HSLC'15]

  উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
  কৰোঁতে হোৱা আলোচনা) : ইমান উখল মাখল
  হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।

  আঁচলৰ ধন (অতি মৰমৰ) : মোৰ জীয়েকজনী
  মোৰ বাবে আঁচলৰ ধন।

  উৰহীৰ ওৰ ( আচল কথা) : উৰহীৰ ওৰ ওলাই
  পৰাত ঘটনাটো সকলোৱে বুজি পালে।

  জয়দেউ কাকূতি (অতি অনুনয়-বিনয়) :
  মানুহজনে কত জয়দেউ কাকূতি কৰিলে,
  তথাপি তেওঁৰ অন্তৰ নগলিল।

১৯। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা-নলা।[HSLC'16]

  ৰমক-জমক (জিলমিলাই থকা) : সৰু সৰু
  ল'ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে
  নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।

  উলহ মালহ (আনন্দ উৎসৱ সহ) : ঘৰৰ
  একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
  হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।

  ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা) : ডলাৰ
  বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব
  নোৱাৰি।

  তলা-নলা (আঁতি গুৰি) : তলা-নলা নজনাকৈ
  কোনো কথাৰে মন্তব্য দিব নালাগে।

২০। উলহ মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা।[HSLC'17]

  উলহ মালহ (আনন্দ উৎসৱ সহ) : ভাৰতীয়
  ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত
  চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা
  গৈছে।

  আঁচলৰ ধন (অতি মৰমৰ) : একমাত্ৰ জীয়ৰী
  ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ
  আঁচলৰ ধন আছিল।

  ৰমক-জমক (বৰ্ণাঢ্য) : সৰ্বশেষত এখনি ৰমক
  জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।

  এৰা ধৰা (ভালকৈ মনপুতি নলগা) : এৰা ধৰা
  মনোভাৱৰে কোনো কামতেই সফল হ'ব
  নোৱাৰি।

২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ।[HSLC'18]

  খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ
  পাহৰা) : খাই পাত ফলা লোকক উপকাৰ কৰি
  একো লাভ নাই।

  আলাসৰ লাডু (অতি মৰমৰ) : আইতাকৰ বাবে
  নাতিনী আলাসৰ লাডু।

  ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ
  ক) : এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
  যে হমেই ন দি কব পাৰোঁ।

  ভিৰাই লৰ মাৰ (পেলোৱা) : সচাঁ কথা কোৱাৰ
  লগে লগে সি ভিৰাই লৰ মাৰিলে।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...