মিশ্ৰ বাক্যলৈ নিয়া:
১। কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা
[HSLC'09]
উত্তৰ : যেতিয়া কিতাপ পঢ়া, তেতিয়া
হাইউৰুমি নকৰিবা।
২। বুঢ়া মানুহজন দোকানলৈ আহিছিল। তেওঁ
এডাল লাখুটি কিনিছিল। [HSLC'14]
উত্তৰ : বুঢ়া মানুহজন দোকানলৈ আহি এডাল
লাখুটি কিনিছিল।
যৌগিক বাক্যলৈ নিয়া:
১। ল'ৰাটো ভাত খাই স্কুললৈ গ'ল।[HSLC'03]
উত্তৰ : ল'ৰাটো ভাত খালে আৰু স্কুললৈ গ'ল।
২। সি কামটো কৰি লৰালৰিকৈ গুচি গ'ল।
[HSLC'04]
উত্তৰ : সি কামটো কৰিলে আৰু লৰালৰিকৈ
গুচি গ'ল।
৩। ল'ৰা জন দুখীয়া হ'লেও সৎ। [HSLC'06]
উত্তৰ : ল'ৰা জন দুখীয়া, কিন্তু সৎ।
৪। তেওঁ বুঢ়া হ'লেও গাত শক্তি আছে।
[HSLC'10]
উত্তৰ : তেওঁ বুঢ়া, তথাপি গাত শক্তি আছে।
সৰল বাক্যলৈ নিয়া:
১। মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে
[HSLC'05]
উত্তৰ : মই পঢ়া সময়ত সি খেলে।
২। ল'ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ'ল
[HSLC'08]
উত্তৰ : ল'ৰাটোৱে ভাত খাই স্কুললৈ গ'ল।
৩। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে।
[HSLC'08]
উত্তৰ : আমি পঢ়াৰ সময়ত সি খেলে।
৪। যিজন লোক অকৃতজ্ঞ, তেওঁক কোনেও
ভাল নাপায়। [HSLC'09,'15]
উত্তৰ : অকৃতজ্ঞ লোকক কোনেও ভাল
নাপায়।
৫। মই যেতিয়া খাওঁ, তাই তেতিয়া আহে।
[HSLC'10]
উত্তৰ : মই খোৱা সময়ত তাই আহে।
৬। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ
হয়। [HSLC'11]
উত্তৰ : পানী গোট মাৰিলে বৰফ হয়।
৭। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ
শিক্ষা বৃথা। [HSLC'12]
উত্তৰ : শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা
বৃথা।
৮। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন
বৃথা। [HSLC'13]
উত্তৰ : দেশক ভাল নোপোৱা মানুহৰ জীৱন
বৃথা।
৯। যি সকলে ব্যাকৰণ মনপুতি পঢ়ে,
তেওঁলোকে ভাষাটো ভালকৈ জানে
[HSLC'16]
উত্তৰ : ব্যাকৰণ মনপুতি পঢ়াজনে ভাষাটো
ভালকৈ জানে।
১০। যিজন লোক অকৃতজ্ঞ, তেওঁ ক'তো স্থান
নাপায়। [HSLC'17]
উত্তৰ : অকৃতজ্ঞ লোকে ক'তো আসন নাপায়।
১১। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য
লাভ কৰিবা। [HSLC'18]
উত্তৰ : পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ
কৰিবা।
জটিল বাক্যলৈ নিয়া :
১। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়।
[HSLC'12]
উত্তৰ : যি জন লোক অকৃতজ্ঞ, তেওঁ ক'তো
আসন নাপায়।
২। অসাধু লোকক কোনেও সন্মান নকৰে।
[HSLC'13]
উত্তৰ : যিজন লোক অসাধু, তেওঁক কোনেও
সন্মান নকৰে।
যতি চিহ্নৰ ব্যৱহাৰঃ
১। ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গল। [HSLC-2003]
উত্তৰঃ- ৰমেশ, বীৰেন আৰু কনক বজাৰলৈ গ'ল।
২। তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ। [HSLC-2004]
উত্তৰঃ- তুমি অংকটো কৰিব নোৱাৰিলা; ময়ো নোৱাৰিলো।
৩। ৰামে কৈছিল মই স্কুললৈ যাম। [HSLC-2005]
উত্তৰঃ- ৰামে কৈছিল, "মই স্কুললৈ যাম।"
৪। শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। [HSLC-2006]
উত্তৰঃ- শিক্ষকে কৈছিল, "পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে।"
৫। শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2007]
উত্তৰঃ- শিক্ষকে সুধিলে, "মধুৰাম, তুমি কালি স্কুললৈ কিয় নাহিলা?"
৬। শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2011]
উত্তৰঃ- শিক্ষকে সুধিলে, "তুমি কালি স্কুললৈ কিয় নাহিলা?"
৭। হে ভগৱান দয়া কৰা। [HSLC-2012]
উত্তৰঃ- হে ভগৱান! দয়া কৰা।
৮। মই কিন্ত নৰওঁ এতিয়াই যামগৈ। [HSLC-2013]
উত্তৰঃ- মই কিন্ত নৰওঁ, এতিয়াই যামগৈ।
৯। হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2013]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।
১০। ৰীণাই কলে আজি স্কুল বন্ধনে? [HSLC-2015]
উত্তৰঃ- ৰীণাই কলে, "আজি স্কুল বন্ধনে?"
১১। দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিঁয়হ কিনি আনে। [HSLC-2016]
উত্তৰঃ-দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিঁয়হ কিনি আনে।
১২। প্ৰণবে ক'লে আজি স্কুল খোলা আছেনে? [HSLC-2017]
উত্তৰঃ-প্ৰণবে ক'লে, "আজি স্কুল খোলা আছেনে?"
১৩। হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2018]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।
১৪। তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। [HSLC-2019]
উত্তৰঃ- তেওঁ ক'লে, "মনত ৰাখিবা, তুমি অসমৰ বীৰ সন্তান।"
js
Wednesday, March 16, 2022
অসমীয়া ব্যাকৰণঃ বাক্য পৰিবৰ্তন
Subscribe to:
Post Comments (Atom)
Importent softwares to install for Developers after installing UBUNTU
PHP sudo apt install php libapache2-mod-php MYSQL sudo apt install mysql-server Install . deb file in ubuntu sudo dpkg -i package-name.deb
-
ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ , ৰোম আদি , ইউৰোপীয় দেশৰ যোগাযোগ আছিল বুলি জানিব পাৰি । গ্রীক আৰু ৰ...
-
The Fun they had তেওঁলোকে কৰা ফূৰ্তিবোৰ BEFORE YOU READ পঢ়াৰ আগতে The story we shall read is set in the future...
-
উদ্যান শস্যৰ পৰিচয় পৰিচয় উদ্যান শস্য এটা বিজ্ঞান , লগতে , উদ্যান শস্য , যেনে ফল - মূল আৰু শাক - পাচলি , ...
No comments:
Post a Comment