js

Monday, March 28, 2022

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

১। চকুৰ উপযােজন ক্ষমতা কি?
: চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰিব পৰা সামর্থক চকুৰ উপযােজন ক্ষমতা বােলে।

২। মায়’পিয়াগ্রস্ত বিকাৰ থকা মানুহ এজনে 1.2mতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথােচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব?
: উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।

৩। স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকটবিন্দু কি?
উঃ দূৰবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ দূৰৰবিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত দূৰবিন্দু অসীমত। আনহাতে, নিকটবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ ওচৰৰ বিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত এই দূৰত্ব 25 cm.

৪। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱর্তে দুটা চকুৰ প্রয়ােজন কিয়?
উঃ এটা চকুৰ বাবে দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ 150° আনহাতে দুটা চকুৰ বাবে প্ৰসাৰ প্রায় 180° । সেয়েহে দুয়ােটা চকুৱে দৃষ্টিক্ষেত্ৰ বহল কৰে।

৫। ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভােগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশােধন কেনেকৈ কৰিব পাৰি?
উঃ এই ক্ষেত্ৰত ল’ৰাজনে মায়’পিয়া দৃষ্টিগ্রস্ততাত ভূগিছে। উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি এই বিকাৰ দূৰ কৰিব পাৰি।

৬। মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত্ৰ ফ’কাছ কৰিব পাৰে। হয়াৰ কাৰণ হ’ল—
(a)
প্ৰেছবায়পিয়া।
(b)
উপযােজন ক্ষমতা
(c)
নিকট দৃষ্টিগ্রতা
(d)
দূৰ দৃষ্টিগ্রস্ততা।
উঃ (b) উপযােজন ক্ষমতা।

৭। মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান
(a)
কর্ণিয়া (b) চকুৰ পতা (c) চকুৰ মণি (d) অক্ষিপট
উঃ (d) অক্ষিপট।।

৮। নিয়মীয় দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নুন্যতম দূৰত্ব
(a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m
: (c) 25 cm.

৯। চকুৰ কি অংগৰ বাবে চকুৰ লেছৰ ফ’কাছ দৈর্ঘ্যৰ পৰিৱৰ্তন হয়-
(a)
চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী, (d) চকুৰ পতা
উঃ (c) চিলিয়াৰী।

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী দশম শ্ৰেণী

১০। এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে -5.5 ডায়’প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টি গ্ৰস্ততাৰ সংশােধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা -1.5 ডায়’প্টাৰ হ’লে—(i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশােধনৰ বাবে আৱশ্যক হােৱা লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কিমান?
উঃ (i) দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ ক্ষেত্ৰত :
P= – 5.5D, f= ?

এতিয়া,
P = 1/f
f= 1/P
⇒1/-5.5
⇒-10/55
= – 0.18 m
.
দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য হ’ব 0.18 m
(ii)
নিকট দৃষ্টিগ্রস্ততা সংশােধনৰ বাবেঃ
P= 1.5D, f=?
এতিয়া,
P = 1/f
f= 1/P
⇒1/+1.5
⇒-10/15
= +0.67 m
গতিকে, নিকট দৃষ্টিগ্রস্ততাৰ বাবে লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য হ’ব +0.67 m

১১। নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছ প্রকৃতি কি আৰু ক্ষমতা কিমান?
উঃ ইয়াৰ দূৰবিন্দু দূৰত্ব 80cm.
u =x (
অসীমত)
v = -80 cm
f =?
এতিয়া,
1/v-1/u=1/f
1/f = 1/-80 – 1/x
= 1/-80 – 0
= -1/80
f= -80cm
= -80m
যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক, গতিকে লেন্‌ছখন অৱতল।
আকৌ,
P = 1/f
= 1/-0.8
=10/-8
= – 125 D.
মানুহজনক – 1,25 Dক্ষমতাযুক্ত অৱতল লেন্হ লাগিব।

১২। দুৰ দৃষ্টিগ্রস্ততা সংশােধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্র চকু এটাৰ বাবে নিকটবিন্দু 1m। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লােৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25cm.
নাইবা
মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100cm তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লগীয়া লেন্স ক্ষমতা আৰু ধৰণ কি হ’ব? ৰশ্মিচিত্র আঁকিবা।।
উঃ এই ক্ষেত্ৰত হাইপাৰ মেট্ৰ’পিয়া বিকাৰযুক্ত চকুৰ বাবে উত্তল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।
 
correction-for-hypermetropic-eye (1)
ইয়াত,
u= – 25 cm, V = – 1m = – 100 cm

আমি জানাে যে,

1/v – 1/u = 1/f
1/f = 1/v-1/u
= 1/-100 – 1/(-25)
= 1/100+ 1/25
= -1+ 4⁄100
= 3/100
f = 100/3cm
= +1⁄3 m

আকৌ, লেন্‌ছৰ ক্ষমতা
P = 1/f
=1/+1⁄3
= +3 D
গতিকে, সংশােধৰ বাবে লেন্‌ছৰ ক্ষমতা হ’ব +3 D

১৩। সাধাৰণ চকুৰে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
উঃ চিলিয়াৰী পেশীয়ে 25cm’তকৈ কম দূৰত্বত থকা বস্তু এটা লক্ষ্য কৰিবলৈ চকুৰ লেখনক বেছি বেঁকা কৰিব নােৱাৰে। ফলত চকুৰ অভিসাৰী ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত প্রতিবিম্ব ৰেটিনাত গঠিত হয়। সেইবাবে বস্তু এটা স্পষ্টকৈ দেখা নাপায়।


১৪। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?
উঃ চকুৰ লেন্‌ছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব সদায় সমান থাকে। যাৰ ফলত লক্ষ্যবস্তু চকুৰ পৰা আঁতৰাই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনাে পৰিৱৰ্তন নহয়। এই ক্ষেত্ৰত চকুৰ লেন্স সংলগ্ন পেশীৰ সংকোচন আৰু প্ৰসাৰণে এনেদৰে নিয়ন্ত্রণ কৰে যে প্রতিবিম্ব ৰেটিনাত গঠন হয়।

১৫। তৰাই তিৰবিৰাই কিয়?
উঃ বায়ুমণ্ডলৰ ঘনত্ব ওপৰৰ পৰা তললৈ বেছি। বেছি ঘনত্বত বায়ু পােহৰৰ বাবে ঘনত্বৰ মাধ্যমৰূপে আচৰণ কৰে। তৰাৰ পােহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্রতিসৰন হয়। প্রতিসৰণ ঘটা মাধ্যমটোত প্রতিসৰণাংক ক্রমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পােহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে গতিকে তৰাটোৰ আপাত স্থান, প্রকৃত স্থানতকৈ কিছু বেলেগ হয়। পৃথিৱীৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় বাবে তৰাৰ আপাত স্থান, পৰিৱর্তন হৈ থাকে। ফলত তৰাৰ পৰা অহা পােহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সােমােৱা তৰাৰ পােহৰ কম বেছি হয়। সেয়েহে তৰাবােৰ কেতিয়াবা উজ্জ্বল বা ম্লান যেন দেখা যায়। এয়াই তৰাৰ তিৰবিৰণি।।

১৬। গ্রহই তিৰবিৰাই নাথাকে কিয়?
: গ্ৰহবােৰ পৃথিৱীৰ একেবাৰে ওচৰত থাকে বাবে গ্রহবােৰক পােহৰৰ উৎস হিচাপে দেখা যায়। যদিহে এটা গ্রহ পােহৰৰ বহুতাে বিন্দু উৎসৰ সমষ্টি বুলি ধৰা হয় তেন্তে আমাৰ চকুত আহি পৰা পােহৰৰ সকলাে বিন্দু উৎসৰ গড় মান শূন্য হয়। ফলত গ্ৰহবােৰ তিৰবিৰাই নাথাকে।

১৭ । ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?
: পুৱা সুৰ্যৰ পৰা অহা পােহৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেদি বহুদূৰ অতিক্ৰম কৰিবলগা হয়। এই পােহৰ ৰশ্মি আহোঁতে পােহৰৰ বিক্ষেপনৰ ফলত ৰং নাইকীয়া হয় আৰু ৰঙা ৰং পৃথিৱীত প্ৰৱেশ কৰেহি। যাৰ ফলত আমি ৰাতিপুৱা সূৰ্যৰ ৰং ৰঙা দেখা পাওঁ।

১৮। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?
উঃ মহাকাশত বায়ুমণ্ডল নথকা বাবে ইয়াত পােহৰৰ বিক্ষেপণ নঘটে। সেইবাবে সূৰ্যৰ পৰা অহা বগা পােহৰত থকা নীলা ৰশ্মিৰ বিক্ষেপণ নহয়। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে কলা দেখে।

১৯। চকুৱে কত প্রতিবিম্ব গঠন কৰে?
: অক্ষিপটত।

২০। দৃষ্টিৰ বিকাৰ কাক বােলে? ই কেই প্ৰকাৰৰ আৰু কি কি?
: যি অৱস্থাত মানুহে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবােৰ দেখা নাপায় তেতিয়া তাক দৃষ্টিৰ বিকাৰ হােৱা বুলি কোৱা হয়। চকুৰ বিকাৰ তিনি প্রকাৰৰ। যেনে-
(
) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা।
(
) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা।
(
) প্ৰেছবায়’পিয়া বা জৰাদৃষ্টি।

২১। আকাশৰ ৰং কিয় নীলা?
উঃ বায়ুমণ্ডলৰ মাজেৰে পােহৰ পাৰ হওঁতে বায়ুৰ অণু, আৰু বায়ুত থকা ক্ষুদ্র কণিকাৰবাৰত পােহৰৰ বিক্ষেপণ ঘটে। এই প্রক্রিয়াত পােহৰৰ ৰশ্মিত থকা বেছি তৰংগ দৈঘ্যৰ ৰঙা, হলধীয়া আকাশী ৰঙৰ পৰিৱর্তে কম তৰংগ দৈর্ঘ্যৰ নীলা ৰং আটাইতকৈ বেছি বিক্ষেপিত হৈ আকাশত সিঁচৰিত হয়। ফলত আকাশখন নীলা দেখা যায়।

২২। টিণ্ডেল পৰিঘটনা কি?
উঃ পৃথিৱীৰ বায়ু মণ্ডলত থকা ধূলিকণা, ধােৱা, জল কণাৰ দ্বাৰা কলয়ডীয় কণাৰ সৃষ্টি হয়। এই কণাবােৰত পােহৰৰ ৰশ্মি আপতিত হলে পােহৰ
বিক্ষেপণ ঘটে আৰু ইয়াৰ গতি দৃশ্যমান হয়। ইয়াকে টিণ্ডেল পৰিঘটনা বােলে। বগা পােহৰ অতি সূক্ষকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে নীলা তৰংগ দৈৰ্ঘ্যৰ পােহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব।

২৩। ৰামধেনু কিয় আৰু কেতিয়া সৃষ্টি হয়?
উঃ আকাশত পানীৰ টোপালবােৰে ভাহি থকা সৰু সৰু প্রিজমৰদৰে কার্য কৰে। পােহৰৰ ৰশ্মি এই টোপালবােৰত পৰিলে প্ৰথম অৱস্থাত পােহৰৰ
বিছুৰণ ঘটি পােহৰৰ ৰশ্মি সাতটা ৰঙলৈ ভাগ হয়। ইয়াৰ পছত টোপালটোৰ বিপৰীত পৃষ্ঠত পােহৰৰ আটাইকেইটা ৰঙৰ আভ্যন্তৰীণ পূর্ণ প্রতিফলন ঘটে। এই প্রতিফলিত ৰশ্মিবােৰ পানীৰ টোপালটোৰ পৰা বাহিৰলৈ ওলাই আহােতে পুনৰ প্ৰতিসৰণ হৈ পর্যবেক্ষকৰ চকুত পৰে। পর্যবেক্ষকজনে এনে ক্ষেত্ৰত পােহৰৰ সাতােটা ৰং আকাশত স্পষ্টকৈ দেখিবলৈ পায়। এয়েই ৰামধেনু।

২৪। এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছে—
(i)
তেওঁ দৃষ্টিৰ কি বিকাৰত ভুগিছে?
(ii)
প্রতিকাৰী লেন্সখনৰ ফ’কাছ দৈর্ঘ্য কিমান?
(iii)
প্রতিকাৰী লেন্সৰ প্রকৃতি কি?
: (i) হাইপাৰমে ট্রপিয়া।
(ii) f= 1/1.5 ⇒ 10/15 ⇒ 0.67m
(iii)
উত্তল লেন্স।



No comments:

Post a Comment

SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020

  Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020   PROSE SECTION:   (Section-A)   1. A Letter to God G.L. Fuentes   ...