অনুশীলনী:
Q1. তলৰ কোনবোৰ পদাৰ্থ?
চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস।
Ans:- চকী, বায়ু, বাদাম আৰু ঠাণ্ডা-পানীয় ।
Q2. তলৰ পৰ্যৱেক্ষণটোৰ কাৰণ দৰ্শোৱা।
উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
Ans:- কোনো পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে-লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় । উত্তপ্ত বস্তুৰ পৰা নিৰ্গত গেছৰ কণিকাবোৰে বায়ুৰ মাজেৰে বহু দূৰলৈ গতি কৰি ব্যাপন প্ৰক্ৰিয়াৰে বায়ুৰ লগত মিলিত হয় । সেয়েহে, উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ বহু দূৰৰ পৰাই পোৱা যায় । কিন্তু, ঠাণ্ডা বস্তুৰ গোন্ধ পাৱলৈ ওচৰলৈ যাৱ লাগে।
Q3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
Ans: আমি জানো যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে। পানীৰ দৰে জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত কণাবোৰৰ মাজৰ আকৰ্ষণ বল, কঠিন পদাৰ্থতকৈ কম হোৱা বাবে ডুবাৰু এজনে সাতোঁৰাৰ সময়ত পানী ফালি সোমাই যাৱ পাৰে। কিন্তু, ডুবাৰুজনে উঠি অহাৰ লগে-লগেপানীৰ কণিকাৰ মাজৰ আকৰ্ষণ বলৰ বাবে পানীখিনি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে।
Q4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি?
Ans: পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্টসমূহ হ’ল —
(i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ।
(ii) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে ।
(iii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে ।
Q1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে (ঘনত্ব=ভৰ / আয়তন) । তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা —
বায়ু, চিমনিৰ পৰা ওললোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো ।
Ans: ঘনত্বৰ উৰ্দ্ধক্ৰমত সজাই পাওঁ —
বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি < লো
Q2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।
Ans:
বৈশিষ্ট্য |
গোটা |
জুলীয়া |
গেছীয় |
(i) আকৃতি |
আকৃতি আছে । |
আকৃতি নাই । |
আকৃতি নাই । |
(ii) আয়তন |
নিৰ্দিষ্ট আয়তন আছে । |
নিৰ্দিষ্ট আয়তন আছে । |
নিৰ্দিষ্ট আয়তন নাই । |
(iii) দৃঢ়তা |
দৃঢ় । |
দৃঢ় নহয় । |
দৃঢ় নহয় । |
(iv) কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল |
সৰ্বাধিক । |
গোটাতকৈ কম । |
আটাইতকৈ কম । |
(v) কণিকাবোৰৰ মাজৰ ব্যৱধান |
যথেষ্ট কম । |
গোটাতকৈ কম । |
সৰ্বাধিক । |
(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া —
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density) ।
Ans:
দৃঢ়তা: বাহিৰৰ পৰা বল প্ৰয়োগ কৰাৰ পিছতো কোনো পদাৰ্থৰ নিজৰ আকৃতি অপৰিৱৰ্তিত ৰখাৰ প্ৰৱণতাক দৃঢ়তা বোলা হয় । কঠিন পদাৰ্থবোৰ অতিশয় দৃঢ়। যিবোৰ কঠিন পদাৰ্থ কম দৃঢ় সেইবোৰক কোমল পদাৰ্থ বোলা হয়। তৰল আৰু গেছীয় পদাৰ্থৰ দৃঢ়তা অতি কম বা নায়েই।
সংকোচনশীলতা: পদাৰ্থৰ যিটো ধৰ্মৰ বাবে পদাৰ্থৰ ওপৰত প্ৰয়োগ কৰা চাপৰ হ্ৰাস বা বৃদ্ধি কৰি পদাৰ্থটোৰ আয়তনৰ পৰিৱৰ্তন ঘটাৱ পাৰি, সেই ধৰ্মটোক সংকোচনশীলতা বোলে হয় ।
কঠিন পদাৰ্থবোৰৰ সংকোচনশীলতা প্ৰায় নায়েই। তৰল পদাৰ্থবোৰ সামান্য সংকোচনশীল । আনহাতে, গেছীয় পদাৰ্থবোৰ অতিকৈ সংকোচনশীল ।
প্ৰবাহীতা: প্ৰবাহিত হৈ বৈ যাৱ পৰা বা বিয়পি যাৱ পৰা ধৰ্মটোক প্ৰবাহীতা বোলা হয়। কঠিন পদাৰ্থবোৰ প্ৰবাহী নহয় বা এইবোৰ সাধাৰণতে বৈ নাযায়। কিন্তু তৰল আৰু গেছীয় পদাৰ্থবোৰ অতিশয় প্ৰবাহী ।
আকাৰ: আকাৰ বা আকৃতি হ’ল কোনো পদাৰ্থৰ নিৰ্দিষ্ট পৰিসীমা আৰু আয়তন। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ থাকে, জুলীয়া আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে।
গতিশক্তি: পদাৰ্থৰ কণাবোৰৰ গতিৰ বাবে কোনো পদাৰ্থৰ অন্তৰ্ভাগত নিহিত হৈ থকা শক্তিক কণিকাবোৰৰ গতিশক্তি বোলা হয়। কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি অতি কম, তৰলৰ কণাৰ গতিশক্তি কঠিনতকৈ বেছি। গেছীয় পদাৰ্থৰ কণাৰ গতিশক্তি আটাইতকৈ বেছি।
ঘনত্ব: পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বোলা হয়। কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত ঘনত্ব, কঠিনৰ পৰা গেছীয়লৈ ক্ৰমে কমি যায় ।
Q3. কাৰণ দৰ্শোৱা —
(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে ।
(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি ।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘুৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।
Ans:
(a) গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কণিকাবোৰৰ মাজৰ আন্ত: আণৱিক দূৰত্ব বেছি আৰু আন্ত: আণৱিক আকৰ্ষণ বল অতি কম। সেয়েহে, গেছৰ কণিকাবোৰ মুক্তভাৱে সকলো দিশত উচ্চ বেগত ঘূৰি ফুৰিব পাৰে। ফলত, কোনো বন্ধ পাত্ৰত ৰখা গেছে পাত্ৰটোৰ সকলো অংশতে বিয়পি পৰি পাত্ৰটোৰ সকলো অংশই অধিকাৰ কৰে।
(b) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি অতি বেছি হোৱা বাবে ইহঁতে যিকোনো দিশত গতি কৰি থাকে। এনে গতিৰ ফলত ইহঁতে পৰস্পৰৰ লগত আৰু পাত্ৰৰ বেৰত খূন্দা খায়। ফলত, ইহঁতে পাত্ৰৰ বেৰত যিকোনো স্থানত বল প্ৰয়োগ কৰে। ধাৰক পাত্ৰৰ প্ৰতি একক ক্ষেত্ৰফলৰ কালিৰ ওপৰত গেছৰ কণিকাবোৰে প্ৰয়োগ কৰা এই বলেই হ’ল গেছৰ চাপ।
(c) কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। বাহ্যিক বলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ টেবুল এখনে নিজৰ আকৃতি অটুত ৰাখিৱ পাৰে। অৰ্থাৎ, সামান্য বল প্ৰয়োগৰ দ্বাৰা টেবুলখন বিকৃত কৰিৱ নোৱাৰি। সেয়েহে, কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি ক’ৱ পাৰি।
(d) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আন্ত:আণৱিক আকৰ্ষণ অতি কম আৰু আন্ত:আণৱিক ব্যৱধান অতি বেছি। সেয়েহে, বায়ুৰ মাজেৰে আমি অতি সহজে হাতখন ঘুৰাব পাৰো।
কিন্তু, কাঠৰ দৰে কঠিন পদাৰ্থবোৰৰ আন্ত:আণৱিক বল বেছি হোৱা বাবে কণাবোৰ দৃঢ়ভাৱে বান্ধ খাই থাকে। সেয়েহে, কাঠৰ দৰে কঠিন পদাৰ্থৰ মাজেৰে হাত ঘূৰোৱা সম্ভৱ নহয় ।
Q4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু — বৰফ পানীত ওপঙে; কিয় বাৰু ?
Ans: পানী গোট মাৰি বৰফৰ সৃষ্টি হয়। পানী জুলীয়াৰ পৰা গোট মাৰোঁতে পানীৰ কণিকাবোৰৰ মাজত যথেষ্ট খালী ঠাই ৰৈ যায়। সেয়েহে, বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হয়। ফলত, গোটা হোৱা স্বত্ত্বেও বৰফ পানীত ওপঙে।
( পানীৰ ঘনত্ব = 1gm/cm3 আৰু, বৰফৰ ঘনত্ব = 0.92 gm/cm3 )
Q1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা —
(a) 300k (b) 573k
Soln: আমি জানো, c = k – 273
(a) 300k = (300-273) ℃
= 27℃
(b) 573k = (573-273) ℃
= 300℃
Q2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ৱ ?
(a) 250℃ (b) 100℃
Ans: (a) 250℃ : এই উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব। যিহেতু, এই উষ্ণতা পানীৰ উতলাংকতকৈ অধিক ।
(b) 100℃ = পানীৰ উতলাংক হ’ল 100℃ । এতেকে, এই উষ্ণতাত পানী উতলিবলৈ আৰম্ভ কৰে ।
Q3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
Ans: পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰিৱলৈ তাপ শক্তি প্ৰয়োগ হয় আৰু কণিকাবোৰৰ মাজতে নাইকিয়া হয়।
সেইবাবে, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে।
Q4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।
Ans: চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া কৰিৱ পাৰি।
Q1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?
Ans: Desert cooler ত বাষ্পীভৱনৰ ফলত উচ্চশক্তি সম্পন্ন তৰলৰ কণিকা আঁতৰি যায় আৰু নিম্নশক্তি সম্পন্ন অৱশিষ্ট কণিকাসমূহে চৌপাশৰ তাপশক্তি শোষণ কৰে। ফলত উষ্ণতা হ্ৰাস পায়।
শুকান গৰমৰ দিনত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কম হোৱা বাবে বাষ্পীভৱনৰ মাত্ৰা বৃদ্ধি পায়। সেয়েহে, শুকান গৰমৰ দিনত Desert cooler এটাই ভালদৰে ঠাণ্ডা কৰিৱ পাৰে।
Q2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?
উত্তৰ:- মাটিৰ কলহত অসংখ্য সৰু সৰু ৰন্ধ্ৰ থাকে আৰু এইবোৰৰ মাজেৰে কিছু সংখ্যক পানীৰ কণিকা কলহৰ বহি: পৃষ্ঠলৈ ওলাই আহি বায়ুৰ লগত মিহলি হৈ পৰে। এই কণিকাবোৰে বাষ্পীভৱনৰ বাৱে প্ৰয়োজনীয় হোৱা তাপশক্তি কলহৰ অৱশিষ্ট পানীখিনিৰ পৰা শোষন কৰে যাৰ ফলত কলহ আৰু কলহত থকা অৱশিষ্ট পানী দুয়োটাৰে উষ্ণতা হ্ৰাস পায়। সেইবাবে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ৰাখিলে পানীখিনি ঠাণ্ডা হৈ থাকে ।
Q3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?
উত্তৰ:- হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে এই উদ্বায়ী পদাৰ্থবোৰে বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় তাপশক্তি হাতৰ তলুৱাৰ পৰা শোষণ কৰে। ফলত, হাতৰ তলুৱাৰ উষ্ণতা হ্ৰাস পায় বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়।
Q4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাত কৈ প্লেটত লৈ খোৱা সহজ কিয় ?
উত্তৰ:- গৰম চাহ বা গাখীৰ প্লেটত ঢালি ল’লে তৰলখিনিৰ পৃষ্ঠকালি কাপতকৈ বৃদ্ধি পায়। পৃষ্ঠকালিৰ বৃদ্ধিৰ লগে-লগে বাষ্পীভৱন বৃদ্ধি হয় আৰু গাখীৰ বা চাহ সোনকালে ঠাণ্ডা হয়। সেয়েহে, গৰম চাহ বা গাখীৰ কাপতকৈ প্লেটত ঢালি খোৱাত সহজ হয়।
Q5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?
উত্তৰ:- গ্ৰীষ্মকালত আমাৰ দেহৰ পৰা ঘাম ওলাই আৰু এই ঘামে দেহৰ পৰা তাপ শোষণ কৰি বাষ্পীভূত হয়। অন্য সাংশ্লেষিক কাপোৰতকৈ কপাহী কাপোৰে শৰীৰৰ ঘাম সোনকালে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। ফলত, দেহটো শুকান আৰু ঠাণ্ডা হৈ থাকে। সেয়েহে, গৰমৰ দিনত কপাহী কাপোৰ পিন্ধা উচিত।
Q1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা —
(a) 293K (b) 470K
উত্তৰ:-
(a) 293K
∴ছেলছিয়াছ স্কেলত উষ্ণতা হ’ৱ
= ( k – 273 )℃
= (293 – 273)℃
= 20℃
(b) 470K
∴ছেলছিয়াছ স্কেলত উষ্ণতা হ’ৱ
C = ( k – 273 )℃
= (470 – 273)℃
= 197 ℃
Q2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা —
(a) 25℃ (b) 373℃
উত্তৰ:-
(a) 25℃
∴কেলভিন স্কেলত উষ্ণতা হ’ৱ,
C = k – 273
⇒ k = c + 273
⇒ k = 25 + 273
⇒ k = 298k
∴কেলভিন স্কেলত উষ্ণতা = 298k
(b) 373℃
∴কেলভিন স্কেলত উষ্ণতা হ’ৱ,
C = k – 273
⇒ k = c + 273
⇒ k = (373 + 273)
⇒ k = 646k
∴কেলভিন স্কেলত উষ্ণতা = 646k
Q3. কাৰণ দৰ্শোৱা —
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।
উত্তৰ:- (a) নেফথেলিনৰ বল উৰ্দ্ধপাতন প্ৰক্ৰিয়াৰ দ্বাৰা পোনে-পোনে কঠিনৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। সেয়েহে, খোলা ঠাইত নেফথেলিনৰ বল কিছুদিন থৈ দিলে ই নাইকিয়া হৈ যায়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ।
উত্তৰ:- আতৰৰ দৰে সুগন্ধি পদাৰ্থ মুকলিকৈ ৰাখিলে ইয়াৰ উদ্বায়ী সুগন্ধি কণিকাবোৰে ব্যাপন প্ৰক্ৰিয়াৰে বায়ুৰ লগত মিহলি হৈ বহু দূৰলৈ গতি কৰে। ফলত, দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
Q4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা — পানী, চেনী আৰু অক্সিজেন ।
উত্তৰ:- কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজাই পাওঁ –
অক্সিজেন < পানী < চেনী
Q5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25℃ (b) 0℃ (c) 100℃
উত্তৰ:-
(a) 25℃:– জুলীয়া অৱস্থাত থাকিৱ।
(b) 0℃:- গোটা আৰু জুলীয়া অৱস্থাৰ মধ্যৱৰ্তী অৱস্থাত থাকিৱ।
(c) 100℃:- গেছীয় আৰু জুলীয়া অৱস্থাৰ মধ্যৱৰ্তী অৱস্থাত থাকিৱ।
Q6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা —
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া ।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।
উত্তৰ:-
(a) সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আকৃতি নাথাকে, কিন্তু আয়তন থাকে। ইয়াক যি পাত্ৰত ৰখা হয় তাৰেই আকৃতি লয়। তদুপৰি সাধাৰণ উষ্ণতাত পানী নিম্নমুখী যিকোনো দিশত প্ৰবাহীত হয়। সেয়েহে সাধাৰণ উষ্ণতাত পানীক জুলীয়া পদাৰ্থ বোলা হয়।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটোৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে। তদুপৰি ইয়াক সহজে বিকৃত বা সংকুচিত কৰিৱ নোৱাৰি। সেয়েহে, সাধাৰণ উষ্ণতাত নিৰ্দিষ্ট আকৃতি, আয়তন আৰু দৃঢ়তা থকা বাবে লোৰ আলমাৰিটোক কঠিন পদাৰ্থ বুলি কোৱা হয়।
Q7. 273K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?
উত্তৰ:- 273k উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত থকা পানীতকৈ তাপশক্তি কম থাকে। গতিকে, 273k উষ্ণতাত থকা বৰফ কোনো পদাৰ্থ ঠাণ্ডা কৰিবলৈ ব্যৱহাৰ কৰিলে সেই একে উষ্ণতাত থকা পানী ব্যৱহাৰ কৰাতকৈ বেছি তাপ শোষণ কৰে, ফলত পদাৰ্থটো সোনকালে বেছি ঠাণ্ডা হয়। সেয়েহে, 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীততৈ বেছি ঠাণ্ডা কৰে।
Q8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?
উত্তৰ:- উতলা পানীতকৈ পানীৰ ভাপত পানীৰ বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা লীনতাপৰ সমান পৰিমাণৰ তাপ বেছিকৈ নিহিত হৈ ধাকে। সেই বাবে, আমাৰ ছালৰ সংস্পৰ্শলৈ আহিলে উতলা পানীতকৈ পানীৰ ভাপে বেছিকৈ পুৰিব।
No comments:
Post a Comment