প্ৰশ্নাৱলী:
1.পদার্থ বুলিলে কি বুজা?
উত্তৰঃ পদাৰ্থ হৈছে একেবিধ উপাদানৰ দ্বাৰা গঠিত যাক কোনো ভৌতিক প্ৰক্ৰিয়াৰে অন্য পদাৰ্থলৈ পৃথক কৰিব নোৱাৰি; যেনে- চেনী।
1.সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবোৰঃ
1.সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম। আনহাতে অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।
2.সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে। আনহাতে অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে।
3.সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানী আৰু চেনীৰ মিশ্রণ। আনহাতে অসমসত্ব মিশ্রণৰ উদাহৰণ হ’ল পানীআৰু তেলৰ মিশ্ৰণ।
প্ৰশ্নাৱলী:
1.সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবোৰঃ
1.সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম। আনহাতে অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।
2.সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে। আনহাতে অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে।
3.সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানী আৰু চেনীৰ মিশ্রণ। আনহাতে অসমসত্ব মিশ্রণৰ উদাহৰণ হ’ল পানীআৰু তেলৰ মিশ্ৰণ।
2.কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বণৰ মাজত প্ৰভেদবোৰ কি কি ?
উত্তৰ:-

3.293k উষ্ণতাত 100ml পানীত 36g ছ’ডিয়াম ক্ল’ৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ’লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।
উত্তৰঃ ইয়াত, দ্ৰাৱ্য ছ’ডিয়াম ক্লে’ৰাইড
(Nacl) ৰ ভৰ = 36g
দ্ৰাৱক (h₂0)ৰ ভৰ = 100g
দ্ৰৱৰ ভৰ= দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ= 36g+100g= 136g
দ্ৰৱটোৰ গাঢ়তা = দ্ৰাৱ্যৰ ভৰ/দ্ৰাৱকৰভৰ × 100g
= 36/136x 100
= 26.47 %
প্ৰশ্নাৱলী:
1.কেৰাচিন আৰু প্ৰেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ প্ৰাৰ্থক্য 25°C তকৈ বেছি ) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?
উত্তৰঃ যিহেতু কেৰাচিন আৰু প্ৰেট্ৰ’লৰ উতলাংকৰ প্ৰাৰ্থক্য 25° Cতকৈ বেছি সেয়ে
মিশ্ৰণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি।
কেৰাচিন আৰু প্ৰেট্ৰ’লৰ মিশ্ৰণটোৰ পাতন ফ্লাস্কত লৈ ইয়াৰ লগত এটা থাৰ্ম’মিটাৰ সংলগ্ন কৰা হয়। এটা বাণীৰেৰে মিশ্ৰণটোত লাহে লাহে তাপ প্ৰয়োগ কৰি থার্ম’মিটাৰৰ পাৰস্তম্ভৰ ওপৰত নজৰ ৰখা হয়।কেৰাচিন বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি পাৰহৈ যাওঁতে ঘনীভূত হব আৰু গ্রাহক পাত্ৰত জমা হব। পাতন ফ্লাস্কত পেট্ৰ’ল ৰৈ যাব।
2.তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰে নাম লিখা।
(i) দৈৰ পৰা মাখন (butter)
(ii)সাগৰৰ পানীৰ পৰা নিমখ
(iii)নিমখৰ পৰা কৰ্পূৰ
উত্তৰঃ
(i)অপকেন্দ্ৰিক পদ্ধতি।
(ii)বাষ্পীভৱন পদ্ধতি ।
(iii)উর্ধপাতন পদ্ধতি।
প্ৰশ্নাৱলী:
1.তলৰ কার্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?
গছ কটা।
কেৰাহি এখনত মাখন গলি যোৱা ।
আলমাৰিত মামৰ ধৰা ।
পানী উতলাই জলীয় ভাপ কৰা ।
পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ‘জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।
পানীত নিমখ দ্ৰৱীভূত কৰা ।
কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।
কাগজ আৰু কাঠ পুৰিলে ।
উত্তৰঃ ভৌতিক পৰিৱৰ্তনঃ গছ কটা, কেৰাহি এখনত মাখন গলি যোৱা,পানী উতলাই জলীয় ভাপ কৰা,পানীত নিমখ দ্ৰৱীভূত কৰা, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা।
ৰাসায়নিক পৰিৱৰ্তনঃ আলমাৰিত মামৰ ধৰা, পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা, কাগজ আৰু কাঠ পুৰিলে ।
2.তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।
উত্তৰঃ বিশুদ্ধ পদার্থঃ পানী, চেনি, ছ’ডিয়াম ক্ল’ৰাইড, লো, ৰুপ, সোণ, কৰ্পূৰ ইত্যাদি।
মিশ্রণঃ মাটি, খনিজ পদার্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰ’লিয়াম, চাহ, কফি, কাপোৰ, শাক-পাচলি ইত্যাদি।
অনুশীলনীঃ
প্ৰশ্ন- ১) তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড ।
উত্তৰঃ বাষ্পীভৱন পদ্ধতি ।
(b)ছডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্লৰাইড।
উত্তৰঃ উৰ্ধপাতন পদ্ধতি ।
(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি ।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ ।
উত্তৰ :- বৰ্ণলেখন পদ্ধতি ।
(e) দৈ পৰা মাখন।
উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল ।
উত্তৰ :- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।
(g) চাহৰ পৰা চাহপাত ।
উত্তৰ :- ফিল্টাৰ কৰা পদ্ধতি।
(h) বালিৰ পৰা লোৰ পিন ।
উত্তৰ :- চুম্বকীয় পৃথকীকৰণ।
(i) চোকোৰাৰ পৰা গমৰ গুটি ।
উত্তৰ :- জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ ।
উত্তৰ :- আশ্ৰাৱণ পদ্ধতি।
2) একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্রাব্য, দ্রবীভূত, দ্ৰৱনীয়, অদ্রবনীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উত্তৰ:- চাহ বনোৱা পদ্ধতি:-
(i) দ্ৰাৱক পানী গৰম কৰা হয়।
(ii) দ্ৰাৱ্য চাহ আৰু চেনী গৰম কৰা দ্ৰাৱক পানীত দ্ৰৱীভূত কৰি দ্ৰৱন প্ৰস্তুত কৰা হয়।
iii) দ্ৰৱনটোত গাখীৰ যোগ কৰিলে বৰণ সলনি হ’ব আৰু গাখীৰৰ কলয়ডীয় দ্ৰৱন প্রস্তুত কৰা হয়।
(iv) গৰম অৱস্থাত মিশ্রটোত থকা চেনী দ্ৰবীভূত হয় আৰু চাহপাতৰ যৌগবোৰ পানীত দ্ৰবীভূত হয়।
(v) অৱশিষ্ট চাহপাত চেকী পেলাই দিয়া হয় আৰু পৰিশ্ৰুতখিনি চাহ হিচাপে কাপত লোৱা হয়।
3.প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱনীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে।
ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্রৱণ প্রস্তুতিৰ বাবে প্রয়োজনীয় দ্ৰাব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে।
(a) পটাছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ এটা কৰিবলৈ 313K উষ্ণতাত 50gm পানীত কিমান গ্রাম পটাছিয়াম নাইট্রেট লাগিব ?
উত্তৰ:- 313K উষ্ণতাত 100gm পানী সংপৃক্ত কৰিবলৈ KNO₃ লাগে= 62gm
∴ 313K উষ্ণতাত 1gm পানী সংপৃক্ত কৰিবলৈ KNO₃ লাগে =62/100gm
313K ঊষ্ণতাত 50gm পানী সংপৃক্ত কৰিবলৈ KNO₃ লাগে =62/100 x 50gm= 31gm
(b) 353K উষ্ণতাত প্রজ্ঞাই KCI ৰ সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতাত ঠাণ্ডা হবলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।
উত্তৰ:- KCI ৰ সংম্পৃক্ত দ্ৰৱটো 353K উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’ব। তাত KCI ৰ স্ফটিক জমা হয়। উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয়। 353K উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ অহাৰ বাবে স্ফটিক আকাৰত পাত্ৰৰ তলিত জমা হয়।
(c) প্ৰতিটো লৱণৰে দ্ৰৱনীয়তা 193 নিৰ্দ্ধাৰিত কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱনীয়তা আটাইতকৈ বেছি?
উত্তৰ:-
(i) 283K উষ্ণতাত KNO₃ ৰ দ্ৰৱনীয়তা = 21
∴ 1K উষ্ণতাত KNO₃ ৰ দ্ৰৱনীয়তা=21/283
∴ 193K উষ্ণতাত KNO₃ ৰ দ্ৰৱনীয়তা = 21×193/283= 14.3
(ii) 283K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা = 36
∴ 1K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা= 36/283
∴193K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা= 36/283 x 193 =24.6
(iii) 283K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা= 35
∴ 1K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা=35/283
∴193K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা= 35/283 x 193
= 23.6
(iv) 283K উষ্ণতাত NH₄CI ৰ দ্ৰৱনীয়তা=24
∴1K উষ্ণতাত NH₄CI ৰ দ্ৰৱনীয়তা=24/283
∴193K উষ্ণতাত NH₄CI ৰ দ্ৰৱনীয়তা= 24/283 x 193=16.4
(d) লৱণৰ দ্ৰৱনীয়তাত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰ: দ্ৰৱনীয়তা উষ্ণতা বাঢ়িলে বৃদ্ধি হয়। কাৰণ উষ্ণতা বৃদ্ধি হলে দ্ৰাৱকত কণিকাবোৰৰ মাজৰ দূৰত্ব বৃদ্ধি হয়। ফলত কণিকাবোৰৰ মাজৰ খালী ঠাইত বেছি পৰিমাণৰ দ্ৰাব্যৰ কণিকা প্ৰৱেশ কৰিব পাৰে। সেইবাবে উষ্ণতা বৃদ্ধি হলে দ্ৰৱ এটা দ্ৰাব্যৰ দ্ৰৱনীয়তা বাঢ়ে।
4.উদাহৰণ দি ব্যাখ্যা কৰা ।
(a) সংপৃক্ত দ্ৰৱ ।
উত্তৰ :- দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয়।
উদাহৰণ স্বৰূপে, বিকাৰ এটাত পানী আৰু নিমখৰ দ্ৰৱ প্ৰস্তুত কৰি নিমখৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে এসময়ত আৰু নিমখ দ্ৰৱীভূত নহ’ব। সেই অৱস্থাত তাক সংপৃক্ত দ্ৰৱ বোলা হয়।
(b) বিশুদ্ধ পদাৰ্থ ।
উত্তৰ :- যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই “বিশুদ্ধ পদাৰ্থ” বুলি কোৱা হয়। কোনো ভৌতিক প্ৰক্ৰিয়াৰে এবিধ বিশুদ্ধ পদার্থক অন্য পদাৰ্থলৈ পৃথক কৰিব নোৱাৰি। উদাহৰণ স্বৰূপে, Nacl।
(c) কলয়ড
উত্তৰ:- যিবোৰ অসমসত্ত্ব দ্ৰৱৰ কণিকা খালী চকুৰে দেখা পোৱা নাযায় কিন্তু পোহৰৰ ৰশ্মি যাব দিলে দেখা পোৱা যায় সেইবোৰ দ্ৰৱক কলয়ড বোলে। কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। যেনে— গাখীৰ পানী, চিয়াহী আদি।
(d) প্ৰলম্বন
উত্তৰ:- যিবোৰ অসমসত্ব দ্ৰবত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় আৰু কণিকাবোৰ চেকী পৃথক কৰিব পাৰি তাক প্ৰলম্বন বোলা হয়।।
যেনে-বোকা আৰু পানীৰ মিশ্ৰণ।
5.তলৰ মিশ্ৰশবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা- ছ’ডাপানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকি লোৱা চাহ।
উত্তৰ:- সমসত্ব :-ছ’ডাপানী, চেকি লোৱা চাহ,ভিনেগাৰ।
অসমসত্ত্ব :-বায়ু ,মাটি, কাঠ।
6.তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰ :- তৰল খিনিৰ উতলাংক উষ্ণতাৰ দ্বাৰা বিশুদ্ধ হয়নে নহয় জানিব পাৰিম কিয়নো বিশুদ্ধ তৰলৰ নিৰ্দিষ্ট উতলাংক থাকে। বায়ুমণ্ডলীয় চাপত যদি তৰলখিনি উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছত গৰম হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে নহয় তেতিয়া ই বিশুদ্ধ পানী নহয়।
7.তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থ” ৰ শাৰীত পৰিব ?
(ক) বৰফ ।
(খ) গাখীৰ ।
(গ) লো ।
(ঘ) হাইড্ৰ’ক্লৰিক এছিদ ।
(ঙ) কেলচিয়াম অক্সাইড ।
(চ) পাৰা ।
(ছ) ইটা ।
(জ) কাঠ ।
(ঝ) বায়ু ।
উত্তৰ :- বিশুদ্ধ পদাৰ্থ:- (ক) বৰফ, (খ) গাখীৰ, (ঘ) হাইড্ৰ’ক্লৰিক এছিদ, (ঙ) কেলচিয়াম অক্সাইড (চ) পাৰা ।
8.তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা ।
(ক) মাটি ।
(খ) সাগৰৰ পানী ।
(গ) বায়ু ।
(ঘ) কয়লা ।
(ঙ) চ’দা পানী ।
উত্তৰ :- (খ) সাগৰৰ পানী, (গ) বায়ু, (ঙ) চ’দা পানী।
9.তলৰ কোনটোৱে “টিণ্ডল প্ৰভাৱ” দেখুৱায় ?
(ক) লৱণৰ দ্ৰৱ ।
(খ) গাখীৰ ।
(গ) কপাৰ ছালফেটৰ দ্ৰৱ ।
(ঘ) ষ্টাৰ্চ দ্ৰবন ।
উত্তৰ :- (খ) গাখীৰ ।
10.তলৰ বিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা।
a) চ’ডিয়াম
b) মাটি
c) চেনিৰ দ্ৰৱণ
d) ছিলভাৰ
e) কেলছিয়াম কাৰ্বনেট
f) টিন।
g) ছিলিকন।
উত্তৰ:-
মৌল– (a) ছডিয়াম, (d) ছিলভাৰ (1) টিন, (g) ছিলিকন, (k) মিথেন।
যৌগ:- (e) কেলছিয়াম কার্বনেট (1) কার্বন ডাই অক্সাইড
মিশ্রণ :- (b) মাটি, (c) চেনীৰ দ্ৰৱন (h) কয়লা (h) বায়ু (j) চাবোন, (m) তেজ
11.তলৰ কোনবোৰ ৰাসায়নিক পৰিৱৰ্তন
(a) উদ্ভিদ বুদ্ধি
(b) লোত মামৰে ধৰা
(c) লোৰ গুড়ি আৰু বালিৰ মিহলিকৰণ
(d) খাদ্য ৰন্ধন
(e) খাদ্য হজম হোৱা
(f) পানী গোট মৰা
(g) মমবাতি জ্বলোৱা
উত্তৰ:-
ৰাসায়নিক পৰিৱৰ্তন:-
(b) লোত মামৰে ধৰা
(c) খাদ্য হজম হোৱা
(d) খাদ্য ৰন্ধন
(g) মমবাতি জ্বলোৱা
No comments:
Post a Comment