Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১২ - ঘৰ্ষন

 

১। খালী ঠাই পূৰ কৰাঃ-

) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ আপেক্ষিক গতিত ঘৰ্ষণে বাধা দিয়ে।

) পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

) ঘৰ্ষণে  তাপ উৎপন্ন কৰে।

) কেৰম ব'ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ কমে

) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম



2) চাৰিজন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অধঃক্ৰমত সজাবলৈ কোৱা হ'ল। তলত উত্তৰ কেইটা উপস্থাপন কৰা হ'ল। কোনটো শুদ্ধ নিৰ্ণয় কৰা।

উত্তৰঃ- ) স্থিতি, পিছল, ঘূৰ্ণি



৩। ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ'---

উত্তৰঃ) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।



৪। ধৰা হ', তোমাৰ লিখা ডেস্কখন কিছু পৰিমানে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা।

উত্তৰঃ- হেলনীয়া ডেস্কখনৰ ওপৰত যেতিয়া কিতাপখনে পিছলিবলৈ আৰম্ভ কৰে, তেতিয়া কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলে কিতাপৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে। 





) দুৰ্ঘটনাবশত ঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা । ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ'বনে টান হ'ব কাৰণ দৰ্শোৱা ।

উঃ মাৰ্বলৰ মজিয়াত চাবোন পানী পেলালে মজিয়াত খোজ কাঢ়িবলৈ টান হ'ব । এইক্ষেত্ৰত চাবোন পানীয়ে পিচ্ছিলকৰ কাম কৰিব আৰু ভৰি আৰু মজিয়াৰ ঘৰ্ষণ তেনেই কম কৰি তুলিব । যাৰ ফলত মজিয়া খনত খোজ কঢ়াতো টান হ'ব । 



) খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে বাখ্যা কৰা ।

 উঃ খেলুৱৈসকলে ব্যৱহাৰ কৰা জোতাত থকা গজালে খেল পথাৰ আৰু জোতাৰ মাজৰ ঘৰ্ষণ বৃদ্ধি কৰে । যাৰ ফলত তীব্ৰবেগত দৌৰ মাৰিলেও তেওঁলোক পিছল খোৱাৰ পৰা ৰক্ষা পৰে । সেয়েহে , তেওঁলোকে এনেধৰণৰ জোতা ব্যৱহাৰ কৰে ।



) ইকবালে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াত ঠেলিব লগা হৈছে । কোনে বেছি বল প্ৰয়োগ কৰিব লগা হ'ব আৰু কিয় ?

উঃ এইক্ষেত্ৰত সীমাই বেছি বল প্ৰয়োগ কৰিব লাগিব । কাৰণ গধুৰ বাকচটোৰ ওপৰত মজিয়াখনে প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান পাতল বাকচতোটকৈ বেছি হ'ব । যিহেতু , গধুৰ বাকচটোৰ পৃষ্ঠ আৰু মজিয়াৰ ঘৰ্ষণৰ ওপৰত পাতল বাকচটোৰ তুলনাত অধিক হেঁচা পৰি আছে , সেয়েহে সীমাই ইকবালৰ তুলনাত অধিক বল প্ৰয়োগ কৰিহে বাকচটো ঠেলিবলৈ সক্ষম হ'ব ।



) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম হয় বাখ্যা কৰা ।

উঃ স্থিতাৱস্থাত থকা বস্তু এটাই গতি আৰম্ভ কৰাৰ মূহুৰ্ত্তত ঘৰ্ষন অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা বলেই হ'ল স্থিতি ঘৰ্ষনৰ জোখ । আনহাতে , এটা বস্তুক সম দ্ৰুতিত গতি কৰাই থাকিবলৈ প্ৰয়োজন হোৱা বলেই হ'ল পিছল ঘৰ্ষণৰ জোখ ।

                                যেতিয়া বস্তু এটাই গতি কৰিবলৈ আৰম্ভ কৰে , তেতিয়া ইয়াৰ পৃষ্ঠৰ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হ'বলৈ পৰ্যাপ্ত সময় নাপায় । ফলত বস্তুটো গতি কৰি থাকিবলৈ অধিক শক্তিৰ প্ৰয়োজন নহয় । সেয়েহে , স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম হয় ।



) উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই ।

উঃ 

 ঘৰ্ষণৰ উপকাৰিতা 

 ) ঘৰ্ষণৰ বাবে আমি খোজ কাঢ়িবলৈ সক্ষম হৈছো ।

 ) কলমৰ জোঙা অংশ আৰু বহীৰ পৃষ্ঠত ঘৰ্ষণৰ বাবে আমি লিখিবলৈ পাৰিছো ।

 ) ঘৰ্ষণ অবিহনে আমি খাদ্য খাবলৈ , কোনো বস্তু দাঙিবলৈ সক্ষম হৈছো ।

ঘৰ্ষণৰ আপদ

) ঘৰ্ষণৰ ফলতেই আমাৰ জোতা , চেণ্ডেলৰ তলি ক্ষয় যায় ।

 ) ঘৰ্ষণৰ ফলত তাপ উৎপন্ন হয় । বিভিন্ন কল - কাৰখানা তথা যান বাহনৰ যান্ত্ৰিক বস্তুবোৰ ঘৰ্ষণৰ ফলতে ক্ষয় যায় আৰু এসময়ত বিকল হৈ পৰে ।





১০) তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে বাখ্যা কৰা ।

উঃ তৰল পদাৰ্থত থকা কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বল বস্তুটোৰ দ্ৰুতি , আকৃতি আৰু তৰল পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে । যেতিয়া তৰল পদাৰ্থৰ মাজেৰে কোনো এটা বস্তুৱে গতি কৰে , বস্তুটোৱে তাৰ ওপৰত ক্ৰিয়াশীল ঘৰ্ষণক পৰাভূত কৰিব লাগে । এইক্ষেত্ৰত শক্তি ক্ষয় হয় । সেয়েহে , ঘৰ্ষণ কমাবলৈ তৰলত গতি কৰা বস্তুসমূহক বিষেশ আকৃতি দিব লগা হয় । উদাহৰণ স্বৰূপে , উৰাজাহাজৰ আকৃতিৰ সাদৃশ্যতা চৰাইৰ আকৃতিৰ সৈতে দেখা যায় ।



No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...