Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১১ - বল আৰু চাপ

 ) বস্তৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ ঠেলাঃ 

    ) পুতলা গাড়ী এখন ঠেলি তাৰ স্থানৰ সলনি কৰা।

    ) ফুটবল খেলুৱৈ এজনে ফুটবলটো কিক্ মাৰা।

টানাঃ

    ) কুঁৱাৰ পৰা পানী তোলো।

    ) ড্ৰয়াৰ এটা খোলা।



২। বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'-

    ) হাতেৰে হেঁচা দি প্লাষ্টিক বটলৰ আকৃতি বিকৃত কৰা।

    ) ৰবৰৰ বল এটাক হেঁচা দি তাৰ আকাৰ সলনি কৰা।



৩। তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা-

) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে।

) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে।

) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব বা টানিব লাগিব।

) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে।



৪। এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা।

    পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ।

) ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়।

) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল পেশীয় বলৰ উদাহৰণ।

) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে স্পৰ্শ বলৰ উদাহৰণ।

) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ



৫। তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।



) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।

উত্তৰঃ যেতিয়া আমি নেমু এটুকুৰা হাতৰ আঙুলিৰে চেপি ধৰোঁ, তেতিয়া নেমু টুকুৰাৰ ওপৰত আঙুলিৰ দ্বাৰা পেশীয় বল প্ৰযুক্ত হয় আৰু ইয়াৰ আকৃতি পৰিৱৰ্তন হৈ ৰস নিগৰিব ধৰে।



) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।

উত্তৰঃ টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিৱাওতে আমি হাতেৰে টিউবটোৰ ওপৰত পেশীয় বল প্ৰয়োগ কৰোঁ। যাৰ ফলত টিউবটোৰ আকৃতি সলনি হয় আৰু পেষ্ট উলাই আহে।



) বেৰৰ হাঁকোটাৰ পৰা ওলোমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।

উত্তৰঃ ওলোমাই থোৱা স্প্ৰিংডালৰ আনটো মূৰত গধুৰ ভৰ ওলোমাই দিলে ভাৰটোৰ ফলত স্প্ৰিং ডালে এক নিম্নগামী বল (মাধ্যাকৰ্ষণ বল) অনুভৱ কৰিব। যাৰ ফলত স্প্ৰিংডাল সম্প্ৰসাৰিত হ'ব।





) নিদিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।

উত্তৰঃ  যেতিয়া খেলুৱৈ এজনে জঁপিয়াই, তেতিয়া খেলুৱৈ জনৰ শৰীৰটোৱে মাটিৰ  ওপৰত পেশীয় বল প্ৰয়োগ কৰে , যিয়ে খেলুৱৈ জনৰ জাঁপটোত উচ্চতা প্ৰদান কৰে । ইয়াৰ ফলত খেলুৱৈ জনে দণ্ডডাল অতিক্ৰম কৰে ।

) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সজুঁলি তৈয়াৰ কৰে । হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে

উঃ উত্তপ্ত লোৰ টুকুৰাক আঘাত কৰি বিভিন্ন আকৃতি দিব পাৰি । যেতিয়া কমাৰে হাতুৰিৰ জৰিয়তে লোৰ টুকুৰাটোৰ ওপৰত পেশীয় বল প্ৰয়োগ কৰে , তেতিয়া লোৰ টুকুৰাটোৰ আকৃতিৰ পৰিৱৰ্তন হয় আৰু কমাৰে প্ৰয়োজন অনুসৰি তাক আকৃতি প্ৰদান কৰে । 

) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘহিঁ লৈ , বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । বেলুন আৰু বেৰখনত মাজৰ আকৰ্ষনত কি বলে ভূমিকা লৈছে ।

উঃ ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহা হয় , তেতিয়া ই স্থিতি বৈদ্য়ুতিক আধান লাভ কৰে । আধানমুক্ত বস্তুৱে আন আধানযুক্ত অথবা আধানহীন বস্তুৰ ওপৰত স্থিতি বৈদ্যুতিক বল প্ৰয়োগ কৰে । সেয়েহে , আধানযুক্ত বেলুনটো বেৰত হেঁচি ধৰিলে বেলুনটোআৰু বেৰখনৰ মাজত স্থিতিবৈদ্যুতিক বলে ক্ৰিয়া কৰে আৰু বেলুনটো বেৰখনত লাগি ধৰে ।



) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।

উঃ মাটিৰ পৰা কিছু ওপৰত পানীপূৰ্ণ বাল্টি এটা দাঙি ধৰি থকা অৱস্থাত বাল্টিটোৰ ওপৰত দুই ধৰণৰ বলে ক্ৰিয়া কৰি থাকে ।

) আমাৰ হাতৰ দ্ৱাৰা পেশীয় বল

) পৃথিৱীৰ মধ্য়াকৰ্ষণ বল বা বাল্টিৰ ওজন ।

          বাল্টিটো যেতিয়া আমি দাঙি ৰাখো তেতিয়া আমি বাল্টিটোৰ ওজনৰ সমান পেশীয় বল প্ৰয়োগ কৰো , ফলত বাল্টিটোৰ ওজনৰ সমান বল প্ৰয়োগ হয় আৰু লব্ধ বলৰ মান শূন্য় হয় । ফলত বাল্টিটোৰ গতি অৱস্থাৰ কোনো পৰিবৰ্তন নহয় ।



) কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপস্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা 

উঃ ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধ হ'-

) পৃথিৱীৰ মাধ্যাকৰ্ষণ বল   

) বায়ুমণ্ডলৰ ফলত সৃষ্টি হোৱা ঘৰ্ষণ বল । 

১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰত বায়ুখিনি বুদবুদ্ আকাৰে ওলাই যোৱা দেখা যায় । আনহাতে , বাল্বৰ ওপৰত চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে । ড্ৰ'পাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে -

উঃ ঘ) বায়ুমণ্ডলীয় চাপ । 



No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...