Redirect Image

js

Monday, March 28, 2022

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ নিয়ন্ত্ৰণ আৰু সমন্বয়

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্রঃ ১। প্রতীপ ক্রিয়া আৰু খােজকঢ়াৰ মাজত পার্থক্য কি?

উঃ

প্রতীপ ক্রিয়া

খােজকঢ়াৰ

প্রতীপ ক্রিয়া জন্মগত

খােজকঢ়া মানুহে শিকাৰ ফলত হয়।

প্রতীপ ক্রিয়া স্বতঃস্ফুর্ত, খৰতকীয়া। এই ক্রিয়া অনৈচ্ছিকভাৱে সংঘটিত হয়।

খােজকঢ়া স্বতঃস্ফুর্ত: নহয়, স্নায়ুৱে ভৰিৰ পেশীলৈ সংকেত প্রেৰণৰ ফলত হয়।

প্রতীপ ক্রিয়া স্নায়ুৰজ্জৰ দ্বাৰা নিয়ন্ত্রণ হয়।

খােজকঢ়া মস্তিষ্কৰ পশ্চাৎ ভাগৰ দ্বাৰা নিয়ন্ত্রণ হয়।

প্রতীপ ক্রিয়া এটা অনৈচ্ছিক ক্রিয়া

আনহাতে কোজক এটা ঐচ্ছিক ক্রিয়া।

প্রঃ ২। দুটা নিউৰণৰ মাজৰ সংযােগী পথ বা ছাইনেপছত কি ঘটে?

উঃ চাইনেপছ হৈছে দুটা স্নায়ুকোষৰ মাজৰ ক্ষুদ্ৰ ফাঁক। এটা স্নায়ুকোষ বা নিউৰণৰ ডেনড্রাইটে তথ্য আহৰণ কৰি বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা দেহকোষলৈ যায় আৰু তাৰ পাছত এক্সনৰ শেষ প্রান্তলৈ গতি কৰে। এই বৈদ্যুতিক প্ৰেৰণা যুক্ত হােৱা ঠেক সংযােগী পথ বা ছাইনেপছ অতিক্রম কৰে আৰু ইয়াৰ পিছৰ পৰ্যায়ত অন্য পেশীকোষ বা গ্রন্থিকোষত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি হয়।

প্র : | মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উঃ মগজুৰ চেৰিবেলাম নামৰ অংশই।

প্রঃ ৪। আমি ধূপকাঠিৰ গােন্ধ কেনেকৈ পাওঁ ?
উঃ ধূপকাঠিত সুগন্ধি পদাৰ্থৰ অনু আৰু আমাৰ দেহত কিছুমান সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষ থাকে। এইবোেৰ বায়ুৱে গ্রাহক ইন্দ্ৰিয়ৰ পৰা কেন্দ্রীয় স্নায়ুত সংবেদন প্রেৰণ কৰে। মগজুৱে ধূপৰ গােন্ধ ধৰিব পাৰে আৰু সেইবাবে আমি ধূপৰ গােন্ধ পাওঁ।

প্রঃ ৫। প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
: প্রতীপ ক্রিয়া স্নায়ুৰজ্জত সংঘটিত হয়। প্রতীপ ক্রিয়াৰ বাবে প্রয়ােজনীয় তথ্য মগজুৱে যােগান ধৰে। মগজুৱে পর্যায়ক্রমে সংজ্ঞাবাহী স্নায়ুকোষৰ পৰা আজ্ঞাবাহী স্নায়ুকোষলৈ প্ৰেৰণ সঞ্চাৰণ কৰি প্ৰতীপক্রিয়া সংঘটিত কৰে।

প্রঃ ৬। দুই প্রকাৰৰ প্ৰান্তীয় স্নায়ু কি
উঃ দুই প্রকাৰৰ প্ৰান্তীয় স্নায়ু হ’ল—
(
) মস্তিষ্কৰ পৰা ওলােৱা কৰােটীয় স্নায়ু।
(
) স্নায়ুৰজ্জ পৰা উৎপত্তি হােৱা অসংখ্য স্নায়ু।

প্র : ৭। উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক কি কি?
: উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক হৈছে– অক্সিন, জিবাৰেলিন, চাইট’কাইনিন, এবচাইটিক এছিড।

প্রঃ ৮। নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পােহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?
উঃ () নিলাজীবনৰ পাতে বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। সেইবাবে ইয়াৰ পাতবােৰ চুই দিয়াৰ লগে লগে জয় পৰি যায়। কিন্তু কাণ্ডৰ কুমলীয়া আগে পােহৰৰ দিশত গতি কৰে আৰু এই গতি অতি মন্থৰ।
(
) নিলাজী বনৰ চলনত পাতৰ আকাৰৰ পৰিৱৰ্তন নহয়। কিন্তু কাণ্ডৰ পােহৰৰ দিশত হােৱা চলনত ইয়াৰ আকাৰ বৃদ্ধি হয়।

প্রঃ ৯। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যােগােৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা।
উঃ অক্সিন।

নিয়ন্ত্ৰণ আৰু সমন্বয়

প্রঃ ১০। কোনাে এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?
: অক্সিনে উদ্ভিদৰ কোষ ডাঙৰ আৰু দীঘল হােৱাত সহায় কৰে। যেতিয়া আকৰ্ষ আধাৰৰ সংস্পৰ্শলৈ আহে তেতিয়া আধাৰৰ প্রত্যক্ষ সংস্পৰ্শত নথকা অংশত কম অক্সিন বেছি পৰিমাণে পােৱা যায়। ফলত সেই অংশৰ দৈর্ঘ্য বৃদ্ধি পায়। এনেকৈ আধাৰৰ চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে সহায় কৰে।

প্রঃ ১১। জলানুবেগীৰ পৰীক্ষামূলক আহি এটা প্রস্তুত কৰা।
উঃ তলিত বিন্ধা থকা এখন থাল লােৱা হ’ল। থালখন কাঠৰ মিহলি গুৰিৰে পূৰ কৰা হ’ল। কাঠৰ গুৰিখিনিত পানী চটিয়াই সেমেকা কৰি লােৱা হ’ল। গুৰিখিনিৰ ওপৰত বীজ ছটিয়াই দি গজিবলৈ দিয়া হ’ল। বীজবােৰ গজালি ওলাবলৈ ২-৩ দিন সময় দিয়া হয়। থালখন এঢলীয়াকৈ থাৱা হ’ল। বীজৰ গজালি ওলােৱাৰ পিছত এইবােৰ থালখনৰ বিন্ধাবােৰৰফালে বেঁকা হৈ আগ বাঢ়ে। মাধ্যাকর্ষণ বলৰ বাবে গজালিবােৰ ফুটাবােৰৰ মাজেৰে তললৈ আগবাঢ়ে যদিও পাছত পুনৰ বেকা হৈ সেমেকি থকা কাঠৰ গুৰিবােৰৰ ফালে বাঢ়িবলৈ ধৰে। জলানুবেগী চলনৰ ফলতেই এনে হয় বুলি ঠাৱৰ কৰিব পাৰি।।

প্রঃ ১২। প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উঃ প্রাণীদেহত ৰাসায়নিক সমন্বয় হৰম’নৰ দ্বাৰা হয়। প্রাণীৰ দেহৰ বিভিন্ন অংগ-প্রত্যংগ আৰু এইবােৰৰ কার্যবােৰৰ মাজত সমন্বয় নিয়ন্ত্রণ কৰে অন্তস্রাবী তন্ত্রই ইয়াৰ নলীবিহীন গ্রন্থিয়ে ৰাসায়নিক হৰমন নিঃসৰণ কৰে। নলীবিহীন গ্রন্থিৰ পৰা এই হ’মনবােৰ নিঃসৰণ হয় কাৰণে ই পােনে পােনে ৰক্ত সোতৰ লগত মিলি নির্দিষ্ট অংগলৈ গতি কৰে। এইদৰে এইবােৰে বিভিন্ন অংগসমূহৰ মাজত ৰাসায়নিক সমন্বয় নিয়ন্ত্রণ কৰে।

প্রঃ ১৩। আয়ডিন পুষ্ট লৱণ খােৱাটো কিয় আৱশ্যক?
: তলত দিয়াবােৰৰ বাবে আয়ডিন পুষ্ট লৱণ খােৱাটো আৱশ্যক
(
) থাইৰয়ড গ্রন্থিয়ে নিঃসৰণ কৰা থাইৰক্সিন নামৰ হৰমনৰ সংশ্লেষণৰ বাবে আয়ডিন অতি আৱশ্যকীয়।।
(
) দেহৰ কাৰ্বহাইড্রেট প্রটিন আৰু চৰ্বিৰ বিপাকীয় কার্যবােৰ থাইৰক্সিনে নিয়ন্ত্রণ কৰে।
(
) আয়ডিনৰ অভাৱত মানুহৰ দেহত গৰল ৰােগ হয়।

প্র : ১৪। মানুহৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?
উঃ এড্রিনেলিন তেজত নিঃসৰিত হৈ দেহৰ বিভিন্ন অংশেলৈ যায়। এই হ’মন বিধে হৃদযন্ত্রৰ কোষ-কলাৰ বিভিন্ন প্রক্রিয়া সম্পাদন কৰে। এড্রিনেল যেতিয়া তেজৰ জৰিয়তে হৃদপিণ্ডত প্ৰৱেশ কৰে তেতিয়া হৃদপিণ্ডৰ স্পন্দন দ্রুত হয়। ইয়াৰ ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়। আৰু উশাহ-নিশাহৰ হাৰৰ বৃদ্ধি হয়। এই সকলােবিলাক সঁহাৰি একেলগ হৈ কোনাে এটা কার্য সম্পন্ন হয়।

প্রঃ ১৫। কিছুমান ডায়েবেটিছ ৰােগীক ইনচুলিনৰ বেজি দিয়া হয় কিয়?
উঃ ডায়েবেটিছ ৰােগীৰ দেহত ইনছুলিনৰ পৰিমাণ হ্রাস হয়। ইনছুলিনে তেজত গ্রুক’জৰ পৰিমাণ কমাই দিয়ে। সেইবাবে ডায়েবেটিছ ৰােগীক ইনছুলিনৰ বেজি দিয়া হয়। ইয়াৰ ফলত তেজত গ্রুক’জৰ মাত্রা বাঢ়ি দেহৰ ক্ষতি কৰিব নােৱাৰে।

প্রঃ ১৬। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ—
a)
ইনচুলিন। (b) থাইৰক্সিন। (c) অষ্ট্ৰেজেন (d) চাইট’কাইনিন।
: (d) চাইট’কাইনিন।

প্রঃ ১৭। দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়—
(a)
ডেনড্রাইট (b) চাইনেপচু (c) এক্সন (d) প্ৰেৰণা।
: (b) চাইনেপচ্‌।।

প্র. ১৮৷ মগজুৱে কি কাম কৰে
(a)
ভাৱ আৰু চিন্তা কৰা
(b)
হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ
(c)
দেহৰ সমতা ৰক্ষা।
(d)
ওপৰৰ আটাইকেইটা।
উঃ (d) ওপৰৰ আটাইকেইটা।

প্রঃ ১৯। যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে-
(a)
অক্সিন
(b)
জিবাৰেলিন,
(c)
এবচাইছি এচিড়
(d)
চাইটকাইনি।
: (c) এবচাইছি এচিড়

প্রঃ ২০। আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথােপযুক্ত কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
উঃ সংগ্রাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি। যি বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলাব পাৰে আৰু এই বার্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। যদি সংগ্রাহক অংগই সঠিকভাৱে কার্য সম্পাদন নকৰে তেন্তে আমাৰ জীৱন বিপদসংকুল হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে আমি কোনবিধ খাদ্য গ্রহণ কৰিলাে, কোনবিধ নিমখীয়া, কোনবিধ টেঙা তাক ধৰিব নােৱাৰি। ইয়াৰ ফলত আমি বেয়া খাদ্যও খাব পাৰো আৰু আমাৰ বেমাৰ-আজাৰৰ হ’ব পাৰে।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭

প্রঃ ২১। নিউৰণ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কার্য বর্ণনা
:Class 10 Science Chapter 7

নিউৰণৰ কার্য : নিউৰণ অথবা স্নায়ুকোষৰ কাৰ্য উল্লেখ কৰা হ’ল
(
) সংজ্ঞাবাহী স্নায়ুকোষ: এইবােৰ স্নায়ুকোষে সংগ্রাহক অংগৰ পৰা স্নায়ু উদ্দীপনা কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে।
(
) আজ্ঞাবাহী স্নায়ুকোষ: এইবােৰ কোষে স্নায়ু প্রেৰণা। বা নির্দেশ কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ (কাৰক) প্রেৰণ কৰে।
(
) পর্যায়ক বা অন্ত্ৰৱর্তী স্নায়ুকোষ: ইহঁতে সংজ্ঞাবাহী আৰু আজ্ঞাবাহীৰ মাজত পর্যায়ক্রমে স্নায়ু প্ৰেৰণী প্রেৰণ কৰে।

প্রঃ ২২। উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়?
উঃ দীপ্তিকাল হৈছে উদ্ভিদ দেহত পােহৰৰ বাবে সংঘটিত হােৱা এক বাহিক প্রতীপক্রিয়া। উদ্ভিদৰ কাণ্ডই সদায় পােহৰৰ দিশত অগ্ৰসৰ হয়। এই বৃন্ধি অক্সিন নামৰ হ’ৰমন বিধৰ দ্বাৰা নিয়ন্ত্রণ হয়। অক্সিনে কাণ্ড আৰু অগ্ৰস্থ ভাজক কলাত সংশ্লেষিত হৈ সেই অংশত উদ্ভিদৰ দৈর্ঘ্য আৰু আকাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু কাণ্ডই পােহৰৰ অভিমুখে আগবাঢ়ে আনহাতে শিপা পােহৰৰ বিপৰীত দিশত গতি কৰে।

প্রঃ ২৩। স্নায়ুৰত আঘাত হলে কেনে বার্তাত ব্যাঘাত ঘটে?
উঃ স্নায়ুৰত আঘাত হলে প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কাৰ্যৰ মাজত ব্যাঘাত ঘটে।

প্রঃ ২৪। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
উঃ উদ্ভিদৰ কোনাে স্নায়ুতন্ত্র নাথাকে। উদ্ভিদদেহত সংশ্লেষিত হােৱা একাংশ ৰাসায়নিক পদার্থই বাহ্যিক উদ্দীপনাৰ প্রতি সহাৰি জনায়। উদ্ভিদ এই বার্তাবাহক পদার্থবিধক হ’ৰমন বােলে। এইবিলাকে উদ্ভিদ প্রজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্রণ কৰে। এই হ’ৰমনে। ব্যাপন প্রক্রিয়াৰে উদ্ভিদ দেহৰ সকলোেবােৰ কোষত উপনীত হয়। উদ্ভিদৰ দেহত সংশ্লেষিত বার্তাবাহক ৰাসায়নিক পদার্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়।। এই বিলাকে উদ্ভিদ প্রজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্রণ কৰে। এই হৰ’মন বিলাক উদ্ভিদ দেহৰ অগ্রস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হয়। পদার্থসমূহে ৰাসায়নিক বার্তাবাহক অংগ হিচাপে বিস্তাৰিত হৈ বিশেষ কামৰ বাবে উদ্দীপ্ত কৰি উদ্ভিদ দেহৰ কাম কাজৰ মাজত সমন্বয় সাধে।

নিয়ন্ত্ৰণ আৰু সমন্বয়

প্রঃ ২৫। জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়ােজন?
উঃ জীৱ জীয়াই থাকিবলৈ নিয়ন্ত্রণ আৰু সমন্বয়ৰ প্রয়ােজন। ইয়াৰ বাবে জীৱই এনে এটা প্রণালী ব্যৱহাৰ কৰিব লাগে যিয়ে নিয়ন্ত্রণ আৰু সমন্বয়ৰ ব্যৱস্থা কৰে। জীৱদেহত থকা স্নায়ুতন্ত্রৰ দ্বাৰা প্ৰাণীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান পাই নির্দিষ্ট অংগৰ দ্বাৰা সঁহাৰি দিয়ে। এই কাৰণেই জীৱদেহৰ সমন্বয় আৰু নিয়ন্ত্ৰণৰ প্রয়ােজন।

প্রঃ ২৬। ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা?
: ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য হ’ল—

ঐচ্ছিক ক্রিয়া

প্রতীপ ক্রিয়া

ঐচ্ছিক ক্রিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি লাহে লাহে হয়

প্রতীপ ক্ৰিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি অতি দ্রুতগতিত হয়।

ঐচ্ছিক ক্রিয়া মেডুলাই নিয়ন্ত্রণ কৰে

আনহাতে, প্রতীপ ক্রিয়া মেৰু ৰজুৱে নিয়ন্ত্রণ কৰে।

ঐচ্ছিক ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্রতি সংবেদনশীল নহয়

প্রতীপ ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল হয়।

প্র : ২৭। আমাৰ দেহত স্নায়ুপ্ৰেৰণা কেনেদৰে প্ৰেৰিত হয়?

উঃ আমাৰ স্নায়ুকোষবােৰ দেহকোষ আৰু স্নায়ুকোষ প্ৰৱর্ধৰে গঠিত। স্নায়ু প্রৱর্ধ দুই প্রকাৰৰ এক্সন আৰু ডেনড্রাইট ডেনড্রাইটবােৰে নিকটৱর্তী কোষৰ পৰা বার্তা বা উদ্দীপনা সংগ্রহ কৰে। স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাকেৰে এবিধ ৰাসায়নকি পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা, দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয়। এই ৰাসায়নিক পদার্থবােৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কাষৰ ডেনড্রাইটৰ মাজৰ সংযােগী পথ বা ছাইপেনছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭

প্রঃ ২৮। স্নায়ুলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্রণ কৰে।
: স্নায়ু কলাই বার্তা গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংশলৈ প্রেৰণ কৰে আৰু ই পেশীসমুহক ক্রিয়া কৰাৰ বাবে সিদ্ধান্ত প্ৰেৰণ কৰে। যেতিয়া এটা স্নায়ু প্রবাহ পেশীয়ে বৈদ্যুতিক প্রবাহ লাভ কৰে তেতিয়া কোষৰ আকৃতি সলনি কৰি পেশীৰ আঁহৰবােৰে গতি কৰে। এই ক্ষেত্ৰত নিশ্চয় কোষৰ ৰসায়ন নিহিত হৈ থাকে। পেশীকোষবােৰত এবিধ বিশেষ প্রটিন থাকে। যেতিয়া ইহঁতে বৈদ্যুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ’লে পেশীকোষৰ প্ৰ’টিনবােৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।

প্রঃ ২৯ | মানৱদেহত থাইৰক্সিন হ’মনৰ কিয় আৱশ্যক?
উঃ থাইৰক্সিনে দেহৰ বৃদ্ধিত সহায় কৰে আৰু দেহত চর্বী, কার্বহাইড্রেট আৰু প্ৰ’টিনৰ বিপাকীয় কার্য নিয়ন্ত্রণ কৰে। ইয়াৰ ফলত দেহত বৃদ্ধিৰ সমতা ৰক্ষা কৰাত সহায় কৰে।

প্রঃ ৩০। নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?
উঃ নিলাজী বনৰ পাতৰ চলন আৰু ভৰিৰ চলনৰ মাজত
পার্থক্যবােৰ হ’ল—
(
) নিলাজী বনৰ চলন হৈছে বাহ্যিক উত্তেজনা প্রতি সঁহাৰি। আনহাতে, ভৰিৰ চলন প্রয়ােজন সাপেক্ষে হয়।।
(
) নিলাজী বনৰ চলনত স্নায়ুৰ প্ৰভাৱ নাই কিন্তু ভৰিৰ চলনত স্নায়ু জড়িত হৈ থাকে।
(
) নিলাজী বনৰ চলন প্রতীপ ক্রিয়া আনহাতে, ভৰিৰ চলন বাহ্যিক ক্রিয়া।
(
) নিলাজী বনৰ চলনত প্ৰটিনৰ প্ৰয়ােজন নহয় কিন্তু ভৰিৰ চলনত প্ৰটিনৰ প্রয়ােজন।

প্রঃ ৩১। কোনবিধ হৰমনৰ প্ৰভাৱত গছৰ পাত সৰে?
উঃ এবছাইচিক এছিডৰ প্ৰভাৱত।

প্রঃ ৩২। মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কার্য নিয়ন্ত্রণ কৰে?
উঃ পশ্চাৎ মস্তিষ্কত থকা মেডুলাই।

প্রঃ ৩৩। মানুহৰ দেহৰ ক’ত ইনচুলিন হ’মন উৎপন্ন হয় ?
উঃ অগ্নাশয়ত।

প্রঃ ৩৪। স্নায়ুকোষবােৰ কিহৰ দ্বাৰা গঠিত?
উঃ স্নায়ুকোষবােৰ দেহকোষ আৰু স্নায়ু প্রৱর্ধৰে গঠিত।

প্রঃ ৩৫। স্নায়ু প্রবর্ধক কি কি ভাগত ভাগ কৰা হৈছে?
উঃ এক্সন আৰু ডেনড্রাইট।

প্রঃ ৩৬। প্রতীপ ক্রিয়া কি?
উঃ কোনাে উদ্দীপনাৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফুর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতিক্রিয়াক প্রতীপ ক্রিয়া বােলে।

প্র : ৩৭। ফল পকাত সহায় কৰা হ’ৰমনবিধৰ নাম কি?
: ইথিলিন।

প্র : ৩৮। প্রতীপ ধনু কি?
উঃ নির্দিষ্ট প্রতীপ ক্রিয়াত স্নায়ু আৱেশ যি পথেৰে প্রবাহিত হয় তাক প্রতীপ ধনু বােলে।।

প্রঃ ৩৯। মস্তিষ্কৰ চেৰিবেলাম অংশই ভালদৰে কাম নকৰিলে কি বিজুতি হয়?
: শৰীৰৰ ভাৰসাম্য ৰক্ষা নােহাৱা হয়।

প্র : ৪৩। কোষ বিভাজনত উদ্দীপনা যােগান ধৰা উদ্ভিদৰ সঞ্জীবনী পদার্থ হল –
(b)
চাইটকাইনিন। (c) এবচাইচিক এচিড় (d) জিবাৰেলিন।
: (চাইট’কাইনিন।

প্রঃ ৪১। মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হল-
(a)
চেৰিবেলাম (b) মেডুলা। (c) পন্চ (d) চেৰিত্ৰাম
: (a) চেৰিবেলাম।

প্রঃ ৪২। ভােক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল-
(a)
প্রমস্তিষ্ক
(b)
মধ্যমস্তিষ্ক
(c)
পশ্চাৎমস্তিষ্ক (d) হাইপ’থেলামাছ
: (a) প্রমস্তিঙ্ক।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...