Redirect Image

js

Monday, March 28, 2022

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬ জীৱন প্ৰক্ৰিয়া

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্র : ১। মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্রক্রিয়াৰে আহৰণ কৰি লােৱাটো কিয় পর্যাপ্ত নহয় ?
উঃ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ ক্ষেত্ৰত সকলো কোষে চাৰিওপাশৰ পৰিবেশৰ সৈতে প্ৰত্যক্ষ সান্নিধ্যত নাথাকে। দেহৰ আকাৰ ডাঙৰ আৰু গঠন জটিল হোৱাৰ বাবে কেৱল ব্যাপন প্ৰক্ৰিয়াৰে সকলো কোষলৈ পৰ্যাপ্ত অক্সিজেন পোৱাটো সম্ভৱ নহয়। সেয়ে বহুকোষীয় জীৱৰ বাবে অক্সিজেন আহৰণ আৰু পৰিবহনৰ বাবে বিশেষ তন্ত্ৰৰ প্ৰয়োজন হয়।

প্রঃ ২। আমি কিহৰ ওপৰত ভিত্তি কৰি কোনাে এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
উঃ আমি কোনো এটা জীৱ জীৱিত নে মৃত তাক তাৰ ভিতৰত চলি থকা জীৱন প্ৰক্ৰিয়া, বিশেষকৈ শ্বাস-প্ৰশ্বাস আৰু আণৱিক চলাচলৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি ঠাৱৰ কৰোঁ। কেৱল বাহ্যিক চলন দেখিলেই যথেষ্ট নহয়।

প্রঃ ৩। জীৱৰ বাবে প্রয়ােজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
জীৱই বাহিৰৰ পৰিবেশৰ পৰা আহাৰ (কাৰ্বন ভিত্তিক খাদ্য), অক্সিজেন আৰু দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী আহৰণ কৰি লয়।

প্র : ৪। জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়ােজনীয় বুলি গণ্য কৰিবা ?
:জীৱৰ জীৱন বৰ্তি থাকিবলৈ পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন ক্ৰিয়াক অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়া বুলি গণ্য কৰিব পাৰি।

প্র : স্বপােষিত পুষ্টি আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি?
: স্বপােষিত আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য

স্বপােষিত পুষ্টি

পৰপােষিত পুষ্টি

স্বপােষিত পুষ্টিৰ জীৱবােৰে নিজে নিজৰ খাদ্য প্রস্তুত কৰি লয়।

পৰপােষিত পুষ্টিৰ জীৱবােৰে প্রত্যক্ষ আৰু পৰােক্ষভাৱে স্ব-পােষিত জীৱৰ ওপৰত নিৰ্ভৰশীল।

স্বপােষিত জীৱবােৰত পত্ৰ হৰি নামৰ সেউজীয়া ৰঞ্জক পদার্থ থাকে।

পৰপােষিত পুষ্টিৰ জীৱবােৰত কোনাে ৰঞ্জক পদার্থ নাথাকে।

প্রঃ ৬। সালােক সংশ্লেষণত প্রয়ােজনীয় প্রতিটো উপাদান উদ্ভিদে কত কত পায় ?

উঃ উদ্ভিদে সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধৰ জৰিয়তে, পানী মাটিৰ পৰা শিপাৰ জৰিয়তে, সূৰ্যৰ পোহৰ সূৰ্যৰ পৰা আৰু ক্ল’ৰ’ফিল পাতৰ ক্ল’ৰ’প্লাষ্টত পায়।

প্রঃ আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উঃ পাকস্থলীত থকা হাইড্ৰোক্লোৰিক এছিডে জীবাণু ধ্বংস কৰে, পেপচিন এনজাইম সক্ৰিয় কৰে আৰু পাকস্থলীত এছিডিক মাধ্যম সৃষ্টি কৰি প্ৰোটিন পাচনত সহায় কৰে।

প্রঃ ৮। পাচক উৎসেচকৰ কার্য কি?
উঃ পাচক উৎসেচকে জটিল শ্বেতসাৰক ভাঙি সৰল অনুলৈ পৰিৱৰ্তন কৰে যাতে দেহে সেইবােৰ দ্ৰৱণীয় অৱস্থাত পােষণ কৰিব পাৰে।

প্রঃ শােষণ হ’ব পৰালৈ ক্ষুদ্রান্তত খাদ্য কেনেকৈ পাচন হয়?
উঃ আমি খােৱা খাদ্যবােৰ সম্পূর্ণ পাচন হয় ক্ষুদ্রান্তত। ক্ষুদ্রান্তৰ বেৰত আঙুলি সদৃশ কিছুমান প্রৱর্ধ থাকে। এইৰােৰক ভিলাই বালে। ভিলাইবােৰক ৰক্তবাহী নলিকাৰ জালেৰে আৱৰি ৰাখে। এই জালিকাবােৰে পাচন হােৱা খাদ্য শােষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষসমুহলৈ পঠিয়ায়।

প্রঃ ১০। শ্বাস-প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি?
উঃ স্থলচৰ প্ৰাণীৰ উশাহ-নিশাহৰ হাৰ জলচৰ জীৱতকৈ কম। কিয়নাে বায়ুতকৈ পানীত কম পৰিমাণে অক্সিজেন মিহলি হৈ থাকে। পানীত 1% অক্সিজেনৰ বিপৰীতে বায়ুত 21% অক্সিজেন থাকে। স্থলচৰ প্ৰাণীয়ে অক্সিজেন সেৱন কৰি ভিতৰলৈ ঠেলি পঠিয়াব লাগে আৰু নির্দিষ্ট প্রক্রিয়াৰে CO2, এৰিব লাগে| এই অসুবিধাবােৰ জলজ প্রাণীৰ ক্ষেত্ৰত নাহে। সেই বাবে শ্বাস-প্রশ্বাস স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ সুবিধা।

প্রঃ ১১। কি কি প্ৰথাৰে বিভিন্ন জীবদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উঃ কিছুমান অনুজীৱই গ্লু’জৰ সম্পূর্ণ জাৰণ ঘটাই কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমানে অক্সিজেন ব্যৱহাৰ নকৰে বা কম পৰিমাণে ব্যৱহাৰ কৰে।

প্রঃ মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় ?

উঃ মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম হিমগ্লবিন ইয়াৰ অক্সিজেনৰ প্রতি আসক্তি বেছি। হিমগ্লবিনে অক্সিজেনৰ লগত লগ লাগি অক্সিহিমগ্লবিন উৎপন্ন কৰে। এনেদৰে হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংশ কোষসমূহলৈ অক্সিজেন পৰিবহণ কৰে। আনহাতে অক্সিজেনতকৈ কার্বন ডাই অক্সাইডৰ দ্ৰৱণীয়তা পানীত বেছি। সেইবাবে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাওঁফাওঁলৈ আহে। সেয়েহে অক্সিজেন আৰু কার্বন ডাই অক্সাইডৰ পৰিবহণত তেজে গুৰুত্বপূর্ণ ভূমিকা লয়।

প্রঃ ১৩। প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উঃ মানুহৰ হাওঁফাওঁত কিছুমান বেলুন আকৃতিৰ গঠন থাকে। এইবােৰক বায়ুকোষ বােলে। বায়ুকোষীয় মােনাবােৰৰ বেৰ অত্যন্ত পাতল আৰু ইহঁত আৱৰণী কলাৰে গঠিত। সেইবাবে ইয়াৰ মাজেৰে সহজে গেছ চলাচল হ’ব পাৰে। প্রত্যেক বায়ুকোষৰ বাহিৰৰফালে একোখন অতি ঘন ৰক্তজালিকা থাকে আৰু সেই ৰক্তজালিকা গঠন কৰা বেৰখন অতি পাতল। সেইবােৰৰ মাজেদি গেছ সহজে অহা যােৱা কৰিব পাৰে।


প্রঃ ১৪। মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?
উঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা হৈছে-
(
) তেজ : তেজ হল পৰিবহণ তন্ত্ৰৰ তৰল মাধ্যম। ই দেহৰ নানাবিধ দ্রব্য যেনে— খাদ্য, ৰেচন দ্ৰৱ, শ্বসন গেছ, হ’বমন, এনজাইম আদি এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিয়ে

ৰক্ত নলীকাঃ ৰক্ত নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্রবাহিত হয়। ৰক্ত নলীকাবােৰ দুটা ভাগত বিভক্ত। যেনে— ধমনী আৰু সিৰা। ধমনীবােৰে হৃদযন্ত্রৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়ায়। আনহাতে সিৰাবােৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে।
(
) হৃদপিণ্ড : হৃদপিণ্ডই পাম্পৰ দৰে কাম কৰে। হৃপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত দেহত তেজ অনবৰতে চলাচল হৈ থাকে।

জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৬

প্রঃ ১৫। পক্ষী আৰু স্তন্যপায়ী প্রাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্রয়ােজন?
উঃ পক্ষী আৰু স্তন্যপায়ী প্রাণীবােৰ উৰক্তী প্রাণী। এই প্রাণীবােৰে শৰীৰৰ উষ্ণতা স্থিৰে ৰাখি শক্তি আহৰণ কৰে। প্ৰাণীবােৰক যথেষ্ট শক্তি উৎপন্ন কৰিবলৈ অধিক পৰিমাণৰ বিশুদ্ধ অক্সিজেনৰ প্রয়ােজন হয়। সেইবাবে চৰাইৰ ক্ষেত্ৰত অক্সিজেনযুক্ত তেজ অক্সিজেন বিহীন তেজৰ লগত মিহলি হ’বৱৈ দিব নালাগে। সেইবাবে এইবােৰক পৃথক কৰি ৰখা হয়।

১৬। উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ? (H.S.L.C.-18)
উঃ উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগ () জাইলেম কলা আৰু () ফ্ল’ৱেম কলা।

প্রঃ ১৭। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে। পৰিবহণ হয় ? (H.S.LC-15/18)
: পানীৰ পৰিবহণ: জাইলেম কলাৰ নলিকা আৰু ট্রেকাইডবােৰে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ লগত যুক্ত হৈ গােটেই উদ্ভিদ দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে। শিপাৰ মাটিৰ লগত স্পর্শ কৰি থকা কোযেও সক্রিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য ঘটাই যাৰ ফলত শিপাই মাটিৰ পৰা পানী শােষণ কৰিব পাৰে। বাষ্পমােচন প্রক্রিয়াই পানী আৰু তাত দ্রবীভূত হৈ থকা খনিজ লৱণ শােষণ আৰু শিপাৰ পৰা পাতলৈ উর্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে।

প্রঃ ১৮। উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে?
উঃ সালােক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্রবণীয় পদার্থসমূহৰ পৰিবহণক খাদ্য সংক্রমণ বােলে। উদ্ভিদৰ ফ্ল’ৱেম কলাৰ যােগেদি খাদ্য সংবহন হয়। উদ্ভিদৰ খাদ্য। ইয়াৰ দেহত উর্ধমুখী আৰু অধােমুখী দুয়ােটা দিশত সংঘটিত হয়। উদ্ভিদে প্রস্তুত কৰা খাদ্য অর্থাৎ শৰ্কৰা ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এ. টি. পি ৰ পৰা শক্তি আহৰণ কৰে। ইয়াৰ ফলত ফ্ল’ৱেম কলাত আসৃতি চাপৰ বৃদ্ধি পায় আৰু পানী তাৰ ভিতৰলৈ গতি কৰে। ফলস্বৰূপে, উদ্ভিদ দেহৰ প্ৰয়ােজনীয় অংগলৈ খাদ্যৰ সংবহন ঘটে।

জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী Question Answer

প্র : ১৯। নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।
: নেফ্রনৰ গঠন : নেফ্রন হ’ল বৃক্ক গঠন কৰা একক। দেখিবলৈ নেফ্রনবােৰ এডাল পাকখােৱা নলীৰ দৰে। ইয়াৰ দুটা অংশ থাকে ইয়াৰ এটা মালপিঘিয়ন বডি আন অংশ বৃক্কীয় নলীকা। নেফ্রনৰ প্ৰথম অংশ এটা কাপৰ দৰে আৰু ইয়াত অসংখ্য ৰক্তজালিকা সােমাই থাকে। এই অংশখিনিকে মালপিঘিয়ান বডি বােলে। ইয়াৰ পিছৰ অংশ সৰু মিহি এডাল পাকখােৱা নলী যাক বৃক্কীয় নলীকা বােলে। বৃক্কীয় নলীকাৰ প্ৰথম অংশক সমীপৱৰ্তী কুণ্ডলীকৃত নলীকা, তাৰ পিছৰ ইংৰাজী U আকৃতি নলী অংশক হেলিৰ লুপ আৰু একেবাৰে শেষৰ অংশক দূৰৱৰ্তী কুণ্ডলীকৃত নলীকা বােলা হয়।

নেফ্রনৰ কাৰ্য :নেফ্রনবােৰে প্ৰথম অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লৈ পিছত পাছৰ নলিকা অংশত অধিশােষণ কৰি লয়। দেহৰ অতিৰিক্ত পানী, বিপাকীয় কার্যত উৎপন্ন হােৱা বিভিন্ন ধৰণৰ নাইট্রজেন জাতীয় পদার্থবােৰ ৰক্তস্রোতৰ পৰা পৃথক কৰি মুত্র হিচাপে অপসাৰিত কৰে।

Neaforon's Action
প্রঃ ২০। উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে।
: () উদ্ভিদে বাষ্পমােচনৰ সহায়ত অতিৰিক্ত পানী ত্যাগ কৰে।
(
) অন্যান্য বর্জিত পদার্থবােৰ উদ্ভিদৰ মৃত কোষৰ সহায়ত আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ দ্বাৰা ৰেচন ক্রিয়া সমাধা কৰে।
(
) উদ্ভিদে পূৰঠ জাইলেম কাত সঞ্চিত কৰি ৰখা বেজিন আৰু আঠা উপক্ষাৰ হিচাপে বাহিৰলৈ পঠিয়ায়।
(
) কিছুমান অলাগতিয়াল পদার্থ পাত, ফল, কাণ্ড আদিত জমা কৰি ৰাখে।

প্রঃ ২১। কেনেকৈ মূত্র উৎপন্নৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰি?
উঃ তলত দিয়া কাৰবােৰৰ ওপৰত নিৰ্ভৰ কৰি মূত্র উৎপন্ন নিয়ন্ত্রণ কৰিব পাৰি

কিমান পৰিমাণৰ পানী শৰীৰৰ পৰা আঁতৰ কৰিব লাগিব বা কিমান পৰিমাণৰ নাইট্রজেন জাতীয় পদার্থ যেনে—ইউৰিয়া, লৱণ, ইউৰিক এছিড আদি দেহৰ পৰা আঁতৰাৰ লাগিব তাৰ ওপৰত নিৰ্ভৰ কৰি মূত্রৰ উৎপন্ন নিয়ন্ত্রণ কৰিব পাৰি।

প্র : ২২। চর্বী অণুৰ ইমালচিফিকেন সংঘটিত কৰে –
(a)
ট্রিপচিনে।
(b)
পেপছিনে। H.S.L.C.-15
(c)
পিত্ত লৱণে
(d)
এমাইলেজে
উঃ (c) পিত্ত লৱণে।

প্রঃ ২৩। অবাত শ্বসন সম্পন্ন হয়- (H.SLC-16)
(a)
মাইট’কন্দ্রিয়াত (b) ক্ল’ৰপ্লাষ্টত (c) কোষকেন্দ্ৰত (4) চাইট’প্লাজমত
উঃ (d) চাইট প্লাজমত।

প্রঃ ২৪। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
(a)
পৰিপুষ্টি (b) শ্বসন (c) ৰেচন। (d) পৰিবহণ
উঃ (c) ৰেচন

প্রঃ ২৫। উদ্ভিদৰ দেহত জাইলেমৰ কাম হল—
(a)
পানীৰ পৰিবহণ
(b)
খাদ্যৰ পৰিবহণ
(c)
এমিন এছিডৰ পৰিবহণ (d) অক্সিজেনৰ পৰিবহণ
: (a) পানীৰ পৰিবহণ ।

প্রঃ ২৬। স্বপাের্ষীয় পৰিপুষ্টিত প্রয়ােজন হয়—
(a)
কার্বন ডাই অক্সাইড আৰু পানী (b) পত্ৰহৰিং, (c) সূৰ্যৰ পােহৰ (d) ওপৰৰ আটাইকেইটা।
উঃ (d) ওপৰৰ আটাইকেইটা।

প্রঃ ২৭। পাইভেট অণু ভাঞ্জি কার্ন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হােৱা বিক্রিয়াটো সম্পাদিত হয়
(a)
চাইট প্লাজমত (b) মাইট’কন্ড্রিয়াত (c) সৰপ্লাস্তুত (d) কোষকেন্দ্ৰত
উঃ (b) মাইট’কন্ড্রিয়াত।

প্রঃ ২৮। যি প্রক্রিয়াৰ দ্বাৰা এটা স্বপােষী জীৱৰ কার্বন আৰু শক্তিৰ প্ৰয়ােজনীয়তা পূর্ণ হয় তাক(H.S.L.C.18)
(a)
সালােক সংশ্লেষণ বােলে (b) বাষ্পমােচন বােলে। (c) স্থানান্তৰ বােলে (d) দীপ্তফচফৰিলীকৰণ বােলে।
উঃ (a) সালােক সংশ্লেষণ বােলে।

প্র : ২৯। তেজত চেনীৰ মাত্রা নিয়ন্ত্রণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে-(H.S.L.C.18)
(a)
এড্রিনেলিন (b) থাইৰক্সিন (c) ইনচুলিন (d) টেষ্টাৰেন।
উঃ (c) ইনচুলিন।

প্র : ৩০। আমাৰ দেহত কেনেকৈ চর্বীসমূহ পাচন হয় ? এই প্রক্রিয়াটো ক’ত সংঘটিত হয় ?
উঃ ক্ষুদ্রান্তত থকা বৃহৎ আকাৰৰ চর্বীসমূহৰ ওপৰত ক্রিয়া কৰা উৎসেচকৰ বাবে জটিল হয়। পিত্ত লৱণৰ উপস্থিতিত এইবােৰ সৰু সৰু খগুলৈ ৰূপান্তৰিত হােৱাৰ পিছত এইবােৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্রিয়া কৰে। শেষত ক্ষুদ্রান্ত ৰসত থকা উৎসেচকে চর্বীমূহক ফেটি এছিড আৰু ৰ্মিচাৰললৈ পৰিৱৰ্তন কৰে। ফলত ক্ষুদ্ৰান্তৰ বেৰে এইবােৰক শােষণ কৰে। এই প্রক্রিয়াটো ক্ষুদ্রান্তত সংঘটিত হয়।

প্রঃ ৩১। পাচনত লালটিৰ ভূমিকা কি?
উঃ লালটি গ্রন্থিত থকা লালটিয়ে প্রথমে খাদ্য সিক্ত কৰি পিছল কৰে। লালটিত থকা টায়েলিন নামৰ উৎসেচকে মুখগহ্বৰত জটিল শ্বেতসাৰ অংশক ভাঙি মাণ্ট’জ আৰু ডেক্সট্রিনলৈ পৰিৱৰ্তন কৰে।

প্র : ৩২। স্বপােষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্রয়ােজন? ইয়াৰ উপজাত পদার্থবােৰ কি কি ?
উঃ স্বপােষিত পুষ্টিৰ কাৰণে সালােক সংশ্লেষণৰ প্রয়ােজন। কার্বন-ডাই-অক্সাইড, পানী, ক্লৰফিল আৰু সূৰ্যৰ পোহৰ সালােক সংশ্লেষণৰ বাবে প্রয়ােজনীয় পদার্থ। এইবােৰৰ মাজত বিক্রিয়া সংঘটিত হৈ গ্লক’জ উৎপন্ন হয়। উপজাত পদার্থ: স্নেহ পদার্থ, অক্সিজেন আৰু পানী।

প্র : সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি ? সবাত আৰু অবাত শ্বসন সম্পাদন প্ৰাণীৰ নাম লিখ।
উঃ সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পার্থক্য হল—

সবাত শ্বসন

অবাত শ্বসন

() সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়।

অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।

() সবাত শ্বসনত গ্লুক’জ অণুৰ জাৰণ হৈ শক্তিৰ লগতে কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন হয়।

শ্বসনত গ্লুক’জ অণুৰ অসমপূর্ণভাৱে জাৰিত হৈ শক্তিৰ উপৰিও ইথাইল, এলকহল, কার্বন-ডাই-অক্সাইড উৎপন্ন হয়।

() সবাত শ্বসন মাইট’কন্ড্রিয়াৰ ভিতৰত হয়

আনহাতে অবাত শ্বসন মাইকন্ড্রিয়াৰ বাহিৰত হয়।

() সবাত শ্বসনত উৎপন্ন হােৱা শক্তিৰ (ATP) পৰিমাণ বেছি।

কিন্তু অবাত শ্বসনত উৎপন্ন হােৱা শক্তিৰ পৰিমাণ কম হয়।

প্রঃ ৩৪। প্রচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

উঃ হাওঁফাওঁৰ ভিতৰত থকা বায়ুকোষবােৰ সৰু সৰু বেলুন সদৃশ অংগ। প্ৰচুৰ পৰিমাণৰ বায়ু বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাকত ৰক্তকেশিকাই জালিকা গঠন কৰে। বক্তকেশিকাবােৰৰ বেৰ আৰু বায়ুকোষৰ বেৰ ঘনিষ্ঠভাৱে লাগি থাকে ফলত বায়ু বিনিময় হােৱাত সহজ হয়।

প্রঃ ৩৫। আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
উঃ আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে হিমগ্লবিনৰ অভাৱ হয়। ফলত ৰক্তহীনতা নামৰ অভাবজনিত ৰােগে দেখা দিব পাৰে। ৰক্তহীনতাৰ বাবে তেজে প্রয়ােজন অনুসৰি অক্সিজেন কঢ়িয়াব নােৱাৰে, যাৰ বাবে শ্বসনৰ হাৰ কমি যায় আৰু প্রয়ােজন অনুসাৰে শৰীৰে শক্তি উৎপন্ন কৰিব নােৱাৰে। শৰীৰৰ ওজন হ্রাস হয় আৰু শৰীৰৰ বৰণ শেতা পৰে।


প্রঃ ৩৬। মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বর্ণনা কৰা। ইয়াৰ প্রয়ােজন কি?
উঃ মানুহৰ দেহৰ তেজ চলাচলৰ এটা চক্র সম্পূর্ণ হওঁতে হৃদযন্ত্রৰ মাজেৰে তেজৰ দ্বাৰা পৰিবাহিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহণ বােলে। দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে আৰু ইয়াৰ পৰা ই সোঁ নিলয়ত প্রৱেশ কৰে। তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁলৈ যায় আৰু তাতে তেজসমূহ অক্সিজেনযুক্ত হয়। এই অক্সিজেনযুক্ত তেজ বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয়ত প্রৱেশ কৰে। তাৰ পিছত ই দেহৰ সকলাে। অংশলৈ প্রবাহিত হয়। তেজে দেহৰ ভিতৰত নানা বিধ দ্ৰৱ যেনে- হৰমন, এনজাইম, এন্টিবডি আদি এঠাইৰ পৰা ঠাইলৈ সৰবৰাহ কৰে। দেহকোষবােৰক খাদ্য আৰু অক্সিজেনে যােগান ধৰাত সহায় কৰে। কার্বন ডাই অক্সাইড গেছ আৰু বিপাকীয় কার্যত উদ্ভৱ হােৱা অলাগতিয়াল দ্রসমূহ নিষ্কাশন অংগসমূহলৈ প্ৰেৰণ কৰে।

প্রঃ ৩৭। তেজ কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।।

উঃ তেজ এবিধ তৰল সংযােজক কলা। তেজৰ কাৰ্য-তেজে খাদ্যৰ উপাদান, অক্সিজেন আৰু বজিতি পদার্থ পৰিবহণ কৰে।

প্র :৩৮। জাইলেম আৰু ফ্লৱেম দ্ৰৱ্যৰ পৰিবহণৰ পার্থক্যবােৰ কি কি?
উঃ () জাইলেম কলাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবাহিত কৰে। আনহাতে, ফ্লৱেম কলাত প্রস্তুত হােৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবাহিত হয়।
(
) জাইলেম কলাত পৰিবহণৰ দিশ উর্ধমুখী। আনহাতে,ফ্লৱেম কলাত পৰিবহণৰ দিশ উর্ধমুখী আৰু নিম্নমুখী দুয়ােটা দিশতে হয়।
(
) জাইলেম কলাত পৰিবহণৰ সময়ত কোনাে ধৰণৰ শক্তিৰ প্ৰয়ােজন নহয়। আনহাতে, ফ্লৱেম কলাত পৰিবহণ কালত এ. টি, পি, ৰ দ্বাৰা যােগান ধৰা শক্তিৰ প্ৰয়ােজন হয়।।

প্রঃ ৩৯। হাওঁফাওঁৰ বায়ুকোষ আৰু নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত ‘তুলনা কৰা।
: বায়ুকোষ আৰু নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত পার্থক্য হল-
(
) বায়ুকোষবােৰ আকৃতি বায়ুমােনাৰ দৰে। আনহাতে নেফ্রন কাপ সদৃশ নলীকা।

() বায়ুকোষবােৰ হাওঁফাওঁত থাকে আনহাতে নেফ্রনবােৰ বৃক্ক থাকে।
(
) বায়ুকোষবােৰত ব্যাপনৰ মাধ্যমেৰে গেছৰ বিনিময় হয়। আনহাতে নেফ্রনবােৰৰ চাপৰ পাৰ্থক্যৰ বাবে পদার্থসমূহৰ বিনিময় সংঘটিত হয়।

প্রঃ ৪০। পাচন তন্ত্ৰৰ কোনটো অংশত পানীভাগ শােষিত হয়।

: বৃহদান্ত্রত।

প্রঃ ৪১। ফ্লৱেমত থকা দুবিধ কলাৰ নাম লিখা।
উঃ চালনী নলিকা আৰু সংগীকোষ।

প্র : ৪২। অক্সিজেনৰ অবিহনে জীয়াই থাকিব পৰা এবিধ জীৱৰ নাম লিখা।
উঃ ইষ্ট।

প্রঃ ৪৩। জাইলেম কলাত থকা কোষবােৰ কি কি?
: ট্রেকাই জাইলেম নলিকা, জাইলেম তন্তু আৰু জাইলেম পেৰেনকাইমা।

প্রঃ ৪৪ | পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকসমূহৰ নাম লিখা।
উঃ পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচক হ’ল- হাইড্রক্ল’ৰিক এছিড, পেপচিন আৰু শ্লেষ্ম।

প্রঃ ৪৫। কোনবিধ উৎসেচকে প্ৰ’টিন সংশ্লেষণ কৰে?
: ট্রিপচিন নামৰ উৎসেচকে।।

জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬

প্রঃ ৪৬। ভিলাই কাক বােলে? ইয়াৰ কাম কি?
উঃ ক্ষুদ্রান্ত্ৰৰ বেৰত কিছুমান আঙুলি সদৃশ প্রৱর্ধ থাকে। এইবােৰক ভিলাই বােলে।
ভিলাইৰ কাম—ই ৰক্তবাহী নলিকাৰে শােষিত আহাৰ দেহৰ সকলাে কোষলৈ পৰিবহণ কৰে। ই খাদ্যৰ পৰা অতিৰিক্ত পানী শােষণ কৰে।

প্রঃ ৪৭। মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদার্থবিধৰ নাম কি? ইয়াক ক’ত পােৱা যায় ?
উঃ মানুহৰ তেজত থকা ৰঞ্জক পদার্থবিধৰ নাম হ’ল— হিমগ্লবিন। ইয়াক তেজৰ লােহিত কণিকাত পােৱা যায়।

প্রঃ মানুহৰ ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত?
ডঃ মানুহৰ ৰেচন তন্ত্ৰটো এযােৰ বৃক, এযােৰ মূত্ৰনলী, এটা মূত্রথলী আৰু এটা মূত্র নিষ্কাশন নলীৰ দ্বাৰা গঠিত।

প্রঃ ৪৯। ব্যাপন প্রক্রিয়াৰ সংজ্ঞা দিয়া।
উঃ যি প্ৰক্ৰিয়াৰ যােগেদি কোনাে এক মাধ্যমত কোনাে পদাৰ্থৰ অণু বেছি ঘনত্বৰ ঠাইলৈ গতি কৰি বিয়পি পৰে, তাকে ব্যাপন বুলি কোৱা হয়।

প্রঃ ৫০। খাদ্যৰ পাচনত যকৃতৰ ভূমিকা কি আলােচনা কৰা।
উঃ যকৃৎ আটাইতকৈ ডাঙৰ পাচক গ্রন্থি। যকৃত গ্রন্থি উদৰগহ্বৰৰ ওপৰফালে অবস্থিত যকৃত প্রস্তুত হােৱা পিত্তৰস পিত্তস্থলীতে জমা হৈ থাকে। তাৰ পৰা পিত্তবাহী নলিৰ দ্বাৰা বাহিৰ হৈ ক্ষুদ্রান্ত্রৰ ডুবেডেনাম অংশত থকা অর্ধপাচিত খাদ্যৰ লগত মিহলি হয়। পিত্তৰস ক্ষাধর্মী সেয়েহে এচিড় গুণসম্পন্ন খাদ্য প্রশমিত কৰিব পাৰে। যকৃতে পাচন কার্যত সহায় কৰাৰ বাহিৰেও শৰীৰৰ অতিৰিক্ত গ্ৰলুক’জক গ্লাইকোজেন নামৰ যৌগলৈ ৰূপান্তৰিত কৰে আৰু ভৱিষ্যতৰ বাবে জমা কৰি ৰাখে। তদুপৰি দেহত উৎপন্ন হােৱা বিষাক্ত এমনিয়া নামৰ ৰেচন দ্রব্য ইয়াতকৈ কম বিষাক্ত পদার্থ ইউৰিয়া দ্রব্য ৰূপান্তৰ কৰে।

প্র ৫১) কিম্বন কাক বােলে? ই কেইপ্রকাৰৰ?
উঃ কোষীয় শ্বসন প্রথম পর্যায়ৰ বিক্রিয়াকে গ্লাইক’লাইছিছ বােলে। এই বিক্রিয়া অক্সিজেন অবিহনে সংঘটিত হৈ গ্লকজ অণু পাইৰুভিত এছিড অণু আৰু সামান্য পৰিমাণৰ শক্তি উৎপন্ন হয়। অবাত শ্বসনৰ পাইৰুভিত এচিড় ইথাইল এলকহল আৰু লেক্টিক এচিডলৈ ৰূপান্তিৰত হৈ কোষৰ পৰা ওলাই যায়। অবাস শ্বসনত জড়িত এই বিক্রিয়াটোকেই কিম্বন বােলা হয়। কিম্বন দুই প্রকাৰৰ। যেনে-সুৰা কিম্বন আৰু লেকটিক এচিড কিম্বন ।



No comments:

Post a Comment

Indian History MCQ GK Set-10

Indian History MCQ GK Set-10 Q.1 Which of the following conspiracy is related to the attack on Lord...