js

Monday, March 28, 2022

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্র : ১। নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উঃ আছিল। উদাহৰণ-Li, Na, K দ্ৰাৱত মৌলবােৰ নিউলেণ্ডছৰ দ্বিতীয় স্তম্ভত আছিল।

প্রঃ ২। ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবােৰ কি কি আছিল?
উঃ ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতা : ড’বাৰেইনাৰৰ মৌলবােৰৰ মাজত তিনিটা ট্রায়ডহে চিনাক্ত কৰিছিল। মৌলৰ শ্রেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল।

প্রঃ নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল?
উঃ নিউলেগুছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতা
(
) নিউলেণ্ডছৰ অষ্টক নিয়মটো কেবল মাত্র কেলছিয়াম পর্যন্তহে প্রযােজ্য।
(
) নিউলেণ্ডছৰ তালিকাত কেতিয়াবা দুটা মৌল একেটা স্থানতে প্রতিষ্ঠা কৰিছিল। ধৰ্মৰ মিল নথকা মৌলবােৰ একেটা স্তম্ভতে ৰাখিছিল।
(
) নিষ্ক্রিয় গেছৰ বাবে নিউলেণ্ডছৰ অষ্টক নীতি প্রযােজ্য নহয়।

প্রঃ ৪। মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।
K, C, Al, Si, Ba.
উঃ K20, CO2, AI2O3, SiO2, BaO.

প্রঃ ৫। গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
উঃ স্কেণ্ডিয়াম আৰু জার্মেনিয়াম।

প্রঃ ৬। মেগুেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল ?
: () মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বর্ধিত ক্ৰমত ৰাখিছিল কিয়নাে মৌলবাৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পর্যায় ক্রমে সলনি হয়।
(
) মৌলসমূহে গঠন কৰা হাইড্রাইড আৰু অক্সাইডবােৰৰ সংকেতক মৌলবােৰৰ শ্ৰেণীবিভাজন কৰোঁতে বিশেষ গুৰুত্ব দিছিল।

প্রঃ সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? H.S.L.C-18
উঃ সম্রান্ত গেছবােৰে ৰাসায়নিক বিক্রিয়াত অংশ নলয়। সেইবাবে এইবােৰ গেছক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে।

প্রঃ ৮। আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ কিদৰে দূৰ কৰিছিল?
উঃ আধুনিক পর্যাবৃত্ত তালিকাই মেশুেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ তলত দিয়াৰ দৰে দূৰ কৰিছিল
(
) হাইড্রজেনৰ স্থানঃ আধুনিক পর্যাবৃত্ত তালিকাত হাইড্রজেনৰ পাৰমাণৱিক সংখ্যা মেগুেলিভৰ পর্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হ’ল তেওঁ হাইড্রজেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল।
(
) সমস্থানিক অবস্থান : যিবােৰ মৌলৰ পৰমাণুত থকা প্রটনৰ সংখ্যা একে, সেইবােৰৰ পাৰমাণৱিক সংখ্যাও একে। গতিকে সমস্থানিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবােৰক পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে স্থান দিয়া হৈছে।
(
) মেণ্ডেলিভৰ তালিকাত যিবােৰ মৌলৰ স্থান বিতর্ক আছিল সেই সমস্যা আধুনিক পর্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা বাবে দুৰ হৈছিল।


প্র : ৯। মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাছনিৰ ভিত্তি কি?
: মৌল দুটাৰ নাম হৈছে—
(
) বেৰিয়াম আৰু () কেলছিয়াম।
এই মৌল দুটাৰ যােজক কক্ষত Mgৰ দৰে সমান সংখ্যক ইলেকট্রন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাই।

১০। নাম লিখা
(a)
বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।।
(b)
বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c)
পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উঃ (a) লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম।
(b)
মেগনেছিয়াম আৰু বেৰেলিয়াম।
(c)
হিলিয়াম, নিয়ন আৰু আর্গন।

প্রঃ ১১। (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?

উঃ (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম ধাতুৰ মাজৰ সাদৃশ্য এই যে ইহঁতৰ প্রত্যেকৰে পৰমাণুৰ বহিৰতম কক্ষত মাত্র এটাকৈ ইলেকট্রন থাকে।

(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ননা এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি কি মিল থকা দেখা যায় ?

উঃ হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল— ইহঁত দুয়ােটা পৰমাণুৰ বহিঃকক্ষ ইলেকট্রনেৰে পৰিপূৰ্ণ হৈ থাকে।

মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন

প্রঃ ১২ আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উঃ প্রথম দহােটা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰিলিয়াম ধাতু।

প্রঃ ১৩। পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হব বুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উঃ Beৰ ধাতৱীয় ধর্ম সর্বোচ্চ।

প্রঃ এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2.8
(a)
এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?
(b)
তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে) H.S.L.C.-17
N (7) F (9) P (15) Ar (18)
: (a) মৌলটোৰ পাৰমাণবিক সংখ্যা হ’ব 17
(b) F(9), (2,7)
ৰাসায়নিকভাৱে মৌলৰ লগত একে ৰাসায়নিক সাদৃশ্য থকা মৌলটো হ’ব F(9) কাৰণ ইয়াৰ ইলেকট্রনীয় বিন্যাস 2.7 গতিকে যােজ্যতা একেই।

প্রঃ ১৫। মৌল Xয়ে XCI2সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গােটা পদার্থ। মৌল X. তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা। সবাতােকৈ বেছি?
(a) Na (b) Mg (c) AI (d) Si
: (b) Mg

প্রঃ ১৬। কোনটো মৌলৰ আছে-
(a)
ইলেকট্রনপূর্ণ দুটা কক্ষ ?
(b) 2,8,2
ইলেকট্রনীয় বিন্যাস?
(c)
যােক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d)
দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা।
(e)
দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?
উ। (a) নিয়ন, Ne(2.8)
(b)
মেগনেছিয়াম, Mg (2.8.2)
(c)
ছিলিকন, Si (2.8.4)

(d) ব’ৰণ, B (2.3)
(e)
কার্বন, C (2.4)

Class 10 Science Chapter 5 In Assamese

প্র : ১৭। (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
(b)
পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
: (a) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 3
(b)
সিহঁতৰ আটাইবােৰৰে যােজ্যতা 1

প্র : ১৮। এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2.8.7
(a)
এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b)
তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)

N(7) F(9) P(15) Ar(18)
: (a) ইয়াৰ পাৰমাণৱিক সংখ্যা 17
(b)
মৌলটো F(9) ইয়াৰ পৰমাণু ক্ৰমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7

প্র : ১৯। পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু Cৰ স্থানসমূহ তলত দেখুওৱা হৈছে—

16 বর্গ

17 বর্গ

A

B

C

(a) মৌল A ধাতু নে অধাতু?
(b) C
মৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C
মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
(d)
মৌল Aএ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
: (a) A মৌলটো অধাতু।
(b) C
মৌলটো Aতকৈ কম সক্রিয়।

(c) C মৌলটো আকাৰত Bতকৈ সৰু।
(d) A
এ এনায়ন গঠন কৰিব।

প্র : ২০। নাইট্রজেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিকত সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বর্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়? (H.S.L.C-15/18)
: নাইট্রজেনৰ ইলেকট্রনীয় বিন্যাস2.5 ফছফৰাছৰ পৰমাণু ক্ৰমাংক 15, ইলেকট্রনীয় বিন্যাস 2.8.5 নাইট্রজেন আৰু ফছফৰাছ একেটা বৰ্গৰ মৌল। ফছফৰাছৰ পাৰমাণৱিক আকাৰ নাইট্রজেনতকৈ বেছি। নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি।

প্রঃ ২১। পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে।
উঃ আধুনিক পৰ্য্যবৃত্ত তালিকাত মৌল এটাৰ পৰমাণু ক্ৰমাংক আৰু ইলেকট্রনীয় বিন্যাসে মৌলটো কোনটো বগত থাকিব তাৰ অৱস্থানৰ সম্ভেদ পােৱা যায়।
উদাহৰণস্বৰূপে—ছডিয়ামৰ ইলেকট্রনীয় বিন্যাস 2.8.1 গতিকে ইয়াৰ যােজক কক্ষত 1 টা মাত্র ইলেকট্রন থাকে বাবে 1 নং বৰ্গত অবস্থিত। ইয়াৰ মুঠ কক্ষ সংখ্যা 3টা গতিকে ইয়াৰ পর্যায় হ’ব তৃতীয়।

প্রঃ ২২। আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে।। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
: কেলছিয়াম পৰমাণু ক্রমাংক Ca= 20
ইলেকট্রনীয় বিন্যাস = 2.8.8.2 ইয়াৰ চাৰিওফালে থকা মৌলকেইটাৰ ইলেকট্রনীয় বিন্যাস হব—

পাৰমাণৱিক সংখ্যা

ইলেকট্রনীয় বিন্যাস

Mg (12)

2.8.2

K (19)

2.8.8.1

Sc (21)

2.8.8.3

Sr (38)

2.8.18.8.2

12 আৰু 38 পৰমাণু ক্রমাংক বিশিষ্ট মৌল দুটাৰ ধৰ্ম কেলছিয়ামৰ লগত মিলে।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5

প্রঃ ২৩। মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা কৰা।
উঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা-
(
) ৪টা মাত্র বর্গ আছিল।
(
) সমস্থানিকৰ বাবে কোনাে নির্দিষ্ট স্থান নাছিল।
(
) সম্রান্ত গেছক বেলেগ স্থান দিয়া নাছিল।

আধুনিক পর্যাবৃত্ত তালিকা
(
) মুঠ 18টা বৰ্গ আছে।
(
) সমস্থানিকবােৰ বাৰে সুকীয়া স্থান ৰখা
(
) সভ্রান্ত গেছবােৰক এক পৃথক বৰ্গত স্থান দিয়া হৈছে।

প্র : ২৪। পর্যাবৃত্ততালিকাৰ পর্যায় কাক বােলে?
উঃ পর্যাবৃত্ত তালিকাখনত পথালিকৈ থকা শাৰীবােৰক পর্যায় বােলে।

প্রঃ ২৫| এলকালি মৌলবােৰৰ বহিঃখােলত কেইটাকৈ ইলেকট্রন থাকে?
উঃ এটাকৈ ইলেকট্রন থাকে।

প্রঃ ২৬। আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা।
উঃ মৌলবােৰৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম মৌলবােৰৰ পাৰমাণবিক সংখ্যা অনুযায়ী পর্যায়ক্রমে পৰিৱর্তন হয়।

প্রঃ ২৭। এটা মৌলৰ পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হল- 2.8.1 (H.S.L.C.-16)
(i)
মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান?
(ii)
তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া আছে)
K(19), Cl(17), Mg(12), Ar(18)
: (i) 11 (ii) K (19)

প্র : ২৮। মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে (H.S.L.C.-16)
(a)
বাঢ়ে (b) কমে (c) একেই থাকে (d) ওপৰৰ এটাও নহয়।
: (b) কমে।

প্রঃ ২৯। পর্যাবৃত্ত তালিকাৰ পর্যায়বােৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? (HSL.C.-18)
(a)
মৌলবােৰ কম ধাতৱধৰ্মী হৈ পৰে।।
(b)
যােজক ইলেকট্রন সংখ্যা বাড়ে।
(c)
পৰমাণুবােৰে সিহঁতৰ যােজক ইলেকট্রন অধিক সহজে হেৰুৱাই।
(d)
অক্সাইডবােৰ বেছি আম্লিক হৈ পৰে।
উঃ (c) পৰমাণুবােৰে সিহঁতৰ যােজক ইলেকট্রন অধিক সহজে হেৰুৱাই।

No comments:

Post a Comment

SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020

  Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020   PROSE SECTION:   (Section-A)   1. A Letter to God G.L. Fuentes   ...