Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১৪ - বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক সাৰ

 

) খালী ঠাই পূৰ কৰা।

)বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জুলীয়া পদাৰ্থই  এছিডক্ষাৰক, লৱণ।

     ৰ দ্ৰৱ।

) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে।

) কপাৰ ছালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰিৰ ঋণাত্মক

     মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব।

) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত 

     দিয়া কাৰ্যক বিদ্যুৎ লেপনবোলে।



) যেতিয়া টেষ্টাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই হয় তেতিয়া চুম্বক শলাই 

     বিক্ষেপন দেখুৱায়। তুমি কাৰণটো বাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- যেতিয়া টেষ্টাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই হয় তেতিয়া চুম্বক শলাই বিক্ষেপন দেখুৱায়। ইয়াৰ কাৰণ টেষ্টাৰ মুক্ত মূৰটো দ্ৰৱত দিয়াৰ পিছত দ্ৰব্যৰ মাজেৰে ই বৰ্তনীটো সম্পূৰ্ণ কৰিব। ফলত বিদ্যুৎ চালিত হব আৰু টেষ্টাৰ মাজেৰে বিদ্যুৎ চালিত হোৱাৰ লগে লগে চুম্বক শলাই বিক্ষেপন দেখুৱাব।



) তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা। 

চিত্ৰ ১৪.৯ত দেখুৱাৰ ধৰণে পৰীক্ষা কৰিলে 

চৌম্বিক শলাৰ বিক্ষেপন ঘটিব পাৰে।



উত্তৰঃ 



ছডিয়াম ক্লৰাইড, হাইড্ৰক্লৰিক এছিড আৰু নিমখ পানী।



) চিত্ৰত ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বাল্বটো

    জ্বলা নাই। সম্ভৱপৰ কাৰণ বোৰ লিখা। 

    তোমাৰ উত্তৰ বাখ্যা কৰিবা।



উত্তৰঃ



বাল্বটো নজ্বলাৰ কাৰণ বোৰ হ'-

) বাল্বটো বেয়া হব পাৰে।

) বেটাৰীৰ কোষ বোৰে কাম নকৰিব পাৰে।

) তাঁৰৰ সংযোগ ভালকৈ নহব পাৰে অৰ্থাৎ ঢিলা হব পাৰে।



) A আৰু B বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ'ল  যে জুলীয়া পদাৰ্থ 'A' ৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে । আনহাতে 'B' ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ তুমি সিদ্ধান্ত ল'বা যে -

) জুলীয়া পদাৰ্থ 'B' তকৈ জুলীয়া পদাৰ্থ 'A' উন্নত পৰিবাহী।

) জুলীয়া পদাৰ্থ 'A' তকৈ জুলীয়া পদাৰ্থ 'B' উন্নত পৰিবাহী।

) দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিবাহী।

) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি।

উত্তৰ:- ) জুলীয়া পদাৰ্থ 'B' তকৈ জুলীয়া পদাৰ্থ 'A' উন্নত পৰিবাহী।



) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে? যদি নকৰে , ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে, ইয়াক পৰিবাহী কৰিবলৈ আমি বিশুদ্ধ পানীৰ লগত লৱণ মিহলি কৰিব লাগিব।



) অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানী নল খোলাৰ আগতে সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে বাখ্যা কৰা।

উত্তৰ:-  পানীৰ নলত থকা পানীবোৰ বিশুদ্ধ নহয়, এই পানী বিদ্যুৎৰ সু-পৰিবাহী । অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানী নল খোলাৰ আগতে সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে কাৰণ বিদ্যুৎ যোগান অব্যাহত থাকিলে অগ্নিকাণ্ডত ব্যৱহাৰ কৰা পানীৰ মাজেৰে বিদ্যুৎ চলাচল কৰিব পাৰিব ফলত পানীৰ জৰিয়তে গোটেই অঞ্চলটো বিদ্যুৎ বিয়পি পৰিব আৰু দুৰ্ঘটনা ঘটিব।



) উপকূলীয় অঞ্চলত থকা শিশু এটায়ে তেওঁৰ টেষ্টাৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেঁও দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?

উত্তৰ:-  আমি জানো যে সাগৰৰ পানীত লৱনৰ পৰিমাণ বেছি । সেইবাবে খোৱা পানীতকৈ সাগৰৰ পানী বেছি বিদ্যুতৰ সুপৰিবাহী । সেইকাৰণে শিশুটোৱে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন ঘটা দেখিব।



) ধাৰাষাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা।

উত্তৰ:- ধাৰাষাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানী বিশুদ্ধ নহয় আৰু এই পানী বিদ্যুতৰ সুপৰিবাহী । বৰষুণৰ সময়ত ঘৰৰ বাহিৰত বিদ্যুতৰ কাম কৰিলে পানীৰ মাজেৰে বিদ্যুৎ চালিত হৈ দুৰ্ঘটনা হব পাৰে।সেইকাৰণে এনে সময়ত বিদ্যুতৰ মেৰামতি কৰিব নালাগে।



১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণ পানী পাতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ কাটাৰ বিক্ষেপন দেখি বিস্ময় দেখিলে। কাৰণবোৰ কি কি হ'ব পাৰে?

উত্তৰ:- বৰষুণ পানী সম্পূৰ্ণৰূপে বিশুদ্ধ নহয় কাৰণ ইয়াত কিছু পৰিমানে লৱণ থাকে। সেইবাবে কম্পাছ শলাই বিক্ষেপন দেখুৱাব।



১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ  এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:- গেছ বাৰ্ণাৰ, বাথৰুমৰ নল , গাড়ীৰ অংশ, ঘৰৰ টিনপাত,তলা-ছাবি আদি।



১২) ক্ৰিয়াকলাপ ১৪.৭ তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়িদ্বাৰৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখনলৈ তাম স্থানান্তৰ কৰিব খোজা হৈছে। বেটাৰীৰ ধনাত্মক মেৰুত কোনডাল তড়িদ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয়?

উত্তৰ:- বেটাৰীৰ ধনাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ দণ্ড আৰু ঋণাত্মক মেৰুৰ লগত বিশুদ্ধ তামৰ পাতল পাত এখন সংযোগ কৰিব লাগিব । কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে  বিদ্যুৎ চালিত কৰিলে কপাৰ ছালফেট কপাৰ  আৰু ছালফেটলৈ বিয়োজিত হব ।

            আমি জানো যে কপাৰ ধনাত্মক আধান যুক্ত সেইবাবে কপাৰখিনি বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগী ইলেকট্ৰডৰ ফালে আকৰ্ষিত হব আৰু ইলেকট্ৰডটোৰ ওপৰত অধঃক্ষিপ্ত হব। তামৰ আনটো তড়িদ্বাৰৰ পৰা সম পৰিমাণৰ তাম দ্ৰৱটোত দ্ৰৱীভূত হব। সেইবাবে দ্ৰৱটোৰ পৰা কপাৰ ঘাটি পূৰণ হয় আৰু এই প্ৰক্ৰিয়াটো চলি থাকেম এনেদৰে অশুদ্ধ দণ্ডৰ পৰা তাম খিনি বিশুদ্ধ তামৰ ফলিলৈ যায় ।





অতিৰিক্ত প্ৰশ্নঃ



) বিদ্যুৎ লেপন কাক বোলে?

উত্তৰ:- বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্যুৎ লেপন বোলে।



) খাদ্য ৰখা পাত্ৰ বনাবলৈ লোৰ ওপৰত টিনৰ লেপন কিয় দিয়া হয়?

উত্তৰ:- খাদ্য ৰখা পাত্ৰ বনাবলৈ লোৰ ওপৰত টিনৰ লেপন  দিয়া হয় কাৰণ লোৰ তুলনাত টিনৰ বিক্ৰিয়া কম। গতিকে এনে পাত্ৰত খাদ্য ৰাখিলে খাদ্য লোৰ সংস্পৰ্শত আহিব নোৱাৰে ফলত খাদ্য নষ্ট নহয়।




No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...