Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১৫ - কিছুমান প্ৰাকৃতিক পৰিঘটনা

 

১নং আৰু ২নং প্রশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।

) তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ  সহজে আহিত কৰিব নোৱাৰে?

)প্লাষ্টিক স্কেল এডাল

) তামৰ দণ্ড এডাল

) ফুলাই থোৱা বেলুন এটা

) ঊলৰ কাপোৰ

উত্তৰঃ খ) তামৰ দণ্ড এডাল



) এটুকুৰা পাতৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ড ডাল

) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাবে আহিত হব।

) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হব।

) আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাবে আহিত হব।

) ঋণাত্মকভাবে আৰু কাপোৰ টুকুৰা ধনাত্মকভাবে আহিত হব।

উত্তৰঃ খ) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হব।



) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা।

) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে।

)এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ'পাইপক  আকৰ্ষণ কৰে।

) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

) ভূমিকম্পৰ আগজাননী দিব পাৰি।

উত্তৰঃ

) মিছা।

) সঁচা।

) মিছা।

) মিছা।

) জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।

উত্তৰঃ আমি লক্ষ্য কৰো যে ঠাণ্ডা দিনত ঊলৰ কাপোৰ পিন্ধিলে আমাৰ নোমবোৰ থিয় হৈ যায়। কাৰণ ঊলৰ কাপোৰ আৰু নোমত পৰস্পৰ  বিপৰীত ধৰ্মী আধানৰ  সৃষ্টি হয় ফলত ইহঁতৰ মাজত আকৰ্ষণীয় বলে ক্ৰিয়া কৰে। আমি ছুয়েটাৰ খুলিলে আকৰ্ষণীয় বলৰ বিপৰীতে কাৰ্য্য কৰা হয় বাবে ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়।



) আহিতবস্তু  এটা হাতেৰে চুলে আধানবোৰ কিয়  নাইকিয়া হয় বুজাই লিখা।

উত্তৰঃ আহিতবস্তু  এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয় কাৰণ আমি হাতেৰে চুই দিয়াৰ পাছত আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায়।সেয়েহে আধানযুক্ত বস্তুটোৱে আধান হেৰুৱায়।



) ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম'গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তাৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে

উত্তৰঃ  ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ'ল ৰিখটাৰ।

             কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ই ছিছম'গ্ৰাফত ৰেকৰ্ড হব।

               ই বিস্তাৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই।

) ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া তিনিটা ব্যবস্থাৰ দিহা দিয়া।

উত্তৰঃ ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া তিনিটা ব্যবস্থা হ'-

) ধেৰেকনি শব্দ শুনাৰ লগে লগে সুৰক্ষিত ঠাইলৈ যাব লাগে।

) ধেৰেকনি শব্দ নাইকিয়া হোৱাৰ কিছুসময়ৰ  পাছত হে সুৰক্ষিত ঠাইৰ পৰা আহিব লাগে।

) দুৱাৰ-খিৰিকী বন্ধ গাড়ী ভিতৰত থকাটো সুৰক্ষিত ।



) আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। বুজাই লিখা।

উত্তৰঃ আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে কাৰণ দুয়োটা বেলুনত একেধৰ্মী আধান আছে। আমি জানো যে একেধৰ্মী আধানৰ মাজত বিকর্ষণ হয়।

          আনহাতে অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে ইয়াৰ কাৰণ আধান যুক্ত বেলুনটোৰ পৰা আধানবোৰ আধানহীন বেলুনটোলে গতি কৰিব ফলত দুয়োৰে মাজত আকৰ্ষণ হব।



) চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

উত্তৰঃ 

 

আহিত বস্তু চিনাক্ত কৰিবলৈ ইলেক্ট্ৰ'স্কোপ বা বিদ্যুৎবীক্ষণ যন্ত্ৰ নামৰ সজুঁলিটো ব্যৱহাৰ কৰা হয়।

            ইলেক্ট্ৰ'স্কোপ নামৰ যন্ত্ৰটো একেধৰ্মী আধানৰ মাজত বিকর্ষণ আৰু বিপৰীত ধৰ্মী আধানৰ মাজত আকৰ্ষণ হোৱা নীতিৰ ওপৰত ভিত্তি কৰি সজা হৈছে।

            প্ৰথমে এটা খালী বটল লোৱা হ'ল। এতিয়া বটলৰ সাঁফৰ খনতকৈ অলপ ডাঙৰ কাৰ্ডবৰ্ড এটুকুৰা লোৱা হ'ল ধাতুৰ কাগজক্লিপ এটা সোমোৱাব পৰাকৈ এটা বিন্ধা কৰা হ'ল। চিত্ৰত দেখুৱাৰ দৰে কাগজ ক্লিপটো মেলি তাত দুখন এলুমিনিয়ামৰ পাতল পাত ওলোমাই দিয়া হ'ল। কাগজ ক্লিপটো কাৰ্ডবোৰ্ডত এনেদৰে সুমুৱাই দিয়া হ'ল যাতে ই লম্বভাবে থাকে। পাতৰ টুকুৰা দুটা একেধৰ্মী আধানৰে আহিত হ'লে দুয়োৰে মাজত বিকর্ষণ হয় আৰু মেল খায় যায়। কোনো বস্তু আধান যুক্ত হয়নে চাবলে এই সজুঁলি ব্যৱহাৰ কৰা হয়।



অতিৰিক্ত প্ৰশ্ন:-

) বিদ্যুৎ ক্ষৰণ কাক বোলে?

উত্তৰঃ সাধাৰণ অৱস্থাত বায়ু বিদ্যুত কুপৰিবাহী যদিও ,অতি বেছি পৰিমাণে আধান জমা হ'লে ই বিদ্যুৎ প্ৰবাহক প্ৰতিহত কৰিব নোৱাৰা হয়। ফলত ধনাত্মক আৰু ঋণাত্মক আধান লগ হৈ উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি কৰে। আমি এই পোহৰৰ ৰূপত বিজুলী দেখা পাওঁ । এই প্ৰক্ৰিয়াটোক বিদ্যুৎ ক্ষৰণ বুলি কোৱা হয়।



) ভূমিকম্প কিদৰে হয় বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ একে ওপৰৰ   অংশটো অৰ্থাৎ ভুত্বক বা খোলাটোৰ বহু তলত সংঘটিত হোৱা আলোড়ণৰ বাবে ভূমিকম্পৰ সৃষ্টি হয়। 

             পৃথিৱীৰ আটাইতকৈ ওপৰৰ তৰপটো নিৰবচ্ছিন নহয়। এই টুকুৰাবোৰক প্লেট বা ফলক বুলি কোৱা হয়। এই প্লেটবোৰ বিৰামবিহীন ভাবে গতিকৰি থাকে।যেতিয়া এখন প্লেট আনখন প্লেটৰ ঘঁহনি খাই আগবাঢ়ি যায় বা খুন্দিয়াই এখন আনখনৰ তলেদি গতি কৰে তেতিয়া পৃথিৱীৰ খোলাত আলোড়নৰ সৃষ্টি হয় । এই আলোড়নেই বা ভূপৃষ্ঠত ভূমিকম্পৰ ৰূপ লয়।


No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...