Redirect Image

js

Wednesday, March 23, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১৭ তৰা আৰু সৌৰজগত





প্ৰশ্ন নং ১ -৩ ত শুদ্ধ উত্তৰ বাছি উলিওৱা-

১। তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়?

) গ্ৰহাণুপুঞ্জ

) উপগ্ৰহ

) তাৰকাপুঞ্জ

) ধূমকেতু

উত্তৰঃ ) তাৰকাপুঞ্জ



২। তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?

) লুব্ধক

) বুধ

) শনি

) পৃথিৱী

উত্তৰঃ) লুব্ধক।



৩। চন্দ্ৰৰকলাৰ উপত্তিৰ কাৰণ

) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ

) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে

) পৃথিৱীৰ প্ৰচ্ছয়াই চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে

) চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়

উত্তৰঃ) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰ অংশটোহে দেখা পাওঁ।



৪। খালী ঠাই পূৰ কৰা-

) সূৰ্যৰ পৰা আটাইতকৈ দূৰত্ব থকা গ্ৰহটো হ'নেপচুন

) ৰঙা ৰঙৰ গ্ৰহটো হ'মংগল

) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুন্জ বোলে ।

) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে।

) পপীয়া তৰা বোৰে প্ৰকৃততে তৰা নহয়।

) মংগল আৰু বৃহস্পতি ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।



৫। তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা।

) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য।

উত্তৰঃ অসত্য।

) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ।

উত্তৰঃ সত্য

) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।

উত্তৰঃ অসত্য

) ইনছেট এটা কৃত্ৰিম উপগ্ৰহ।

উত্তৰঃ সত্য

) সৌৰজগতত নটা গ্ৰহ আছে।

উত্তৰঃ অসত্য।

) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায়।

উত্তৰঃ অসত্য়



৬।  'A' স্তম্ভৰ পদসমূহৰ সৈতে 'B' স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্কে স্থাপন কৰা।

উত্তৰঃ






৭। সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা?

উত্তৰঃ সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটোক সূৰ্যাস্তৰ ঠিক পাছতেই পশ্চিম আকাশত দেখা পোৱা যায়।



৮। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা।

উত্তৰঃ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে- বৃহস্পতি।



৯। তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা।

উত্তৰঃ যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তাৰকাপুঞ্জ বোলা হয়।

দুখন তাৰকাপুঞ্জ হ'- সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ।



১০। () সপ্তৰ্ষিমণ্ড আৰু () কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা।

উত্তৰঃ





১১। গ্ৰহাৰ বাহিৰে আন দুটা মৌৰজগতৰ সদস্যৰ নাম লিখা।

উত্তৰঃ গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্য হ'--

    (i) গ্ৰহাণুপুঞ্জ আৰু

    (ii) ধূমকেতু।



১২। সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা বাখ্যা কৰা।

উত্তৰঃ সপ্তৰ্ষিমণ্ডলৰ শেষৰ দুটা তৰাৰ মাজেৰে এডাল কাল্পনিক ৰেখা কল্পনা কৰি তৰা দুটা মাজৰ ব্যৱধানৰ প্ৰায় পাঁচগুণ দূৰত্বত যদি উত্তৰ দিশলৈ বঢ়াই দিয়া যায়, ৰেখাডাল আন এটা তৰা পাবলৈ। এই তৰাটো ইমান উজ্বল নহয়। এইটোৱেই হ'ল ধ্ৰুৱতৰা।



ধ্ৰুৱ তৰাৰ অৱস্থান নিৰ্ণয়
ধ্ৰুৱ তৰাৰ অৱস্থান নিৰ্ণয়




১৩। আকাশত সকলো তৰাই গতি কৰেণে? বাখ্যা কৰা।

উত্তৰঃ আকাশত থকা সকলো তৰাই গতি নকৰে। পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবেই আমি তৰাবোৰে পূৱৰ পৰা পশ্চিমলৈ গতি কৰা যেনে দেখো। ধ্ৰুৱ তৰা পৃথিৱীৰ অক্ষৰ দিশত আকাশত অৱস্থিত। সেয়েহে, ইয়াক পৃথিৱীৰ পৰা স্থিৰ যেন লাগে।



১৪। তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়? পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোকবৰ্ষ', এই উক্তিয়ে কি বুজাই?

উত্তৰঃ তৰাবোৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত্বত অৱস্থিত। এই দূৰত্বক কিল'মিটাৰ এককত প্ৰকাশ কৰাটো কেতিয়াবা জটিল হৈ পৰে। সেয়েহে, বিজ্ঞানীসকলে এই দূৰত্বক জুখিবলৈ 'আলোকবৰ্ষ' এককটো ব্যৱহাৰ কৰে। পোহৰে এক বছৰত অতিক্ৰম কৰা দূৰত্বক '১আলোকবৰ্ষ' বোলা হয়।

    পোহৰে ১ ছেকেণ্ডত ৩,০০,০০০ কিঃ মিঃ অতিক্ৰম কৰে।

এতেকে পোহৰে ১ বছৰত অতিক্ৰম কৰা দূৰত্ব অৰ্থা ১ আলোকবৰ্ষ= .৪৬ x ১০ ওপৰত ১২ কিঃ মিঃ

'পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোকবৰ্ষ' উক্তিটোৱে পোহৰে আঠ বছৰত অতিক্ৰম কৰা দূৰত্বক বুজাব।



১৫। বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ১১ গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব

উত্তৰঃ




অৰ্থা, বৃহস্পতিয়ে ১৩৩১ খন পৃথিৱী ধাৰণ কৰিব পাৰিব।





১৬। সৌৰজগতৰ প্ৰজ্ঞানে অঁকা চিত্ৰখন শুদ্ধ নহয়।



সৌৰজগতৰ চিত্ৰ 

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...