১। ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা।
উত্তৰঃ যদি আমি অন্ধকাৰ কোঠালিৰ ভিতৰত থাকোঁ তেতিয়া কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা নাপাম কিন্তু কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখা পাম। কাৰণ আমি বস্তু এটাত পোহৰ প্ৰতিফলিত হ'লে বা বস্তুটোৱে পোহৰ নিগৰ্ত কৰিলে আমি দেখা পাম যিহেতু অন্ধকাৰ কোঠাত বস্তুবোৰে পোহৰ প্ৰতিফলিত নকৰে সেইকাৰণে আমি দেখা নাপাওঁ। বাহিৰৰ বস্তু বোৰ দেখা পাওঁ কাৰণ বাহিৰত পোহৰ আছে।
২। নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজাই নেকি?
উত্তৰঃ নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন পাৰ্থক্য বোৰ হ'ল
১) নিয়মিত প্ৰতিফলন দাপোনৰ দৰে মিহি পৃষ্ঠত হয়।
আনহাতে, বিক্ষিপ্ত প্ৰতিফলন অসমান বা বিষম পৃষ্ঠত হয়।
২) নিয়মিত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ সমান্তৰাল হয়।
আনহাতে, বিক্ষিপ্ত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ অসমান্তৰাল হয়।
বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলন সূত্ৰসমূহ বিফল হোৱা নুবুজায়।
৩। তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মিগুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থত প্ৰতিষ্ঠা কৰা।
(ক) চিক্চিকিয়া কাঠৰ টেবুল।
(খ) চক্ পাউদাৰ
(গ) ডাঠ কাগজৰ পৃষ্ঠ।
(ঘ) তিতি থিকা মাৰ্বলৰ মজিয়া।
(ঙ) দাপোন।
(চ) কাগজৰ টুকুৰা।
উত্তৰঃ
ক) চিক্ চিকিয়া কাঠৰ টেবুলত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ চিক্ চিকিয়া কাঠৰ টেবুলৰ পৃষ্ঠ খন মিহি।
খ)চক্ পাউদাৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ চক্ পাউদাৰ সমূহ লগলাগি এখন মিহি পৃষ্ঠৰ সৃষ্টি কদিব নোৱাৰে ।
গ) ডাঠ কাগজৰ পৃষ্ঠ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ডাঠ কাগজৰ পৃষ্ঠ অসমান।
ঘ) তিতি থকা মাৰ্বলৰ মজিয়াত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ তিতি থকা মাৰ্বলৰ মজিয়া পৃষ্ঠ খন মিহি।
ঙ)দাপোনত সদায় সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ দাপোনৰ পৃষ্ঠ খন সমান আৰু মিহি।
চ) কাগজৰ টুকুৰা ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ই মিহি পৃষ্ঠ সৃষ্টি নকৰে।
৪। প্ৰতিফলনৰ সূত্ৰ সমূহ লিখা।
উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ সমূহ হ'ল-
১) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে।
২) আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয়।
৫। আপতিত ৰশ্মি , প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়া কলাপ বৰ্ণনা কৰা।
উত্তৰঃ এখন বগা কাগজ এখন টেবুলৰ ওপৰত লগাই লোৱা হ'ল।এখন ফণিলৈ ফণিখনৰ মধ্যভাগত এটা সৰু বিন্ধা ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ'ল। ফণি খন কাগজৰ ওপৰত লম্ব ভাবে ৰখা হ'ল। এফালৰ পৰা ফণি খনৰ ফাঁক টোত টৰ্চৰ পোহৰ পেলাই ফণিখন আৰু কাগজখন মিলোৱা পাছত দেখিলো যে বগা কাগজৰ ওপৰত ফণিখনৰ বিপৰীত দিশত পোহৰৰ ৰশ্মি পৰিছে। পোহৰৰ ৰশ্মিৰ দিশত এখন সমতল দাপোন ৰাখিলে ৰশ্মি দাপোনখনত ঠেকা খাই আন এটা দিশত আঁতৰি যাব। এই ৰশ্মিক অপতিত ৰশ্মি বুলি কোৱা হয় আৰু পৃষ্ঠত ঠেকা খাই অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। এইবাৰ এখন ডাঠ কাগজ ব্যৱহাৰ কৰি কিছুঅংশ টেবুলৰ কাষৰ পৰা বাহিৰ উলিয়াই ৰখা হ'ল। এই বাহিৰৰ অংশ খিনি সোঁমাজতে এনেদৰে কটা হ'ল যে প্ৰতিফলিত ৰশ্মি কাগজৰ ওলাই থকা অংশত প্ৰসাৰিত হয়। প্ৰতিফলিত ৰশ্মি অগ্ৰসৰ হোৱা কাগজৰ অংশটো ভাঁজ কৰা হ'ল। কাগজ খন এতিয়া পুনৰ আগৰ অৱস্থালৈ অনা হ'ল। কাগজখন সম্পূৰ্ণ মেলি দিলে ই এখন তল বুজাব আৰু তেতিয়া দেখিম যে আপতিত ৰশ্মি , প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।
৬। খালী ঠাই পূৰ কৰা।
ক) এখন সমতল দাপোনৰ ১ মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্ব পৰা ____মিটাৰ আঁতৰত থকা যেন লাগে।
খ)✅ সমতল দাপোনৰ সমুখত যদি তোমাৰ ___ কাণখন সোঁহাতেৰে স্পৰ্শ কৰা যেন লাগিব।
গ) ম্নান পোহৰত চালে চকুৰ মণিৰ আকাৰ ___ হ'ব।
ঘ) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ___থাকে।
উত্তৰঃ
ক) ২।
খ) বাওঁ।
গ) ডাঙৰ।
ঘ) কম।
৭-৮ প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।
৭। আপতন কোণ প্ৰতিফলন কোণৰ সমান।
ক) সদায় খ) কেতিয়াবা
গ) বিশেষ অৱস্থাত ঘ) কেতিয়াও নহয়
উত্তৰঃ ক) সদায়
৮। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব,
ক) অসৎ, দাপোনৰ পিছফালে আৰু বিবৰ্ধিত।
খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰ।
গ) দাপোনৰ পৃষ্ঠত সৎ আৰু বিবৰ্ধিত।
ঘ) সৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰ।
উত্তৰঃ খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰ।
৯। এটা কেলিড'স্ক'পৰ গঠন বর্ণনা কৰা।
উত্তৰঃ এটা কেলিড'স্ক'পৰ সাজিবলৈ ১৫ চে.মি আৰু ৪ চে.মি বহল আয়তাকাৰ পাতল দাপোনৰ টুকুৰা তিনিটা লোৱা হ'ল। দাপোনৰ টুকুৰা তিনিটা লগলগাই এটা প্ৰিজমৰ তৈয়াৰ কৰা হ'ল। ডাঠ চাৰ্ট কাগজ বা কার্ডব'ডেৰে বনোৱা চুঙা এটাৰ ভিতৰত প্ৰিজমৰ টুকুৰা টো লৰচৰ নোহোৱাকে ৰখা হ'ল। দাপোনৰ প্ৰিজমতকৈ চুঙাটু দীঘল হব লাগিব। এতিয়া চুঙাটোৰ এটা মূৰ সোঁমাজত ফুটা থকা কাৰ্ডবোৰ্ডৰ ঢাকনিৰে ঢাকি দিয়া হল যাতে ফুটাটোৱে ভিতৰলৈ চাব পাৰি।ঢাকনিখন মজবুত কৰিবৰ বাবে ঢাকনিখনৰ তলত স্বচ্ছ প্লাষ্টিকৰ টুকুৰা এটা লগাই লোৱা হ'ল। আনহাতে দাপোনৰ সজ্জাটো বা প্ৰিজমৰ টুকুৰাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই লোৱা হ'ল।এই কাঁচখনৰ ওপৰত সৰু সৰু ৰঙীন কাঁচৰ টুকুৰা থোৱা হ'ল। চুঙাটোৰ এমূৰটো আনএখন কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হ'ল। ৰঙীন কাঁচৰ টুকুৰাবোৰ লৰচৰ কৰিবলৈ যথেষ্ট ঠাই থকাটো প্ৰয়োজন। এনেদৰে কেলিড'স্ক'পৰ গঠন কৰা হয়।
১০। মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ অঁকা।
উত্তৰঃ
১১। মিতালীয়ে ক্ৰিয়াকলাপ ১৬.৮ টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল।তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰঃ মিতালীয়ে ক্ৰিয়াকলাপ ১৬.৮ টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল কিন্তু শিক্ষকে বাধা দিছিল । কাৰণ লেজাৰ টৰ্চৰ পোহৰ সাধাৰণ টৰ্চৰ পোহৰতকৈ যথেষ্ট বেছি সেইবাবে এই পোহৰ চকুৰ ৰেটিনাৰ বাবে ক্ষতিকাৰক । সেয়েহে লেজাৰ টৰ্চ চকুত মাৰা অনুচিত ।
১২। তুমি চকুৰ যত্ন কেনেকৈ ল'ব পাৰা বুজাই লিখা।
উত্তৰঃ চকুৰ লবলগীয়া যত্ন সমূহ হ'ল-
১) চকুৰ কোনো সমস্যা হলে চকুৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লব লাগে। যদি পৰামৰ্শ দিয়ে তেন্তে যথোপযুক্ত চছ্মা ল'ব লাগে।
২) পোহৰ অতিকম আৰু অতি বেছি দুয়োটাই চকুৰ কাৰণে বেয়া সেইকাৰণে সাৱধান হব লাগে।
৩) সূৰ্য বা আন কোনো তীব্র পোহৰলৈ পোনপটীয়াকৈ চাব নালাগে।
৪) চকু কেতিয়াও হাতেৰে মোহাৰিব নালাগে। চকুত ধূলিকনা সোমালে পৰিস্কাৰ পানীৰে ধুই দিব লাগে।
৫) সদায় স্বাভাৱিক দূৰত্বত ৰাখি কিতাপ পঢ়িব লাগে তেতিয়া চকু ভালে থাকে।
১৩। প্ৰতিফলিত ৰশ্মিয়ে যদি আপতিত ৰশ্মিৰ সৈতে ৯০° কোণ কৰিলে । আপতন কোণৰ মান কিমান হ'ব?
উত্তৰঃ
১৪। ৪০ চে.মি. পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা কিমান হব।
উত্তৰঃ ৪০ চে.মি. আঁতৰত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা অসংখ্য হ'ব।
১৫।
দুখন দাপোন সমকোণত ৰখা হৈছে।
চিত্ৰত ১৬.৯
ত দেখুৱাৰ দৰে এটা পোহৰৰ ৰশ্মি
এখন দাপোনত 30°
কোণ
কৰি আপতিত হৈছে। এতিয়া দ্বিতীয়
খন দাপোনৰ পৰা প্ৰতিফলিত হোৱা
ৰশ্মি অংকন কৰা।
উত্তৰঃ
১৬। চিত্ৰ ১৬.২০ ত দেখুৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে A স্থানত প্ৰজ্ঞান থিয় হৈ আছে। সি দাপোণত নিজকে দেখা পাবেনে? তদুপৰি সি P, Q আৰু R স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাবনে?
উত্তৰঃ
সি দাপোণত নিজকে দেখা নাপায়।
সি P
স্থানত
থকা কোনো লক্ষ্যবস্তুৰ
প্ৰতিবিম্ব দেখা পাব কিন্তু
Q
আৰু
R
স্থানত
থকা কোনো লক্ষ্যবস্তুৰ
প্ৰতিবিম্ব দেখা নাপায়।
১৭। (ক) সমতল দাপোনৰ সন্মুখত A স্থানত কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা।
(খ) প্ৰহেলিকা B অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখা পাবনে?
গ) প্ৰজ্ঞানে C অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখা পাবনে?
ঘ)প্ৰহেলিকাই B স্থানৰ পৰা C স্থানলৈ আহিলে A ৰ প্ৰতিবিম্ব অৱস্থান কি হ'ব?
উত্তৰঃ (ক)
(খ) পাব।
(গ) পাব।
(ঘ) A ৰ প্ৰতিবিম্ব অৱস্থানৰ কোনো সলনি নহয়।
অতিৰিক্ত প্ৰশ্নঃ
ক। প্ৰতিফলন কাক বোলে?
উত্তৰঃ কোনো পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি কোনো পৃষ্ঠত পৰি অন্য দিশত ঘূৰি যোৱা প্রক্রিয়াকে পোহৰৰ প্ৰতিফলন বোলে।
খ। বিক্ষিপ্ত প্ৰতিফলন কাক বোলে?
উত্তৰঃ যেতিয়া কোনো পৃষ্ঠত আপতিত সমান্তৰাল ৰশ্মি বোৰ অসমান্তৰাল ভাবে প্ৰতিফলিত হয় আৰু পৃষ্ঠ খন অসমান হয়। তেনে প্ৰতিফলনক বিক্ষিপ্ত প্ৰতিফলন বোলে।
গ। চকুৰ গুৰুত্বপূৰ্ণ অংশ সমূহৰ নাম লিখা?
উত্তৰঃ চকুৰ গুৰুত্বপূৰ্ণ অংশ সমূহ হ'ল - কৰ্ণিয়া, আইৰিছ, মণি, লেনছ, অক্ষিপট আৰু নেত্ৰ স্নায়ু।
ঘ। অক্ষিপটৰ নেত্ৰ স্নায়ু কোষ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ অক্ষিপটৰ নেত্ৰ স্নায়ু দুই প্ৰকাৰৰ -
১)শংকু |
২) দণ্ড।








No comments:
Post a Comment