Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ৩ - কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

 

) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰ:- কিছুমান আঁহ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায় আৰু আন কিছুমান মানুহে তৈয়াৰ কৰে। কপাহ ঊণ, পাত আদি আঁহ বোৰ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায়। সেইবাবে এইবোৰক প্ৰাকৃতিক আঁহ বুলি কোৱা হয়। আনহাতে মানুহে কৃত্ৰিম উপায়েৰে কিছুমান আঁহ প্ৰস্তুত কৰে। সেইবাবে এইবোৰ আঁহক সাংশ্লেষিক আঁহ বুলি কোৱা হয়। অৰ্থাৎ এইবোৰ  আঁহ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। উদাহৰণ স্বৰূপে নাইলন।



) শুদ্ধ উত্তৰত '√' চিন দিয়া।

সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো-

) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।

) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।

) প্ৰাকৃতিক আঁহ বোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

উত্তৰ:- ) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।


) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

 ) সাংশ্লেষিক আঁহ বোৰক  __ বা __ বুলিও কোৱা হয়।

 )সাংশ্লেষিক আঁহবোৰক ___ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়।

 ) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ___

উত্তৰ :-

) য়েন বা নাইলন।

) পেট্ৰকেমিকেল।

) বহুযোগী।


) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।

উত্তৰ:-  নাইলনৰ আঁহ বোৰ মজবুত,নমনীয় আৰু পাতল। সেইবাবে  নাইলন ব্যৱহাৰ কৰি শিলাৰোহন বাবে পেৰাচুত আৰু ৰছী প্ৰস্তুত কৰা হয়। এই নাইলনৰ সূতা এডাল তীখাৰ তাৰত কৈ বেছি শক্তিশালী। দ্বিতীয় বিশ্বযুদ্ধ সময়ত পেৰাচুট বনাবলৈ নাইলন ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা নাইলনৰ আঁহ বোৰ যে শক্তিশালী সেইটো প্ৰমাণ হয়।


) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয়?

উত্তৰ:- খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয়। কাৰণ, এই পাত্ৰবোৰৰ ওজন কম,মজবুত আৰু ব্যৱহাৰ কৰিবলৈ সহজ। প্লাষ্টিকত সহজে মামৰে নধৰে আৰু প্লাষ্টিকে বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে। সেয়েহে সহজতে খাদ্য বস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি প্লাষ্টিক হৈছে তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী। 


) তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা প্ৰাথৰ্ক্য ব্যাখ্যা কৰা।

উত্তৰ:-

) তাপ নমনীয় প্লাষ্টিক বোৰ তাপ দি সহজে বিকৃত আৰু ভাজ কৰিব পাৰি।                  

                     আনহাতে

 তাপ দৃঢ় প্লাষ্টিক বোৰ তাপ দিলেও কোমলাব নোৱাৰি আৰু  ভাঁজ কৰিব নোৱাৰি।


)  তাপ নমনীয় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব পাৰি। 

                     আনহাতে,

 তাপ দৃঢ় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব নোৱাৰি বা বেলেগ আকাৰলৈ নিব নোৱাৰি।



) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা।

) ছছপেনৰ নাল

বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড

উত্তৰ:-

 ) ছছপেনৰ নালত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় কাৰণ তাপদৃঢ় প্লাষ্টিকবোৰ তাপ পালে গলি নাযায়। যেতিয়া আমি জুইৰ ওপৰত ছছপেন দিওঁ তেতিয়া তাপ পালেও ইয়াৰ নালডাল গলি নাযায়।


) বেকেলাইট নামৰ তাপদৃঢ় প্লাষ্টিকৰ দ্বাৰা বিদ্যুতৰ প্লাগ/চুইচ/প্লাগবৰ্ড আদি নিৰ্মাণ কৰা হয়।বেকেলাইট তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী সেয়েহে তাপ পালেও চুইচ,প্লাগবৰ্ড আদি গলি লাগি নধৰে।



) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক "পুনৰাৱৰ্তন কৰিব পৰা"আৰু "পুনৰাৱৰ্তন কৰিব নোৱাৰা" হিচাপে শ্ৰেণীভুক্ত কৰা- টেলিফোন সৰঞ্জাম, প্লাষ্টিকৰ খেলনা,কুকাৰৰ নাল, কেৰি-বেগ, বল-পইণ্ট পেন, প্লাষ্টিকৰ বাটি,বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চুইচ,প্লাষ্টিক চকী।

উত্তৰ:- 

পুনৰাৱৰ্তন কৰিব পৰা :- প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, বল-পইণ্ট পেন, প্লাষ্টিকৰ চকী।

পুনৰাৱৰ্তন কৰিব নোৱাৰা:- কুকাৰৰ নাল, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চুইচ, টেলিফোন সা-সৰঞ্জাম।


) ৰাণাই গ্ৰীষ্ম কালৰ বাবে  ছাৰ্ট   কিনিব খুজিছে। তেওঁ কপাহী  ছাৰ্ট নে সাংশ্লেষিক       

        আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব? কাৰণ দৰ্শাই ৰানা ক উপদেশ দিয়া।

উত্তৰ:- গ্ৰীষ্ম কালৰ বাবে কপাহী ছাৰ্ট সাংশ্লেষিক আঁহেৰে তৈয়াৰ কৰা ছাৰ্ট ত কৈ বেছি উপযোগী। কাৰণ কপাহী ছাৰ্টে গাৰ ঘাম বেছি সময় ধৰি ৰাখিব পাৰে আৰু গৰমৰ পৰা সকাহ দিয়ে।


১০) প্ৰাকৃতিক গত ভাবে প্লাষ্টিক সমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।

উত্তৰ:- আমি দৈনন্দিন ব্যৱহাৰ কৰা বহুতো বস্তু প্লাষ্টিকেৰে মেৰিয়াই থোৱা হয় বা প্লাষ্টিকৰ মোনাত লৈ অনা হয়। এই প্লাষ্টিক আৱৰ্জনা সমূহ পেলায় দিয়া হয়। কিন্তু এই আৱৰ্জনা সমূহৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পচন নঘটে। এইবোৰ বছৰ বছৰ ধৰি একেদৰে ৰৈ যোৱা দেখা যায়। এইবোৰ কেতিয়াবা গৰুৱে খাদ্য হিচাপে গ্ৰহণ কৰা দেখা যায়। যাৰ ফলত এই প্লাষ্টিক বোৰ হজম নহৈ জীৱ- জন্তু বোৰ মৃত্যু মুখত পৰা দেখা যায়। ইয়াৰোপৰি খেতি পথাৰত পচন নঘটা প্লাষ্টিক সমূহৰ উপস্থিতিত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়।


১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? ব্যাখ্যা কৰা।

উত্তৰ:- টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । কাৰণ নোমবোৰ সদায়  নালতকৈ কোমল হব লাগে কাৰণ আমি টান হলে দাঁতত কষ্ট পাম।  সেইবাবে নালৰো নোমবোৰ একে পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা নহয়।


১২) "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।

উত্তৰ:-  আমি জানো যে প্লাষ্টিকবোৰ জৈৱিক প্ৰক্ৰিয়াৰে পচন নঘটে যাৰ বাবে ই পৰিবেশ-হিতৈষী নহয়। ই পৰিবেশ প্ৰদূষণ কৰে। ইয়াক দহন কৰিলে ইয়াৰ পৰা বিষাক্ত গেছ নিৰ্গত হয় যাৰ বাবে বায়ুমণ্ডল দূষিত হয়। সেইবাবে আমি পৰাপক্ষত প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে।


১৩) "A" স্তম্ভত  দিয়া শব্দ  বোৰক "B" স্তম্ভত দিয়া খণ্ড বাক্য বোৰৰ লগত শুদ্ধকৈ মিলোৱা-

A                             B

(i) পলিয়েষ্টাৰ (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(ii) টেফলন          (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ                                             কৰা হয়।

(iii) ৰেয়ন          (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-                                              সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰে হয়।

(iv) নাইলন           (d) সহজতে শোতোৰা নপৰা কাপোৰ।



উত্তৰ:-  

A                        B

(i) পলিয়েষ্টাৰ       (d) সহজতে শোতোৰা নপৰা কাপোৰ।

(ii) টেফলন        (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰে হয়।

(iii) ৰেয়ন       (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(iv) নাইলন       (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ কৰা                                          হয়।


১৪) "সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে  বন সংৰক্ষণত সহায় কৰি আছে" মতামত দিয়া।

উত্তৰ:- আমি জানো যে কিছুমান আঁহ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায় আৰু আন কিছুমান মানুহে কৃত্ৰিম ভাবে  তৈয়াৰ কৰে। সাংশ্লেষিক আঁহবোৰ নাইলন, বায়ু, পানী আৰু কয়লাৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু এইবোৰে উদ্ভিদ বা প্ৰাণীৰ কোনো ধৰণৰ ক্ষতি নকৰে। গতিকে সাংশ্লেষিক আঁহবোৰৰ উৎপাদনত উদ্ভিদৰ প্ৰয়োজন কমি গৈছে আৰু  এইদৰেই সাংশ্লেষিক আঁহবোৰে   বন সংৰক্ষণত এক গধুৰ ভূমিকা পালন কৰিছে।


১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰ:- এডাল বৈদ্যুতিক তাৰত এটা বাল্ব লগাই লোৱা হল এতিয়া তাৰ ডাল বেটাৰীৰ লগত সংযোগ কৰা হল। আমি দেখিম যে বাল্ব তো জ্বলিছে। এতিয়া আমি আকৌ তাৰ ডালত প্লাষ্টিক লগাই বেটাৰীত লগালে দেখিম যে বাল্বতো জ্বলা নাই। ইয়াৰ পৰা প্ৰমাণ হৈ যে তাপ নমনীয় প্লাষ্টিকবোৰ বিদ্যুতৰ কু-পৰিবাহী।


No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...