Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ২ - অণুজীৱ - মিত্ৰ আৰু শত্ৰু

 

) খালী ঠাই পূৰ কৰা 


) অনুজীৱবোৰ অনুবীক্ষন যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। 


) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ'জেন গ্ৰহন কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। 


) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। 


) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। 


) শুদ্ধ উত্তৰত '✓' চিন দিয়া।


) চেনি /সুৰা / হাইড্ৰ'ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সুৰা।


) 'ডিয়াম বাইকাৰ্বনেট / ষ্ট্ৰেপ্ট'মাইছিন / সুৰা / ইষ্ট এবিধ এণ্টিবায়'টিক।

উত্তৰঃ ষ্ট্ৰেপ্ট'মাইছিল।


) মাইকী এন'ফলিছ মহ / পঁইতাচোৰা / মাখি / পখিলা / মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট''ৱাৰ বাহক।

উত্তৰঃ মাইকী এন'ফিলিছ মহ।


) পৰুৱা / মাখি / জিঞা / মকৰা / সংক্ৰামক ৰোগৰ বাহক।

উত্তৰঃ মাখি।


) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।

উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি।


) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন যৌগীকৰণ / সাঁচ / কিণ্বন / সংক্ৰমণ বোলা হয়।

উত্তৰঃ কিণ্বন।


) 'A' অংশত থকা অনুজীৱ বোৰক  'B' অংশৰ ক্ৰিয়াৰ লগত মিলোৱা


(A)                                (B)


i) বেক্টেৰিয়া ⟶     e) কলেৰা ৰোগৰ সৃষ্টি 


ii) ৰাইজ'বিয়াম ⟶ a) নাইট্ৰ'জেন যৌগীকৰন 


iii) লেক্ট'বেছিলাছ ⟶b) দৈ প্ৰস্তুত কৰনত 


iv) ইষ্ট ⟶  c) পাউৰুটিৰ প্ৰস্তুত কৰনত   


v) প্ৰট''ৱা ⟶ d) মেলেৰিয়া ৰোগৰ স


iv) ভাইৰাছ ⟶ f) এইডছ ৰোগ সৃষ্টিত 


) অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে  সিহঁতক কেনেকৈ দেখা পাব পাৰি


উঃ অনুজীৱসমূহ অতিশয় ক্ষুদ্ৰাকৃতিৰ হোৱা বাবে খালী চকুৰে খালী চকুৰে দেখা পোৱা নাযায়। 

  ইহঁতক অধিক ক্ষমতাৰ আতচী কাঁচ নাইবা অনুবীক্ষন যন্ত্ৰ ব্যৱহাৰ কৰিহে দেখা পাব পাৰি। 


) অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি


উঃ অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে

    বেক্টেৰিয়া , ভেঁকুৰ , প্ৰট''ৱা , আৰু শেলাই। 

            

            ভাইৰাছ হৈছে জীৱ আৰু জড়ৰ মাধ্য়াৱস্থা। ই সাধাৰণ পৰিবেশত জড় কিন্তু , কোনো জীৱৰ সংস্পৰ্শলৈ আহিলে জীৱৰ দৰে আচৰন কৰে। 


) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যোগী-কৰণ  পৰা অনুজীৱসমূহৰ 

নাম লিখা। 

উঃ ৰাইজ'বিয়াম আৰু নীল সেউজ শেলাই। 


) আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে ৫ শাৰী লিখা। 


উঃ অনুজীৱৰ উপকাৰিতাঃ


(i) বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অনুজীৱই পচন ঘটাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। 


(ii) লেক্ট'বেছিলাছ নামৰ অনুজীৱই গাখীৰক দৈত পৰিনত কৰে।


(iii) চিজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰনতো বেক্টেৰিয়া ব্যৱহাৰ হয়।

(iv) সুৰা ,মদ , ভিনেগাৰ আদিৰ উৎপাদনতো বহুতো অনুজীৱৰ ব্যৱহাৰ হয়। 

(v) এন্টিবায়'টিক প্ৰস্তুত কৰিবলৈও বিভিন্ন অনুজীৱ ব্যৱহাৰ কৰা হয়।


) অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। 


উঃ অনুজীৱসমূহে বিভিন্ন ধৰণে অনিষ্ট সাধন কৰিব পাৰে। কিছুমান অনুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰানীৰ দেহত ৰোগৰ সৃষ্টি কৰে। ৰোগকাৰী অনুজীৱসমূহ উশাহ, খোৱা পানী অথবা খাদ্যৰ সৈতে দেহত প্ৰৱেশ কৰে আৰু আক্ৰান্ত লোকৰ পৰা বেলেগলৈ সংক্ৰমিত 

হয়। ইয়াৰোপৰি, যৱ, ধান, আলু, কমলা, আপেল আদি উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হৈছে অনুজীৱ। তদুপৰি , মানুহৰ আৰু গৰুৰ এন থ্ৰাক্সৰ দৰে বেমাৰ বোৰো বেক্টেৰিয়াৰ দৰে বিভিন্ন অনুজীৱৰ ক্ৰিয়াৰ ফলতে হয়। অনুজীৱই  খাদ্যত  বিষক্ৰিয়াও ঘটাব পাৰে।

) এন্টিবায়'টিক কি? এন্টিবায়টিক গ্ৰহন কৰোঁতে কি কি সাৱধানতা ল' লাগে?

উঃ যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধবংস কৰে অথবা সিহঁতৰ বৃদ্ধিত বাধা জন্মায়, তেনে ঔষধক এন্টিবায়'টিক বোলে। 

সাৱধানতা ঃ 

i)  এন্টিবায়'টিক কেৱল অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহন কৰিব লাগে। 

ii) ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক'ৰ্ছ শেষ কৰিব লাগে।


iii) অপ্ৰয়োজনীয়ভাৱে এন্টিবায়'টিক গ্ৰহন কৰাতো স্বাস্থ্যৰ বাবে হানিকাৰক। 


No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...