প্রঃ
১। দণ্ডচুম্বকৰ কাষলৈ আনিলে
দিগদর্শন যন্ত্ৰৰ কাটাডাল
কিয় বিক্ষেপিত হয় ?
উঃ
দণ্ড চুম্বকৰ চাৰিওফালে এখন
চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়।
এই ক্ষেত্ৰখনৰ প্ৰভাৱত দণ্ড
চুম্বকৰ কাষলৈ অনা দিগদর্শন
যন্ত্ৰৰ কাঁটাৰ বিক্ষেপণ
হয়। চুম্বকৰ একে মেৰুৰ মাজত
বিকর্ষণ আৰু বিপৰীত মেৰুৰ
মাজত আকর্ষণ হয়। যেতিয়া
দণ্ড চুম্বকৰ ওচৰত দিগদর্শন
যন্ত্র অনা হয় তেতিয়া চুম্বক
শলাডালে একে মেৰুৰ মাজত বিকর্ষণ
আৰু বিপৰীত মেৰুৰ মাজত আকর্ষণ
কৰে,
ফলত
কাটাডাল বিক্ষেপণ হয়।
প্রঃ
১। বিদ্যুৎ চুম্বকীয় আৱেশ
কি?
উঃ
এডাল পৰিবাহীত হােৱা চৌম্বক
ক্ষেত্ৰৰ পৰিৱর্তনে আন এডাল
পৰিবাহীত প্রবাহ আৱিষ্ট কৰা
প্রক্রিয়াটোৱেই হ’ল বিদ্যুৎ
চুম্বকীয় আৱেশ।
প্র
:
৩।
এড়াল দণ্ড চুম্বকৰ কেউকাষৰ
চৌম্বক বলৰেখাৰােৰ অংকন
কৰা।
উঃ
প্রঃ
১।চুম্বকৰ বলৰেখাৰ ধর্মসমূহ
তালিকাভুক্ত কৰা।
উ
চৌম্বকীয় বলৰেখাবােৰ উত্তৰ
মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত
সােমায়।
(খ)
চুম্বকৰ
ভিতৰত বলৰেখাৰ দিশ দক্ষিণ
মেৰৰ পৰা উত্তৰ মেৰুলৈ সেয়েহে
বলৰেখাবােৰ অবিচ্ছিন্ন
ৰেখা।
(গ)
চৌম্বকীয়
বলৰেখাৰােৰৰ কোনাে বাস্তৱ
অস্তিত্ব নাই।
(ঘ)
দুডাল
বলৰেখাই কেতিয়াও কটাকটি
নকৰে।
প্রঃ
১। দুডাল চৌম্বক বলৰেখাই কিয়
পৰস্পৰে কটাকটি কৰিব।
উঃ
দুডাল চৌম্বক বলৰেখাই কেতিয়াও
পৰস্পৰে কটাকটি নকৰে কিয়নাে
চুম্বকশলাৰ কাটা এডালে একে
সময়তে দুটা বেলেগ দিশত থাকিব
নােৱাৰে।
প্রঃ
৬। এখন টেবুলৰ সমতলত তাৰৰ
বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা
কৰা। ধৰা হওঁক,
ঘড়ীৰ
কাটাৰ দিশত ইয়াৰ মাজেৰে
প্রবাহ চালিত হৈছে। কুণ্ডলীটোৰ
ভিতৰত আৰু বাহিৰত চৌম্বক
ক্ষেত্ৰৰ দিশ উলিয়াবলৈ
সোঁহাতৰ নীতি প্রয়ােগ কৰা।
উঃ
কুণ্ডলীটোৰ মাজেৰে ঘড়ীৰ সন্মুখ ফালটো দক্ষিণ মেৰু আৰু টেবুলত লাগি থকা অংশটো উত্তৰ মেৰু নির্দেশ কৰিব। সোঁহাতৰ নিয়ম অনুসৰি কুণ্ডলীৰ ভিতৰত চৌম্বকক্ষেত্ৰৰ দিশ তলৰ পিনে হয় আৰু বাহিৰত চৌম্বকক্ষেত্ৰৰ দিশ ওপৰফালে হয়।
প্র
:
৭।
এটা প্রদত্ত অঞ্চলত চৌম্বকক্ষেত্ৰৰ
প্রকৃতি সুষম। ইয়াক প্ৰদৰ্শন
কৰি চিত্র অংকন কৰা।
উঃ
কুণ্ডলী ভিতৰৰ সমান্তৰাল
বলৰেখা সমূহে সুষম চৌম্বকক্ষেত্ৰৰ
প্রকৃতি

শুদ্ধ
উত্তৰটো বাছি উলিওৱা ?
৮।
প্রবাহযুক্ত দীঘল চলেনইড
এটাৰ ভিতৰত চৌম্বকক্ষেত্র
(a)
শূন্য
(b)
ইয়াৰ
প্ৰান্তৰফালে ক্রমে কমি যায়।
(c)
ইয়াৰ
প্ৰান্তৰফালে ক্রমে বাঢ়ি
যায়। (d)
সকলাে
বিন্দুতে একে থাকে।
উ
:
(d) সকলাে
বিন্দুতে একে থাকে।
প্রঃ
৯। চৌম্বক ক্ষেত্ৰত মুক্তভাৱে
গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ
নিম্নোক্ত কোনটো ধর্ম সলনি
হ’ব পাৰে।
(ইয়াত
এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব
পাৰে)
(a)
ভৰ
(b)
দ্রুতি
(c)
বেগ
(d)
ভৰবেগ
উ
:
(c) বেগ
আৰু (d)
ভৰবেগ।
প্রঃ
১০। AB
দণ্ডৰ
সৰণ কেনেদৰে প্ৰভাৱিত হব
যদি
(i)
AB দণ্ডত
প্রবাহ বৃদ্ধি কৰা হয়,
(ii) পূর্বতকৈ
অধিক শক্তিশালী অশ্ব-খুৰা
চুম্বক ব্যৱহাৰ কৰা হয়,
আৰু
(iii)
AB দণ্ডৰ
দৈৰ্ঘ্যৰ বৃদ্ধি কৰা হয় ?
উঃ
(i)
যেতিয়া
AB
দণ্ডডালত
প্রবাহ বৃদ্ধি হ’ব তেতিয়া
দণ্ডডালত বেছি বলে ক্রিয়া
কৰে আৰু দণ্ডডালৰসৰণ বেছি
হয়
(ii)
যেতিয়া
শক্তিশালী অশ্ব-খুৰকৃতিৰ
চুম্বক ব্যৱহাৰ কৰা হয় তেতিয়া
চুম্বকক্ষেত্ৰৰ প্ৰাৱল্য
বাঢ়িব আৰু বলৰ মানো বাঢ়িব।
iii) যােতয়া দণ্ডডালৰ দৈৰ্ঘ্য বঢ়োৱা হব তেতিয়া বলৰ মানো বাঢ়িব।।
প্রঃ
১১। পশ্চিম দিশলৈ উৎক্ষেপিত
ধণাত্মক আধানেৰে আহিত কণা
এটা (আলফা-কণা)
চৌম্বক
ক্ষেত্র এখনত উত্তৰ দিশলৈ
বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ
দিশ হ’ব
(a)
দক্ষিণমুৱা
(b)
পূবমুৱা।
(c)
নিম্নমুখী।
(d)
উর্ধমুখী
উ
:
(d) উর্ধমুখী।।
প্রঃ
১২। তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী
এটা চৌম্বকক্ষেত্র এখনত
ঘূৰােৱা হৈছে। আৱিষ্ট প্রবাহৰ
দিশ—
(a)
দুপাত
সলনি হ’ব
(b)
এপাকত
সলনি হ’ব
(c)
আধা
পাকত সলনি হ’ব
(d)
এপাকৰ
চাৰিভাগৰ এভাগত সলনি হ’ব
উ
:c)
আধা
পাক সলনি হ’ব।
বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া দশম শ্ৰেণীৰ
প্র
৪। ফ্লেমিওৰ বাওঁহতীয়া
নিয়মটো লিখা।
উঃ
ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো
হ’ল-বাওঁহাতৰ
বুঢ়া,
প্রথমা
আৰু মধ্যমা আঙুলি তিনিটা
পৰস্পৰ লম্ব দিশত মেলি দিলে
প্রথমা আৰু মধ্যমা আঙুলিয়ে
যদি ক্রমে চুম্বকক্ষেত্ৰ আৰু
বিদ্যুৎ প্রবাহৰ দিশক সূচায়,
তেনেহ’লে
বুঢ়া আঙুলিয়ে পৰিবাহীৰ
ওপৰত ক্রিয়া কৰা বলৰ দিশ
সূচাব।
উঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল— বিদ্যুৎ প্রবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্রই ক্রিয়া কৰা বল প্রয়ােগ কৰি বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে।
প্রঃ
১৫। বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ
ভূমিকা কি?
উঃ
বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে
প্রত্যেক আধা পাক মূৰে মূৰে
কুণ্ডলীৰ মাজেৰে যােৱা প্ৰবাহৰ
দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো
একেটা দিশত ঘূৰি থাকে।
প্রঃ
১৬। কুণ্ডলীত প্রবাহ আৱিষ্ট
কৰা বিভিন্ন উপায়বোেৰ ব্যাখ্যা
কৰা।
উ
:
দণ্ডচুম্বক
এড়াল তাৰৰ ওচৰলৈ আৰু তাৰৰ
পৰা আঁতৰাই আনি প্রবাহ আৱিষ্ট
কৰিব পাৰি। ওচৰৰ কুণ্ডলীৰ
লগত সংলগ্ন চুম্বক বলৰ পৰিৱর্তনে
আন কুণ্ডলীত প্রবাহ আৱিষ্ট
কৰে।
প্রঃ
এটা বৈদ্যুতিক জেনেৰেটৰৰ
মূলনীতি লিখা।
উঃ
বৈদ্যুতিক জেনেৰেটৰৰ মূল
নীতি হ’ল—এখন চুম্বকক্ষেত্ৰত
এডাল পৰিবাহীত যান্ত্রিক
শক্তি প্রয়ােগ কৰি পুনৰ ইয়াক
বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ
কৰা।
প্রঃ
১৮। প্রত্যক্ষ প্রবাহৰ উৎস
কেইটামানৰ নাম লিখা।
উঃ
গাড়ীৰ বেটেৰী,
সৌৰকোষ,
শুকান
কোষ আদি।
প্র
:
১৯।
পৰিৱৰ্তী প্রবাহ কোনবিলাক
উৎসই উৎপাদন কৰে?
উঃ
তাপ বিদ্যুৎ প্রকল্প,
তেজস্ক্রিয়
শক্তি উৎপাদক,
জলবিদ্যুৎ
উৎপাদক আদি।
প্র
:
২০।
বৈদ্যুতিক বর্তনী আৰু সঁজুলিত
সাধাৰণতে ব্যৱহাৰ হােৱা দুটা
নিৰাপত্তা ব্যৱস্থাৰ নাম
লিখা।
উঃ
বৈদ্যুতিক ফিউজ আৰু ভূমি
সংলগ্ন তাৰ।
প্রঃ
২১। এটা বৈদ্যুতিক অভেন ক্ষমতা
2KW
আৰু
ইয়াক 5A
প্রবাহ
ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ
(220V)
লগত
সংযােগ কৰা হৈছে। কি ফলাফল
তুমি-
আশা
কৰিবা?
আলােচনা
কৰা।
উঃ
ইয়াত,
P
=2KW = 2000W
V = 220V
আমি
জানাে যে,
I=
P/V
= 2000/220
= 9.09 A
বৈদ্যুতিক
অভেনটোৱে কঢ়িওৱা প্রবাহ
প্রায় 9.09
A | গতিকে
এই মান 5Aতকৈ
বহু বেছি। এইক্ষেত্ৰত বর্তনীটো
অতিৰিক্ত প্রবাহৰ বাবে নষ্ট
হৈ যাব।
প্রঃ
২২। ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাকত
অত্যধিক বােজাৰ পৰা ৰক্ষা
কৰিবলৈ কি সাৱধানতা লবা?
উঃ
(ক)
একেটা
স্থানতে অধিক সংখ্যক যন্ত্রপাতি
সংযােগ কৰিব নালাগে।
(খ) একে সময়তে বেছি বিদ্যুৎ শক্তি প্রয়ােজন হােৱা সৰঞ্জাম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
প্রঃ
২৩ তলৰ কোনটোৱে এডাল পােন,
দীঘল
পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র
শুদ্ধভাৱে বর্ণনা কৰে?
(a)
ক্ষেত্ৰখন
তাৰডালৰ লম্ব সৰল ৰেখাৰে
গঠিত।
(b)
ক্ষেত্ৰখন
তাৰডালৰ সমান্তৰাল সৰলৰেখাৰে
গঠিত।
(c)
ক্ষেত্ৰখন
তাৰডালৰ পৰা ওলােৱা কিছুমান
পৰিধিমুখী গঠিত।
(d)
ক্ষেত্ৰখন
তাৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক
বৃত্তৰে ৰেখাৰে গঠিত
উ
:
(d) ক্ষেত্ৰখন
তাৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক
বৃত্তৰে গঠিত।
প্রঃ
২৪। বিদ্যুৎ আৱেশৰ পৰিঘটনা
হৈছে-
(a)
বস্তু
আহিতকৰণৰ প্রক্রিয়া।
(b)
কুণ্ডলীত
চালিত প্রবাহে চৌম্বক ক্ষেত্র
সৃষ্টি কৰা প্রক্রিয়া।
(c)
চুম্বক
আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক
গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট
প্রবাহ সৃষ্টি হােৱাৰ
প্রক্রিয়া।
(d)
বৈদ্যুতিক
মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ
প্রক্রিয়া।
উঃ
(c)
চুম্বক
আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক
গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট
প্রবাহ সৃষ্টি হােৱাৰ প্রক্রিয়া।
প্রঃ
২৫। বৈদ্যুতিক প্রবাহ উৎপন্ন
সঁজুলিক—
(a)
জেনেৰেটৰ
বােলা হয়।
(b)
গেলভেনমিটাৰ
বােলা হয়।
(c)
এমিটাৰ
বােলা হয়।
(d)
মটৰ
বােলা হয়।
উ
:
(a) জেনেৰেটৰ
বােলা হয়।
প্রঃ
২৬। পৰিৱর্তী প্রবাহ জেনেৰেটৰ
আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ
মাজৰ আৱশ্যকীয় পার্থক্যটো
হৈছে-
(a)
পৰিৱৰ্তী
প্রবাহ জেনেৰেটৰত বিদ্যুৎ
চুম্বক থাকে কিন্তু প্রত্যক্ষ
প্রবাহ জেনেৰেটৰত স্থায়ী
চুম্বক থাকে।
(b)
প্রত্যক্ষ
প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ
উৎপন্ন। কৰে।
(c)
পৰিৱর্তী
প্রবাহ জেনেৰেটৰে উচ্চ বিভবভেদ
উৎপন্ন কৰে।
(d)
পৰিৱর্তী
জেনেৰেটৰত ফলা আঙুঠি থাকে
কিন্তু প্রত্যক্ষ প্রবাহ
জেনেৰেটৰত এটা দিক পৰিৱর্তক
উঃ
(d)
পৰিৱর্তী
জেনেৰেটৰত ফলা আঙুঠি থাকে
কিন্তু প্রত্যক্ষ প্রবাহ
জেনেৰেটৰত এটা দিক্ পৰিৱর্তক
থাকে।
প্রঃ
২৭। হ্রস্ববর্তনী হােৱাৰ
সময়ত বর্তনীটোত প্রবাহ
(a)
বুজন
পৰিমাণে কমি যায়
(b)
সলনি
নহয়
(c)
বুজন
পৰিমাণে বৃদ্ধি পায়।
(d)
অবিৰতভাৱে
সলনি হয়।
উ
:
(c) বুজন
পৰিমাণে বৃদ্ধি পায়।
প্রঃ
২৮। তলৰ উক্তিসমূহ শুদ্ধ নে
ভুল কোৱা
(a)
এটা
বৈদ্যুতিক মটৰে যান্ত্রিক
শক্তিক বৈদ্যুতিক শক্তিলৈ
ৰূপান্তৰ কৰে।
(b)
এটা
বৈদ্যুতিক জেনেৰেৰে বিদ্যুৎ
চুম্বকীয় আৱেশৰ মূলনীতি
অনুসৰি কার্য সম্পাদন কৰে।
(c)
এড়াল
দীঘল বৃত্তাকাৰ প্রবাহযুক্ত
পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন
সমান্তৰাল সৰলৰেখা হ’ব।
(d)
সেউজীয়া
অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক
যােগানৰ সজীৱ তাৰ বােলে।
উঃ
(a)
ভুল
(b)
শুদ্ধ
(c)
শুদ্ধ
(d)
ভুল
প্রঃ
২৯। চলেনইডে কেনেদৰে চুম্বকৰ
দৰে আচৰণ কৰে?
চিত্ৰৰ
সহায়ত ব্যাখ্যা কৰা।
উঃ
চলেনইড
হ’ল চুঙা এটাৰ আকৃতিৰ ঘনকৈ
মেৰিয়াই ৰখা অন্তৰিত তামৰ
তাৰৰ বহুতাে বৃত্তাকাৰ পাক
থকা কুণ্ডলী। চিত্ৰত দেখুওৱাৰ
দৰে এটা দিগগর্শন
যন্ত্র
কটাল বিক্ষেপিত হয়। কাঁটাডালৰ
বিক্ষেপনে ইয়াক দেখুৱায়
যে প্রবাহযুক্ত চ’লেনইড এটাই
চুম্বকৰ দৰে আচৰণ কৰে।
প্রঃ
৩০। চলেনইডে কেনেদৰে চুম্বৰ
দৰে আচৰণ কৰে। এডাল দণ্ডচুম্বকৰ
সহায়ত তুমি প্রবাহযুক্ত
চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু
দক্ষিণ মেৰু নির্ণয় কৰিব
পাৰিবানে?
ব্যাখ্যা
কৰা।
উঃ
বিদ্যুৎ প্রবাহিত হৈ থকা
কুণ্ডলী এটাৰ এটা মূৰে উত্তৰ
মেৰু আৰু আনটো মূৰে দক্ষিণ
মেৰুৰ দৰে আচৰণ দেখুৱায়।
যদি এডাল বিদ্যুৎ প্রবাহিত
কুণ্ডলীক মুক্তভাৱে ৰখা হয়
তেন্তে ইয়াৰ এটা মুৰে উত্তৰফালে
আৰু আনটো মূৰ দক্ষিণফালে
থাকিব। দণ্ডচুম্বকৰ সহায়ত
প্রবাহযুক্ত কুণ্ডলী এটাৰ
উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত
কৰিব পাৰি। এডাল চুম্বকৰ উত্তৰ
মেৰুটো কুণ্ডলীৰ এটা মূৰলৈ
নিলে যদি তাত আকর্ষণ হয় তেন্তে
সেই মূৰটো দক্ষিণ মেৰু আৰু
যিটো মূৰ বিকর্ষিত কৰে সেই
মূৰটো উত্তৰ মেৰু সূচাব।
প্রঃ
৩১। চৌম্বক ক্ষেত্ৰত স্থাপন
কৰা প্ৰবাহযুক্ত পৰিবাহী
এড়ালে অনুভৱ কৰা বল কেতিয়া
সর্বোচ্চ হয় ?
উঃ
যেতিয়া চালিত প্রবাহী
পৰিবাহীড়াল আৰু চুম্বকক্ষেত্ৰৰ
দিশ পৰম্পৰ লম্ব দিশত হয়।
প্র
:
৩২।
ধৰা হওঁক তুমি কোঠা এটাত
বেৰৰফালে পিঠি দি বহি আছা।
ইলেকট্রনৰ কিৰণ এটা পিছফালৰ
বেৰৰ পৰা সন্মুখৰ বেৰলৈ
অনুভূমিকভাৱে আহিছে। এই
কিৰণডাল শক্তিশালী চুম্বকৰ
দ্বাৰা সোঁফাললৈ বিচ্যুত
হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ
কি হ’ব?
উঃ
চৌম্বকক্ষেত্ৰৰ দিশ তলৰ পিনে
উলম্বদিশত হ’ব।
প্রঃ
৩৩। বৈদ্যুতিক মটৰৰ চিহ্নিত
চিত্র অংকন কৰা। ইয়াৰ মূলনীতি
আৰু কার্যপ্রণালী ব্যাখ্যা
কৰা। বৈদ্যুতিক মটৰত ফলা
আঙুঠিৰ কাম কি?
চিত্রঃ
বৈদ্যুতিক মটৰ
বৈদ্যুতিক
মটৰৰ মূলনীতি:
বিদ্যুৎ
প্রবাহী পবিবাহীৰ ওপৰত চুম্বক
ক্ষেত্রই ক্রিয়া কৰা বল
প্রয়ােগ কৰি বিদ্যুৎ শক্তিক
যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত
কৰিব পাৰি।
কার্যপ্রণালীঃ চৌম্বক ক্ষেত্রত প্রবাহযুক্ত পৰিবাহীত প্রযুক্ত বলৰ দিশৰ বাবে ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম প্রয়ােগ কৰিলে আমি পাওঁযে AB বাহুত ক্রিয়া কৰা বলে ইয়াক তললৈ ঠেলে CD বাহুত প্রয়ােগ কৰা বলে ইয়াক ওপৰলৈ ঠেলে, ফলা আঙুঠিটোৱে দি পৰিৱৰ্তক হিচাপে থাকি অক্ষ দণ্ডডাল একে দিশত ঘূৰি থকাত সহায় কৰে। বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে পৰিৱৰ্তক হিচাপে কাম কৰে। এই ফলা আঙুঠিয়ে পৰিৱর্তী বিভৱভেদৰ সৃষ্টি কৰে।
প্র
:
৩৪।
বৈদ্যুতিক মটৰ ব্যৱহৃত কেইবিধমান
সঁজুলিৰ নাম লিখা।
উঃ
বৈদ্যুতিক পাংখা,
কাপােৰ
ধােৱা মেচিন,
কুলাৰ,
শীত-
তাপ
নিয়ন্ত্রক যন্ত্র আদি।
প্র : ৩৫। অন্তৰিত তামৰ তৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযােগ কৰা হৈছে। যদি এডাল দণ্ডচুম্বক
(ক) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে
(খ) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(গ)
কুণ্ডলীৰ
অন্তর্ভগত স্থিতিশীল অৱস্থাত
ৰাখিলে কি হ’ব?
উঃ
(ক)
কুণ্ডলীৰ
ভিতৰলৈ ঠেলি দিলে গেলভেন’মিটাৰৰ
কাটাডাল সোঁফালে বিক্ষেপিত
হব।
(খ)
কু
গুলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
গেলভেন মিটাৰৰ কাটাডাল বাওঁফালে
বিক্ষেপিত হয়।
(গ)
কুণ্ডলীৰ
অন্তৰ্ভগত স্থিতিশীল অৱস্থাত
ৰাখিলে গেলভেন মিটাৰৰ কাঁটাডালৰ
দিশৰ সাল-সলনি
নহয়।
প্রঃ
৩৬। দুটা বৃত্তাকাৰ কুণ্ডলী
A
আৰু
B
পৰস্পৰ
ওচৰা ওচৰিকৈ ৰখা হৈছে। A
কুণ্ডলীত
প্রবাহ পৰিৱৰ্তন হলে B
কুণ্ডলীত
প্রবাহ আৱিষ্ট হ’বনে?
কাৰণ
দর্শোৱা।
উ
:
B কুণ্ডলীটোত
প্রবাহ আৱিষ্ট হ’ব। A
কুণ্ডলীৰ
মাজেৰে বিদ্যুৎ প্রবাহিত
হােৱাত তাৰ চাৰিওফালে এখন
চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়
আৰু এই চুম্বকক্ষেত্ৰখনৰ
কিছু চুম্বকীয় ক্ষেত্ৰৰেখা
B
কুণ্ডলীৰ
মাজেৰেও পাৰ হৈ যায়। A
কুণ্ডলীত
বিদ্যুৎ প্রবাহৰ পৰিৱৰ্তন
ঘটাৰ লগে লগে সৃষ্টি হােৱা
চুম্বকক্ষেত্ৰখনৰ ক্ষেত্ৰৰেখাৰ
সংখ্যাও সলনি হয় বাবে Bকুণ্ডলীৰ
মাজেৰে পাৰ হৈ যােৱা চুম্বকীয়
ক্ষেত্ৰৰেখাৰ সংখ্যাও সলনি
হয়।
প্রঃ
৩৭। (ক)
প্রবাহযুক্ত
পােন পৰিবাহীৰ কেউকাষে সৃষ্টি
হােৱা চৌম্বকক্ষেত্ৰৰ (খ)
চৌম্বকক্ষেত্র
এখনৰ লম্বভাৱে স্থাপন কৰা
প্রবাহযুক্ত পােন পৰিবাহী
এডালে অনুভৱ কৰা বল আৰু (গ)
চৌম্বকক্ষেত্ৰ
এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট
হােৱা প্ৰবাহৰ দিশ নির্ণয়
কৰাৰ নিয়ম উল্লেখ কৰা।
উঃ
(ক)
সোঁহতীয়া
মেক্সৱেলৰ নীতি প্রয়ােগ কৰা
হয়।
(খ)
ফ্লেমিঙৰ
বাওঁহতীয়া নীতিৰ দ্বাৰা
জানিব পাৰি।
(গ)
ফ্লেমিঙৰ
সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি।
প্র
:
৩৮।
চিহ্নিত চিত্ৰৰ সহায়ত এটা
বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি
আৰু কার্যপ্রণালী বর্ণনা ।
ইয়াত ব্রাচ দুভালৰ কাম কি?
উঃ
মূলনীতিঃ জেনেৰেটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। ই বিদ্যুৎ চুম্বকীয় আৱেশৰ ভিত্তিত কাম কৰে।
কার্যপ্রণালীঃ চৌম্বক ক্ষেত্ৰখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰােৱা হয় যাতে, R1 আৰু R2, আঙুঠি দুটাও তাৰ সৈতে ঘূৰে। AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তলফালে যায়। AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্রবাহ আৱিষ্ট কৰে আৰু বাহিৰৰ বর্তনীত ABCDৰ দিশত চালিত হয়। আধা পাক ঘুৰাৰ পিছত আঙুঠি R, ব্রাছ Bৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ যায়। আঙুঠি R2 আৰু B1 ব্ৰাছৰ সংস্পৰ্শলৈ আহে আৰু AB বাহু তলফালে যায়। ফলত বাহু দুটাত। আৱিষ্ট প্রবাহ সলনি হৈ মুঠ আৱিষ্ট প্রবাহ DCBAৰ দিশত প্রবাহমান হয়। এই অবিৰত প্ৰক্ৰিয়াৰ কাৰণে এক নির্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰ দিশ সলনি হৈ থাকি পৰিৱর্তী প্রবাহৰ উৎসৰূপে পৰিগণিত হয়। ইয়াত ব্ৰাছ দুডালে বিদ্যুত প্রবাহৰ দিশ সলনি কৰে, ফলত কুণ্ডলীৰ ঘূর্ণনৰ দিশ একে থাকে।
প্রঃ
৩৯। এটা বৈদ্যুতিক হ্রস্ববর্তী
কেতিয়া সংঘটিত হয়?
উঃ
ধণাত্মক আৰু ঋণাত্মক তাৰৰ
সংযোেগ ঘটিলে বিদ্যুৎ প্রবাহ
হঠাতে বাঢ়ি যায়। তেতিয়াই
বৈদ্যুতিক হ্রস্ব বর্তনী
সংঘটিত হয়।
প্রঃ
৪০। ভূমি সংলগ্ন ভঁৰৰ কাম কি?
ধাতুৰ
সঁজুলিবােৰ ভূমি সংলগ্ন কৰাৰ
প্ৰয়ােজন কিয়?
উঃ
ভূমি সংযােগী তাৰৰ কাম হ’ল
যিকোনাে বৈদ্যুতিক প্রবাহৰ
নিঃসৰণক কম ৰােধৰ পৰিবাহী পথ
এটাৰ যােগানৰ দ্বাৰা স্থানান্তৰ
কৰা। যেতিয়া ধাতুৰ সঁজুলি
এটাত প্রবাহ প্রবাহিত হয়।
তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰ
কৰাজনে বৈদ্যুতিক আঘাত পােৱাৰ
সম্ভাৱনা থাকে। সঁজুলিবােৰ
ভুমি সংলগ্ন কৰিলে এই আঘাত
প্ৰতিৰােধ কৰিব পৰা যায়।
প্রঃ
৪১। বিদ্যুৎ চুম্বকৰ দুটা
ব্যৱহাৰ লিখা।
উঃ
(ক)
বৈদ্যুতিক
ঘণ্টা,
অনাৰ্তাৰ
সম্প্ৰচাৰণ,
টেলিফোন
আদিত ব্যৱহাৰ কৰা হয়।
(খ)
এখন
ঠাইৰ পৰা আন এখন ঠাইলৈ গধুৰ
বস্তু কঢ়িয়াই নিবলৈ কপিকলক
সহায় কৰে।
প্র
৪২। চলেনইড কি?
উ
:
চুঙা
এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই
ৰখা অন্তৰিত তামৰ তাৰৰ বহুতাে
বৃত্তাকাৰ কুণ্ডলীক চলেনইড
বােলে।
প্র:
৪৩।
আমেছাৰ কাক বােলে?
উঃ
বাণিজ্যিক মটৰত ব্যৱহাৰ কৰা
লােৰ মজ্জা আৰু কুণ্ডলী
দুয়ােটাক একেলগে আর্মেছাৰ
বােলে।
পঃ ৪৫। বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ পার্থক্য কি? (i) বৈদ্যুতিক জেনেৰেটৰত ব্রাচ ৰিং আৰু (ii) বৈদ্যুতিক মটৰত লিপ ৰিংৰ কাৰ্য্য কি?
উঃ
বৈদ্যুতিক জেনেৰেটৰ আৰু
বৈদ্যুতিক মটৰৰ মাজত পার্থক্য
হল-
বৈদ্যুতিক
জেনেৰেটৰত যান্ত্রিক শক্তিক
বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ
কৰা হয় আনহাতে,
বৈদ্যুতিক
মটৰত বৈদ্যুতিক শক্তিক যান্ত্রিক
শক্তিলৈ ৰূপান্তৰ কৰা হয়।
(i)
বৈদ্যুতিক
জেনেৰেটৰত ব্রাচ ৰিঙে প্রতি
আধা পাক ঘূর্ণনৰ অন্তত বাহৰ
প্ৰবাহৰ ৰীয়তা সলনি কৰে।
(ii)
বৈদ্যুতিক
মটৰত শ্লিপ ৰিঙে প্রতি আধা
পাক ঘূর্ণনৰ অন্তত বিদ্যুৎ
প্রবাহৰ দিশ সলনি কৰে।
প্রঃ
৪৬। (a)
কুণ্ডলী
এটাত আৱিষ্ট বিদ্যুৎ প্রবাহৰ
দিশ-
জানিবলৈ
ব্যৱহৃত নিয়মটো উল্লেখ
কৰা।
উঃ
কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ
প্ৰৱাহৰ দিশ জানিবলৈ।
ব্যৱহাৰ
কৰা নিয়মটো হ’ল-
ফ্লেমিঙৰ
সোঁহতীয়া নীতির সােহাতৰ
বুঢ়া,
তর্জনী
আৰু মধ্যমা আঙুলী পৰম্পৰ লন্স
দিশত মেলি ধৰিলে তর্জনী আঙুলীয়ে
যদি চৌম্বকক্ষেত্ৰৰ দিশ আৰু
বুঢ়া আঙুলীয়ে যদি পৰিবাহীৰ
গতিৰ দিশ সূচায় তেন্তে মধ্যমা
আঙুলীয়ে আৱিষ্ট বিদ্যুৎ
প্রবাহৰ দিশ সূচাব।
No comments:
Post a Comment