পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
প্রশ্ন
:
কলা
কি?
উত্তৰ
:
একোটা
নির্দিষ্ট কার্য সম্পন্ন কৰা
একে গঠন আৰু আকৃতি বিশিষ্ট
কোষৰ সমষ্টিকেই কলা বােলে।
প্রশ্নঃ
বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ
কাম কি ?
উত্তৰঃ
বহুকোষী জীৱৰ ক্ষেত্ৰত বেলেগ
বেলেগা কলাই বেলেগ বেলেগ কার্য
সম্পাদন কৰাৰ ক্ষমতা ৰাখে।
একোটা নির্দিষ্ট কলাই একোটা
নির্দিষ্ট কার্য সমাধা কৰা
বাবে তেনে,
কার্য
অধিক দক্ষতাৰে সম্পন্ন হয়।
প্রশ্ন
:
বিভিন্ন
প্ৰকাৰৰ কলাসমূহৰ নাম লিখা।
উত্তৰ:
বিভিন্ন
প্রকাৰৰ সৰল স্থায়ী কলাসমূহ
হ’ল – পেৰেণকাইমা,
ক’লেনকাইমা
আৰু স্কেলৰেণকাইমা
প্রশ্ন:
অগ্রস্থ
ভাজক কলা কত পােৱা যায়?
উত্তৰ
অগ্ৰস্থ ভাজক কলা কাণ্ড আৰু
শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা
যায়।
প্রশ্ন
:
কোনবিধ
কলাই নাৰিকলৰ বাকলিখন কঠন
কৰে ?
উত্তৰ
ক্ৰেৰেণকাইমা কুলাই নাৰিকলৰ
বাকলিখন গঠন কৰে।
প্রশ্ন
:
ফ্লোৱেম
কলা কিহেৰে গঠিত?
উত্তৰ
:
ফ্রোৱেম
কলা চাৰিবিধ কোষেৰে গঠিত। এই
চাৰিবিধ কোষ হ’ল – চালনি নলীকা,
সংগী
কোষ,
ফ্লোৱেম
পেৰণকাইমা আৰু ফ্লোৱেম তন্তু।
প্রশ্ন:
প্রাণীদেহৰ
চলনৰ লগত জড়িত কলাবিধ কি
?
উত্তৰঃ
প্রাণীদেহৰ চলনৰ লগত জড়িত
কলা বিধ হ’ল পেশীকলা।
প্রশ্ন
:
নিউৰণ
দেখাত কেনেকুৱা হয় ?
উত্তৰঃ
স্নায়ুকলা গঠন কৰা নিউৰণ
হ’ল এক দীঘলীয়া আকৃতিৰ কোষ।
ইয়াৰ কোষকেন্দ্র আৰু কোষপ্রস
থকা অংশক দেহকোষ’ বােলে।
দেহকোষৰ পৰা ওলােৱ্য আটাইতকৈ
দীঘল স্নায়ু প্রবর্ধলক এক্সন
আৰু চুটি আৰু প্ৰশাখাযুক্ত
প্রবর্ধবােৰক ডেনড্রাইট
বােলে।
প্রশ্ন
:
হৃদপেশীৰ
তিনিটা বৈশিষ্ট্য উল্লেখ
কৰা।
উত্তৰঃ
হৃদপেশীৰ তিনিটা বৈশিষ্ট্য
হল —
(ক)
এই
পেশীৰ কোষবােৰ দীঘলীয়া,
চুঙা
আকৃতিৰ।
(খ)
এই
পেশীৰ কোষবােৰ শাখাযুক্ত।
(গ)
এই
পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র
থাকে।
প্রশ্ন:
এৰিওলাৰ
কলাৰ কাৰ্যসমূহ কি কি?
উত্তৰ
এৰিওলাৰ কলাৰ কাৰ্যসমূহ
হ’ল-
(ক)
এই
কলাই আভ্যন্তৰীণ অংগসমূহক
সুৰক্ষা প্রদান কৰে।
(খ) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।
অনুশীলনীৰ প্রশ্নোত্তৰ
2.
জাইলেম
কলাৰ উপাদন সমূহ কি কি?
উত্তৰঃ
জাইলেম কলা গঠন কৰা উপাদানসমূহ
হ’ল – ট্রেকাইড,
নলীকা,
জাইলেম
পেৰেণুকাইমা,
জাইলেম
তন্তু।
3.
উদ্ভিদৰ
সৰল কলাসমূহ জটিল কলাতকৈ কি
ক্ষেত্ৰত পৃথক?
উত্তৰ
উদ্ভিদৰ সৰল কলা আৰু জটিল কলাৰ
মাজত থকা মুখ্য পার্থক্য হ’ল
– সৰল কলাসমূহ এক প্ৰকাৰৰ
কোষেৰে তৈয়াৰী,
কিন্তু
জটিল কলাসমূহ কেইবা প্ৰকাৰৰ
কোষৰ দ্বাৰা গঠিত।
4.
: কোষবেৰৰ
ওপৰত ভিত্তি কৰি পেৰেণকাইমা,
কলেনকাইমা,
শ্বেলেৰেনকাইমা
মাজত থকা পার্থক্য দাঙি
ধৰা।
উত্তৰ:
পেৰণকাইমা
কলাৰ কোষবােৰৰ কোষবেৰ অতিকৈ
পাতল হয়। আনহাতে ক’লেনকাইমা
কলাৰ কোষবােৰৰ কোষবেৰ দুইমূৰৰ
ফালে অনিমীয়াভাৱে ডাঠ।
তেনেদৰে শ্বেলেৰেনকাইমা কলাৰ
কোষবােৰৰ কোষবেৰ লিগনিন নামৰ
ৰাসয়নিক পদার্থবিধ জমা হােৱা
বাবে অতিকৈ ডাঠ।
প্রশ্ন
:
পত্ৰৰন্ধৰ
কার্যবিলাক কি কি ?
উত্তৰ:
পত্ৰৰন্ধৰ
মুখ্য কার্যসমূহ হল –
(ক)
বায়ুমণ্ডল
আৰু উদ্ভিদকোষৰ মাজত গেছৰ
আদান-প্রদান
কৰা।
(খ)
প্রস্বেদনৰ
জৰিয়তে উদ্ভিদেহৰ অতিৰিক্ত
প্রানীভাগ বাষ্প আকাৰে
বায়ুমণ্ডললৈ উলিয়াই দিয়া।
প্রশ্ন
:
নিউৰনৰ
প্রধান অংশকেইটা কি কি?
উত্তৰ:
নিউৰনৰ
প্রধান অংশকেইটা হল-
(ক)
দেহকোষ:
এই
অংশত কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস
পােৱা যায়।
(খ)
স্নায়ু
প্রবর্ধঃ দেহকোষৰ পৰা ওলােৱা
এইবােৰ চুলিৰ দৰে কিছুমান
অংগ। স্নায়ু প্রবর্ধ দুবিধ—এক্সন
আৰু ডেনড্রাইট।
প্রশ্ন
:
কলেনকাইমা
কি ?
উত্তৰঃ
ক্ল’ৰেণুকাইমনা হ’ল এক বিশেষ
ধৰণৰ পেৰেণকাইমা কলা যাৰ কোযত
পত্রহৰিৎ পােৱা যায়। এই কলাৰ
কোষসমূহে সালােক-সশ্লেষণ
সংঘটিত কৰে।
প্রশ্নঃ
বায়ু কলা কি?
উত্তৰঃ
জলজ উদ্ভিদৰ পেৰেণকাইমা কোষত
বায়ু-গহ্বৰ
পােৱা যায়,
যিয়ে
উদ্ভিদজোপাক পানীত ওপঙি থকাত
সহায় কৰে। এনে পেৰেণকাইমা
কলাক বায়ু কলা বােলে।
প্রশ্ন:
শ্বেলেৰেনকাইমা
কলা কত কত পােৱা যায় ?
উত্তৰ
:
স্কেলৰেণুকাইমা
কলা কাণ্ডৰ সংবহন কণাৰ চাৰিওফালে
পাতৰ সিৰা আৰু আৰু ফল,
বীজ
আদিৰ টান খােলাত পােৱা যায়।
প্রশ্ন:
কলেনকাইমা
কলা কত কত পােৱা যায় ?
উত্তৰ
:
কলেনকাইমা
কলা পাতৰ ঠাৰি আৰু কাণ্ডৰ
বহিকৰ তলত পােৱা যায়।
প্রশ্ন
:
পেৰেণকাইমা
কলা কত কত পােৱা যায় ?
উত্তৰ:
পেৰেণুকাইমা
কলা উদ্ভিদদেহৰ বহিষ্কক,
কর্টেক্স,
পিথ,
ফল
আৰু বীজত পােৱা যায় ।
প্রশ্ন:
বহিস্তক
কি ?
উত্তৰঃ
উদ্ভিদ এজোপাৰ প্ৰতিটো দিশৰে
বহিঃ অংশটো আৱৰি থকা আৱৰণীখনক
বহিস্তক বােলে।
প্রশ্ন
:
বহিস্তক
বৈশিষ্ট্য সমূহ কি ?
উত্তৰ:
বহিস্তক
বৈশিষ্ট্যসমূহ হ’ল-
(i)
ই
কোষৰ এটা মাত্র তৰপেৰে গঠিত।
(ii)
ইয়াৰ
কোষবােৰৰ মাজত কোষমধ্যবর্তী
স্থান নাথাকে।
(ii)
ইয়াৰ
কোষবােৰ চেপেটা।
প্রশ্ন:
সংবহন
কণা কি ?
উত্তৰ:
জাইলেম
আৰু ফ্লোৱেমক একেলগে সংবহন
কণা বােলে।
প্রশ্ন;
ফ্লোৱেম
কলাৰ উপাদনসমূহ কি কি?
উত্তৰঃ
ফ্লোৱেম কলা গঠন কৰা উপাদানসমূহ
হ’ল – চালনি নলীকা,
সংগী
কোষ,
ফ্লোৱেম
পেৰেণকাইমা আৰু ফ্লোৱেম তন্তু।
প্রশ্ন;
প্রাণী
কলাসমূহ কেইপ্ৰকাৰৰ আৰু কি
কি ?
উত্তৰঃ
প্রাণীকলাসমূহ চাৰি প্ৰকাৰৰ–
(i)
আচ্ছাদক
কলা (ii)
সংযােজক
কলা (iii)
পেশী
কলা (iv)
স্নায়ু
কলা।
প্রশ্ন;
আচ্ছাদক
কলাৰ প্ৰকাৰসমূহ কি কি?
উত্তৰঃ
আচ্ছাদক কলা চাৰিপ্ৰকাৰৰ।
সেইবােৰ হ’ল-(i)
স্ক’মাছ
আচ্ছাদক কুলা। (ii)
স্তম্ভাকাৰ
আচ্ছাদক কলা (iii)
ঘনকাকাৰ
আছাদক কলা (iv)
গ্রন্থি
আচ্ছাদক কলা।
প্রশ্ন
:
স্ক’মাছ
আচ্ছাদক কলাৰ প্ৰকাৰ দুটা কি
কি?
উত্তৰঃ
স্ক’মাছ আচ্ছাদক কলাৰ প্ৰকাৰ
দুটা হ’ল-
(i) সৰল
স্ক’ৱামাছ আচ্ছাদক কলা আৰু
(ii)
ঔৰীভূত
ক’মাছ আচ্ছাদক কলা।
প্রশ্ন:
পেশী
কলা কেই প্ৰকাৰৰ আৰু কি কি
?
উত্তৰ
:
পেশীকলা
তিনি প্রকাৰৰ,
যেনে
– (i)
ঐচ্ছিক
বা ৰেখিত পেশী। (ii)
অনৈচ্ছিক
বা অৰেখিত পেশী।
(iii)
হৃদপেশী।
প্রশ্ন
:
উদ্ভিদ
কলাৰ প্ৰকাৰসমূহ কি কি?
উত্তৰঃ
উদ্ভিদ কলা দুই প্রকাৰৰ। যেনে-
(i) ভাজক
কলা আৰু (ii)
স্থায়ী
কলা।
প্রশ্ন
:
ভাজক
কলাৰ প্ৰকাৰ সমূহ লিখা।
উত্তৰঃ
ভাজক কলাৰ প্ৰকাৰসমূহ হ’ল –
(i)
অগ্রস্থ
ভাজক কলা। (ii)
পাশ্বীয়
ভাজক কলা। (iii)
নিবেশিত
ভাজক কলা।
প্রশ্ন
:
স্থায়ী
কলা কেইপ্রকাৰৰ আৰু কি কি?
উত্তৰঃ
স্থায়ী কলা দুই প্রকাৰৰ।
যেনে-
(i) সৰল
স্থায়ী কলা (ii)
জটিল
স্থায়ী কলা
প্রশ্ন:
সৰল
স্থায়ী কলাৰ প্ৰকাৰ সমূহ কি
?
উত্তৰঃ
সৰল স্থায়ী কলা তিনি প্রকাৰৰ।
যেনে-
(i) পেৰেণকাইমা
(ii)
ক’লেনকাইমা
(iii)
ক্লেৰেণকাইমা
প্রশ্ন
:
জটিল
স্থায়ী কলাৰ প্ৰকাৰবােৰ
কি.?
উত্তৰঃ
জটিল স্থায়ী কলাৰ প্ৰকাৰবােৰ
হ’ল-
(i) জাইলেম
আৰু (ii)
ফ্লোৱেম
প্রশ্ন:
তেজক
কিয় তৰল সংযােজক কলা বােলে
?
উত্তৰঃ
তেজৰ আধাৰদ্ৰব্য প্লাজমা
এবিধ তৰল পদার্থ। সেয়ে তেজক
তৰল সংযােজক কলা বােলা হয়।
প্রশ্ন
:
তেজৰ
উপাদনসমূহ কি কি?
উত্তৰঃ
তেজৰ উপাদানসমূহ হ’ল-
(i) প্লাজমা
(ii)
লােহিত
ৰক্ত কণিকা (iii)
শ্বেত
ৰক্তকণিকা (iv)
অণুচক্রিকা।
প্রশ্ন
:
প্লাজমাৰ
মুখ্য উপাদানসমূহ কি কি?
উত্তৰ:
প্লাজমাৰ
মুখ্য উপাদান হ’ল পানী (প্রায়
90%)।
ইয়াৰ উপৰিও প্লাজমাত প্রটিন,
লৱণ
আৰু হৰম’ন পােৱা যায়।
প্রশ্ন:
অস্থিৰ
আধাৰদ্ৰব্য কিহেৰে গঠিত?
উত্তৰ:
অস্থিৰ
আধাৰদ্ৰব্য কেলছিয়াম আৰু
ফচফৰাছ যৌগৰ দ্বাৰা গঠিত।
প্রশ্ন:
উপস্থিৰ
আধাৰ দ্ৰব্য কিহেৰে গঠিত?
উত্তৰঃ
উপস্থিৰ আধাৰদ্ৰব্য প্রটিন
আৰু শৰ্কৰাৰ দ্বাৰা গঠিত।
প্রশ্ন:
পেশী
কলা কি?
উত্তৰঃ
প্রাণীদেইৰ বিভিন্ন অংগ-প্রত্যংগৰ
সঞ্চালনৰ লগত জড়িত কলাবিধক
পেশী কলা বােলে।
প্রশ্ন
:
পেশী
তন্তু কি?
উত্তৰঃ
পেশী কলা গঠনকাৰী দীঘলীয়া
কোষসমূহক পেশী তন্তু বােলে।
প্রশ্ন
:
ঐচ্ছিক
পেশীক ৰেখিত পেশী কিয় বােলা
হয় ?
উত্তৰ:
ঐচ্ছিক
পেশীৰ কোষসমূহৰ গাত একান্তৰভাৱে
স্বচ্ছ আৰু অস্বচ্ছ কিছুমান
অনুপ্রস্থ ৰেখা পােৱা যায়।
সেয়ে ঐচ্ছিক পেশীক ৰেখিত
পেশী বােলে।
প্রশ্ন
:
স্নায়ুকলা
কাক বােলে ?
উত্তৰঃ
যি কলাৰ কোষবােৰে বিভিন্ন
উদ্দীপনা গ্রহণ কৰি সেই উদ্দীপনা
শৰীৰৰ এটা অংশৰ পৰা আন এটা
অংশলৈ কঢ়িয়ই নিব পাৰে,
তাক
স্নায়ু কলা বােলে।
প্রশ্ন:
হৃদপেশীৰ
বিশেষ কার্য কি?
উত্তৰ:
হৃদপেশীৰ
নিৰৱচ্ছিন্ন সংকোচন আৰু
প্ৰসাৰণ ঘটি থকাৰ ফলত প্রাণীৰ
শীত তেজৰ সঞ্চালন ঘটে।
প্রশ্ন
:
ৰক্ষী
কোষ কি?
উত্তৰঃ
উদ্ভিদৰ পাতৰ পত্ৰৰ ছিদ্রটি
মুকলি আৰু বন্ধ কৰাত সহায়
কৰা কোষ দুটাক ৰক্ষী কোষ বােলে।
প্রশ্ন
:
সংযােজক
কলা কাক বােলে?
উত্তৰঃ
যি কলাই এবিধ কলাক আন এবিধ
কলাৰ লগত বা এটা অংগক আন এটা
অংগৰ লগত সংযােগ কৰে,
তেনে
কলাক সংযােজক কলা বােল।
প্রশ্ন:
স্নায়ু
কাক বােলে ?
উত্তৰ
সংযােজক কলাৰ দ্বাৰা বান্ধ
খাই থকা স্নায়ুসূত্রসমূহকে
একেলগে এডাল স্নায়ু বােলে।
প্রশ্ন:
বিভেদন
কি ?
উত্তৰ
কিছুমান উদ্ভি স্থায়ী আকাৰ,
আকৃতি
আৰু কার্য লাভ স্থায়ী কলালৈ
ৰূপান্তৰিত হয়। এই প্রক্রিয়াকে
বিভেদন বােলে।
প্রশ্ন
:
অগ্রস্থ
ভাজক কলা কাক বােলে?
ইয়াৰ
কাম কি?
উত্তৰঃ
যিবােৰ ভাজক কলা উদ্ভিদৰ কাণ্ড
আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত
পােরা যায়,
তাক
অগ্রস্থ ভাজক কলা বােলে। অগ্রই
ভাজক কলাৰ কাম হ’ল কাণ্ড আৰু
শিপাৰ দৈর্ঘ্য বৃদ্ধি কৰা।
প্রশ্ন:
স্তম্ভাকাৰ
আচ্ছাদক কলা কি?
ইয়াক
ক ত পােৱা যায় ?
উত্তৰ:
আকৃতিৰ
কোষেৰে গঠিত আচ্ছাদক কলাক
স্তম্ভাকাৰ আচ্ছাদক কলা বােলে।
এনে কলা অন্ত্ৰৰ ভিতৰৰ আৱৰণীত
পােৱা যায়।
প্রশ্ন:
উপাস্থি
কি?
ইয়াক
ক’ত ক’ত পােৱা যায় ?
উত্তৰ
:
উপাস্থি
হ’ল এবিধ লেহুকা সংযােজক কলা
যাৰ কঠিন আধাৰদ্ৰব্য প্রটিন
আৰু শকৰাৰ দ্বাৰা গঠিত। উপাস্থি
নাক,
কাণ,
ট্রেকীয়া
আৰু লেৰিক্সত পােৱা যায়।
প্রশ্ন:
পেৰেণকাইমা
কলা পােৱা অঞ্চলবিলাকৰ নাম
লিখা।
উত্তৰ
পেৰেণকাইমা কলা সাধাৰণতে
উদ্ভিদদেহৰ বহিস্কক,
কর্টেক্স,
ফল,
বীজ
আদিত পোৱা যায়।
প্রশ্ন
:
নিউৰন
কি ?
উত্তৰ:
স্নায়ুকলা
গঠন কৰা কোষবােৰক স্নায়ুকোষ
বা নিউৰন বােলে।
প্রশ্ন: শুদ্ধ উত্তৰ বাছি উলিওৱা ।
(i)
তলৰ
কোনবিধ কলাৰ কোষত ৰসধানী পােৱা
নাযায়।
(ক)
ভাজক
কলা (খ)
পেৰেণকাইমা।
(গ)
কালেনকাইমা
(ঘ)
জাইলেম।
উওঁৰঃ
(ক)
ভাজক
কলা।
(ii)
তলৰ
কোনবিধ কলাই সালােকসংশ্লেষণ
কৰিব পাৰে
(ক)
ক’লেনকাইমা
(খ)
ক্লেৰেণুকাইমা
(গ)ক্ল’ৰেণকাইমা
(ঘ)
বায়ুকলা
উত্তৰ
(গ)
ক্ল’ৰেণুকাইমা
(iii)
তলৰ
কোনবিধ কলাই জলজ উদ্ভিদক পানীত
ওপঙি থকাত সহায় কৰে-
(ক)কলেনকাইমা
(খ)
স্কেলৰেণকাইমা
(গ)
ক্ল’ৰেণকাইমা।
(ঘ)
বায়ুকলা
উত্তৰঃ
(ঘ)
বায়ুকলা
(iv)
তলৰ
কোনবিধ কলাই উদ্ভিদৰ অংগক
নমনীয় হােৱাত সহায় কৰে-
(ক)
পেৰেণকাইমা।
(খ)
ক’লেনকাইমা
(গ)
স্কেলৰেণকাইমা
(ঘ)
বায়ুকলা
উত্তৰঃ
(খ)
কলেনকাইমা
(v)
তলৰ
কোনবিধ এবিধ স্থায়ী কলা-
(ক)
অগ্রস্থ
ভাজক কলা (খ)
নিবেশিত
ভাজক কলা। (গ)
পাশ্বীয়
ভাজক কলা। (ঘ)
পেৰেণকাইমা
উত্তৰ
:
(ঘ)
পেৰেণুকাইমা
(vi)
তলৰ
কোনবিধ কলা লিগনিন পােৱা
যায়-
(ক)
পেৰেণকাইমা
(খ)
ক’লেনকাইমা
(গ)
শ্বেলেৰেনকাইমা
(ঘ)
ফ্লোৱেম
উত্তৰ
:
(গ)
স্কেলৰেণুকাইমা
(vii)
তলৰ
কোনটো উদ্ভিদ অংগত কিউটিন
পােৱা যায়—
(ক)
কর্টেক্স।
(খ)
বহিস্তৃক
(গ)
সংবহন
কণা (ঘ)
পিথ।
উত্তৰ:
(খ)
বহিস্ত্বক
(viii)
তলৰ
কোনটো উদ্ভিদ অংগত চুবাৰিণ
পােৱা যায়—
(ক)
বহিস্তৃক
(খ)
কর্টেক্স
(গ)
কর্ক
(ঘ)
সংবহন
কণা
উত্তৰ:
(গ)
কর্ক
(ix)
তলৰ
কোনৰিধ এবিধ জটিল স্থায়ী
কলা —
(ক)
পেৰেণকাইমা।
(খ)
কলেনকাইমা
(গ)
স্কেৰেণকাইমা
(ঘ)
জাইলেম
উত্তরঃ
(ঘ)
জাইলেম
(x)
তলৰ
কোনবিধ কলাত ট্রেকাইড পােৱা
যায়-
(ক)
জাইলেম
(খ)
ফ্লোৱেম
(গ)
বায়ুকলা,
(ঘ)
পেৰেণ
কাইমা
উত্তৰ
:
(ক)
জাইলেম।
(xi)
তলৰ
কোনবিধ কলাত সংগী কোষ পােৱা
যায়-
(ক)
কলেণকাইমা
(খ)
পেৰেণকাইমা
(গ)
জাইলেম
উত্তৰ:
(ঘ)
ফ্লোরেম
(xi)
তলৰ
কোনবিধ কলা উদ্ভিদদেহত পানী
আৰু খনিজ লৱণৰ পৰিবহনৰ লগত
জড়িত —
(ক)
কলেণকাইমা
(খ)
জাইলেম
(গ)
ক্লোবেন।
(ঘ)বায়ুকলা
উত্তৰঃ
(খ)
জাইলেম।
(xiii)
তলৰ
কোনবিধ কলাই উদ্ভিদদেহৰ পাতত
প্রস্তুত হােৱা খাদ্য দ্রব্য
আন অংশলৈ পৰিবহন কৰে
(ক)
ক’লেনকাইমা
(খ)
শ্বেলেৰেনকাইমা
(গ)
জাইলেম
(ঘ)
ফ্লোরেম
উত্তৰ:
(ঘ)
ফ্লোরেম
চমু প্রশ্নোত্তৰ
প্রশ্ন
:
কি
কি উপাদানেৰে জাইলেম কলা গঠিত
উল্লেখ কৰা।
উত্তৰ:
জাইলেম
কলা চাৰিবিধ উপাদানেৰে গঠিত।
সেই সমূহ হ’ল— ট্রেকাইড,
নলীকা,
জাইলেম,
পেৰেণকাইমা
আৰু জাইলেম তন্তু।
প্রশ্ন
:
মগজুত
থকা কলা।
উত্তৰঃ
স্নায়ুকলা।
প্রশ্ন
:
তলৰ
অংগসমূহত থকা কলাৰ প্ৰকাৰবােৰ
চিনাক্ত কৰা।
ছাল,
গছৰ
বাকলি,
অস্থি,
বৃক্কনলীৰ
অন্তঃআৱৰণী,
সংবহন
কণা
উত্তৰ
(1)
ছাল:
স্তৰীভূত
স্কুৱামাছ আচ্ছাদক কলা।
(ii)
গছৰ
বাকলিঃ গৌণ ভাজক কলা।
(iii)
অস্থি
ঃ সংযােজক কলা।
(iv)
বৃক্কনলীৰ
অন্তঃআৱৰণী ও ঘনকাকাৰ আচ্ছাদক
কলা।
(v)
সংৰহন
কণাঃ জটিল স্থায়ী কলা।
প্রশ্ন
:
উদ্ভিদৰ
বহিস্তৃকখনৰ ভূমিকা কি ?
উত্তৰঃ
উদ্ভিদৰ বহিস্তৃকখনৰ মুখ্য
ভূমিকা হ’ল–
(ক)
ই
উদ্ভিদদেহৰ সকলাে অংগকে
শাৰিৰীক ক্ষতি আৰু ভেকুৰ আদি
পৰজীৱীৰ আক্ৰমণৰ পৰা সুৰক্ষা
দিয়ে।
(খ)
ই
উদ্ভিদদেহৰ পৰা পানী ওলাই
যােৱাত বাধা দিয়ে। তাৰ বাবে
বহিস্কৃকখনে কিউটিন নামৰ এখন
মমজাতীয় পদার্থ নিঃসৰণ কৰে।
প্রশ্ন:
কর্কে
কেনেদৰে প্ৰতিৰােধী কলা হিচাপে
কাম কৰে?
উত্তৰ:
গছ
এজোপাৰ বয়স বঢ়াৰ লগে লগে
তাৰ বহিস্কৃকখনৰ পৰিবর্তন
সাধন হয়। গছৰ কাণ্ডৰ বহিস্কৃকখন
এশাৰী (গৌণ
ভাজক কলাৰ দ্বাৰা প্রতিস্থাপিত
হয়। একেবাৰে বাহিৰৰ কোষবােৰেই
অৰীভূত হৈ কৰ্ক বা গছৰ বাকলিৰ
সৃষ্টি কৰে। ই গছজোপাক সুৰক্ষা
দিয়াৰ লগতে ইয়াৰ মৃত কোষবােৰৰ
কোষবেৰত জমা হােৱা চুবাৰিণ
নামৰ ৰাসায়নিক পদার্থবিধৰ
বাবে কৰ্কৰ মাজেৰে গেছ আৰু
পানী সৰকি যাব নােৱাৰে। এনেদৰে
কর্কে প্রতিবােধী কলা হিচাপে
কাম কৰে।
প্রশ্ন:
উদ্ভিদ
কলা আৰু প্রাণীকলাৰ মাজত থকা
পার্থক্যবােৰ লিখা
উত্তৰঃ
উদ্ভিদ কলা আৰু প্রাণী কলাৰ
মাজত থকা পার্থক্যবােৰ হ’ল
–
(ক)
বেছিভাগ
উদ্ভিদ কলাই মৃত,
কিন্তু
বেছিভাগ প্রাণীকলাই জীৱিত।
(খ)
উদ্ভিদ
কলাসমূহৰ বিভাজন ক্ষমতাৰ
ওপৰত ভিত্তি কৰি সিহঁতক ভাজক
কলা আৰু স্থায়ী কলা হিচাপে
শ্রেণীবিভাজন কৰা হয় । কিন্তু
প্রাণী কলাৰ এনে বিভাজন নাথাকে।
প্রশ্ন
:
ভাজক
কলা কি?
ই
কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ
যি উদ্ভিদ কলাই নিৰৱচ্ছিন্নভাৱে
বিভাজনক্ষম অৱস্থাত থাকি
নতুন নতুন কোষৰ সৃষ্টি কৰে,
তাক
ভাজক কলা বােলে। অৱস্থানৰ
ওপৰত নিৰ্ভৰ কৰি ভাজক কলাক
তিনি ভাগত ভগােৱা হৈছে। যেনে-
অগ্রস্থ
ভাজক কলা,
পাক্ষীয়
ভাজক কলা আৰু নিবেশিত ভাজক
কলা।
প্রশ্ন
:
জাইলেম
আৰু ফ্লোৱেমৰ দুটা পার্থক্য
লিখা।
উত্তৰ:
জাইলেম
আৰু ফ্লোৱেমৰ দুটা পার্থক্য
হল –
(ক)
জাইলেম
কলাই উদ্ভিদ দেহত পানী আৰু
খনিজ লৱণৰ উধ্বমুখী পৰিবহনত
সহায় কৰে। আনহাতে ফ্লোৱেম
কলাই পাতত উৎপাদিত খাদ্য
উদ্ভিদ দেহৰ আন অংশলৈ পৰিবহন
কৰে।
(খ)
জাইলেম
কলাৰ মাজেৰে দ্ৰব্য অকল একেটা
দিশত গতি কৰিব পাৰে। কিন্তু
ফ্লোৱেম কলাৰ মাজেৰে দ্ৰব্য
উর্ধ্বমুখী আৰু অধঃ দুয়ােটা
দিশতে গতি কৰিব পাৰে।
প্রশ্ন
:
আচ্ছাদক
কলাৰ মুখ্য বৈশিষ্ট্যসমূহ
লিখা।
উত্তৰ:
আচ্ছাদক
কলাৰ মুখ্য বৈশিষ্ট্যসমূহ
হল –
(ক)
এই
কলাৰ কোষবােৰৰ মাজত কোষমধ্যৱৰ্তী
স্থান প্রায় নাথাকেই আৰু
সেয়ে ইহঁতে এখন নিৰৱচ্ছিন্ন
পৃষ্ঠ গঠন কৰে।
(খ)
এই
কলাৰ কোষবােৰ এখন ভৌম-ঝিলীৰ
ওপৰত সজ্জিত হৈ থাকে।
প্রশ্ন:
আচ্ছাদক
কলা কাক বােলে?
ইয়াৰ
দুটা কার্য উল্লেখ কৰা।
উত্তৰঃ
প্রাণীদেহৰ বিভিন্ন অংগক
সুৰক্ষা দিয়া বাহ্যিক আৱৰণীখন
গঠন কৰা কলাই আচ্ছাদক কলা।
(ক)
ই
প্রাণীদেহৰ বিভিন্ন অংগক
সুৰক্ষা দিয়ে।
(খ)
ই
বিভিন্ন অংগতন্ত্ৰক পৰস্পৰৰ
পৰা পৃথক কৰি ৰাখে।।
প্রশ্ন
:
লিগামেন্ট
আৰু টেণ্ডনৰ মাজত থকা দুটা
পার্থক্য লিখা।
উত্তৰঃ
লিগামেন্ট আৰু টেণ্ডনৰ মাজত
থকা দুটা পার্থক্য হল –
(ক)
লিগামেন্ট
হ’ল দুডাল অস্থিক পৰস্পৰৰ
লগত সংযােগ কৰা এবিধ সংযােজক
কলা। আনহাতে টেণ্ডন হ’ল অস্থিৰ
লগত পেশীক সংযােগ কৰা এবিধ
সংযােজক কলা।
(খ)
লিগামেন্ট
যথেষ্ট স্থিতিস্থাপক হােৱাৰ
বিপৰীত টেণ্ডনৰ স্থিতিস্থাপকতা
কম।
প্রশ্ন:
পেশীকলা
কাক বােলে?
ই
কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ
প্রাণীদেহৰ বিভিন্ন অংগৰ
সঞ্চালনৰ লগত জড়িত কাবিধক
পেশীকলা বােলে। ই তিনি প্ৰকাৰৰ।
যেনে – ঐচ্ছিক পেশী,
অনৈচ্ছিক
পেশী আৰু হৃদপেশী।
প্রশ্ন
:
ঐচ্ছিক
পেশী কাক বােলে?
ইয়াৰ
তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ
যিবােৰ পেশীক আমাৰ ইচ্ছা
অনুসৰি লৰচৰ কৰিব পাৰে,
তেনে
পেশীক ঐচ্ছিক পেশী বােলে।
ইয়াৰ
তিনিটা বৈশিষ্ট্য হল—
(ক)
এই
পেশীৰ কোষবােৰ দীঘলীয়া,
চুঙা
আকৃতিৰ আৰু শাখাহীন।
(খ)
এই
পেশীৰ কোষবেৰ বহুকোষকেন্দ্ৰযুক্ত।
(গ)
এই
পেশীৰ কোষৰ লগত একান্তৰভাৱে
স্বচ্ছ আৰু অস্বচ্ছ অনুপ্রস্থ
ৰেখা পােৱা যায়,
যাৰ
বাবে ইহঁতক ৰৈখিক বা ৰেখিত
পেশীও বােলে।
প্রশ্ন
:
অনৈচ্ছিক
পেশী কি?
ইয়াৰ
তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ
যিবােৰ পেশীক আমাৰ ইচ্ছা
অনুসৰি লৰচৰ কৰিব নােৱাৰাে
তেনে পেশীক অনৈচ্ছিক বা অৰেখিত
পেশী-বােলে।
ইয়াৰ
তিনিটা বৈশিষ্ট্য হ’ল—
(ক)
এই
পেশীৰ কোষবােৰ দীঘলীয়া,
মহুৰা
আকৃতিৰ।
(খ)
এই
পেশীৰ কোষবােৰ এককোষকেন্দ্রযুক্ত।
(গ)
এই
পেশীৰ কোষৰ গাত অনুপ্রস্থ
ৰেখা পােৱা নাযায়।
প্রশ্ন:
পার্শ্বীয়
ভাজক কলা কি?
ইয়াৰ
কাম উল্লেখ কৰা।
উত্তৰঃ
যিবােৰ ভাজক কলা উদ্ভিদৰ কাণ্ড
আৰু শিপাৰ পৰিধিৰ সমান্তৰালকৈ
পােৱা যায়,
তাক
পার্শ্বীয় ভাজক কলা
বােলে।
পার্শ্বীয়
ভাজক কলাৰ কাম হ’ল উদ্ভিদৰ
কাণ্ড আৰু শিপাৰ পৰিধি বৃদ্ধি
কৰা।
প্রশ্ন
:
নিবেশিত
ভাজক কলা কি?
ইয়াৰ
কাম কি?
উত্তৰঃ
যিবােৰ ভাজক কলা উদ্ভিদৰ পাতৰ
গুৰিত আৰু গাঁঠিৰ দুয়ােকাষে
পােৱা যায়,
তাক
নিবেশিত ভাজক কলা বােলে।
নিবেশিত ভাজক কলাই পাত আৰু
গাঁঠিৰ গুৰিক দৃঢ়তা প্রদান
কৰে।
প্রশ্ন : কলা কি?
উত্তৰ : একোটা নির্দিষ্ট সম্পন্ন কৰা একে গঠন আৰু আকৃতি বিশিষ্ট কোষৰ সমষ্টিকেই কলা বােলে।
প্রশ্ন: সংবহন কণা কি ?
উত্তৰ: জাইলেম আৰু ফ্লোৱেমক একেলগে সংবহন কণা বােলে।
No comments:
Post a Comment