প্রশ্ন
:
কোষ
কোনে আৰু কেনেকৈ আৱিষ্কাৰ
কৰিছিল ?
উত্তৰঃ
কোষ 1665
চনত
ৰবাট হুক নামৰ বিজ্ঞানীজনে
আৱিস্কাৰ কৰিছিল। তেখেতে
কর্ক (গছৰ
বাকলি)ৰ
পাতল আৱৰণ এখন নিজে প্রস্তুত
কৰি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ
সহায়ত পর্যবেক্ষণ কৰাত,
তাত
মৌ-কোঁহৰ
আকৃতিৰ কিছুমান সৰু সৰু কোঠালি
দেখিবলৈ পাইছিল। এই কোঠালিবােৰকেই
তেখেতে ‘কোষ’ নাম দিছিল।
প্রশ্ন
:
কোষক
কিয় গঠন আৰু কাৰ্যৰ মৌলিক
একক বুলি অভিহিত কৰা হয়
?
উত্তৰঃ
ক্ষুদ্রাতিক্ষুদ্ৰৰ পৰা
অতিকায় সকলে জীৱই কোষৰ দ্বাৰা
গঠিত। আনহাতে জীৱদেহত সংঘটিত
সকলাে জৈৱৰাসায়নিক প্রক্রিয়াই
আচলতে কোষৰ ভিতৰতহে সংঘটিত
হয়। কোষৰ ভিতৰত থকা কোষ
অংগাণুসমূহে এই কার্যসমূহ
সংঘটিত কৰি জীৱক জীয়াই ৰাখে।
সেয়ে কোযক জীৱৰ গঠন আৰু কাৰ্যৰ
মৌলিক একক বুলি অভিহিত কৰা
হয়।
প্রশ্ন
:
Co2 আৰু
পানীৰ দৰে পদার্থবিলাক কোষৰ
ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে
চলাচল কৰে?
আলােচনা
কৰা।
উত্তৰঃ
Co2
আৰু
পানী কোষৰ ভিতৰলৈ বা বাহিৰলৈ
ব্যাপন প্রক্রিয়াৰে অহাযােৱা
কৰে। যেতিয়া কোষৰ বাহিৰৰ
পৰিবেশত Co2
গেছৰ
গাঢ়তা কোষৰ ভিতৰতকৈ বেছি
হয় তেতিয়া Co2
ব্যাপন
প্রক্রিয়াৰে কোষৰ বাহিৰৰ
পৰিবেশৰ পৰা কোষৰ ভিতৰলৈ
সােমায়। আনহাতে Co2
ৰ
গাঢ়তা কোষৰ ভিতৰত বেছি হ’লে
ই কোষৰ ভিতৰৰ পৰা বাহিৰৰ
পৰিবেশলৈ ওলাই আহে। আনহাতে
কোষৰ কোষাবৰণৰ মাজেৰে পানীৰ
চলাচল এক বিশেষ ধৰণৰ ব্যাপন
প্রক্রিয়াৰে চলে,
যাক
আসৃতি বােলা হয়। কোষৰ ভিতৰত
পানীৰ গাঢ়তা কোষৰ বাহিৰৰ
পৰিবেশতকৈ বেছি হ’লে,
অর্থাৎ
বাহিৰৰ মাধ্যমটো গাঢ় হলে,
পানী
আসৃত্তি প্রক্রিয়াৰে কোষৰ
বাহিৰলৈ ওলাই যায়। তেনেদৰে
বাহিৰৰ মাধ্যমটোৰ পানীৰ গাঢ়তা
বেছি হ’লে অর্থাৎ মাধ্যমটো
লঘু হলে,
পানী
আসৃতিৰ দ্বাৰা কোষৰ ভিতৰলৈ
সােমায়।
প্রশ্ন:
কোষাৱৰণ
খনক কিয়া অর্ধভেদ্য আৱৰণ
বুলি আখ্যা দিয়া হয়?
উত্তৰ:
কোষারৰণখনে
কিছুমান নির্দিষ্ট দ্রব্যক
কোষৰ ভিতৰলৈ সােমােৱাত আৰু
কোষৰ বাহিৰলৈ ওলাই অহাত সহায়
কৰে। আনহাতে ই আন কিছুমান
দ্ৰবৰ অহা-যােৱাত
বাধা প্রদান কৰে। সেয়ে
কোযাবৰণখনক অর্ধভেদ্য আৱৰণ
বুলি আখ্যা দিয়া হয়।
প্রশ্ন: প্রকোষকেন্দ্রীয় আৰু সংকোষকেন্দ্রীয় কোষৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।
প্রকোষকেন্দ্রীয় কোষ |
সংকোষকেন্দ্রীয় কোষ |
আকাৰ সাধাৰণতে সৰু। |
আকাৰ সাধাৰণতে ডাঙৰ। |
কেন্দ্ৰাঞ্চল অনির্দিষ্ট আৰু ইয়াক কেন্দ্রাবণে আগুৰি নাথাকে । এনে কেন্দ্ৰাঞ্চলক নিউক্লিয়ড বােলে। |
কেন্দ্ৰাঞ্চল সু-নির্দিষ্ট আৰু ইয়াক কেন্দ্ৰাৱৰণে আগুৰি থাকে। |
ক্রম’জম এডাল। |
ক্রম জম এডালতকৈ বেছি থাকে। |
আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে। |
আৱৰণী বিশিষ্ট কোষ অংগাণু পােৱা যায়। |
প্রশ্ন:
তুমি
অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ
ভিতৰৰ এনে দুটা কোষ অংগাণুৰ
নাম উল্লেখ কৰা যি দুটাৰ
আণুবংশিক পদার্থ
থাকে।
উত্তৰ→মাইট’কন্ড্রিয়া
আৰু প্লাষ্টিড।
প্রশ্ন: যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?
উত্তৰ: কোৱৰণ আৰু কোষ অংগাণুসমূহৰ এক বিশেষ ধৰণৰ সজ্জাৰ ফলত কোষ এটাই নির্দিষ্ট গঠন আৰু কার্য সম্পাদনৰ সামর্থ্য লাভ কৰে। সেয়ে কোনাে ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত এই সংগঠনৰ ক্ষতি হলে কোষ এটাই কিছুমান নির্দিষ্ট কার্য যেনে শ্বসন, পৰিপুষ্টি সাধন, ৰেচন, নতুন প্ৰটিনৰ উৎপাদন আদি সমাধা কৰাত অসমর্থ হ’ব।
প্রশ্ন:
লাইছছমক
কিয় আত্মঘাতী মােনা আখ্যা
দিয়া হয়?
উত্তৰ:
লাইছ’ছম
সমূহত এক বিশেষ শক্তিশালী
পৰিপাকীয় উৎসচক পােৱা যায়।
যেতিয়া কোষৰ বিপাকীয় কার্যৰ
বিসংগতিৰ বাবে কোষটোৰ ক্ষতিসাধন
হয়,
তেতিয়া
লাইছছমটো ফার্টি তাৰ ভিতৰৰ
উৎসেচকৰ দ্বাৰা নিজ কোষটোক
পাচিত কৰি ধ্বংস কৰিব পাৰে।
সেয়ে লাইছছমক কোষৰ আত্মঘাতী
মােনা আখ্যা দিয়া হয়।
প্রশ্ন:
কোষৰ
অভ্যন্তৰৰ ক’ত প্রটিন সংশ্লেষণ
সংঘটিত হয়?
উত্তৰঃ
ৰাইব’জম।
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন:
উদ্ভিদ
কোষ আৰু প্রাণীকোষৰ মাজত তুলনা
কৰি কি কিক্ষেত্ৰত উদ্ভিদ
কোষ এটা প্রাণী কোষতকৈ পৃথক
উল্লেখ কৰ।
উত্তৰ
:
উদ্ভিদকোষ |
প্রাণী কোষ |
কোষবেৰ পােৱা যায়। |
কোষাবে নাথাকে। |
প্লাষ্টিড পােৱা যায়। |
প্লাষ্টিড নাথাকে । |
ৰসধানীৰ আকাৰ ডাঙৰ। |
ৰসধানীৰ আকাৰ সৰু। |
প্রশ্ন: কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?
উত্তৰঃ কোষ এটাত কোষাৱৰণখন আৰু কোষ অংগাণু সমূহ এক বিশেষ সাজোনে সজ্জিত হৈ থাকে। যাৰ ফলত কোষটোৱে এক নির্দিষ্ট গঠন লাভ কৰে আৰু ই নির্দিষ্ট কার্যসমূহ সম্পাদন কৰাৰ সামথ্য লাভ কৰে। কোষাৱৰণখন ফাটি গলে কোষৰ এই নির্দিষ্ট সংগঠনটো ভাঙি যাব আৰু কোষটোৱে নিজৰ অস্তিত্ব হেৰুৱাৰ লগতে ই বিশেষ কার্যসমূহ সম্পাদন কৰাৰ সামর্থ্য হেৰুৱাব।
প্রশ্নঃ
কোষ একোটাত যদি গলজি সংঘ নাথাকে
তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ
পৰিব?
উত্তৰ
:
কোষ
এটাত গলজি সংঘ নাথাকিলে কোষটোৰ
বিভিন্ন কার্য সম্পাদনত
ব্যাঘাত জন্মিব। কাৰণ গলজি
সংঘই কোষৰ ভিতৰত উৎপাদিত
বিভিন্ন লাগতিয়াল দ্ৰব্যৰ
সঞ্চয়,
বন্ধন
আৰু ৰূপান্তৰ ঘটায়। গলজি
সংঘই সকল শৰ্কৰাক জটিল শৰ্কৰালৈ
পৰিবর্তন কৰে। তেনেদৰে ই
লাইছ’ছমৰ সৃষ্টিতে বিশেষ
ভূমিকা গ্রহণ কৰে। এনেদলে
গলজি সংঘৰ অনুপস্থিতিত কোষ
এটাৰ বিভিন্ন কোষ অংগাণুসমূহ
ক্ষতিগ্রস্ত হােৱাৰ ফলত
কোযটোৱে নিয়মীয়াভাৱে কার্য
সম্পাদন কৰাত বাধাগ্রস্ত
হ’ব।
প্রশ্ন:
লাইছছম
কি?
ইয়াৰ
কাৰ্য উল্লেখ কৰা।
উত্তৰ
ওলাইছ’ছম হ’ল পৰিপাকীয়
উৎসেচকের পূর্ণ আৱৰণী বিশিষ্ট
কিছুমান মােনাৰ দৰে গঠন।
লাইছ’ছমৰ মুখ্য কাম হ’ল কোষত
প্ৰৱেশ কৰা বাহিৰা পদার্থ
আৰু মৃত কোষ অংগাণুসমূহক পাচন
কৰি কোষটোক নিকা কৰি ৰখা।।
প্রশ্ন:
কোনটো
কোষ অংগাণুক কোষৰ শক্তিৰ ভৰা
বুলি আখ্যা দিয়া হয় আৰু কিয়
?
উত্তৰ:
মাইট্র
‘কল্ডিয়াক কোষৰ শক্তিৰ ভঁৰাল
আখ্যা দিয়া হয়। জীৱক জীয়াই
থাকিবলৈ দৰকাৰ হােৱা বিভিন্ন
জৈৱ বাসায়নিক বিক্রিয়াৰ
বাবে প্রয়ােজনীয় শক্তি
মাইট’কন্ড্রিয়াই ATP
অণু
হিচাপে যােগান ধৰে। সেয়ে
মাইট’কন্ড্রিয়াক কোষৰ শক্তিৰ
ভঁৰাল বুলি আখ্যা দিয়া হয়।
প্রশ্ন:
এমিবাই
কি দৰে আহাৰ গ্ৰহণ কৰে ?
উত্তৰঃ
এমিবা এবিধ এককোষী জীৱ। ইয়াৰ
কোৱৰণখন নমনীয় গুণসম্পন্ন
হােৱা হেতুকে ই আৱৰণখন বিশেষ
কায়দাৰে ভাঁজ খুৱাই খাদ্যৰ
কণিকাটোক আবৰি ধৰি কোষৰ ভিতৰলৈ
সুমুৱাই লয়। এই প্রক্রিয়াটোক
অন্তঃকোষীয় ভক্ষণ বােলে।
প্রশ্ন/
কোষাৱৰণখন
গঠনৰ বাবে লাগতিয়াল লিপিড
আৰু প্ৰটিনবিলাক কত সংশ্লেষিত
হয়
উত্তৰ→
কোষাবৰণ গঠনৰ বাবে লাগতিয়াল
লিপিড় মসৃণ অন্তঃপ্রৰসীয়
জালিকাত আৰু প্ৰটিন অমসৃণ
অন্তঃপ্রবসীয় জালিকাত
সংশ্লেষিত হয়। অমসৃণ
অন্তঃপ্রবসীয় জালিকাৰ পৃষ্ঠত
থকা ৰাইব’জমে প্রটিন উৎপাদনত
সহায় কৰে।
প্রশ্ন/
আসৃতি
কি?
উত্তৰ:
অধঃধভেদ্য
আৱৰণৰ মাজেৰে উচ্চ পানীৰ
গাঢ়তা অঞ্চলৰ পৰা নিম্ন পানীৰ
গাঢ়তা অঞ্চললৈ পানীৰ প্ৰৱাহক
আসৃতি বােলে।
চমু প্রশ্নোত্তৰ
প্রশ্ন/
কোষৰ
বৰ্জিত গেছীয় পদার্থটোৰ নাম
লিখা।
উত্তৰঃ
কার্বন-ডাই-অক্সাইড।
প্রশ্ন/
ভাইৰাছক
কিয় জীৱ বুলি আখ্যা দিয়া
নহয় ?
উত্তৰ
ভাইৰাছৰ কোষাবৰণ নাথাকে।
সেয়ে ই জীৱৰ বৈশিষ্ট্য
নেদেখুৱায়। ই কোনাে জীৱৰ
শৰীৰত প্ৰৱেশ কৰিলেহে সেই
জীৱবিধৰ জৈর প্রণালী ব্যৱহাৰ
কৰি বংশবৃদ্ধি কৰে।
প্রশ্ন/অন্তঃকোষীয়
প্রক্রিয়াৰে ভক্ষণ কৰা প্রাণী
এবিধৰ নাম লিখা।
উত্তৰ→
এমিবা ।
প্রশ্ন/
কোনে
পােন প্রথমে মুক্তভাৱে বিচৰণশীল
কোষ আৱিষ্কাৰ কৰিছিল ?
উত্তৰ
:
লিউৱেনহুকে
পােন প্রথমে পুখুৰীৰ পানীত
মুক্তভাৱে বিচৰণশীল জীৱিত
কোষ আৱিষ্কাৰ কৰিছিল।
প্রশ্ন/
কোষৰ
কোষকেন্দ্র কোনে আৱিস্কাৰ
কৰিছিল ?
উত্তৰ
:
ৰবার্ট
ব্রাউনে।
প্রশ্ন/
‘প্রট’
প্লাজম’ নামটো কোনে দিছিল
?
উত্তৰ:
পাৰকিন্জেই।
প্রশ্ন/কোষ
মতবাদ’ কোন দুজন বিজ্ঞানীয়ে
আগবঢ়াইছিল?
উত্তৰ:শ্লেইডেন
আৰু স্বােৱানে।
প্রশ্ন/
কোষ
মতবাদ কি ?
উত্তৰ:
কোষ
মতবাদ অনুসৰি সকলাে উদ্ভিদ
আৰু প্রাণী কোষেৰে গঠিত আৰু
কোষ হ’ল জীৱৰ মৌলিক একক।
প্রশ্ন/
ব্যাপন
কি?
উত্তৰ
:
কোনাে
পদাৰ্থৰ উচচ গাঢ়তা অঞ্চলৰ
পৰা নিম্ন গাঢ়তা অঞ্চললৈ
স্বতঃস্ফূর্ত সঞ্চালনকে
ব্যাপন বােলে।
প্রশ্ন/
জিন
কি?
উত্তৰ:
DNA ৰ
একোটা কার্যকৰী খণ্ডক জিন
বােলে।
প্রশ্ন/
নিউক্লিয়ড
কি?
উত্তৰ
:
কেবল
মাত্র নিউক্লিক এচিড থকা
প্রকোষকেন্দ্রীয় কোষৰ
অনির্দিষ্ট কেন্দ্ৰাঞ্চলক
নিউক্লিয়ড বােলে।
প্রশ্ন/
প্লাষ্টিড
কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ:
প্লাষ্টিড
দুই প্রকাৰৰ। যেনেঃ বর্ণ কণা
আৰু অবর্ণ কণা।
প্রশ্ন/
সকলাে
কোষতে পােৱা যােৱা কোষৰ মুখ্য
অংশ কেইটা কি কি?
উত্তৰ:
সকলােকোষতে
পােরা যােৱা কোষৰ মুখ্য অংশ
কেইটা হ’ল – কোযাৱৰণ,
কোষকেন্দ্ৰ
আৰু কোষপ্রস।
প্রশ্ন/ কি প্রক্রিয়াৰে কার্বন-ডাই-অক্সাইড আৰু অক্সিজেন কোৱৰণৰ মাজেৰে অহা-যােৱা কৰে?
উত্তৰঃ কার্বন-ডাই-অক্সাইড আৰু অক্সিজেন কোযাবৰণৰ মাজেৰে ব্যাপন প্রক্রিয়াৰে অহা-যােৱা কৰে।
প্রশ্ন/
কোষাৱৰণ
কিহেৰে তৈয়াৰী?
উত্তৰ
:
কোষাৱৰণ
লিপিড আৰু প্রটিনেৰে তৈয়াৰী।
প্রশ্ন/
উদ্ভিদ
কোষত চেলুল জৰ কাম কি?
উত্তৰ
:
উদ্ভিদকোষৰ
কোষবেৰ চেলুল’জৰ দ্বাৰা গঠন
হয়। চেলুল’জ এটা জটিল পদার্থ
যিয়ে উদ্ভিদ কোষক দৃঢ়তা
প্রদান কৰে।
প্রশ্ন/
কেন্দ্ৰাৱৰণ
কাক বােলে ?
উত্তৰ:
কোষকেন্দ্ৰক
আৱৰি থকা দুতৰপীয়া আৱৰণীখনকে
কেন্দ্ৰাৱৰণ বােলে।
প্রশ্ন/
ক্রম’জ’ম
ক’ত পােৱা যায় ?
উত্তৰ
:
ক্রম’জ’ম
কোষকেন্দ্ৰত পােৱা যায়।
প্রশ্ন/
পিতৃ-মাতৃৰ
বংশগত চৰিত্ৰ কিহে পৰবৰ্তী
প্রজন্মলৈ কঢ়িয়াই নিয়ে?
উত্তৰ:
পিতৃ-মাতৃৰ
বংশগত চৰিত্র ক্রম’জ’মে
পৰবৰ্তী প্রজন্মলৈ কঢ়িয়াই
নিয়ে।
প্রশ্ন/
ক্রম’জম
কিহেৰে তৈয়াৰী ?
উত্তৰঃ
ক্রম’জম DNA
আৰু
প্ৰটিনেৰে তৈয়াৰী
প্রশ্ন/
DNA কি?
উত্তৰ
:
DNA হ’ল
Deoxyribonucleic
Acid ৰ
সংক্ষিপ্ত রূপ। এই DNA
ৰ
সূত্রবিলাকেই প্ৰটিনৰ লগত
লগ লাগি ক্রম’জ’ম গঠন কৰে।
প্রশ্ন/
DNA ৰ
কাম কি?
উত্তৰঃ
DNA
ৰ
দ্বাৰা ক্ৰম’জ’ম গঠিত হয়।
ক্রম’জ’মত থকা এই DNA
অণুসমূহেই
পিতৃ-মাতৃৰ
বংশগত চৰিত্ৰ পৰবৰ্তী প্রজন্মলৈ
বহন কৰে।
প্রশ্ন/
DNA ৰ
একোটা কার্যকৰী খণ্ডক কি বােলে
?
উত্তৰঃ
DNA
ৰ
একোটা কার্যকৰী খণ্ডক জিন
বােলা হয়।
প্রশ্ন/
কোষ
বিভাজন নােহাৱা অৱস্থাত
কোষকেন্দ্ৰত DNA
বিলাকক
কি নামেৰে জনা যায় ?
উত্তৰ:
কোষ
বিভাজন নােহােৱা অৱস্থাত
কোষকেন্দ্ৰত DNA
বিলাকক
ক্রমেটিন দ্রব্য হিচাপে জনা
যায়।
প্রশ্ন/
ৰাইব’জমৰ
কাম কি ?
উত্তৰঃ
ৰাইব’জমৰ মুখ্য কাম হ’ল প্ৰটিন
সংশ্লেষণ কৰা।
প্রশ্ন/ কোন প্রকাৰৰ অন্তঃপ্রবসীয় জালিকাই প্রটিন সংশ্লেষণ কৰে ?
উত্তৰঃ
অমসৃণ অন্তঃপ্রৰসীয় জালিকাই
তাৰ পৃষ্ঠাত থকা ৰাইব’জমৰ
সহায়ত প্ৰটিন সংশ্লেষণ
কৰে।
প্রশ্ন/
কোন
প্রকাৰৰ অন্তঃপ্রৰসীয় জালিকাই
লিপিড সংশ্লেষণ কৰে ?
উত্তৰঃ
মসৃণ অন্তঃপ্রৰসীয় জালিকাই
লিপিড সংশ্লেষণ কৰে।
প্রশ্ন/
মেব্রেন
বাইঅ জেনেছিছ (Membrane
Biogenesis) কি?
উত্তৰ:
অন্তঃপ্রৰসীয়
জালিকাত উৎপন্ন হােৱা প্ৰটিন
আৰু লিপিডৰ এটা অংশ কোষারৰণৰ
গঠনত সহায় কৰে। এই প্রক্রিয়াক
মেমব্রেন বাই’জেনেছিছ বােলে।
প্রশ্ন/
গলজি
সংঘ কোনে আৱিষ্কাৰ কৰিছিল
?
উত্তৰ
:
গলজি
সংঘ কেমিল’ গলজিয়ে আৱিষ্কাৰ
কৰিছিল।
প্রশ্ন/
কোষৰ
আত্মঘাতী মােনা কাক আখ্যা
দিয়া হয়?
উত্তৰ:
কোষৰ
আত্মঘাতী মােনা লাইছছমক আখ্যা
দিয়া হয়।
প্রশ্ন/
লাইছছমত
থকা উৎসেচক কিহে তৈয়াৰ কৰি
দিয়ে?
উত্তৰঃ
লাইছ’ছমত থকা উৎসেচক অমসৃণ
অন্তঃপ্রৰীয়া জালিকাই তৈয়াৰ
কৰি দিয়ে।
প্রশ্ন/
কোষৰ
শক্তিৰ ভঁৰাল বুলি কোনটো কোষ
অংগাণুক কোৱা হয়?
উত্তৰ:
কোষৰ
শক্তিৰ ভঁৰাল বুলি মাইট’কন্ড্রিয়াক
কোৱা হয়।
প্রশ্ন/
ATP ৰ
সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ
ATPৰ
সম্পূৰ্ণৰূপ হ’ল এডিন’চাইন
ট্রাই ফপছেট (Adenosine
triphosphate)
প্রশ্ন/
আণুবংশিক
দ্রব্য কাক আৰু কিয় কয়?
উত্তৰ:
আণুবংশিক
দ্রব্য DNA
ক
কোৱা হয়,
কাৰণ
DNA
য়ে
পিতৃ-মাতৃৰ
আণুবংশিক চৰিত্ৰ পিছৰ প্ৰজন্মলৈ
বহন কৰে।
প্রশ্ন/
অবর্ণ
কণা কি?
ইহঁতৰ
মুখ্য কাম কি ?
উত্তৰ:
বগা
বা বৰণহীন প্লাষ্টিডবােৰক
অবর্ণ কণা বােলে। অবর্ণ কণাৰ
মুখ্য কাম হ’ল শ্বেতসাৰ,
তৈল
পদার্থ আৰু প্ৰটিনৰ কণিকা
সঞ্চয় কৰি ৰখা।
প্রশ্ন:
আসৃতিৰ
দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ
আসৃতিৰ দুটা ব্যৱহাৰ হ’ল—
(ক)
বিশুদ্ধ
পানীত থকা এককোষী জীৱ আৰু
বেছিভাগ উদ্ভিদকোযে আসৃতিৰ
সহায়ত পানী গ্রহণ কৰে।।
(খ)
উদ্ভিদৰ
শিপাই আসৃতিৰ সহায়ত পানী
শােষণ কৰে।
প্রশ্ন:
প্রট
প্লাজমৰ সংকোচন বা প্লাজম’লাইছিছ
কি ?
উত্তৰ:
যেতিয়া
এটা জীৱিত উদ্ভিদকোষে আসৃতিৰ
দ্বাৰা পানী বাহিৰলৈ উলিয়াই
দিয়ে তেতিয়া কোৱৰণেৰে সৈতে
কোষস্থ পদার্থখিনিৰ সংকোচন
ঘটি ই কোযবেৰৰ পৰা আঁতৰি আহে।
এই পৰিঘটনাক প্রট প্লাজমৰ
সংকোচন বা প্লাজম’লাইছিছ
বােলে।
প্রশ্ন:
লঘু
বা অল্পসাৰী মাধ্যমত কোষবেৰে
উদ্ভিদ,
ভেঁকুৰ
আদি জীৱৰ কোষটো কেনেদৰে ফাটি
যােৱাৰ পৰা ৰক্ষা কৰে ?
উত্তৰ:
লঘু
বা অল্পসাৰী মাধ্যমত উদ্ভিদ,
ভেকুৰ
আদিৰ কোষৰ ভিতৰলৈ আসৃতিৰ
দ্বাৰা পানী সােমাই অহাৰ ফলত
কোষটো ওফন্দি উঠি কোর্যবেৰখনত
ভিতৰৰ পৰা এক চাপ প্রয়ােগ
কৰে। কোষবেৰখন দৃঢ় হােৱা
বাবে ইও কোষৰ ভিতৰফাললৈ এক
সমান চাপ। প্রয়ােগ কৰে।
এনেদৰে লঘু মাধ্যমত কোষটো
ফাটি যােৱাৰ পৰা ৰক্ষা পৰে।
প্রশ্ন:
কোষকেন্দ্ৰৰ
কার্য বা তাৎপর্য উল্লেখ
কৰা।
উত্তৰ
:
কোষকেন্দ্ৰৰ
মুখ্য কাম হ’ল-
(ক)
ই
কোষ বিভাজনত গুৰুত্বপূর্ণ
ভূমিকা পালন কৰে।
(খ)
ই
কোষ একোটাৰ বিকাশ আৰু গঠন
নিয়ন্ত্রণ কৰে।
প্রশ্ন:
আন্তঃপ্ৰৰসীয়
জালিকা কি?
ইয়াৰ
কাৰ্য উল্লেখ কৰা।
উত্তৰ
:
অন্তঃপ্ৰৰসীয়
জালিকা হ’ল কিছুমান আৱৰণী
বিশিষ্ট নলাকাৰ আৰু মােনাকাৰ
গঠন যি কোষপ্রৰসত জালিকাৰ
সৃষ্টি কৰি থাকে। অন্তঃপ্রৰসীয়
জালিকাৰ কার্য
(ক)
কোষপ্রৰসৰ
বিভিন্ন অঞ্চলৰ মাজত বিভিন্ন
পদার্থ সৰবৰাহ কৰা। –
(খ)
কোষপ্ৰৰসৰ
বিভিন্ন জৈব ৰাসায়নিক
প্রক্রিয়াসমূহৰ বাবে ঠাইৰ
যােগান ধৰা।
(গ)
অমসৃণ
অন্তঃপ্রৰসীয় জালিকাই প্রটিন
আৰু মসৃণ অন্তঃপ্রৰসীয়
জালিকাই লিপিড সংশ্লেষণত অংশ
লয় ।
(ঘ)
মসৃণ
অন্তঃপ্রৰসীয় জালিকাই
মেৰুদণ্ডী প্রাণীৰ যকৃত বােৰত
কিছুমান বিহ আৰু ঔষধক বিষাক্তহীনতা
কৰাত সহায় কৰে।
প্রশ্ন:
গলগি
সংঘ কি?
ইয়াৰ
কাৰ্য উল্লেখ কৰা।
উত্তৰ
:
গলগি
সংঘ হ’ল আৱৰণী বিশিষ্ট কিছুমান
মােনাকাৰ গঠন যাক ভেচিল্লচ
বােলে যি সমান্তৰাল ভাৱে
সজ্জিত হৈ ঠাকৰ সৃষ্টি কৰে।
এনে একোটা ঠাকক চিষ্টাৰণি,
বােলা
হয় গলজি সংঘৰ কার্যঃ
(ক)
গলগি
সংঘৰ মুখ্য কাম হ’ল বিভিন্ন
দ্রব্যৰ সঞ্চয়,
বন্ধন
আৰু ৰূপান্তৰণ।
(খ)
ই
সৰল শর্কক জটিল শৰ্কৰালৈ
পৰিবর্তন কৰে।
(গ)
ই
লাইছ’ছমৰ গঠনত সহায় কৰে।
প্রশ্ন:
প্লাষ্টিডৰ
কাম কি?
উত্তৰ
পালষ্টিডৰ কাম হ’ল – (ক)
হৰিণকণাই
সালােকসংশ্লেষণত সহায় কৰে।
(খ)
অবর্ণ
কণাবােৰ শ্বেতসাৰ,
তৈল
পদার্থ আৰু প্ৰটিনৰ কণিকা
সঞ্চয় কৰি ৰাখে।
প্রশ্ন:
ৰসধানী
কি?
ইয়াৰ
কাৰ্য উল্লেখ কৰা।
উত্তৰঃ
ৰসধানীবােৰ হ’ল গােটা আৰু
তৰল পদার্থ সঞ্চয় কৰি ৰখা
মােনা সদৃশ কোষ অংগাণু।
ৰসধানীৰ
মুখ্য কাম হ’ল—
(ক)
ইহঁতৰ
ভিতৰত পূৰ্ণ হৈ থকা কোষৰসৰ
দ্বাৰা কোষটোক দৃঢ় আৰু স্ফীত
কৰি ৰখা।
(খ)
উদ্ভিদ
কোষৰ বাবে প্রয়ােজনীয়
কেতবােৰ দ্ৰব্য যেনে এমিন’
এচিড,
শৰ্কৰা,
প্রটিন
আদি সঞ্চয় কৰি ৰখা।
(গ)
কোষৰ
পৰা অতিৰিক্ত পানী আৰু বর্জিত
পদার্থ উলিয়াই দিয়া।
প্রশ্ন:
অল্পসাৰী
দ্রব কাক বােলে ?
উত্তৰ:
যেতিয়া
এটা কোষক আগুৰি থকা মাধ্যমটোৰ
পানীৰ গাঢ়তা কোষৰ ভিতৰতকৈ
উচ্চ হয় অর্থাৎ বাহিৰৰ দ্ৰবটো
লঘু হয়,
তেতিয়া
কোষটোৰ ভিতৰলৈ আসৃতিৰ দ্বাৰা
পানী সােমাই আহে। এনে লঘু
দ্ৰবক অল্পসাৰী দ্রব বােলে।
প্রশ্ন:
অত্যাসাৰী
দ্ৰৰ কাক বােলে?
উত্তৰঃ
যেতিয়া এটা কোষক আগুৰি থকা
মাধ্যমটোৰ পানীৰ গাঢ়তা কোষৰ
ভিতৰতকৈ কম হয় অর্থাৎ বাহিৰৰ
দ্ৰৰটো গাঢ় হয়,
তেতিয়া
কোষটোৰ পৰা মাধ্যমলৈ অসৃতিৰ
দ্বাৰা পানী ওলাই আহে। এনে
গাঢ় দ্ৰবক অত্যাসাৰী দ্ৰৱ
বােলে।
প্রশ্ন:
সমসাৰী
দ্ৰৰ কাক বােলে ?
উত্তৰ:
যেতিয়া
এটা কোষ আৰু তাক আগুৰি থকা
মাধ্যমটোৰ পানীৰ গাঢ়তা একে
সমান হয়,
তেতিয়া
কোষাৱৰণৰ মাজেৰে পানীৰ চলাচল
নঘটে। এনে ক্ষেত্ৰত বাহিৰৰ
দ্রবটোক সমসাৰী দ্রব বােলা
হয়।
প্রশ্ন:
কোষাৰৰণৰ
দুটা কার্য উল্লেখ কৰা।
উত্তৰঃ
কোষাৱৰণৰ দুটা কার্য হল-
(ক)
কোষাৱৰণখন
অর্ধভেদ্য আৱৰণ হােৱা হেতুকেই
কিছুমান নির্দিষ্ট দ্রব্য
যৰ ভিতৰলৈ সােমােৱাত আৰু কোষৰ
পৰা বাহিৰলৈ ওলাই অহাত সহায়
কৰে। তেনেদৰেই আন কিছুমান
দ্ৰব্যৰ অহা-যােৱাত
বাধা দিয়ে।
(খ)
এমিবাৰ
দৰে জীৱে কোৱৰণৰ সহায়ত
বহিঃপৰিবেশৰ পৰা খাদ্য আন
পদার্থ কোষৰ ভিতৰলৈ সােমাব
পাৰে।
প্রশ্ন:কোষাৱৰণৰ
দুটা বৈশিষ্ট্য উল্লেখ
কৰা।
উত্তৰ
কোষাৱৰণৰ দুটা বৈশিষ্ট্য হল
–
(1)
ই
নমনীয় গুণবিশিষ্ট। (ii)
ই
প্রটিন আৰু লিপিডেৰে তৈয়াৰী।
প্রশ্ন:
ব্যাপনৰ
দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ
ব্যাপনৰ দুটা ব্যৱহাৰ হ’ল
–
(ক)
জীৱৰ
কোষৰ ভিতৰলৈ গেছ আৰু পানীৰ
আদান-প্রদান
ব্যাপনৰ দ্বাৰা হয়।
(খ)
কোষে
তাৰ পৰিবেশৰ পৰা পুষ্টি আহৰণ
কৰিবলৈ ব্যাপন প্রক্রিয়াৰ
সহায় লয়।
প্রশ্ন:
অন্তঃকোষীয়
ভক্ষণ বুলিলে কি বুজা?
উত্তৰ
কোষাৱৰণখন নমনীয় গুণবিশিষ্ট
হােৱা বাবে কিছুমান কোষে বহিঃ
পৰিবেশৰ পৰা খাদ্য আৰু আন পদাথ
চাৰিওফালৰ পৰা আগুৰি ধৰি কোষৰ
ভিতৰলৈ সােমাৰ পাৰে। এনে
প্রক্রিয়াক অন্তঃকোষীয়
ভক্ষণ বােলে। এমিবাই এই
প্রক্রিয়াৰে খাদ্য আহৰণ
কৰে।
প্রশ্ন:
কোষবেৰৰ
কাৰ্য উল্লেখ কৰা।
উত্তৰ:
কোষবেৰৰ
মুখ্য কার্যসমূহ হ’ল-
(ক)
ই
কোষস্থ পদার্থক সুৰক্ষা প্রদান
কৰে।
(খ)
ই
কোষক দৃঢ়তা প্রদান কৰে।
(গ)
ই
কোষৰ ভিতৰলৈ পানী,
গেছ
আদি সােমাই যােৱাত আৰু কোষৰ
পৰা ওলাই অহাত সহায় কৰে।
No comments:
Post a Comment