অতি চমু প্রশ্নোত্তৰ
প্রশ্ন : তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি
(ক) এটা ৰবৰৰ ৰল আৰু একে আকাৰৰ শিলৰ বল?
(খ)
এখন
চাইকেল আৰু এখন ৰেলগাড়ী?
(গ)
এটা
পাঁচটকীয়া মুদ্রা আৰু এটা
এটকীয়া মুদ্রা ?
উত্তৰঃ
(ক)
শিলৰ
বল,
(খ)
ৰেলগাড়ী
(গ)
পাঁচটকীয়া
মুদ্রা।
প্রশ্ন : তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱর্তন কিমান বাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা –
এজন
ফুটবল খেলুৱৈয়ে ফুটবলটো
তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ
আগবঢ়াই দিছে। যিজনে বলটো
গ’ললৈ মাৰিছে। বিপৰীত দলৰ
গলৰক্ষকজনে বলটো ধৰি তেওঁৰ
নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ
আগবঢ়াই দিছে। প্রত্যেক
ক্ষেত্রতে বলৰ যােগালীজনক
চিনাক্ত কৰা।
উত্তৰ:
তিনিবাৰ।
প্ৰথমজন খেলুৱৈয়ে বলটো এটা
বেগত নি দ্বিতীয়জন খেলুৱৈক
দিয়ে। দ্বিতীয়জন খেলুৱৈয়ে
ইয়াৰ বেগৰ পৰিৱৰ্তন ঘটায়
আৰু বিপৰীত গ’লৰক্ষকৰ পিনে
মাৰি পঠিয়ায়। গ’লৰক্ষকজনে
তাক ধৰে। এই ক্ষেত্ৰত পুনৰ
বেগৰ পৰিৱৰ্তন ঘটায় আৰু তাৰ
পিছতে আন এজন খেলুৱৈক দিয়ে।
এইজন খেলুৱৈও তাৰ বেগৰ পৰিৱৰ্তন
ঘটায়।
প্রশ্ন:
গছৰ
ডাল এডাল জোৰকৈ জোকাৰি দিলে
কিছুমান পাত কিয় সৰি পৰে
ব্যাখ্যা কৰা।
উত্তৰঃ
গছৰ ডাল এডাল জোৰকৈ জোকাৰি
দিলে গছৰ ডালবােৰৰ স্থানান্তৰণ
ঘটে। কিন্তু তাত ঢিলাকৈ লাগি
থকা পকা পাত কিছুমান তাৰ স্থিতি
জড়তাৰ বাবে ঠাইতে ৰৈ থকা বাবে
এনে পাতবােৰ সৰি পৰে।
প্রশ্ন
:
চলন্ত
বাছ এখন হঠাৎ ৰখি গ’লে আমি
আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ
ত্বৰিত হ’লে আমি পিছলৈ যাওঁ
কিয় ?
উত্তৰ:
নিউটনৰ
গতিৰ প্রথম সূত্রমতে সচল বস্তু
এটাই দিশৰ পৰিৱর্তন নকৰাকৈ
একে দিশতে গৈ থাকিব বিচাৰে,
যদিহে
তাৰ ওপৰত বাহ্যিক বলে ক্রিয়া
নকৰে। গতিশীল বাছ গাড়ীখনৰ
ভিতৰৰ যাত্রীবােৰাে গতিশীল।
যেতিয়াবাছখন হঠাতে ৰৈ যায়,
তেতিয়াও
কিন্তু যাত্রীবােৰে এই সূত্রমতে
গতি জড়তাৰ বাবে গৈ থাকিব
বিচাৰে। কিন্তু বাছখন ৰৈ
যােৱাৰ বারে যাত্রীবােৰৰ
দেহৰ বাছ চিটৰ লগত সংযােগ হৈ
থকা অংশ ৰৈ যায় আৰু ওপৰ অংশই
গৈ থকাৰ প্ৰয়াস কৰে। ফলত
যাত্রীবােৰ আগফালে হালি যায়।
যদি বাছখন হঠাৎ ত্বৰিত কৰা
হয়,
তেতিয়া
বাছখনৰ লগত লাগি থকা দেহৰ
অংশটো বাছৰ লগত গতিশীল হয়।
কিন্তু শৰীৰৰ ওপৰ অংশটোৱে
স্থিতি জড়তাৰ বাবে স্থিৰ
হৈয়ে থাকিব বিচাৰে। ফলত
যাত্রীসলৰ বাছত সংলগ্ন অংশটো
আগলৈ আৰু মূৰৰ অংশ পিছলৈ যায়।
অর্থাৎ পিছলৈ হালি পৰে।
প্রশ্ন
:
যদি
ক্রিয়া সদায় প্রতিক্রিয়াৰ
সমান,
তেন্তে
ঘোঁৰা এটাই গাড়ীখন কেনেকৈ
টানিব পাৰে ব্যাখ্যা কৰা।
উত্তৰ:
ঘোৰা
এটাই গাড়ীখনৰ ওপৰত ক্রিয়া
কৰে। গাড়ীখনে নিউটনৰ তৃতীয়
সূত্রমতে ইয়াৰ ওপৰত সমান
আৰু বিপৰীতমুখী প্রতিক্রিয়া
কৰে। ঘোঁৰাৰ ক্ৰিয়া আৰু
গাড়ীৰ প্রতিক্রিয়া বল সমান।
গতিকে গাড়ীখন আগফালে নাযায়।
কিন্তু ঘোঁৰাটোৱে তাৰ আগ ভৰিৰে
মাটিৰ ওপৰত পিছফাললৈ ক্রিয়া
কৰে। মাটিলৈ সেয়ে আগফালে
তাৰ প্রতিক্রিয়া প্রয়ােগ
কৰে। ফলত গাড়ীখন আগফালে গতি
কৰে। এনেদৰে ঘোঁৰাই গাড়ীখন
টানি লৈ যায়।
প্রশ্ন
:
অগ্নিনির্বাক
বাহিনীৰ কৰ্মী এজনে তীব্র
বেগেৰে পানী ওলােৱা পাইপ মূৰটো
ধৰি ৰাখােতে কিয় অসুবিধা
পায় ব্যাখ্যা কৰা।
উত্তৰঃ
অগ্নিনির্বাপক গাড়ীৰ পানী
ওলােৱা পাইপৰ পৰা পানী প্রচণ্ড
জোৰেৰে ওলাই আহে। ইয়াৰ
প্রতিক্রিয়া ৰূপে’ পাইপড়াল
খুউব জোৰেৰে পিছফালে যায়।
গতিকে অগ্নিনির্বাপক বাহিনীৰ
কৰ্মীয়ে এনে পাইপ এডাল ধৰি
ৰাখিবলৈ যথেষ্ট বল প্রয়ােগ
কৰিব লগা হয়। গতিকে সেই কাৰ্যটো
অতি কষ্টকৰ আৰু অসুবিধাজনক।
প্রশ্ন
:
4kg ভৰৰ
গুলি এটা 35
ms-1 প্ৰাৰম্ভিক
বেগেৰে ওলাই গৈছে৷ বন্দুকটোৰ
প্ৰাৰম্ভিক প্রতিক্ষেপ
(re-coil)
বেগ
কিমান?
উত্তৰঃ
ইয়াত,
বন্দুকটোৰ
ভৰ,
m = 4 kg
ধৰাহ’ল,
বন্দুকটোৰ
প্ৰাৰম্ভিক বেগ =
ν
বন্দুকটোৰ
প্ৰাৰম্ভিক ভৰবেগ =
4kg × ν
গুলিৰ
প্ৰাৰম্ভিক ভৰ =
50g = 0.05 kg
গুলিটোৰ
প্ৰাৰম্ভিক বেগ =
35 ms-1
∴ গুলিটোৰ
প্ৰাৰম্ভিক ভৰবেগ =
0.05 kg × 35 ms-1
⇒ ভৰবেগৰ
ৰক্ষণশীলতাৰ সূত্রমতে,
বন্দুকৰ
ভৰবেগ =
গুলিৰ
ভৰবেগ
⇒
4kg × ν = 0.05 kg × 35 ms-1

এতেকে, বন্দুকটোৰ প্ৰাৰম্ভিক প্রতিক্ষেপ (recoil) বেগ – = 0.4375 ms-1
প্রশ্ন : 100g আৰু 200g ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰলৰেখাৰে ক্ৰমে 2ms-1 আৰু 1ms-1 বেগেৰে গতি কৰি আছে। সিহঁত সংঘাতত লিপ্ত হ’ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1.67ms-1 হ’ল। দ্বিতীয়টোৰ বেগ নির্ণয় কৰা।
উত্তৰঃ
ধৰাহ’ল,
A
বস্তুটোৰ
ভৰ =
100g
B বস্তুটোৰ
ভৰ =
200g
∴ A বস্তুটোৰ
প্ৰাৰম্ভিক ভৰবেগ
= 100g × 2ms-1
=
200 gms-1
B বস্তুটোৰ
প্ৰাৰম্ভিক ভৰবেগ =
200g × 1ms-1
= 200 gms”
∴ সংঘাতৰ
আগত A
আৰু
B
ৰ
মুঠ ভৰবেগ-
FBA
= (200 + 200) gms-1
= 400 gms-1
আকৌ,
সংঘাতৰ
পিছত A
ৰ
ভৰবেগ =
100g x ν
সংঘাতৰপিছত
B
ৰ
ভৰবেগ 200
× 1.67 gms-1
= 344 gms.”
∴সংঘাতৰ
পিছত A
আৰু
B
ৰ
মুঠ ভৰ বেগ-
FBA
= 100g x ν + 344 gms-1
ভবেগৰ
ৰক্ষণশীলতাৰ সূত্রমতে,
FBA
= FAB
⇒ 100g x ν + 344 gms’ = 400 gms-1
⇒100g
x ν = (400 – 334) gms-1
⇒ ν =66/100
⇒ ν = 0.66gms-1
∴ দ্বিতীয়টোৰ বেগ ν = 0.66gms-1
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন
:
এটা
বস্তুৱে বাহ্যিক অসন্তুলিত
বলৰ অনুভৱ কৰা নাই। বস্তুটোৱে
কিবা বেগেৰে গতি কৰি থকাটো
সম্ভৱনে?
যদি
সম্ভৱ তেনে বেগৰ মান আৰু দিশৰ
ওপৰত আৰােপ কৰিবলগীয়া চৰ্তসমূহ
উল্লেখ কৰা। যদি নহয়,
কাৰণ
দর্শাৱা।
উত্তৰঃ
হয় সম্ভৱ। বৰষুণৰ টোপাল
যেতিয়া স্থিৰ বেগত তললৈ নামে,
তেতিয়া
বায়ুৰ সান্দ্রতা বলে ইয়াক
ওপৰলৈ ঠেলে। এই বল হ’ল ইয়াৰ
ওপৰত প্রয়ােগ হােৱা অসমতুল
বল। এই অসমতুল (অসন্তুলিত)
বল
টোপালৰ ওজনৰ বাবে ক্রিয়া
কৰা বলৰ দ্বাৰা সন্তুলিত হয়।
গতিকে টোপালটোৱে কোনাে অসন্তুলিত
বল অনুভৱ নকৰে। তথাপি কিন্তু
বৰষুণৰ টোপালবােৰে তললৈ গতি
কৰে।।
প্রশ্ন : যেতিয়া দলিচা এখন মাৰিৰে কোবােৱা হয়, ধূলিবােৰ ওলাই আহে। ব্যাখ্যা কৰা।
উত্তৰঃ দলিচা এখন মাৰিৰে কোৱালে দলিচাখনৰ সৰণ ঘটে। কিন্তু দলিচাত সাধাৰণভাৱে লাগি থকা ধূলিকণাবােৰৰ স্থিতি জড়তাৰ সৰণ নঘটে। ফলত এইবােৰ দলিচাৰ পৰা মাটিত সৰি পৰে।
প্রশ্ন
:
বাছৰ
ওপৰত ৰখা বস্তুবােৰ ৰছীৰে
বান্ধি ৰাখিবলৈ কোৱা হয়
কিয়?
উত্তৰঃ
বাছৰ ওপৰৰ বস্তুবােৰেও বাছৰ
গতিৰ লগতে সমানে গতি কৰে।
বাছখন যেতিয়া হঠাতে ৰখাই
দিব লগা হয়,
তেতিয়া
গতি জড়তাৰ বাবে বাছৰ ওপৰত
ৰখা বস্তুববাৰে গতি কৰি
থাকিবলৈয়ে বিচাৰে। ফলত
বস্তুবােৰ বাছৰ ওপৰৰ পৰা সৰি
পৰাৰ সম্ভাৱনা থাকে। গতিকে
বস্তুবােৰ সৰি পৰাৰ পৰা ৰক্ষা
কৰিবলৈ ৰছীৰে বান্ধি ৰাখিবলৈ
কোৱা হয়।
প্রশ্ন : ক্রিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়। বলটো ৰৈ যোৱাৰ কাৰণ হ’ল ।
(ক) বেট ধৰোতাজনে বলটো পর্যাপ্ত জোৰেৰে মাৰিলে।
(খ) বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক।
(গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।
(ঘ) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্রিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে।
উত্তৰ – (গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।
প্রশ্ন : ৰৈ থকা অৱস্থাৰ পৰা ট্রাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে। ই 20 s ত 400 m দূৰত্ব অতিক্রম কৰিলে ইয়াৰ ত্বৰণ নির্ণয় কৰা। যদি ট্রাকখনৰ ভৰ 7 মেট্রিক টন হয় তেন্তে ট্রাকখনৰ ওপৰত ক্রিয়া কৰা বলৰ মান নির্ণয় কৰা। (ইংগিত 1 টন = 1000 kg) ।
উত্তৰ
:
ইয়াত,
ট্রাকৰ
প্ৰাৰম্ভিক বৈগ,
u = 0
অতিক্রম
কৰা দূৰত্ব,
s = 400 m
অতিবাহিত
সময়,
t = 20s
ট্রাকখনৰ
ভৰ,
m = 7 টন
=
7×1000 = 7000 kg
গতিৰ
দ্বিতীয় সূত্রৰ পৰা-
ut
+ ½at² = s
⇒ 0 × 20 +½× a× (20)² =400
⇒0 + ½ ×
400a = 400
⇒ 200a= 400
⇒ a = 400/200
=2ms-1
আকৌ,
নিউটনৰ
গতিবিষয়ক দ্বিতীয় সূত্রৰ
পৰা-
বল,F
= ma
= 7000× 2
14000 N.
প্রশ্ন
:
1kg ভৰৰ
শিল এটা হিমীভূত (froyzen)
হ্রদ
এটাৰ পৃষ্ঠৰ ওপৰেদি 20
ms-1 বেগেৰে
দলিয়াই দিয়াত সি 50m
দূৰত্ব
অতিক্রম কৰি ৰৈ গ’ল। শিলটো
আৰু বৰফৰ মাজত ঘর্ষন বল
কিমান?
উত্তৰঃ
ইয়াত,
শিলটোৰ
প্ৰাৰম্ভিক বেগ,
u = = 20 ms-1
অন্তিম
বেগ,
v = 0
অতিক্রান্ত
দূৰত্ব,
s = 250 m
শিলটোৰ
ভৰ,
m = 1kg
ত্বৰণ,
a = ?
আমি
জাননা যে,
2as
= v²- u²
⇒2a × s = 0² – (20)² ms-2
⇒
2a ×50 = -400 ms-2
100a = -400 ms-2
⇒
a= -400/100 ms-2
= -4 ms-2
ঘর্ষণ
বল,
F = ma
= 1 kg × ( -400) ms-2
= – 400 kg
ms-2
= – 4 N
প্রশ্ন
:
8000 kg ভৰৰ
ইঞ্জিন এটাই প্ৰতিটো 2000
kg ভৰৰ
5
টা
ডবা অনুভূমিক ৰে’ল লাইনৰ
ওপৰেদি টানি নিছে। যদি ইঞ্জিনটোৱে
প্রয়ােগ কৰা বল 40000
N আৰু
ৰেল লাইনে দিয়া ঘর্ষণ বল 5000
N হয়,
তেন্তে
তলত দিয়া ৰাশি কেইটা উলিওৱা-
(ক)
ত্বৰণ
উৎপন্নকাৰী মুঠ বল
(খ)
ৰেলগাড়ীখনৰ
ত্বৰণ আৰু
(গ)
1 নং
ডবাই 2নং
ডবাৰ ওপৰত প্রয়ােগ কৰা বল।
উত্তৰঃ
(ক)
ত্বৰণ
উৎপন্ন কৰা মুঠ বল =
প্রয়ােগ
কৰা বল+
ঘর্ষণ
বল।
F
= (40000 – 5000) N
= 35,000 N
(খ)
ৰেলগাড়ীখনৰ
মুঠ ভৰ =ইঞ্জিনৰ
ভৰ +5
টা
ডবাৰ ভৰ
=
8000 + 5 x2000
=8000
+ 10000
=18000 kg
নিউটনৰ
দ্বিতীয় গতি সুত্ৰৰ পৰা
ত্বৰণ
=
F/m
= 35000/18000
= 1,95 ms-2
(গ)
1 নং
ডবাটোৱে 2
নং
ডবাত প্রয়ােগ বল =
ইঞ্জিনটোৰ
ভৰ ×ত্বৰণ।
=
8000 × 1.95
= 15600 N.
প্রশ্ন
:
মটৰগাড়ী
এখনৰ ভৰ 1500
kg।
গাড়ীখন 1.7
ms-2 ঋণাত্মক
স্বৰণেৰে ৰখাৰলৈ গাড়ী আৰু
ৰাস্তাৰ মাজৰ বল কিমান হ’ব
লাগিব ?
উত্তৰঃ
ইয়াত,
গাড়ীখনৰ
ভৰ,
m = 1500kg
ত্বৰণ,
a = -1.7 ms-2
আমি
জাননা যে,
F
= ma
= 1500 kg × (-1.7) ms-2
=- 2550 N.
গাড়ী
আৰু ৰাস্তাৰ মাজৰ ঘর্ষণ বল
2550
N.
প্রশ্ন
:
m ভৰৰ
বস্তু এটা বেগেৰে গতি কৰিলে
তাৰ ভৰবেগ হ’ব-
(ক)
(mv)² (খ)
mv² (গ)
½mv² (ঘ)
mv
উত্তঃ
(ঘ)
mv
প্রশ্ন
:
200N অনুভূমিক
বল প্রয়ােগ কৰি কাঠৰ বাকচ
এটা মজিয়া এখনেৰে স্থিৰ
বেগেৰে নিয়াৰ চেষ্টা কৰা
হৈছে। মজিয়াখনে বাকচটোৰ
ওপৰত প্ৰয়ােগ কৰা ঘর্ষণ বলৰ
মান কিমান ?
উত্তৰঃ
মজিয়াখনে বাকচটোৰ ওপৰত 200N
বল
বাকচটো ঠেলাৰ বিপৰীত দিশত
ক্রিয়া কৰিব লাগিব। তেতিয়া
ইয়াৰ ওপৰত প্রয়ােগ হােৱা
অসম বলৰ মান শূন্য হ’ব। গতিকে
ঘর্ষণ বলৰ মান –200N
হ’ব।
প্রশ্ন
:
1.5 kg ভৰৰ
দুটা বস্তুৱে একে সৰল ৰেখাৰে
কিন্তু বিপৰীত দিশত গতি কৰি
আছিল। সংঘাতৰ পুর্বে দুয়ােৰে
বেগ আছিল 2.5
ms-1।
সংঘাতৰ পিছত বস্তু দুটা লগ
লাগি যায়। সংঘাতৰ পিছত লগ
লগা বস্তুটোৰ বেগ কিমান?
উত্তৰঃ
ধৰাহ’ল বস্তু দুটাৰ ভৰ ক্ৰমে
m=m2
= 1.5 kg
প্রথম
বস্তুৰ বেগ,
v = 2.5 ms-1
দ্বিতীয়
বস্তুৰ বেগ,
v2 = -2.5 ms-1
∴ সংঘাতৰ
আগত ভৰবেগ,
FAB
= 1.5×2.5 + 1.5×(-2.5) kg.ms-1
= 3.75 +(-3.75)
=
3.75 -3.75
= 0
বস্তু
দুটাৰ মুঠ ভৰ m1
+ m2 = 1.5 kg +1.5 kg
= 3 kg
সংঘাতৰ
পাছত বস্তু দুটাৰ বেগ =
v
∴ সংঘাতৰ
পাছত বস্তু দুটাৰ ভৰবেগ =
3x v
= 3v
∴ সংঘাতৰ
আগৰ ভৰ বেগ =
সংঘাতৰ
পাছত ভৰবেগ
⇒
0 = 3v
⇒0 = v
প্রশ্ন : গতি বিষয়ক তৃতীয় সূত্র মতে আমি যদি বস্তু এটা ঠেলাে তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলে। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থােৱা এখন গধূৰ ট্রাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰম্পৰক সন্তুলিত কৰে বুলি ছাত্র এজনে যুক্তি আগবঢ়াই দি ইয়াৰ নায্যতা প্রতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্রাকখনে কিয় লৰচৰ নকৰে তাক ব্যাখ্যা দিয়া।
উত্তৰ : ক্রিয়া প্রতিক্রিয়াই একোটা বিন্দুত ক্রিয়া নকৰে। গতিকে ইহঁতে পৰস্পৰে কটকটি নহয়। যেতিয়া গধূৰ ট্রাক খন ঠেলা হয় তেতিয়া ইয়াৰ চকাত থকা টায়াৰ’ আৰু মাটিৰ মাজৰ ঘর্ষণ বল যথেষ্ট বেছি হয়। গতিকে গধূৰ ট্রাকখনৰ লৰচৰ নহয়।
প্রশ্ন
:
200 ভৰৰ
হকী বল এটা 10
ms-1 বেগেৰে
গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে
(Hokey
Stick) কোবােৱাত
সি অহা পথেৰে 5
ms-1 বেগেৰে
উভতি গ’ল। কী মাৰিয়ে প্রয়ােগ
কৰা বলৰ প্ৰভাৱত হকী বলটোৰ
গতিৰ ভৰবেগ পৰিৱৰ্তন নির্ণয়
কৰা।
উত্তৰঃ
ইয়াত,
হকী
বলটোৰ ভৰ,
m = 200 g = 0.2 kg
বলটোৰ
প্ৰাৰম্ভিৰ বেগ,
u = 10 ms-1
বলটোৰ
অন্তিম বেগ,
v = -5 ms-1
যিহেতু
অন্তিম বেগ হ’ল প্ৰাৰম্ভিক
বেগৰ বিপৰীত দিশত। গতিকে,
বলটোৰ
পৰিৱৰ্তন হােৱা
ভৰবেগ
=
অন্তিম
ভৰবেগ – প্ৰাৰম্ভিক ভৰবেগ
=
mv – mu
= m (v – u)
= 0.2 (-5 – 10) kg ms-1
=
0.2 x (-15) kg ms-1
= -3 kg ms-1
প্রশ্ন
:
10 গ্রাম
ভৰৰ গুলি এটা অনুভূমিক দিশত
150
ms-1 বেগেৰে
গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ
টুকুৰা এটাত খুন্দা খাই 0.03s
ত
স্থিতিশীল অৱস্থাপ্রাপ্ত
হ’ল। কাঠৰ টুকুৰাটোত গুলিটোৰ
অন্তর্ভেদৰ দূৰত্ব নির্ণয়
কৰা। তদুপৰি কাঠৰ টুকুৰাটোৱে
গুলিটোৰ ওপৰত প্রয়ােগ কৰা
বলৰ মান নির্ণয় কৰা।
উত্তৰঃ
ইয়াত,
গুলিটোৰ
ভৰ,
m = 10 g = 0.01 kg
প্ৰাৰম্ভিক
বেগ,
u = 150 ms-1
অন্তিম
বেগ,
v = = 0
সময়,
t = 0.03 s
আমি
জানাে যে,
u
+ at = v
150 + a × 0.03 = 0
= 0.03 a=-150
a = –
150/0.03
a= – 5000 ms-2
∴ কাঠৰ
টুকুৰাটোত গুলিটোৰ অন্তর্ভেদৰ
দূৰত্ব-
=2.25m
আকৌ,
F
= ma
= 0.01 kg x (-5000) ms-2
= -50 N।
কাঠৰ
টুকুৰাটোৱে গুলিটোৰ ওপৰত
প্রয়ােগ কৰা বল-
50 N.
প্রশ্ন : জড়তাৰ সূত্ৰটো নিউটনৰ কোনটো সূত্ৰৰ সৈতে জড়িত?
উত্তৰ: নিউটনৰ প্রথম সূত্র।
প্রশ্ন: আমি মটৰ গাড়ী এখনত বহি থকা অৱস্থাত গাড়ীখনে যদি হঠাতে বেগ বঢ়ায়, আমাৰ শৰীৰটোৱে বহি থকা আসনখন পিছফালে ঠেলি দিয়া যেন অনুমান হয়। এই কথাখিনিৰ লগত জড়িত সুত্ৰটো কি?
উত্তৰঃ নিউটনৰ প্রথম সূত্র।
প্রশ্ন:
25কি,
গ্রাৰ
বস্তু এটাৰ ওপৰত 500
নিউটন
বল প্রয়ােগ কৰা হ’লে,
বস্তুটোৰ
ত্বৰণ কিমান হব?
উত্তৰ
:
20 মি.
ছে.
প্রশ্ন
:
কি
চৰ্তত বস্তুটোৰ ত্বৰণ শূন্য
হ’ব পাৰে?
উত্তৰ:
যেতিয়া
বস্তুৰ ওপৰত প্রয়ােগ বলৰ
মান শূন্য হয়,
তেতিয়া
বস্তুটোৰ ত্বৰণ শূন্য হয়।
প্রশ্ন
:
54 ছে,
মি.
ত্বৰণেৰে
গতি কৰি থকা বস্তু এটাৰ বেগ
3
ছেকেণ্ডৰ
পাছত হয়গৈ 16
মি/ছেকেণ্ড।
বস্তুটোৰ আদি বেগ কি আছিল?
উত্তৰ:
4 মি./ছে,
প্রশ্ন
:
এক
কিলােগ্রাম ওজনৰ পৰিমাণ
কিমান?
উত্তৰ:
1 কি.গ্রা.
ওজন
=
1 কি.গ্রা
x
9.8 মি./ছে²
=9.৪
কি.গ্রা.
মি./ছে²
= 9.8 নিউটন।
প্রশ্ন
:
বায়ুশূন্য
ঠাইত চৰাই এজনী উৰিব পাৰেনে?
উত্তৰ:
উৰিব
নােৱাৰে।
প্রশ্ন
:
ভৰবেগৰ
এককটো কি?
উত্তৰ:
কি,
গ্রা,
মি,
ছে
।
প্রশ্ন
:
মাধ্যাকর্ষণীয়
ত্বৰণৰ মান পৃথিৱীৰ ক’ত আটাইতকৈ
বেছি ?
উত্তৰঃ
বিযুৱৰ ওপৰত আটাইতকৈ বেছি।।
প্রশ্ন
:
নিউটনৰ
তৃতীয় সূত্ৰৰ উদাহৰণ
দিয়া।
উত্তৰঃ
বন্দুকৰ গুলীয়ে বন্দুকটো
পিছফালে ঠেলে।
প্রশ্ন
:
নিউটনৰ
কোনটো গতিসূত্ৰৰ পৰা বলৰ
পৰিমাণ পােৱা যায়?
উত্তৰ
:
দ্বিতীয়
গতিসূত্র।
প্রশ্ন:
নিউটন
গতিসূত্ৰ কোনটোৰ পৰা বল ঘাতৰ
মান পােৱা যায় ?
উত্তৰ:
দ্বিতীয়
গতিসূত্ৰৰ পৰা।
প্রশ্ন:
ভবেগৰ
একক নিউটন ছেঃ কেনেকৈ হয়
?
উত্তৰ
ভবেগৰৰ একক =
কিঃ
গ্রাঃ মিঃ/
ছেঃ
=
নিউটন/ছেঃ²
কাৰণ
কিঃ গ্রাঃ মিঃ/ছেঃ²=
নিউটন।
প্রশ্ন:
ক্রিয়া
আৰু প্ৰতিক্ৰিয়াৰ এটা পার্থক্য
লিখা।
উত্তৰঃ
ক্রিয়া আৰু প্রতিক্রিয়াৰ
দিশ বিপৰীত আৰু দুয়ােৰে
ক্রিয়া বিন্দু একে নহয়।
প্রশ্ন
:
খােজকাঢ়োতে
নিউটনৰ প্ৰধানত কোনটো সূত্র
ব্যৱহাৰ হয় ?
উত্তৰ:খােজকাঢ়োতে
নিউটনৰ প্ৰধানত তৃতীয় সূত্র
ব্যৱহাৰ হয়।
প্রশ্ন
:
নিউটন
আৰু ডাইনৰ সম্পর্ক কি?
উত্তৰ:নিউটন
=
100000 ডাইন।
প্রশ্ন
:
1 নিউটন
মানে কি?
উত্তৰ:কিঃ
গ্রাঃ ভৰৰ বস্তু এটাৰ ওপৰত
যিমান বলে ক্রিয়া কৰি 1
মিঃ/ছেঃ
ত্বৰণৰ সৃষ্টি কৰে তাকে। নিউটন
বল বােলে।
প্রশ্ন:
ভৰবেগৰ
ৰক্ষণশীলতাৰ নীতিটো লিখা।
উত্তৰ:
কোনাে
বাহ্যিক বলে ক্রিয়া নকৰিলে
দুটা বা ততােধিক বস্তুৰ মাজত
হােৱা ক্রিয়া-প্রতিক্রিয়াৰ
ফলত বস্তুকেইটাৰ মুঠ ভৰবেগৰ
কোনাে পৰিৱৰ্তন নহয়।
প্রশ্ন
:
টনা
আৰু ঠেলা বলৰ পার্থক্য বুজাই
দিয়া।
উত্তৰ:
টনা
আৰু ঠেলা বলৰ পার্থক্য হল—
টনা বলত বস্তু এটাই নিজৰ অভিমুখে
গতি কৰে কিন্তু ঠেলা বলত
বস্তুটোৱে নিজৰ পৰা আঁতৰি
যায়।
প্রশ্ন
:
প্ৰতিটোৰ
এটাকৈ উদাহৰণ দিয়াঃ
(ক)
বলে
বস্তুৰ বেগৰ পৰিৱৰ্তন কৰিব
পাৰে।
(খ)
বলে
বম্বৰ গতিৰ দিশ সলনি কৰিব
পাৰে।
(গ)
বলে
বস্তুৰ আকৃতিৰ পৰিবৰ্তন কৰিব
পাৰে।
উত্তৰঃ
(ক)
চলি
থকা চাইকেলখনৰ পেডেলত বেছি
বল প্রয়ােগ কৰিলে চাইকেলখনৰ
বেগ বাঢ়ি যায়।
(খ)
মজিয়া
এখনৰ ওপৰেৰে গতি কৰি থকা মাৰ্বল
এটাক আঙুলিৰে টুকুৰিয়াই
দিলে ই তাৰ গতিৰ মূল দিশৰ সলনি
কৰি অন্য দিশত গতি কৰে।
(গ)
বাঁহৰ
কামী এডালৰ দুই মূৰে ৰছী এডালেৰে
টানি বান্ধি থ’লে ই ধনুৰ আকৃতি
লয়। ৰছীডালেৰে বল প্রয়ােগ
কৰি কামিচটাৰ আকৃতি সলনি কৰা
হয়।
প্রশ্ন
:
ভৰবেগ
কাক বােলে ?
ভৰৰেগৰ
একক কি?
উত্তৰ:
ভৰবেগ
:
বস্তুৰ
ভৰ আৰু বেগৰ পূৰণফল তাৰ ভৰবেগ
বােলে।
অর্থাৎ
ভৰবেগ =
ভৰ×
বেগ।
⇒P
= m×v
ভৰবেগৰ
একক হ’ল কিঃ গ্রাঃ মিঃছেঃ বা
নিউটন ছেঃ।
প্রশ্ন:
প্রযুক্তবল
আৰু বস্তুৰ ভৰবেগৰ সম্পর্ক
কি?
উত্তৰঃ
প্রযুক্ত বল যিমানে বাঢ়ে
ভৰবেগ সিমানে বাঢ়ে। অর্থাৎ
ভৰবেগৰ প্ৰযুক্ত বলৰ সমানুপাতিক।
প্রশ্ন
:
নিউটন
বল মানে কি?
উত্তৰঃ
যদি । কি,
গ্রাম
বস্তু এটাৰ ওপৰত বল প্রয়ােগ
কৰাত ইয়াৰ বেগৰ পৰিৱৰ্তনৰ
হাৰ 1
মি./ছে
হয়,
তেন্তে
এই বলক নিউটন বল বােলে।
প্রশ্ন
:
ডাইন
বলৰ সংজ্ঞা দিয়া।
উত্তৰ
এক ডাইন বল হ’ল সিমান পৰিমাণৰ
বল যিয়ে এক গ্রাম ভৰৰ বস্তু
এটাৰ ত্বৰণ ছে,
মি./ছে,
ঘটায়।
প্রশ্ন: টনা বা ঠেলাৰ সময়ত কি বলে বাধাৰ সৃষ্টি কৰে? সেই বাধা অতিক্রম কৰিবলৈ কি কৰিব লাগে ?
উত্তৰ: টনা বা ঠেলাৰ সময়ত ঘর্ষণ বলে বাধাৰ সৃষ্টি কৰে। সেই বাধা অতিক্রম কৰিবলৈ বস্তুটোৰ ওপৰত ঘর্ষণ বলতকৈ বেছি বল প্রয়ােগ কৰিব লাগিব। অর্থাৎ অসমতুল। বল প্রয়ােগ কৰিব লাগিব।
প্রশ্ন
:
প্রযুক্তবল
আৰু বস্তুৰ ভৰৰেগৰ সম্পর্ক
কি?
উত্তৰ:
প্রযুক্ত
বল যিমানে বাঢ়ে ভৰবেগ সিমানে
বাঢ়ে। অর্থাৎ ভৰবেগৰ প্রযুক্ত
বলৰ সমানুপাতিক
শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(i)
বস্তু
এটাৰ গতিৰ ক্ষেত্ৰত তলৰ কোনটো
অসত্য-
(a)
বস্তুটোৰ
গতিৰ দিশৰ পৰিৱৰ্তন ঘটাবলৈ
হ’লে অসন্তুলিত বলে ক্রিয়া
নকৰিলেও হয়।
(b)
অসন্তুলিত
বলে ক্রিয়া কৰিলে বস্তুটোৰ
ত্বৰণ ঘটে।
(c)
বস্তুটোৰ
গতি অটুট ৰাখিবলৈ হ’লে অসন্তুলিত
বলে ক্রিয়া কৰি থাকিব লাগিব।
(d)
বস্তুটোৰ
মন্থৰণ ঘটাবলৈও অসন্তুলিত
বল প্রয়ােজন হয়।
উত্তৰ:
(a) বস্তুটোৰ
গতিৰ দিশৰ পৰিৱৰ্তন ঘটাবলৈ
হ’লে অসন্তুলিত বলে ক্রিয়ানকৰিলেও
হয়।
(ii)
আভ্যন্তৰীণ
বল সদায়
(a)
অসন্তুলিত
বল
(b)
সন্তুলিত
বল
(c)
অসন্তুলিত
অথবা সন্তুলিত বল (d)
একে
মন্তব্য দিব পৰা নাযায়।
উত্তৰঃ
(b)
সন্তুলিত
বল।
(ii)
খেলুৱৈ
এজনে লংজাপমৰাৰ আগতে কিছুআগৰ
পৰাই দৌৰি অহাৰ কাৰণ
(a)
শক্তি
আহৰণ কৰিবলৈ (b)
গতি
জড়তা আহৰণ কৰিবলৈ
(c)
বল
আহৰণ কৰিবলৈ
(d)
এনেদৰে
অহাটো খৈলুৱৈৰ এটা নান্দনিক
ৰূপ।
উত্তৰঃ
(b)
গতি
জড়তা আহৰণ কৰিবলৈ।
প্রশ্ন: যি বলে বস্তুৰ গতি সৃষ্টি নকৰে, অকল আকৃতিৰ পৰিৱৰ্তন কৰে সেয়া সমতুল বল নে অসমতুল বল ?
উত্তৰ: অসমতুল বল। কাৰণ বস্তুটোৰ গতি নহ’লেও বলৰ প্ৰভাৱত বস্তুটোৱে আকৃতিৰ পৰিৱৰ্তন হােৱা মানে বস্তুটোৰ কোনাে এটা দিশত বেছি পৰিমাণৰ বল আন দিশতকৈ বেছি হয়।
প্রশ্ন
;
কি
কি চর্ত সাপেক্ষে কোনাে এটা
বস্তু স্থিৰ অৱস্থাত থাকিব
পাৰে?
উত্তৰঃ
বস্তু এটাৰ স্থিৰ অৱস্থাত
থকাৰ চৰ্ত দুটা হ’ল—
(ক)
বস্তুটোৰ
ওপৰত কোনাে বল প্রয়ােগ না
।
(খ)
বস্তুটোৰ
ওপৰত সমতুল বল প্রয়ােগ কৰা।
প্রশ্ন:
ঘর্ষণ
আচলতে এক ধৰণৰ বল। বুজাই
দিয়া।
উত্তৰ:
ঘর্ষণ
আচলতে এক প্রকাৰৰ বল। কাৰণ
বস্তু এটা প্রায় ঘর্ষণবিহীন
বা অতি মসৃণ তলৰ ওপৰেৰে ঠেলিলে
বা টানিলে অতি কম বল দিলেই ই
গতি কৰে। কিন্তু যদি এখন খহটা
তলেৰে ইয়াক ঠেলি বা টানি
দিয়া হয়,
তেন্তে
বস্তুটোৱে গতি নকৰে বা কম
পৰিমাণে গতি কৰে। এইক্ষেত্ৰত
বস্তুটোৰ ওপৰত প্ৰয়ােগ কৰা
বলৰ বিপৰীতে বস্তুটোৱে গতি
কৰা তলখনে বস্তুটোৰ ওপৰত সমতুল
বা অসমতুল বল প্রয়ােগ কৰিব
লাগিব। এই অসমতুল বলেই হ’ল
ঘর্ষণ বল।গতিকে ঘর্ষণ এককপ্রকাৰ
বল।
প্রশ্ন
:
গতিশীল
চাইকেলৰ পেডেল মৰা বন্ধ কৰিলে
চাইকেলৰ গতি মন্থৰ হােৱাৰ
কাৰণ ব্যাখা কৰা।
উত্তৰঃ
গতিশীল চাইকেলৰ পেডেল মৰা
বন্ধ কৰিলে চাইকেলৰ গতি মন্থৰ
হােৱাৰ কাৰণ হ’ল চাইকেলৰ চকাৰ
ওপৰত ৰাস্তাৰ পৃষ্ঠই প্রয়ােগ
কৰা ঘর্ষণ বল। চাইকেলৰ চকা
আৰু ৰাস্তা দুয়ােৰে পৃষ্ঠ
খহটা। গতিকে পেডেল মাৰি থকা
অৱস্থাত দুয়ােৰে স্পৰ্শতলে
দিয়া ঘর্ষণ বলতকৈ প্ৰয়ােগ
বল বেছি হয়। ফলত চাইকেলখনে
বলৰ দিশত গতি কৰে। কিন্তু
পেডেল মাৰিব এৰি দিলে প্রয়ােগ
বলৰ মান ঘর্ষণ বলে ক্রমে ক্রমে
হ্রাস কৰি নিয়ে
প্রশ্ন:
নিউটনৰ
প্ৰথম গতিসূত্র লিখা। দুটা
উদাহৰণ দিয়া।
উত্তৰ:
নিউটনৰ
প্রথম গতি সূত্র:
বাহ্যিক
অসমতুল বলে ক্রিয়া নকৰা
পর্যন্ত অচল বস্তু এটা অচল
অরস্থাত আৰু সচল বস্তু এটাই
একে বেগত একে দিশতে গতি কৰি
থাকে। উদাহৰণ:
(ক)
গতিশীল
বাছ এখন হঠাতে ৰাখি দিলে
যাত্রীসকলে আগফালে হালি
যায়।
(খ)
বন্দুকৰ
গুলী এটাই কাচৰ খিৰিকীৰে গ’লে
কাচত এটা সৰু ফুটা কৰি যায়,
কাঁচখন
নাভাঙে।
প্রশ্ন
:
নিউটনৰ
প্ৰথম গতি সূত্ৰক কিয় জড়তাৰ
সূত্ৰ বুলি কোৱা হয় ?
উত্তৰ:
জড়তাৰ
সূত্র মতে বস্তু এটাই তাৰ
গতিশীল বা স্থিতিশীল অৱস্থাৰ
পৰিবর্তন কৰিবলৈ নিবিচৰা
গুণ। নিউটনৰ প্রথম সূত্রমতে
বাহ্যিক রল অবিহনে কোনাে
বস্তুই তাৰ অৱস্থাৰ পৰিবর্তন
ঘটাবলৈ নিবিচাৰে। অর্থাৎ সচল
বস্তুই সচল অৱস্থাতে আৰু অচল
বস্তুই অচল অৱস্থাতে থাকিব
বিচাৰে। দুয়ােটা সংজ্ঞাই
আচলতে একে অর্থকে প্রকাশ
কৰিছে। গতিকে নিউটনৰ প্রথম
গতি সূত্ৰক জড়তাৰ সূত্ৰ বুলি
কোৱা হয়।
প্রশ্ন
:
জড়তাৰ
সংজ্ঞা দিয়া। স্থিতি জড়তা
কাক বােলে ?
উদাহৰণ
দিয়া।
উত্তৰঃ
জড়তা:
পদার্থ
নিহিত থকা যি গুণটোৰ বাবে
স্থিৰ অৱস্থাত থকা বস্তু এটাই,
স্থিৰ
অৱস্থাতে আৰু গতিশীল অৱস্থাত
থকা বস্তু এটাই গতি কবিয়েই
থাকিব বিচাৰে;
সেই
গুণটোক জড়তা বােলে।।
স্থিতি
জড়তা :
স্থিৰ
অৱস্থাত থকা বস্তুটোৱে যি
গুণৰ বাবে স্থিৰ অৱস্থাতে
থাকিব বিচাৰে,
সেই
গুণৰ নামেই স্থিতি জড়তা-
উদাহৰণ:
মেজৰ
ওপৰত থকা কিতাপখন বাহ্যিক
বলে ক্রিয়া নকৰিলে ই মেজৰ
ওপৰতে থাকিব।
প্রশ্ন
:গতি
জড়তা কাক বােলে?
উদাহৰণ
দিয়া।
উত্তৰঃ
গতি জড়তা:
গতিশীল
অৱস্থাত থকা বস্তুটোৱে যি
গুণৰ বাবে গতিশীলতা বজাই ৰাখিব
বিচাৰে,
সেই
গুণৰ নামেই গতি জড়তা।
উদাহৰণ:
ঘূৰি
থকা পাংখাখনৰ বিদ্যুৎ সংযােগ
বন্ধ কৰিলেও কিছু সময় ঘূৰি
থকাৰ কাৰণ হ’ল গতি জড়তা।
প্রশ্ন : বস্তুৰ জড়তাৰ কাৰক কি? একে আয়তনৰ টেনিছ বল আৰু ক্রিকেট বলৰ ভিতৰত কোনটোৰ জড়তা বেছি আৰু কিয় ?
উত্তৰ: ভৰ জড়তাৰ কাৰক হ’ল । একে আয়তনৰ টেনিছ বল আৰু ক্রিকেট বলৰ ভিতৰত ক্রিকেট বল জড়তা বেছি কাৰণ হ’ল ক্রিকেট বলৰ ভৰ টেনিছ বলৰ ভৰতকৈ কম। জড়তা ভৰৰ সমানুপাতিক গতিকে ক্রিকেট বল জড়তা বেছি।
No comments:
Post a Comment