পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
1.
বস্তু
এটাই এক নির্দিষ্ট দূৰত্ব
অতিক্রম কৰিলে ইয়াৰ সৰণ
শূণ্য’হ’ব পাৰেনে?
যদি
পাৰে,
তেন্তে
তােমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ
এটা দিয়া।
উত্তৰঃ
কোনাে এটা বস্তুৱে এক নির্দিষ্ট
দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ
সৰণ শূণ্য হ’ব পাৰে। উদাহৰণস্বৰূপে,
এখন
বৃত্তাকাৰ খেলপথাৰৰ এটা
নির্দিষ্ট বিন্দুৰ পৰা যাত্ৰা
আৰম্ভ কৰি খেলপথাৰৰ চাৰিওফালেৰে
এপাক ঘূৰি আহি আগৰ বিন্দু (য’ৰ
পৰা যাত্ৰা আৰম্ভ কৰিছিল)
ত
উপস্থিত হলে ইয়াৰ সৰণ শূণ্য
হ’ব। কাৰণ,
প্ৰাৰম্ভিক
আৰু অন্তিম বিন্দু একেটাই
হব। সৰণ হ’ল প্ৰাৰম্ভিক বিন্দুৰ
পৰা অন্তিম বিন্দুৰ মাজৰ
নিম্নতম দূৰত্ব।
2.
খেতিয়ক
এজনে 10m
বাহুৰ
বর্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে
40
ছেকেণ্ডত
ভ্রমণ সম্পূর্ণ কৰে। 2
মিনিট
20
ছেকেণ্ড
সময় অতিবাহিত হােৱাৰ পিছত
প্ৰাৰম্ভিক অৱস্থানৰ পৰা
তেওঁৰ সৰণৰ মান কিমান হ’ব?
উত্তৰঃ
ইয়াত,
বর্গাকৃতি
পথাৰখনৰ বাহুৰ দীঘ =
10m
ইয়াৰ
পৰিসীমা =
10 × 4 = 40 m
অতিবাহিত
হােৱা মুঠ সময,
t = 2 মিনিট
20
ছেকেণ্ড
=
140 ছেকেণ্ড
40
ছেকেণ্ডত
ভ্রমণ সম্পূর্ণ কৰে =
1 বাৰ
∴140
ছেকেণ্ডত
ভ্রমণ সম্পূর্ণ কৰে =
3½ বাৰ।
গতিকে,
3 বাৰ
ভ্ৰমণ সম্পূর্ণ কৰি পথাৰ খনৰ
পৰিসীমাৰ আধাখিনি ঠাই অতিক্ৰম
কৰিব।

চিত্ৰৰ পৰা AC দূৰত্বই খেতিয়ক জনৰ সৰণ নির্দেশ কৰিব। ABC সমকোণী ত্রিভূজ লৈ পাইথাগােৰাছৰ সূত্রৰ পৰা-
AC²
= AB² + BC²
= 10² + 10²
= 100 + 100
= 200
AC
=√200
AC = 14.14 m
খেতিয়কজনৰ
সৰণৰ মান হব-
14.14 m.
3.
সৰণৰ
ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a)
ই
শূণ্য হ’ব নােৱাৰে।
(b)
ইয়াৰ
মান বস্তুটোৱে অতিক্রম কৰা
দূৰত্বতকৈ বেছি।
উত্তৰঃ
(a)
অসত্য।
কাৰণ,
বৃত্তাকাৰ
পথত ঘূৰি থকা বস্তুৰ সৰণ শূণ্য
হব পাৰে।
(b)
অসত্য।
কাৰণ,
কোনাে
এটা বস্তুৰ সৰণ,
বস্তুটোৱে
অতিক্রম কৰা দূৰত্বৰ সমান
নাইবা কম হয়।
3.
দ্রুতি
আৰু বেগৰ পার্থক্য লিখা।
উত্তৰঃ
দ্রুতি |
বেগ |
(i) প্রতি এককসময়ত অতিক্রম কৰা দূৰত্বক দ্রুতি বােলে। |
(i) প্রতি একক সময়ত হােবা সৰণক বেগ বােলে। |
(ii) দ্রুতিৰ দিশ নাই, মান আছে। |
(ii) বেগৰ দিশ আৰু মান আছে। |
(iii) ই এবিধ স্কেলাৰ ৰাশি। |
(iii) ই এবিধ ভেক্টৰ ৰাশি। |
4.
কি
চৰ্ত বা কি কি চর্ত সাপেক্ষে
বস্তুৰ গড় বেগৰ মান তাৰ দ্ৰুতিৰ
সমান হয়?
উত্তৰঃ
যদি বস্তু এটাই সৰল ৰৈখিকভাৱে
গতি কৰে তেতিয়া বস্তুটোৰ
গড় বেগৰ মান তাৰ গড় দ্রুতিৰ
সমান হয়।
5.
মটৰ
গাড়ীৰঅড মিটাৰে (odometer)
কি
জোখে?
উত্তৰঃ
মটৰ গাড়ীৰ অড মিটাৰে গাড়ীটোৱে
অতিক্রম কৰা দূৰত্ব জোখে।
6. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা ?
উত্তৰঃ সৰলৰৈখিক।
7. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্রেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পােহৰৰ দ্ৰুতিৰে অর্থাৎ 3 × 108 m/s.দ্রুতিৰে গতি কৰে।
উত্তৰঃ
ইয়াত,
√200
সংকেতটোৰ
দ্রুতি =3
× 108 m.s-1.
অতিবাহিত
সময়,
t = 5 min = 5×60 s
⇒300 s
∴মহাকাশযানৰ
পৰা ভূমিস্থিত ষ্টেচনৰ দূৰত্ব-
S
= 3 × 108 m.s-1 × 300 s
= 3 × 108
m.s-1 × 3×10²m
= 9×1010m
8.
তুমি
কেতিয়া বস্তু এটাৰ (i)
সুষম
ত্বৰণ (ii)
বিষম
ত্বৰণ হােৱা বুলি ক’বা ?
উত্তৰঃ
(i)
যেতিয়া
বস্তু এটাইসমান সমান সময়ৰ
অন্তৰালত পৰিৱৰ্তন হােৱা
বেগৰ জোখ সমান সমান হয়,
তেতিয়া
তাৰ ত্বৰণক সুষম বুলি কোৱা
হয়।
(ii)
যেতিয়া
বস্তুটোৱে সমান সমান সময়ৰ
অন্তৰালত বেলেগ বেলেগ পৰিমাণে
বেগৰ পৰিৱর্তন হয়,
তেতিয়া
তাৰ ত্বৰণক বিষম বুলি কোৱা
হয়।
9.
বাছ
এখনৰ দ্ৰুতি 5
ছেকেণ্ডত
80
km h’ৰ
পৰা 60
km h1 লৈ
হ্রাস পালে। বাছখনৰ ত্বৰণ
নির্ণয় কৰা।
উত্তৰঃ
বাছখনৰ প্ৰাৰম্ভিক বেগ,
u = 80 km
80×1000/60 × 60
=22.22m.s-1
বাছখনৰ
অন্তিম বেগ,
(v) = 60km/hour = 60000m/3600s= 16.66 m.s-1
ত্বৰণ
হ্রস হ’বলৈ প্রয়োজন হোৱা
সমা,
t= 5s
∴ বাছখনৰ
ত্বৰণ,
(a)
=(v-u)/t = (16.66 m.s-1 – 22.22 m.s-1)/5s
= -1.112 m.s-2
10.
ৰেলগাড়ী
এখনে ষ্টেচন এটাৰ পৰা যাত্রা
আৰম্ভ কৰি সুষম ত্বৰেণেৰে 10
মিনিটত
তাৰ দ্রুতি 40
km h1 লৈ
বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ
নির্ণয়।
উত্তৰঃ
ইয়াত,
ৰেলগাড়ীখনৰ
প্ৰাৰম্ভিক বেগ,
u = 0
অন্তিম
বেগ,
v = 40 km h1
= 40 × 1000/60 × 60
= 11.11 ms
অতিবাহিত
সময়,
t = 10 min = 10 × 60
s = 600 s
∴ ৰেলগাড়ীখনৰ
ত্বৰণ,
11.
বস্তুৰ
সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত
দূৰত্ব সময় লেখৰ প্রকৃতি
কেনেকুৱা হয়।
উত্তৰ:
বস্তুৰ
সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময়
লেখৰ প্ৰকৃতি সৰলৰৈখিক হয়।

বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্রকৃতি বক্ৰ ৰেখা হয়।

12.
বস্তু
এটাৰ দূৰত্ব-সময়
লেখ সময় অক্ষৰ সমান্তৰাল
এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ
বিষয়ে তুমি কি মন্তব্য
কৰিবা?
উত্তৰঃ
বস্তু এটাৰ দূৰত্ব-সময়
লেখ সময় অক্ষৰ সমান্তৰাল
সৰল ৰেখা হ’লে ইয়াৰ গতি সুষম
হব।

13.
বস্তু
এটাৰ দ্রুতি-সময়
লেখ সময় অক্ষৰ সমান্তৰাল
এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ
বিষয়ে তুমি কি মন্তব্য
কৰিবা?
উত্তৰঃ
বস্তু এটাৰ দ্রুতি-সময়
লেখ সময় অক্ষৰ সমান্তৰাল
সৰলৰেখা হ’লে ইয়াৰ গতি সুষম
হব।

14.
বেগসময়
লেখ এডালৰ তলৰ অংশই আৱৰি থকা
কালিৰ জোখে নির্দেশ কৰা ৰাশিটো
কি?
উত্তৰঃ
বেগ-সময়
লেখৰ তলৰ অংশই আৱৰি ৰখা কালিৰ
জোখে বস্তুটোৱে অতিক্রম কৰা
দূৰত্ব নির্দেশ কৰে।
15.
এখন
বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি
আৰম্ভ কৰি 0.1
m sত্বৰণেৰে
2
মিনিট
সময় গতি কৰিলে।
(a)
গাড়ীখনে
লাভ কৰা দ্রুতি আৰু
(b)
অতিক্রম
কৰা দূৰত্ব উলিওৱা।
উত্তৰঃ
ইয়াত,
বাছটোৰ
প্ৰাৰম্ভিক বেগ,
u = 0
ত্বৰণ,
a = 0.1 m.s-2
অতিবাহিত
সময,
t = 2 মিনিট
=
120 ছেকেণ্ড।
(a)
গাড়ীখনে
লাভ কৰা দ্রুতি-
v=u
+ at
= 0 +0.1 × 120
= 12 m.s-1
(b)
গাড়ীখনে
অতিক্রম কৰা দূৰত্ব-

16.
ৰেলগাড়ী
এখন 90
km h’ দ্রুতিৰে
গতিশীল অৱস্থাত আছে। – 0.5
ms-2 সুষম
ত্বৰণৰ সৃষ্টি হােৱাকৈ গাড়ীখনত
ব্রেক প্রয়ােগ কৰা হ’ল।
ৰেলগাড়ীখন ৰােৱাৰ আগলৈকে
কিমান দূৰ আগবাঢ়ি গ’ল ?
উত্তৰঃ
ইয়াত,
ৰেলগাড়ীখনৰ
প্ৰাৰম্ভিক বেগ,
u =90 km h!
= 90 x 100)/60 x 60
= 25 m.s-1
ৰেলগাড়ীখনৰ
অন্তিম বেগ,
v = 0 ত্বৰণ,
a = -0.5 m.s-1
∴ ব্রেক
প্রয়ােগ কৰি ৰােৱাৰ আগলৈকে
ৰেলগাড়ীখনে অতিক্রম কৰা
দূৰত্ব-

17.
হেলনীয়া
সমতল এখনেদি গতি কৰা টুলী এখনৰ
বৰণ 2
cm.s-2।
আৰম্ভনিৰ পৰা 3
ছেকেণ্ডৰ
পিছত ইয়াৰ বেগ কিমান হ’ব
?
উত্তৰঃ
ইয়াত,
টুলীখনৰ
প্ৰাৰম্ভিক বেগ,
u = 0
ত্বৰণ,
a = 2cm.s-2
অতিবাহিত
সময়,
t = 3 s
ট্রলীখনৰ
অন্তিম বেগ,
v = u + at
= 0 +2 × 3 cm.s-1
= 6 cm.s-1
18.
বেগৰ
প্ৰতিযােগিতাত ভাগ লােৱা
গাড়ী এখনৰ সুষম ত্বৰণৰ মান
4
ms-2 | আৰম্ভণিৰ
পৰা 10
ছেকেণ্ডৰপিছত
ই কিমান দূৰত্ব অতিক্রম
কৰিব?
উত্তৰঃ
ইয়াত,
গাড়ীখনৰ
প্ৰাৰম্ভিক বেগ,
u = 0
ত্বৰণ,
a = 4 m.s-2
অতিবাহিত
সময়,
t = 10 s
10 s ৰ
পিছত গাড়ীখনে অতিক্রম কৰা
দূৰত্ব-
S=ut
+ ½at²
=0+2 × 100
=200 m
19.
শিল
এটা 5
ms-1 বেগেৰে
উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে।
যদি শিলটোৰ গতিৰ সময়ত ত্বণ
তললৈ 10
ms-2 হয়,
তেন্তে
শিলগুটিটো কিমান উচ্চতালৈ
উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ
সি কিমান সময় ল’ব?
উত্তৰঃ
ইয়াত,
শিলগুটিটোৰ
প্ৰাৰম্ভিক বেগ,
u = 5 m.s-2
শিলগুটিটোৰ
ত্বৰণ,
g = -10 ms (যিহেতু
ত্বৰণ তললৈ হৈছে)
এতিয়া
শিলগুটিটোৰ অতিক্রান্ত দূৰত্বই
হ’ব,
ইয়াৰ
উলম্ব উচ্চতা।
.
শিলগুটিটোৱে
1.25
m উচচতালৈ
উঠিবলৈ লােৱা সময় 0.5s।
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন
:
পৃথিৱীখন
যে গতিশীল আমি অনুভৱ নকৰাে
কিয়?
উত্তৰ:
আমি
পৃথিৱীৰ সকলাে বস্তুৱে পৃথিৱীৰ
লগতে একেলগে গতি কৰি আছে বাবে
পৃথিৱীৰ গতি অনুভৱ কৰিব
নােৱাৰাে। অর্থাৎ পৃথিৱী
সাপেক্ষে আমাৰ আপেক্ষিক গতি
নাই।।
প্রশ্ন:
পৰম
স্থিতি আৰু পৰম গতি সম্ভৱনে?
উত্তৰ:
পৰম
স্থিতি আৰু পৰম গতি সম্ভৱ।।
প্রশ্ন
:
আমি
বস্তু এটাৰ স্থান নিৰূপণৰ
বাবে কি ব্যৱস্থা লওঁ?
উত্তৰঃ
বস্তুৰ স্থান নিৰূপণৰ বাবে
আমি প্রসংগ বিন্দু (যাক
মূলবিন্দু বােলে)
এটা
লওঁ।
প্রশ্ন:
সৰণৰ
সংজ্ঞা দিয়া।
উত্তৰ:
বস্তু
এটাৰ যাত্ৰা পথৰ প্ৰাৰম্ভিক
বিন্দুৰ পৰা অন্তিম বিন্দুৰ
মাজৰ নিম্নতম দূৰত্বকে তাৰ
সৰণ বােলে।
প্রশ্ন:
ভৰ
আৰু স্বৰণৰ এছ.
আই.
একক
কি কি ?
উত্তৰ
:
ভৰৰ
এছ,
আই,
একক
হ’ল কি.গ্রাম
(kg)।
ত্বৰণৰ এছ.
আই.
একক
হ’ল মি./ছে.
(ms),
প্রশ্ন
:
দূৰত্বৰ
সংজ্ঞা লিখা।
উত্তৰ:
দূৰত্ব
হ’ল বস্তু এটাই অতিক্রম কৰা
পথৰ জোখ।
প্রশ্ন
:
দ্ৰতিৰ
সংজ্ঞা লিখা।
উত্তৰ:
দ্রুতি
হ’ল বস্তু এটাই একক সময়ত
অতিক্রম কৰা দূৰত্ব।
প্রশ্ন
:
বেগ
কাক বােলে ?
উত্তৰ:
বস্তুৰ
বেগ হ’ল ই নির্দিষ্ট দিশত একক
সময়ত কৰা স্থানান্তৰণ।
প্রশ্ন
:
ত্বৰণৰ
সংজ্ঞা লিখা।
উত্তৰ:
বস্তু
এটাই কৰা বেগৰ পৰিৱর্তনৰ হাৰকে
ত্বৰণ বােলে।
প্রশ্ন
:
বেগসময়
লেখৰ পৰা দূৰত্ব কিদৰে নির্ণয়
কৰিব পাৰি ?
উত্তৰ:
বেগ-সময়
লেখৰ তলৰ অংশৰ কালিয়ে বস্তুটোৱে
অতিক্রম কৰা দূৰত্বৰ জোখ
দিয়ে।
প্রশ্ন:
ৰৈখিক
বেগৰ দূৰত্বৰ মান দিয়া সমীকৰণ
এটা লিখা।
উত্তৰ:
দূৰত্বৰ
মান দিয়া সমীকৰণ এটা হ’ল— S
= ut + ½at²
প্রশ্ন:
বৃত্তাকাৰ
পথেৰে গতি কৰা বস্তু এটাৰ বেগ
প্রকাশ ৰাশিটো লিখা।
উত্তৰ:
প্ৰকাশৰ
ৰাশিটো হ’ল– v=
2πR/t
প্রশ্ন
:
মটৰগাড়ীৰ
অড়’মিটাৰেৰে (odometer)
কি
জোখে?
উত্তৰ:
গাড়ীৰ
অড’মিটাৰেৰে গাড়ীখনে এক
নির্দিষ্ট সময়ত অতিক্রম কৰা
মুঠ দূৰত্ব জোখা হয়।
প্রশ্ন:
সুষমভাৱে
গতিশীল বস্তু এটাৰ গতিপথ
কেনেকুৱা ?
উত্তৰ
:
সুষমভাৱে
গতিশীল বস্তু এটাৰ গতিপথ
সৰলৰৈখিক।
প্রশ্ন:
বস্তুৰ
সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত
দূৰত্ব-সময়
লেখৰ আৰু প্রকৃতি কেনেকুৱা
হয়?
উত্তৰ
:
বস্তুৰ
সুষম গতিৰ দূৰত্ব-সময়
লেখডাল এডাল সৰল ৰেখা হয়।
আনহাতে বস্তুৰ বিষম ‘গতিৰ
দূৰত্ব-সময়ৰ
লেখড়াল বক্ৰৰেখা হয়।
প্রশ্ন:
বস্তু
এটাৰ দূৰত্ব-সময়
লেখ সময় অক্ষৰ সমান্তৰাল
এডাল সৰলৰেখা। হয়,
তেন্তে
বস্তুটোৰ গতিৰ বিষয়ে তুমি
কি মন্তব্য কৰিবা?
উত্তৰ
:
বস্তুটোৱে
স্থিৰ অৱস্থাত থকা বুজাব।
প্রশ্ন
:
বস্তু
এটাৰ দ্ৰতি-সময়
লেখ,
সময়
অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা
হয়,
তেন্তে
বস্তুটোৰ গতিৰ বিষয়ে কি
মন্তব্য কৰিবা ?
উত্তৰঃ
বস্তুটোৱে সুষম দ্রুতিত গতি
কৰাটো বুজাব।
প্রশ্ন
:
বেগ-সময়
লেখ এডালৰ তলৰ অংশই আৱৰি থকা
কালিৰ জোখে নির্দেশ কৰা ৰাশিটো
কি ?
উত্তৰঃ
বেগ-সময়
লেখ এডালৰ তলৰ অংশই আৱৰি থকা
কালিৰ জোখে বস্তুটোৱে অতিক্রম
কৰা দূৰত্বক বুজায়।
প্রশ্নঃ
সুষম বেগ কাক বােলে ?
উত্তৰঃ
সুষম বেগ ও এক নির্দিষ্ট দিশত
যদি বস্তু এটাই সমান সমান
সময়ৰ ব্যৱধানত সমান সমান
দূৰত্ব অতিক্রম কৰে,
তেন্তে
বস্তুটোৰ বেগক সমবেগ বা সুষম
বেগ বােলে।
প্রশ্নঃ
কি চৰ্ত্ত সাপেক্ষে দ্রুতি
আৰু বেগ একে হ’ব পাৰে?
উত্তৰঃ
যদি বস্তুটোৱে একে দিশত সমান
সমান সময়ত সমান দূৰত্ব অতিক্রম
কৰে।
চমু প্রশ্নোত্তৰ
প্রশ্ন
:দ্রুতি
আৰু বেগৰ পার্থক্য কি?
উত্তৰ:
দ্রুতি
হ’ল বস্তু এটাই প্রতি একক
সময়ত অতিক্রম কৰা দূৰত্ব।
আনহাতে বেগ। হ’ল প্রতি একক
সময়ত বস্তু এটা নির্দিষ্ট
দিশত অতিক্রম কৰা দূৰত্ব।
অর্থাৎ,
দ্রুতি
মানহে আছে কিন্তু বেগৰ মান
আৰু দিশ দুয়ােটাই আছে। সেয়েহে
দ্রুতি স্কেলাৰ ৰাশি কিন্তু
বেগ ভেক্টৰ ৰাশি।
প্রশ্ন
:
কি
কি চর্ত সাপেক্ষে বস্তুৰ
গড়বেগৰ মান তাৰ দ্ৰুতিৰ সমান
হয় ?
উত্তৰ
:
বস্তু
এটাৰ গড় বেগ =মুঠ
সৰণ/মুঠ
সময়।
বস্তুৰ
গড় প্রতি =
মুঠ
দূৰত্ব/মুঠ
সময়,
যেতিয়া
বস্তু এটাই সৰল ৰেখাৰে গতি
কৰে তেতিয়া ইয়াৰ মুঠ দূৰত্ব
=
মুঠ
সৰণ হয়। গতিকে এই চর্তত গড়
দ্রুতি আৰু গড় বেগ একে
হয়।
প্রশ্নঃ
আমি স্থিৰ অৱস্থাত দেখা
বস্তুবােৰাে আচলতে গতিশীল।
উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা
কৰা।
উত্তৰ
:
পৃথিৱীখনৰ
ওপৰত আমি আছোঁ আৰু বস্তুবােৰাে
আছে। পৃথিৱীখনে গতি কৰি আছে
গতিকে আমিয়াে বস্তুবােৰৰ
সৈতে একেলগে গতি কৰি আছোঁ।
আমাৰ মাজত কোনাে আপেক্ষিক
গতি নাই। গতিকে সময়ৰ লগত
বস্তুবােৰে তাৰ স্থানৰ সলনি
ঘটোৱা নাই। যদি আমি এই বস্তুবােৰ
পৃথিৱীৰ বাহিৰৰ কোনাে এটা
গ্রহৰ পৰা লক্ষ্য কৰোঁ তেন্তে
বস্তুটোৱে পৃথিৱীৰ লগত একে
বেগেৰে গতি কৰি থকা দেখা যায়।
উদাহৰণস্বৰূপে বাছ এখনত একে
লগে বহি থকা যাত্রীসকলৰ মাজত
কাৰাে পৰস্পৰ গতি নাই। অর্থাৎ
আটাইবােৰ যাত্রী বাছত ইজনৰ
বাবে সিজনে স্থিৰ অৱস্থাত
আছে। কাৰণ তেওঁলােকৰ মাজত
আপেক্ষিক গতি নাই। কিন্তু
যদি ৰাস্তাৰ দাঁতিত ৰৈ থকা
মানুহ এজনে বাছৰ যাত্ৰীসকলক
লক্ষ্য কৰে,
তেন্তে
যাত্রীসকলে ৰৈ থকা দেখা নাপায়।
বাছখনৰ গতিৰে তেওঁলােকে একে
বেগেৰে গতি কৰি থকা দেখা পায়।
প্রশ্ন
:
পৰম
স্থিতি বা পৰম গতি সম্ভৱনে?
পৃথিৱীৰ
গতি যে আছে ইয়াক কি কি পৰিঘটনাৰ
পৰা প্ৰমাণ পােৱা যায় ?
উত্তৰ
:
পৰম
স্থিতি বা পৰম গতি অসম্ভৱ।
পৃথিৱীৰ যে গতি আছে তাক পৃথিৱীত
ঘটা দিন-ৰাতি,
ঋতু
পৰিৱৰ্তন আদি পৰিঘটনা সমূহৰ
পৰা প্ৰমাণ পােৱা যায়।
প্রশ্ন
:
সুষম
বৃত্তীয় গতি কি?
উত্তৰ:
বৃত্তীয়
পথত গতিশীল বস্তু এটাৰ দ্ৰুতিৰ
মান একে থাকিলে,
তেনে
গতিক। সুষম বৃত্তীয় গতি
বােলে।
প্রশ্ন:
সুষম
আৰু অসুষম গতি কাক বােলে?
উদাহৰণ
দিয়া।
উত্তৰঃ
সুষম গতি :
বস্তু
এটাই সমান সমান সময়ত সমান
সমান দূৰত্ব অতিক্রম কৰিলে
তাৰ গতিক সুষম গতি বােলে। যদি
গাড়ী এখন পােন ৰাস্তা এটাৰে
ঘন্টাত 60
কি.
মিটাৰকৈ
গতি কৰা হয় তেন্তে ইয়াৰ গতি
সুষম।
অসুষম গতি : বস্তু এটাই সমান সমান সময়ত যদি সমান সমান দূৰত্ব অতিক্রম নকৰে, তেন্তে বস্তুটোৰ গতিক অসুষম গতি বােলে। গাড়ী এখনে বেয়া ৰাস্তাৰে কৰা গতি অসুষম গতিৰ উদাহৰণ।
প্রশ্ন
:
ত্বৰণ
হােৱা বস্তুৰ বেগ সুষম হ’ব
নােৱাৰে কিয় বুজাই লিখা।
উত্তৰ
ঃ ত্বৰণ মানেই হ’ল বস্তু এটাই
তাৰ গতিপথত কৰা বেগৰ পৰিৱৰ্নৰ
হাৰ। বেগৰ মান অথবা দিশৰ
পৰিৱৰ্তন হ’লেহে বস্তুটোৰ
বেগৰ পৰিৱর্তনৰ হাৰ। পােৱা
যায়। গতিকে বস্তু এটাৰ গতিপথত
ত্বৰণ থাকিব লাগিলে ইয়াৰ
যাত্রাকালৰ বেগৰ সময় যােৱা
লগে লগে সলনি হৈ থাকিব লাগিব।
অর্থাৎ প্ৰাৰম্ভিক বেগতকৈ
অন্তিম বেগৰ মান হয় বেছি (বা
কম)
হ’ব
লাগিব। ফলস্বৰূপে তৃৰিত বস্তুৰ
বেগ সুষম অর্থাং গতিপথত সমান
হৈ থাকিব নােৱাৰে।
প্রশ্ন
:
R ছেঃ
মিঃ ব্যাসার্ধৰ বস্তু এটাই
এটা বৃত্তত 5
পাক
ঘূৰিলে ই অতিক্রম কৰ দূৰত্ব
আৰু সৰণ কিমান হব?
উত্তৰ;
বস্তুটোৱে
ঘূৰা বৃত্তীয় পথৰ ব্যাসার্ধ
=
R ছেঃ
মিঃ গতিকে ই অতিক্রম কৰা দূৰত্ব
হ’ব =
5 x 2πR = 10πR ।
বস্তুটোৱে অতিক্রম কৰা সৰণ
শূন্য হ’ব।
প্রশ্ন
:
দূৰত্ব
আৰু সৰণৰ মাজত পার্থক্য বুজাই
দিয়া।
উত্তৰ-বস্তু
এটাই তাৰ যাত্ৰাৰ প্ৰাৰম্ভিক
বিন্দুৰ পৰা অন্তিম বিন্দুলৈ
যি পথেৰে গতি কৰে সেই পথৰ জোখেই
তাৰ দূৰত্ব। আনহাতে বিন্দু
দুটাৰ মাজৰ যি নিম্নতম দূৰত্ব।
তাকে তাৰ সৰণ বােলে।
দূৰত্বৰ
কোনাে নির্দিষ্ট দিশ নাই,
গতিকে
ই স্কেলাৰ ৰাশি । আনহাতে সৰণৰ
নির্দিষ্ট দিশ আছে,
গতিকে
ই ভেক্টৰ ৰাশি।
প্রশ্ন
:
স্কেলাৰ
ৰাশি কাক বােলে?
উদাহৰণ
দিয়া।
উত্তৰ:
স্কেলাৰ
ৰাশি:
যিবােৰ
ভৌতিক ৰাশিৰ কেৱল সাংখিক মানহে
থাকে দিশ নাথাকে,
সেইবােৰ
ৰাশিক স্কেলাৰ (অদিশ)
ৰাশি
বােলে। উদাহৰণঃ ভৰ (mass),
দূৰত্ব
(distance),
কার্য
(work),
সময়
(time),
বিভৱ
(potential)
ইত্যাদি।
প্রশ্ন
:
ভেক্টৰ
ৰাশি কাক বােলে ?
উদাহৰণ
দিয়া।
উত্তৰ:
ভেক্টৰ
ৰাশি :
যিবােৰ
ভৌতিক ৰাশিৰ মান আৰু দিশ
দুয়ােটাই আছে,
সেইবােৰক
ভেক্টৰ (সদিশ)
ৰাশি
বােলে।
উদাহৰণঃ
সৰণ (displacement),
বেগ
(velocity),
ত্বৰণ
(acceleration),
বল
(force)
ইত্যাদি।
প্রশ্ন
:
সাধাৰণতে
গতিশীল বস্তুৰ ক্ষেত্ৰত
গড়দ্রুতি নির্ণয় কৰা হয়
কিয় ?
গড়দ্রুতি
সূত্র লিখা।
উত্তৰ:
সাধাৰণতে
গতিশীল বস্তুৰ ক্ষেত্ৰত
গড়দ্রুতি নির্ণয় কৰা হয়।
ইয়াৰ কাৰণ হ’ল বস্তু এটাই
সমদ্ৰতিত গতি কৰিব নােৱাৰে
যিহেতু গতি পথত ঘর্ষণ,
মাধ্যাকর্ষণ,
বতাহৰ
বাধা আৰু গতি পথত দিশৰ পৰিৱৰ্তন
হৈ থাকে। গতিকে বস্তুটোৰ
প্ৰতিৰ মান। কম-বেছি
হৈ থাকে। অন্য এক কাৰণ হ’ল এক
মুহূৰ্তৰ বাবে দূৰত্ব আৰু
সময়ৰ জোখ লােৱাটোও কঠিন
কাম।
দ্রুতি
=
মুঠ
অতিক্রম দূৰত্ব/
মুঠ
সময়।
প্রশ্ন
:
সুষম
প্রতি কাক বােলে?
উদাহৰণেৰে
বুজাই দিয়া।
উত্তৰ
:
সুষম
দ্রুতি :
গতিশীল
বস্তু এটাই সমান সময়ৰ অন্তৰালত
সমান দূৰত্ব। অতিক্রম কৰে,
তেন্তে
বস্তুটোৰ দ্ৰুতিক সুষম প্রতি
বােলে।। ধৰাহ’ল গাড়ী এখন
চলাওঁতে গাড়ীখনক প্রতি ঘন্টাত
40
কিঃ
মিঃ/ঘণ্টা।
অর্থাৎ গাড়ীখনৰ প্ৰতি সমতি
হ’ব।।
প্রশ্ন
:
কি
কি ধৰণেৰে বেগৰ পৰিৱৰ্তন হব
পাৰে?
উত্তৰ:
বেগৰ
পৰিৱর্তন তিনি ধৰণেৰে হ’ব
পাৰে
(ক)
বস্তুটোৰ
বেগৰ মানৰ সলনি হয়।
(খ)
বস্ত্ৰটোৰ
গতিৰ দিশৰ সলনি হয়।
(গ)
বস্তুটোৰ
বেগৰ মান আৰু গতিৰ দিশ দুয়ােটাৰ
সলনি হয়।
প্রশ্ন
:
ত্বৰণ
কাক বােলে ?
ত্বৰণৰ
একক কি?
ত্বৰণ
কি ধৰণৰ ভৌতিক ৰাশি?
উত্তৰঃ
বস্তুৰ বেগৰ পৰিৱর্তনৰ হাৰক
ত্বণ বােলে।
ত্বৰণৰ
একক হ’ল— মিঃ ছেঃ বা (মিঃ/ছেঃ),
কিঃ
মিঃ/
ঘণ্টা,
ছেঃ
মিঃ ছেঃ ইত্যাদি।
ত্বৰণ
সদিশ বা ভেক্টৰ ৰাশি।
প্রশ্ন
:
তুমি
কেতিয়া বস্তু এটাৰ (i)
সুষম
ত্বৰণ,
(ii) বিষম
ত্বৰণ হােৱা বুলি ক’বা।
উত্তৰ
:
(i) সুষম
ত্বৰণ :
যেতিয়া
বস্তু এটাই সৰল ৰৈখিক পথেৰে
সমান সমান সময়ত সমান সমানভাৱে
বেগৰ পৰিৱৰ্তন কৰি গতি কৰি
থাকে,
তেতিয়া
বস্তুটোক সুষম ত্বৰণত গতি
কৰা বুলি কোৱা হয়।
(i)
বিষম
ত্বৰণ:
যদি
বস্তুটোৰ গতিপথ সৰল ৰৈখিক
নহয় আৰু ইয়াৰ বেৰ্গৰ পৰিৱৰ্তন
সমান সমান সময়ত সমান সমান
নহয়,
তেতিয়া
বস্তুটোৰ গতিক বিষম ত্বৰণ
বােলে।
প্রশ্ন: সৰণৰ মান কেতিয়া শূণ্য হয়
এখন বৃত্তাকাৰ খেলপথাৰৰ এটা নির্দিষ্ট বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি খেলপথাৰৰ চাৰিওফালেৰে এপাক ঘূৰি আহি আগৰ বিন্দু (য’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল) ত উপস্থিত হলে ইয়াৰ সৰণ শূণ্য হ’ব।
প্রশ্ন: কেতিয়া বস্তু এটাক সুষম বেগত গতি কৰা বুলি কোৱা হয়
যদি বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনে বেগত সুষম বেগ বোলে।
প্রশ্ন: বেগৰ এছ আই একক কি
মিটাৰ প্ৰতি ছেকেণ্ড (m/s বা ms−১)
প্রশ্ন: দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি
উত্তৰ:
দ্রুতি
হ’ল বস্তু এটাই প্রতি একক
সময়ত অতিক্রম কৰা দূৰত্ব।
আনহাতে বেগ। হ’ল প্রতি একক
সময়ত বস্তু এটা নির্দিষ্ট
দিশত অতিক্রম কৰা দূৰত্ব।
অর্থাৎ,
দ্রুতি
মানহে আছে কিন্তু বেগৰ মান
আৰু দিশ দুয়ােটাই আছে। সেয়েহে
দ্রুতি স্কেলাৰ ৰাশি কিন্তু
বেগ ভেক্টৰ ৰাশি।
No comments:
Post a Comment