js

Wednesday, March 23, 2022

অসমীয়া ব্যাকৰণঃ পদ

 

/ পদ কাক বোলে?

উঃ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকেই পদ বোলে। যেনেঃ ৰামে ভালদৰে খেলিব জানে।

ইয়াত― ৰামে- বিশেষ্য পদ

             ভালদৰে- বিশেষণ পদ

             খেলিব- ক্ৰিয়া পদ

             জানে- ক্ৰিয়া পদ।

/ পদ কেইবিধ খাৰু কি কি? উদাহৰণ দিয়া।

উঃ পদ পাঁচবিধ। যেনেঃ

() বিশেষ্য পদ (ৰাম, নদী, পাহাৰ,.....)

() বিশেষণ পদ (ভাল, ওখ, মিঠা, ......)

() সর্বনাম (সি, মই, আমি, এইটো, ...)

() ক্রিয়া (খালো, কৰা, দৌৰা, পঢ়া, ......)

() অব্যয় (আৰু, যদি, নাইবা, ........)



বিভিন্ন পদৰ সংজ্ঞা আৰু শ্রেণী বিভাগঃ

() বিশেষ্য পদঃ নাম বুজোৱা শব্দ সমূহকেই বিশেষ্য পদ বোলে। বিশেষ্য পদ পাঁচ প্রকাৰৰ। যেনে–

() জাতিবাচক বিশেষ্যঃ জাতিৰ নাম বুজোৱা বিশেষ্যক জাতিবাচক বিশেষ্য বোলে। যেনেঃ নদী, পাহাৰ, মানুহ আদি।

() সংজ্ঞা বা নামবাচক বিশেষ্যঃ ব্যক্তি ৰা ঠাই আদিৰ নাম বুজোৱা বিশেষ্যক নামবাচক বা সংজ্ঞাবাচক বিশেষ্য বোলে। যেনেঃ ডিব্ৰুগড়, মণি, ৰাজা, দিল্লী আদি।

() বস্তুবাচক বিশেষ্যঃ বস্তুৰনাম বুজোৱা বিশেষ্যক বস্তুবাচক বিশেষ্য বোলে। যেনেঃ কলম, কাগজ, কাপোৰ আদি।

() গুণবাচক বিশেষ্যঃ গুণ, অৱস্থা আদিৰ নাম বুজোৱা বিশেষ্যক গুণবাচক বিশেষ্য বোলে। যেনেঃ দান, ক্ষমা, নম্রতা আদি।

() ক্রিয়াবাচক বিশেষ্যঃ ক্ৰিয়াৰ নাম বুজোৱা বিশেষ্যক ক্রিয়াবাচক বিশেষ্য বোলে। যেনেঃ নাচোন, শোৱন, কান্দোন আদি।

() বিশেষণ পদঃ যি পদে আন পদৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজায়, তাক বিশেষণ পদ বোলে। বিশেষণ পদ তিনি প্ৰকাৰৰ। যেনেঃ

() বিশেষ্যৰ বিশেষণঃ যি বিশেষণ পদে বিশেষ্যৰ গুণ, দোষ,অৱস্থা, পৰিমাণ আদি বুজায়, তাক বিশেষ্যৰ বিশেষণ বোলে। যেনেঃ ৰঙা চোলা, সৰু ল'ৰা আদি।

() বিশেষণীয় বিশেষণঃ যি বিশেষণ পদে আন এক বিশেষণ পদক বিশেষভাৱে বুজায়, তেনে বিশেষণ পদক বিশেষণীয় বিশেষণ বোলে। যেনেঃ চিক্‌চিকিয়া বগা, কিচকিচিয়া ক’লা চুলি আদি।

() ক্রিয়া বিশেষণঃ যি বিশেষণ পদে ক্রিয়া পদৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজায়, (তেনে বিশেষণ পদক ক্রিয়া বিশেষণ বোলে। (যেনেঃ লাহেকৈ বহিবা, ঢিলাকৈ বান্ধিবা, লাহে লাহে খোজ কাঢ়িবা আদি।

() সৰ্বনাম পদঃ বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয়, তাকে সর্বনাম পদ বোলে। সর্বনাম পদ চাৰি প্ৰকাৰৰ। যেনে―

() ব্যক্তিবাচক সর্বনামঃ যি সর্বনাম পদ ব্যক্তি, জাতি বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ কৰা হয়, তাকে ব্যক্তিবাচক সর্বনাম বোলে। যেনেঃ তাই, সিহঁত, মই আদি।

() স্থানবাচক সর্বনামঃ কোনো ঠাই বা স্থানৰ সলনি ব্যৱহৃত হোৱা সর্বনামক স্থানবাচক সর্বনাম বোলে। যেনেঃ তাত, ইয়াত আদি।

() কালবাচক সর্বনামঃ কাল বা সময়ৰ সলনি ব্যবহৃত হোৱা সর্বনামক কালবাচক সর্বনাম বোলে। যেনেঃ আজি, কালি, তেতিয়া আদি।

() বিশেষণবাচক সর্বনামঃ যি সর্বনাম পদে আন বিশেষ্য পদৰ আগত বহি সেই পদৰ গুণ, দোষ, অৱস্থা আদি নির্ণয় কৰে, তেনে সর্বনাম পদক বিশেষণ বাচক সর্বনাম বোলে। যেনেঃ কেনেকুৱা, যেনেকুৱা, তেনে আদি।

() ক্রিয়া পদঃ যি পদে কোনো কাম কৰা বা হোৱা বুজায়, তেনে পদক ক্রিয়া পদ বোলে। ক্রিয়া পদ দুই প্রকাৰৰ। যেনেঃ

() সমাপিকা ক্রিয়াঃ যি ক্রিয়াই বাক্য সম্পূর্ণ হোৱা বুজায়, তেনে ক্রিয়া পদক সমাপিকা ক্রিয়া পদ বোলে। যেনেঃ মই কামটো কৰিলোঁ, সি গুৱাহাটীলৈ গৈছিল আদি।

() অসমাপিকা ক্রিয়াঃ যি ক্রিয়াই বাক্য সম্পূর্ণ নোহোৱা অর্থাৎ অসম্পূর্ণ হৈ থকা বুজায়, তেনে ক্রিয়াক অসমাপিকা ক্রিয়া বোলে। যেনেঃ ঘৰলৈ গৈ চাহ খাবা, 'দ দিলে ফুৰিবলৈ যাম আদি।

() অব্যয়ঃ যি পদৰ কেতিয়াও ৰূপৰ পৰিৱৰ্তন নহয় তাকে অব্যয় বোলে।

যেনেঃ আৰু, যদি, অথচ, কিন্তু আদি।



পদ পৰিৱৰ্তন

* বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱর্তনঃ

বিশেষ্য    বিশেষণ

গাঁও- গাঁৱলীয়া

চহৰ- চহৰীয়া

নগৰ- নগৰীয়া, নাগৰিক

পানী- পনীয়া

লোণ- লুণীয়া

জল- জুলীয়া

পিশাচ- পৈশাচিক

ধন- ধনৱান

নদী- নদীয়াল

সূর্য- সৌৰ

সেউজ- সেউজীয়া

দীনতা, দৈন্য - দীন

পুৰুষ - পুৰুষত্ব

বালি - বালিময়

দানৱ - দানৱীয়

ঘৰ - ঘৰুৱা, ঘৰচীয়া

বেদ - বৈদিক

পিতা - পৈতৃক

সংগ্রহ - সংগৃহীত

অণু - আণৱিক

ফুল - ফুলাম

পশুপাশৱিক

যোগ - যৌগিক

দহন - দাহ্য

ভূত - ভৌতিক

শিক্ষক - শিক্ষকতা

ৰূপ - ৰূপালী

পুৰাণ - পৌৰাণিক

দিন - দৈনিক

শুকুৰ - শুকুৰা

সাহ - সাহসিক

সাধু - সাধুতা

সমাজ - সামাজিক

অন্তৰ - আন্তৰিক

লোক - লৌকিক

সাগৰ - সাগৰীয়

পৃথিৱী - পার্থিৱ

তৰা - তৰালি

চন্দ্ৰ - চান্দ্র

নীচতা, নীচত্ব - নীচ

'- 'দালি

মানৱ - মানৱীয়

মানুহ, মনুষ্য - মানুষিক

বজাৰ - বজৰুৱা

ঈশ্বৰ - ঐশ্বৰিক

দেৱ - দৈৱ

শাস্ত্র - শাস্ত্রীয়

ৰং - ৰঙা

পাহাৰ - পাহাৰীয়া

মুখ - মৌখিক

দর্শন - দর্শনীয়, দার্শনিক

বীৰ - বীৰত্ব

কাগজ - কাগজীয়

সোণ - সোণালী

জগত - জাগতিক

পথাৰ - পথৰুৱা

তেজ - তেজস্বী

ভোক - ভোকাতুৰ

ন্যায় - ন্যায্য, ন্যায়িক

* বিশেষণৰ পৰা বিশেষ্যলৈ পৰিৱৰ্তন।

দানী - দান

ভদ্ৰ - ভদ্ৰতা

বছৰেকীয়া - বছৰ

মধুময় - মধু

কাব্যিক - কাব্য

ৰণুৱা - ৰণ

সত্য - সত্যতা

নাটকীয় - নাট

বাৰ্ষিক - বৰ্ষ

সভ্যতা - সভ্য

পাশ্চাত্য - পশ্চিম

পাঠ্য - পাঠ    আদি।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...