Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ৬ - দহন আৰু শিখা

 

) দহন  সংঘটিত হ'বৰ বাবে  আৱশ্য়কীয়  চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা ।

উঃ দহন সংঘটিত হ'বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ'-

    (i) ইন্ধন

    (ii) বায়ু আৰু 

    (iii) তাপ । 



)খালী ঠাই পূৰ কৰা -

) কাঠ আৰু কয়লাৰ  দহ


নে বায়ুৰ প্ৰদূষন ঘটায় । 


) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ' তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) । 



) দহন  আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ  জ্বলন উষ্ণতা  লৈ নিশ্চয়কৈ তপতাব লাগে ।


) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানী  ৰ দ্বাৰা নিয়ন্ত্ৰন  কৰিব নোৱাৰি ।


) যান-বাহনত চি. এন. জি. ৰ ব্য়ৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষন কমাইছে ব্য়াখ্য়া কৰা ।

উত্তৰ ঃ ডিজেল আৰু পেট্ৰ'লৰ দহনৰ ফলত বহু বেছি পৰিমানে ধোৱা আৰু ক্ষতিকাৰক দ্ৰব্য নিৰ্গত হয় । যাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ লগতে মানুহ তথা অন্য জীৱ-জন্তুৰ নানা বেমাৰৰ সৃষ্টি হৈছে । আনহাতে , সংকুচিত প্ৰাকৃতিক গেছ (CNG) হৈছে এবিধ অপেক্ষিক ভাৱে পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত অতি কম পৰিমানেহে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় । সেয়েহে, ডিজেল আৰু পেট্ৰ'লৰ সলনি CNG ক গাড়ী -মটৰৰ ইন্ধন হিচাপে ব্যৱহাৰ আৰম্ভ কৰা হৈছে । 


) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।

উঃ কাঠৰ দহনৰ ফলত বহু পৰিমানে ধোৱা আৰু বহুতো বিপজনক প্ৰদূষকৰ সৃষ্টি হয় । যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয় । আনহাতে , LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত ধোৱা নিৰ্গত নহয় । সেয়েহে ই বায়ু প্ৰদূষক নহয় । 

                    তদুপৰি , LPG ৰ কেল'ৰিমান কাঠতকৈ বহু বেছি । সেয়েহে , সুবিধা আৰু সময় ৰাহিৰ ক্ষেএটো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন । 



) কাৰণ দৰ্শোৱা -


) বৈদ্যুতিক আহিলা জড়ত জইক নিয়ন্ত্ৰন কৰিবলৈ পানী ব্য়ৱহাৰ কৰা নহয় ।

উত্তৰ ঃ পানী হৈছে বিদ্যুতৰ সুপৰিবাহী । যদিহে বৈদ্যুতিক আহিলা জড়িত জুইত পানী ঢলা হয় , তেন্তে অগ্নিনিৰ্বাপক জন বিদ্যুৎ পৃষ্ট হোৱাৰ উপৰিও আহিলাসমূহ বিকল হ'ব পাৰে । সেয়েহে , এনে জইত পানী ব্যৱহাৰ কৰা নহয় । 



) ঘৰুৱা ব্য়ৱহাৰৰ  বাবে কাঠতকৈ L.P.G অধিক ভাল ।

উত্তৰ ঃ কাঠৰ দহনৰ ফলত বহু পৰিমানে ধোৱা আৰু বহুতো বিপজনক প্ৰদূষকৰ সৃষ্টি হয় । যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয় । আনহাতে , LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত ধোৱা নিৰ্গত নহয় । সেয়েহে ই বায়ু প্ৰদূষক নহয় । 

                    তদুপৰি , LPG ৰ কেল'ৰিমান কাঠতকৈ বহু বেছি । সেয়েহে , সুবিধা আৰু সময় ৰাহিৰ ক্ষএটো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন । 


) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

উত্তৰঃ এলু মিনিয়াম হৈছে তাপৰ সুপৰিবাহী। যেতিয়া এলুমিনিয়াম পাইপত মেৰিওৱা কাগজখনত জুই লগোৱা হয়, তেতিয়া সেই তাপ কাগজখনৰ পৰা এলুমিনিয়াম পাইপডাললৈ প্ৰৱাহিত হয়। যাৰ ফলত কাগজখনে সহজে জ্বলন উষ্ণতা লাভ নকৰে। সেয়েহে, সাধাৰণ কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।


৬। মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নত কৰা।

উত্তৰঃ 



৭। ইন্ধনৰ কেল'ৰিমান প্ৰকাশ কৰা এককটোৰ নাম লিখা।

উত্তৰঃ কিলোজুল প্ৰতি কেজি বা কিল'গ্ৰাম (KJ/KG)


৮। কাৰ্বণ ডাই অস্কাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে লিখা।

উত্তৰঃ বৈদ্যুতিক আহিলা আৰু প্ৰেট্ৰ'লৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত লগা জুইৰ বাবে কাৰ্বন-ডাই-অক্সাইড (Co2) হৈছে উত্তম নিৰ্বাপক। কাৰ্বন-ডাই-অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিভিন্ন হয়, ফলত ইন্ধনৰ উষ্ণতা কমি আহে আৰু জুইকুৰা নিয়ন্ত্ৰিত হয়।


৯। কেঁচা পাতৰ দ'ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। বাখ্যা কৰা।

উত্তৰঃ কেঁচা পাতত শুকান পাতৰ তুলনাত জলীয় বাষ্পৰ পৰিমাণ বেছি হয়। সেয়েহে, ইয়াৰ জ্বলন উষ্ণতাও শুকান পাততকৈ বেছি। সেয়েহে, কেঁচা পাতৰ দ'ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে।


১০। সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? বাখ্যা কৰা ।

উত্তৰঃ সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ দীপ্তিহীন মণ্ডলটো ব্যৱহাৰ কৰে। তেওঁলোকে এডাল ফু-নলীৰে শিখাৰ বাহিৰতম দীপ্তিহীন মণ্ডলটো ফুৱাই দিয়ে। কাৰণ, এই মণ্ডলটোৰ উষ্ণতা শিখাৰ আন অংশৰ তুলনাত অধিক হয় আৰু সোণ-ৰূপ গলাবলৈ সহজ হয়।


১১। কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পৰ্ণভাৱে পোৱা হ'ল । উপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ KJ পোৱা গ'ল। ইন্ধনটোৰ কেল'ৰিমান গণনা কৰা।

উত্তৰঃ 



১২। মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি নে? আলোচনা কৰা।

উত্তৰঃ মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি কাৰণ, এই প্ৰক্ৰিয়াটোত ধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি তাপ, পোহৰ আৰু শক্তি উপান্ন হয়। যিহেতু, মামৰ ধৰা প্ৰক্ৰিয়াত অক্সিজেনৰ দহন ঘটি তাপ উপন্ন হয়সেয়েহে ইয়াক এটা দহন প্ৰক্ৰিয়া বুলি ক'ব পাৰি।


১৩। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'?

উত্তৰঃ ৰমেশৰ পানী খিনি সোনকালে তপত হ'ব কাৰণ, শিখা এটাৰ বাহিৰতম তথা দীপ্তিহীন মণ্ডলটোৰ আন অংশৰ তুলনাত উষ্ণতা অধিক। সেয়েহে বহিৰতম অংশৰ ওচৰত থকা খিনি সোনকালে গৰম হ'ব।




No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...