Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ৫ - কয়লা আৰু পেট্ৰ'লিয়াম

 

) চি.এন .জি আৰু এল . পি . জি.ক ইন্ধন হিচাপে ব্য়বহাৰ কৰা সুবিধাসনূহ  কি কি

উত্তৰ ঃ চি. এন. জি আৰু এল.পি. জি ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'-


) CNG আৰু LPG দহন কৰিলে ধোৱা নিৰ্গত নহয় । কম বায়ু প্ৰদূষণ হোৱা বাবে ইন্ধন হিচাপে ব্যবহাৰ সুবিধাজনক।


) LPG আৰু CNG ৰ দহনৰ দ্বাৰা এক বৃহৎপৰিমাণৰ শক্তি আহৰণ কৰিব পাৰি ।


)  LPG আৰু  CNG ক পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিৱ পাৰি ।


 
) LPG আৰু  CNG  নলীৰ মাজেৰে অতি সহজে পৰিবহন কৰিব পাৰে।


) ৰাস্তা বনাওতে ওপৰত ব্য়বহাৰ কৰা পেট্ৰ'লজাত সামগ্ৰীটোৰ নাম কি?

উত্তৰ ঃ বিটুমেন ।




) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াৰটোৰ নাম কি ?

 উত্তৰ ঃ প্ৰায় 3000 নিযুত বছৰৰ আগতে পূথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অৰ্টব্য অৰণ্য আছিল। বিঙিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্য সমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ গৈ থকা মাৰ্টিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল যাৰ ফলস্বৰূপে এইবোৰৰ উষ্ণতাও বূদ্ধি পাইছিল । উষ্ণ চাপ আৰু উচ্চ উষ্ণাতাৰ

 ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়ালালৈ ৰূপান্তৰিত হৈছিল

       এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়।



 
) খালী ঠাই পূৰ কৰা।


 () কয়লা, পেট্ৰ'লিয়াম  আৰু  প্ৰাকৃতিক গেছ  হৈছে জীৱাশ্ম ইন্ধন।


(
) পেট্ৰলিয়াম উংপাদন পূথকীৰণ প্ৰক্ৰিয়াটোৰ   শোধন বোলা হয়।


(
) আটাইতকৈ কম প্ৰদূষিত কৰা যান -বাহন  ইন্ধন হ'CNG ( সংকুচিত প্ৰাকৃতিক গেছ )


)তলত দিয়া  উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ () চিহ্নিত কৰা ।


(
) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি ।    

উত্তৰ   ঃ অশুদ্ধ    

  

() পেট্ৰলিয়াম  চি . এন .জি. বেছি প্ৰদূষক ইন্ধন । 

উত্তৰ ঃ অশুদ্ধ।    

                
(
) 'ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।     

উত্তৰ ঃ শুদ্ধ            '

                            
(
) আলকতৰা হৈছে বিভিন্ন উংপাদনৰ  এটা মিশ্ৰণ ।     

উত্তৰ ঃ শুদ্ধ  

                      
(
) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।    

উত্তৰ ঃ অশুদ্ধ                                                      

) জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।

উত্তৰ ঃ জীবাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱজন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰৱল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে । কোনো পৰীক্ষাগাৰ তথা গৱেষনাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়  । যিহেতু , পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি , সেয়েহে ইয়াৰ পৰিমানো সীমিত । সেয়ে , জীৱাশ্ম ইন্ধন সমূহক নিঃ শেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ।


) 'কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা ।

উত্তৰ ঃ'ক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন, সছিদ্ৰ আৰু ক'লাবৰণীয়া পদাৰ্থ । ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ব্যবহাৰ ঃ   তীখাৰ উৎপাদক আৰু বহুত    ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক'ক ব্যৱহাৰ কৰা হয় ।



) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ'লিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা ।  

উত্তৰ ঃ সমূদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল । কালক্ৰমত , বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ , প্ৰচুৰ তাপ আৰু অত্যধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক প্ৰেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত কৰে । 


No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...