js

Wednesday, March 16, 2022

এটা শব্দত প্ৰকাশ কৰা



 ১. কৰিবলগীয়া কাম -- কৰ্তব্য।

  ২. যাক সহজে লাভ কৰা যায় -- সুলভ।

  ৩. যাক পাবলৈ টান -- দুৰ্লভ।

  ৪. যাৰ পুত্ৰ নাই -- অপুত্ৰক।

  ৫. যি সংকল্প কৰিছে -- কৃতসংকল্প।

  ৬. যি অনাই বনাই ঘূৰি ফুৰে -- যাযাবৰ,
 অঘৰী।

  ৭. যাৰ মূৰত চুলি নাই -- তপামূৰ।

  ৮. যি মৰোঁ মৰোঁ অৱস্থাত আছে -- মুমুৰ্ষু।

  ৯. যি কোনো পক্ষ নলয় -- নিৰপেক্ষ।

  ১০. যাৰ পূৰ্ব জন্মৰ কথা মনত আছে --
   জাতিস্মৰ।

  ১১. যি সমাপ্ত হোৱা নাই -- অসমাপ্ত।

  ১২. যি কণীৰ পৰা জন্মে -- অণ্ডজ।

  ১৩. য'লৈ যোৱা টান -- দুৰ্গম।

  ১৪. যি ৰণত মতলীয়া -- ৰণমত্ত।

  ১৫. যি বিষ্ণুক পূজা কৰে -- বৈষ্ণৱ।

  ১৬. যি শিৱক পূজা কৰে -- শৈৱ।

  ১৭. যি শক্তিক পূজা কৰে -- শাক্ত।

  ১৮. যাৰ দয়া-মমতা নাই -- নিৰ্দয়।

  ১৯. কথা কোৱাৰ যি ইচ্ছা -- বিবক্ষা।

  ২০. মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা
 -- জিঘাংসা।

  ২১. যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই)
 -- অজাতশত্ৰু।

  ২২. যি সকলো জানে -- সৰ্বজ্ঞ।

  ২৩. যি গোচৰ তৰে -- গুচৰীয়া।

  ২৪. যি ৰাতি চৰে -- নিশাচৰ।

  ২৫. যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে
 -- অবিবেচক।

  ২৬. যাক পৰিহাৰ কৰিব নোৱাৰি --
   অপৰিহাৰ্য।

  ২৭. যি কথা কোৱা উচিত নহয় -- অকথ্য।

  ২৮. যিজনে ইন্দিয় জয় কৰিব পাৰে --
   জিতেন্দ্ৰিয়।

  ২৯. যি কথাৰ অৰ্থ নাই -- অৰ্থহীন, নিৰৰ্থক।

  ৩০. যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে --
   দূৰদৰ্শী।

  ৩১. যিজনে দূৰলৈ দেখে -- দূৰদৰ্শী।

  ৩২. যি আগেয়ে হোৱা নাই -- অভূতপূৰ্ব।

  ৩৩. যাৰ দুই হাত সমানে চলে -- সব্যসাচী।

  ৩৪. নিজে নিজে হোৱা -- স্বয়ম্ভু।

  ৩৫. পি খোৱা বস্তু -- পেয়।

  ৩৬. চেলেকি খোৱা বস্তু -- লেহ্য।

  ৩৭. চোবাই খোৱা বস্তু -- চব্য।

  ৩৮. দৰমহা নোলোৱাকৈ কাম কৰা মানুহ -
   অবৈতনিক।

  ৩৯. ভৰিৰপৰা মূৰলৈকে -- আপাদমস্তক।

  ৪০. আনৰ দোষ দেখা স্বভাৱ -- অসূয়া।

  ৪১. সখিয়েকৰ মাক -- আমৈ।

  ৪২. বন্ধু-বান্ধৱীৰ সৈতে -- সবান্ধৱে।

  ৪৩. কাৰো নাম নধৰাকৈ পৰা গালি -- গুৱাল
   গালি।

  ৪৪. ফুল নুফুলাকৈ গুটি হোৱা গছ-
   বনস্পতি।

  ৪৫. সীমা নথকা -- অসীম।

  ৪৬. মাটিৰে নিৰ্মিত -- মৃণ্ময়।

  ৪৭. মেলত পাৰ্গত -- মেলেকী।

  ৪৮. লোকক দেখি পাছত যি কৰে -
   অনুকৰণ।

  ৪৯. এটা সন্তান হোৱাৰ পিছত আৰু সন্তান
   নোহোৱা তিৰোতা -- কাকবন্ধ্যা,
   বিয়ৈবাঁজী, কাউৰ বাঁজী।

  ৫০. হতভাগ্য যাৰ -- হতভগা।

  ৫১. ধান ৰোৱা তিৰোতা -- ৰোৱনী।

  ৫২. ধান দোৱা তিৰোতা -- দাৱনী।

  ৫৩. বীণা আছে পাণিত যাৰ -- বীণাপাণি।

  ৫৪. দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ --
 দেশকৰ্মী।

  ৫৫. দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ --
 শ্বহীদ।

  ৫৬. পথৰপৰা যি বিচলিত হৈছে -- পথভ্ৰষ্ট।

  ৫৭. নোহোৱা বস্তু যি উলিয়ায় -- আৱিষ্কাৰক
 উদ্ভাৱক।

  ৫৮. ৰূপেৰে নিৰ্মিত বা চৰোৱা -- ৰূপোৱালী।

  ৫৯. সোণেৰে নিৰ্মিত বা সোণ চৰোৱা --
 সোণোৱালী।

  ৬০. দেশক ভাল পোৱা মানুহ -- দেশভক্ত,
  দেশপ্ৰেমিক।

  ৬১. নিজৰ ওপৰত যি নিৰ্ভৰ কৰে --স্বাৱলম্বী,
 আত্মনিৰ্ভৰশীল।
  ৬২.বহুত কলগছ থকা ঠাই -- কলনি।

  ৬৩. আনৰ ভাল দেখিব নোৱাৰা
 পৰশ্ৰীকাতৰ।

  ৬৪. গোটেই জীৱনজুৰি -- আজীৱন।

  ৬৫. দীৰ্ঘকাল জীয়াই থকা -- দীৰ্ঘজীৱী।

  ৬৬. হঠাতে হোৱা ঘটনা -- আকস্মিক।

  ৬৭. বিহুৰ আগদিনা -- উৰুকা।

  ৬৮. লোকৰপৰা নিন্দা -- লোকনিন্দা।

  ৬৯. যি হিচাপমতে নচলে -- বেহিচাপী।

  ৭০. ভিক্ষাৰ অভাৱ -- দুৰ্ভিক্ষ।

  ৭১. ঘৰ নাই যাৰ -- অঘৰী।

  ৭২. প্ৰৱাসত থকা মানুহ -- প্ৰৱাসী, প্ৰৱসুৱা।

  ৭৩. একে গুৰুৰ শিষ্য -- সতীৰ্থ, হৰি ভকত।

  ৭৪. সত্য কথা কোৱা মানুহ -- সত্যবাদী।

  ৭৫. ঈশ্বৰত যাৰ বিশ্বাস নাই -- নাস্তিক।

  ৭৬. যাৰা অন্ত নাই -- অনন্ত।

  ৭৭. বোকাত যাৰ জন্ম -- পংকজ।

  ৭৮. নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা
 তিৰোতা -- মানিনী।

  ৭৯. যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে --
 কৃতজ্ঞ।

  ৮০. যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে --
 অকৃতজ্ঞ।

  ৮১. যি পুৰুষৰ ঘৈণীয়েক মৰিছে -- বৰলা।

  ৮২. যাক দেখা নাযায় -- অদৃশ্য।

  ৮৩. যি নাৰীৰ স্বামী মৰিছে --  বিধৱা।

  ৮৪. এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি
 যায় -- ঔষধি।

  ৮৫. বিয়া নকৰোৱা মানুহ -- অবিবাহিত,
 বৰলা বা ডাং বৰলা।

  ৮৬. একে উদৰৰ পৰা বা একে মাকৰ পৰা
 জন্ম যাৰ -- সহোদৰ, সহোদৰা।

  ৮৭. পৰৰ অধীন -- পৰাধীন।

  ৮৮. পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ --
 পৰমুখাপেক্ষী।

  ৮৯. পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় --
 পৰশ্ৰীকাতৰ।

  ৯০. যি গৰু ম'হৰ গাড়ী চলায় -- গাড়োৱান।

  ৯১. কানি খোৱা মানুহ -- কানীয়া।

  ৯২. বাটেদি যোৱা মানুহ -- বাটৰুৱা।

  ৯৩. মিছা কথা কোৱা মানুহ -- মিছলীয়া।

  ৯৪. কাঁহৰ বাচন গঢ়োঁতা -- কঁহাৰ।

  ৯৫. মাটিৰ বাচন সাজোঁতা -- কুমাৰ।

  ৯৬. যি সকলে নাও বায় -- নাৱৰীয়া।

  ৯৭. যি জলত চৰে -- জলচৰ।

  ৯৮. যি শত্ৰুক বধ কৰে -- শত্ৰুঘ্ন।

  ৯৯. ব্যাকৰণত যি পাৰদৰ্শী -- বৈয়াকৰণিক,
 বৈয়াকৰণ।

  ১০০. যাক সহজে লঙ্ঘন কৰিব নোৱাৰি --
 অলঙ্ঘ্য।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...