পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
1.
শস্য,
মাহ,
ফলমূল
আৰু শাক-পাচলিৰ
পৰা আমি কি আহৰণ কৰোঁ?
উত্তৰঃ
খাদ্যশস্য যেনে-ঘেঁহু,
ধান,
গােমধান
আদিয়ে কার্বহাইড্রেটৰ যােগেদি
প্রয়ােজনীয় শক্তিৰ যােগান
ধৰে। মাহজাতীয় শস্য যেনে-বুট,
মটৰ
আদিয়ে আমাক প্ৰটিনৰ যােগান
ধৰে। ফলমূল আৰু শাক-পাচলিয়ে
আমাক খাদ্যপ্রাণ আৰু খনিজ
লৱণৰ যােগান ধৰে।
2.
শস্য
উৎপাদনত জৈৱিক আৰু অজৈবিক
কাৰকৰবাৰে কেনেদৰে প্ৰভাৱ
পেলায়?
উত্তৰঃ
কিছুমান জৈৱিক কাৰক যেনে-বীজাণু,
কীট-
পতংগ
আৰু কৃমি আৰু কিছুমান অজৈৱিক
কাৰক যেনে-
খৰাং,
বানপানী,
উষ্ণতা
আদিৰ প্ৰভাৱৰ ফলত শস্যৰ উৎপাদন
হ্রাস হয়।
3.
শস্যৰ
উৎকর্ষ সাধনত কোনবিলাক শস্য
সম্বন্ধীয় আকাংক্ষিত
বৈশিষ্ট্যপূর্ণ চৰিত্র বিবেচনা
কৰা হয়?
উত্তৰঃ
শস্যৰ উৎকর্ষ সাধনত শস্য
সম্বন্ধীয় আকাংক্ষিত
বৈশিষ্ট্যপূর্ণ চৰিত্ৰবােৰ
হ’ল-
(i)
পশুধনৰ
খাদ্যৰ বাবে প্রয়ােজনীয়
শস্যবিলাক ওখ হােৱাৰ উপৰিও
জোপােহা হ’ব লাগে।
(ii)
ধান
জাতীয় শস্যৰ ক্ষেত্ৰত গছবােৰ
চাপৰ হ’ব লাগে। ইয়াৰ ফলত
এইবােৰ শস্যৰ কম পৰিমাণৰ
পুষ্টিৰ প্রয়ােজন হয়।
4:
মুখ্য
অনুপােষক কি কি আৰু ইহঁতক কিয়
মুখ্য অনুপােষক বােলা হয়
?
উত্তৰঃ
মুখ্য অনুপােষকবােৰ হ’ল-নাইট্রজেন,
ফছফৰাছ,
পটাছিয়াম,
কেলছিয়াম,
মেগনেচিয়াম
আৰু ছালফাৰ। ইহঁতক মুখ্য
অনুপােষক বােলা হয়,
কাৰণ
উদ্ভিদৰ বাবে ইহঁত বেছিপৰিমাণে
প্রয়ােজনীয় হয়।
5.
উদ্ভিদে
অনুপােষক দ্ৰৱ্যবিলাক ক’ৰপৰা
কেনেকৈ আহৰণ কৰে?
উত্তৰঃ
উদ্ভিদে অণুপােষকবােৰ মাটি,
পানী
আৰু বায়ুৰ পৰা আহৰণ কৰে।
উদ্ভিদৰ বাবে প্রায় 16
বিধ
অণুপােষকৰ প্রয়ােজন। বায়ুৱে
অক্সিজেন আৰু কার্বন যােগান
ধৰে। পানীয়ে হাইড্রজেন আৰু
উদ্ভিদৰ বাবে আন 13
বিধ
অনুপােষক মাটিৰ পৰা আহৰণ কৰে।
6:
মাটিৰ
উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ
আৰু কৃত্রিম সাৰৰ ব্যৱহাৰৰ
তুলনা ।
উত্তৰঃ
মাটিৰ উৰ্বৰত ৰক্ষা কৰাত
জৈৱসাৰৰ ব্যৱহাৰ অতিকৈ ফলপ্রসূ।
কাৰণ জৈৱসাৰে মাটিক জৈৱ পদার্থ
যােগান ধৰি মাটিৰ গুণাগুণ
আৰু গঠন উন্নত কৰে। ইয়াৰ
উপৰিও ই মাটিক কিছু পৰিমাণে
অনুপােষকৰ যােগান ধৰি শস্যৰ
বৃদ্ধিত অৰিহণা যােগায়।
আনহাতে জৈৱসাৰে মাটিত থকা
উপকাৰী অণুজীৱসমূহৰ কোনাে
ক্ষতি নকৰে আৰু ইহঁতে কোনােধৰণে
পৰিৱেশ প্ৰদূষিত নকৰে। আনহাতে
মাটিত একেৰাহে কৃত্রিম সাৰ
ব্যৱহাৰ কৰাৰ পৰা মাটিৰ উৰ্বৰতা
হ্রাস পায়। কাৰণ কৃত্রিম
সাৰে কোনাে জৈৱ পদার্থ যােগাননধৰে,
লগতে
ইহঁতে অণুজীৱসমূহক ধ্বংস
কৰে। তেনেদৰে বৰষুণৰ পানীত
কৃত্রিম সাৰসমূহ উটি গৈ জলাশয়ৰ
পানীত পৰিলে পানী প্ৰদূষিত
হয়।
8.
তলৰ
কোনবিলাক অৱস্থাৰ পৰা অধিক
লাভৱান হ’ব পাৰি?
(a)
খেতিয়কে
উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ
কৰা,
জলসিঞ্চনৰ
ব্যৱস্থা অৱলম্বন নকৰা বা
কৃত্রিম সাৰৰ প্রয়ােগকৰা।
(b)
খেতিয়কে
সাধাৰণ বীজ ব্যৱহাৰ কৰা,
জলসিঞ্চনৰ
ব্যৱস্থা কৰা আৰু কৃত্রিম
সাৰৰ প্ৰয়ােগ কৰা।
(c)
খেতিয়কে
উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ
কৰা,
জলসিঞ্চনৰ
ব্যৱস্থা কৰা,কৃত্রিম
সাৰৰ প্ৰয়ােগ কৰা আৰু শস্য
সুৰক্ষাৰ ব্যৱস্থাপনা গ্রহণ
কৰা।
উত্তৰঃ
প্ৰশ্নত দিয়া (c)
বিকল্পটিৰ
পৰা অধিক লাভৱান হ’ব পাৰি।
কাৰণ,
উন্নত
মানদণ্ডৰ বীজে শস্যৰ উৎপাদন
বৃদ্ধি কৰাৰ লগতে শস্যক বিভিন্ন
হানিকাৰক জৈৱিক আৰুঅজৈৱিক
কাৰকৰ প্ৰভাৱৰ পৰা সুৰক্ষা
দিয়ে। তেনেকৈ জলসিঞ্চন আৰু
কৃত্রিম সাৰৰ ব্যৱহাৰে শস্য
উৎপাদনৰ উৎকর্ষ সাধন কৰে।
আনহাতে শস্য সুৰক্ষাৰ
সুব্যৱস্থাপনাই শস্যৰ ক্ষতিসাধন
ৰােধ কৰি অধিক উৎপাদনত অৰিহণা
যােগায়।
9:
শস্য
সুৰক্ষাত কিয় প্ৰতিৰােধ
ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্রণক
অগ্রাধিকাৰ দিয়া হয়?
উত্তৰ
:
শস্য
সুৰক্ষাত প্ৰতিৰােধ ব্যৱস্থা
আৰু জৈৱিক নিয়ন্ত্ৰণৰ এক
অপৰিসীম গুৰুত্ব আছে। কাৰণ
বিভিন্ন জৈৱিক আৰু অজৈৱিক
কাৰকৰ প্ৰভাৱত উৎপাদিত শস্যৰ
বিভিন্ন ধৰণে ক্ষতিসাধন হ’ব
পাৰে। যেনে শস্যৰ মানদণ্ড
কমা,
ওজন
কমা,
অংকুৰণ
ভালদৰে নােহােৱা আৰু শস্যৰ
বীজৰ বৰণ সলনি হােৱা। এই
ক্ষতিসমূহে খেতিয়কসকলক
বাণিজ্যিকভাৱে ক্ষতিগ্রস্ত
কৰে। সেয়ে শস্য সুৰক্ষাত
প্ৰতিৰােধ ব্যৱস্থা আৰু জৈৱিক
নিয়ন্ত্ৰণৰ অগ্রাধিকাৰ
দিয়া হয়।
10.
কোনবিলাক
কাৰকৰ বাৰে ভঁৰালত মজুত ৰখা
শস্যৰ ক্ষতি সাধন হয় ?
উত্তৰঃ
ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি
সাধন কৰা জৈৱিক কাৰবিলাক হ’ল-
পােক,
এন্দুৰ,
ভেঁকুৰ,
চাহী,
বেক্টেৰিয়া
আদি আৰু অজৈৱিক কাৰকবােৰ হ’ল
ভৰালৰ অনুপযুক্ত উষ্ণতা আৰু
জলীয় ভাপ।
11:
গাে
প্রজাতি উন্নত কৰিবৰ কাৰণে
কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ
কৰা হয় আৰু কিয় ?
উত্তৰঃ
গাে প্রজাতি উন্নত কৰিবৰ কাৰণে
সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতি
হল বর্ণ সংকৰণ পদ্ধতি। এই
পদ্ধতিত দুটা বিশেষ বিশেষ
গুণ সম্পন্ন প্রজাতিৰ গােৰ
মাজত প্রজনন কৰােৱা হয়। যেনে
দীর্ঘম্যাদী দুগ্ধকালৰ বাবে
বিদেশী প্রজাতি আৰু ৰােগ
প্রতিৰােধৰ ক্ষমতাৰ বাবে
থলুৱা প্রজাতি নির্বাচন কৰা
হয়। এই পদ্ধতিৰ দ্বাৰা দুয়ােটা
গুণবিশিষ্ট গাে পাব পাৰি।
12:
তলৰ
উক্ৰিটোৰ তাৎপর্য আলােচনা
কৰা ?
“এইটো
অতি তাৎপর্যপূর্ণ কথা যে
ভাৰতীয় হাঁহ-কুকুৰাই
হ’ল কম আঁহযুক্ত (মানুহৰ
অনুপযােগী)
খাদ্যৰ
পৰা অতি পুষ্টিকৰ প্রাণী
প্রটিনলৈ ৰূপান্তৰ কৰিব পৰা
প্রাণী।”
উত্তৰঃ
কণী পৰা হাঁহ-কুকুৰাৰ
বাবে আঁহযুক্ত সস্তীয়া খাদ্য
কৃষিৰ উপজাত দ্রব্যৰ পৰা
প্রস্তুত কৰা হয়। এনে খাদ্য
মানুহৰ বাবে অনুপযােগী। কিন্তু
এই খাদ্য গ্রহণ কৰি হাঁহ-
কুকুৰাই
যি কণী উৎপাদন কৰে,
সি
অতিশয় পুষ্টিকৰ প্ৰটিনযুক্ত
হয়। ওপৰৰ উক্তিটোৰ এয়াই
তাৎপর্য।
13: দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি সাধাৰণ ব্যৱস্থা হাতত লােৱা হয় ?
উত্তৰঃ দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে লােৱা কেইটামান সাধাৰণ ব্যৱস্থা হ’ল – (i) পামঘৰৰ চাফ-চিকুণতা, (ii) উপযুক্ত খাদ্যৰ যােগান। (iii) সংক্রমক ৰােগৰ বিৰুদ্ধে ছিটাকৰণ ব্যৱস্থা।
14:
ব্ৰইলাৰ
আৰু লেয়াৰৰ মাজত পার্থক্য
কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত
পার্থক্য কেনে ধৰণৰ ?
উত্তৰঃ
ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত
থকা পার্থক্য হল – ব্ৰইলাৰবােৰ
হ’ল মাংস উৎপাদন কৰা চৰাই আৰু
আনহাতে লেয়াৰবােৰে কণী উৎপাদন
কৰে। সিহঁতৰ পৰিচালনাৰ মাজতাে
বিশেষ পার্থক্য থাকে। পামঘৰৰ
অৱস্থা,
পৰিৱেশ
আৰু পৰিপুষ্টৰ ফালৰ পৰা সিহঁতক
বেলেগ বেলেগ সুবিধাৰ দৰকাৰ।
লেয়াৰবিলাকক সাধাৰণতে
সস্তীয়া আঁহযুক্ত খাদ্যৰ
যােগান ধৰা হয়। আনহাতে
ব্ৰইলাৰবিলাকক প্রটিন আৰু
চর্বিযুক্ত খাদ্য যােগান ধৰা
হয়।
15.
কি
ধৰণে মাছ ধৰা হয়?
উত্তৰঃ
সংগ্ৰহ আৰু পালন প্রক্রিয়াৰ
দ্বাৰা সামুদ্রিক পৰিস্থিতিতন্ত্ৰ
আৰু নির্মল পানীৰ তন্ত্রত
ক্ৰমে মাছ ধৰা হয়
16.
মিশ্ৰিত
মীন পালনৰ সুবিধাসমূহ কি
কি?
উত্তৰঃ
মিশ্ৰিত মীন পালনত একেটা
পুখুৰীতে কেইবাটাও প্রজাতিৰ
মাছ ৰখা হয়। এই মাছবােৰৰ
খাদ্য ভিন্ন হােৱা হেতুকে
খাদ্যৰ বাবে প্রতিদ্বন্ধিতা
কৰিব নালাগে। এই পদ্ধতিত
মাছবােৰৰ থকা ঠাইয়াে ভিন্ন
ধৰণৰ হয় আৰু যাৰ ফলত মাছবােৰৰ
উৎপাদন বৃদ্ধি হয়।
17.
মৌ
উৎপাদনৰ বাবে বিভিন্ন মৌ
প্রজাতিবােৰৰ কেনেধৰণৰ
বৈশিষ্ট্য থকা প্রয়ােজন?
উত্তৰঃ
তলত দিয়া বৈশিষ্ট্য থকাৰ
প্ৰয়ােজন-
(i)
মৌ
চুহাৰ ক্ষমতা।
(ii)
শত্ৰুৰ
পৰা নিজকে ৰক্ষা কৰা ক্ষমতা।
(iii)
উন্নত
মানৰ কণী দিয়াৰ সক্ষমতা
আদিবােৰ।
18.
পেষ্টুৰেজ
কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ
কি সম্পর্ক ?
উত্তৰঃ
পেষ্টুৰেজ হৈছে এবিধ শস্য গছ
যাৰ পৰা মৌ মাখিয়ে মৌ চুহে
আৰু মৌ উৎপাদন কৰে।
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন অনুশীলনীৰ প্রশ্নোত্তৰ
1:
শস্যৰ
অধিক উৎপাদন কৰিব পৰা যিকোনাে
এটা পদ্ধতি বর্ণনা কৰা।
উত্তৰঃ
শস্যৰ অধিক উৎপাদন কৰিব পৰা
এটা পদ্ধতি হল শস্যৰ সঁচৰ
উৎকর্ষ সাধন। শস্যৰ সঁচৰ
উৎকর্ষ সাধনৰ দুটা ব্যৱস্থা
আছে। প্রথমটো হ’ল বর্ণ সংকৰণ
পদ্ধতি। বর্ণসংকৰণ হ’ল
জিনীয়ভাৱে পার্থক্য থকা
দুটা উদ্ভিদৃৰ মাজত কৰা প্রজনন
পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা
কোনাে শস্যৰ সঁচক আকাংক্ষিত
গুণবিশিষ্ট কৰিব পৰা যায়।
দ্বিতীয়তে,
শস্যৰ
সঁচৰ উৎকর্ষ সাধনৰ বাবে কোনাে
প্রয়ােজনীয় জিন আনি শস্যত
অন্তর্ভুক্ত কৰিব পাৰি। এইদৰে
সেই নির্দিষ্ট জিনটোৱে বহন
কৰা আকাংক্ষিত চৰিত্ৰটো
সঁচটোৱে লাভ কৰে।
2:
পথাৰত
কিয় জৈৱ সাৰ আৰু কৃত্রিম সাৰ
প্ৰয়ােগ কৰা হয় ?
উত্তৰঃ
জৈৱ সাৰসমূহে মাটিক জৈৱ পদার্থ
আৰু কিছু পৰিমাণে অনুপােষক
যােগান ধৰে। জৈৱ পদার্থসমূহে
মাটিৰ গঠন আৰু গুণাগুণ উন্নত
কৰে,
যাৰ
ফলত মাটিৰ পানী ধাৰণ ক্ষমতা
বা পানী বােৱাই দিব পৰা ক্ষমতা
বাঢ়ে। অনুপােষক সমূহে উদ্ভিদৰ
পৰিপুষ্টিত সহায় কৰে। তেনেদৰে
কৃত্রিম সাৰ হ’ল ব্যৱসায়িকভাৱে
প্ৰস্তুত কৰা উদ্ভিদৰ অনুপােষক।
সেয়ে কৃত্রিম সাৰসমূহে
উদ্ভিদৰ বাবে প্রয়ােজনীয়
অনুপােষকসমূহ যােগান ধৰে।
এনেবােৰ কাৰণত জৈৱ সাৰ আৰু
কৃত্রিম সাৰ পথাৰত প্ৰয়ােগ
কৰা হয় ।
3.
অন্তৰাৱর্তী
কৃষি পদ্ধতিআৰুশস্যাৱর্তনৰ
সুবিধাসমূহ কিকি?
উত্তৰঃ
অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ
সুবিধাসমূহহ’ল-
(i)
এই
পদ্ধতিত এক সময়তে দুই বা
ততােধিক শস্য পাব পাৰি।
(ii)
এই
পদ্ধতিত পােষক দ্ৰৱ্যৰ সঠিক
ব্যৱহাৰ হয়। আৰু মাটিৰ উৰ্বৰতা
বৃদ্ধি হয়।
শস্যাৱর্তনৰ
সুবিধাসমূহ হ’ল-
(i)
শস্যৰ
গুণাগুণ উন্নত হয়।
(ii)মাটিতনাষ্ট্রজেনৰ
পৰিমাণ বৃদ্ধি হয় আৰুউৰ্বৰতাও
বৃদ্ধি হয়।
4:
জিনীয়
সালসলনি কৌশল কি?
ই
কৃষি পদ্ধতিত কিয় উপযােগী?
উত্তৰঃ
কোনাে শস্যৰ ক্ৰমজমত আন জিন
প্রতিষ্ঠা কৰাৰ ফলত শস্যবিধৰ
জিনীয় সালসলনি ঘটে,
যাৰ
ফলত শস্যবিধে সেই জিনটোৱে
বহন কৰা চৰিত্ৰ লাভ কৰে। এই
কৌশলকে জিনীয় সালসলনি কৌশল
বােলে। এই কৌশল কৃষি পদ্ধতিত
উপযােগী,
কাৰণ
এই পদ্ধতিৰ দ্বাৰা শস্য এবিধৰ
যিকোনাে আকাংক্ষিত চৰিত্ৰ
প্ৰদান কৰি তাৰ উৎকর্ষ সাধন
কৰিব পাৰি।
5:
ভৰালত
মজুত কৰি ৰখা শস্যৰ কেনেদৰে
ক্ষতিসাধন হয় ?
উত্তৰঃ
ভঁৰালত মজুত কৰি ৰখা শস্যৰ
ক্ষতিসাধন দুই প্রকাৰে হ’ব
পাৰে। জৈৱিক আৰু অজৈৱিক কাৰকৰ
দ্বাৰা। জৈৱিক কাৰকবােৰ হ’ল
– কীট-পতংগ,
এন্দুৰ,
ভেঁকুৰ,
বেক্টেৰিয়া
আদি আৰু অজৈৱিক কাৰকবােৰ হ’ল
ভৰালঘৰ অনুপযুক্ত উষ্ণতা আৰু
আর্দ্রতা।
6:
পশুপালনৰ
দ্বাৰা কৃষকসকল কেনেকৈ লাভান্বিত
হয় ?
উত্তৰঃ
পশুপালনৰ দ্বাৰা উৎপাদিত
দ্রব্যসমূহ যেনে গাখীৰ,
কণী,
মাংস
আদি বিক্রী কৰি কৃষকসকল
আর্থিকভাৱে লাভৱান হয়। আনহাতে
পশুপালনৰ দ্বাৰা পােৱা জীৱ-
জন্তুৰ
মলমূত্র আৰু পামৰ আন পেলনীয়া
আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত
কৰি কৃষকসকলে শস্যপথাৰত
ব্যৱহাৰ কৰি শস্য উৎপাদন
বৃদ্ধি কৰিব পাৰে।
7:
গাে-পালনৰ
দ্বাৰা কি কি লাভ হয় ?
উত্তৰঃ
গাে-পালনৰ
লাভালাভসমূহ হ’ল —(ক)
গাখীৰ
উৎপাদন। (খ)
কৃষি
কর্মত ব্যৱহাৰ কৰিবলৈ বলধ
গৰুৰ যােগান।
৪.
উৎপাদন
বৃদ্ধি কৰিবৰ বাবে ‘পল্টি
পাম’,
মীনপাম
আৰু মৌ-মাখি
পালনত কি ব্যৱস্থা লােৱা
হয়?
উত্তৰঃ
উৎপাদন বৃদ্ধি কৰিবৰ বাবে
‘পল্টি পাম’,
মীনপাম
আৰু মৌ-মাখি
পালনত লােৱা ব্যৱস্থাবােৰ
হ’ল
(i)
পামবিলাক
পৰিষ্কাৰ কৰা।
(ii)
আৱশ্যকানুযায়ী
আহাৰ যােগান ধৰা।
(iii)
সংক্রামক
ৰােগৰ বিৰুদ্ধে ছিটাকৰণৰ
ব্যৱস্থা কৰা আদি।
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
9.
আহৰণ
মীনক্ষেত্র,
মেৰীকালচাৰ’,
‘একুৱাকালচাৰ
আদিৰ মাজত কেনেকৈ পার্থক্য
উলিয়াবা?
উত্তৰঃ
আহৰণ মীনক্ষেত্র,
মেৰীকালচাৰ,
‘একুৱাকালচাৰ’আদিৰ
মাজত কেনেকৈ পার্থক্য হল-
আহৰণ
মীনক্ষেত্রঃ
(i)
মাছবােৰ
প্রাকৃতিক উৎস যেনে-পুখুৰী,নদ-নদী,
জান-জুৰি
আদিৰ পৰা পােৱা যায়।
(ii)
এইক্ষেত্ৰত
মাছবােৰ জালৰ সহায়ত সহজতে
ধৰিব পাৰি।
মেৰীকালচাৰঃ
(i)এইক্ষেত্ৰত
মাছবােৰ জাহাজৰ সহায়ত সাগৰৰ
পৰা ধৰা হয়।
(ii)
মাছবােৰ
কৃত্রিম উপগ্রহৰ সহায়ত বিচাৰি
উলিওৱা হয় আৰু বিভিন্ন ধৰণৰ
জালেৰে মাছ ধৰা হয়।
একুৱাকালচাৰঃ
(i)
এই
ক্ষেত্ৰত মাছবােৰ বন্ধ পুখুৰী
আৰু পৰিষ্কাৰ পানীত উৎপাদন
কৰা হয়।
(ii)
মাছবােৰ
জালৰ সহায়ত সহজে ধৰিব পাৰি।
নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫ চমু প্রশ্নোত্তৰ
প্রশ্ন:
সেউজ
বিপ্লৱ কি?
উত্তৰঃ
আমাৰ দেশত খাদ্যশস্যৰ উৎপাদন
বৃদ্ধিৰ বাবে যি আধুনিক আৰু
বিজ্ঞানসম্মত কার্যপদ্ধতিৰ
বহুল ব্যৱহাৰ প্ৰচলন হৈছিল,
তাক
সেউজ বিপ্লৱ বােলে।
প্রশ্ন:
শ্বেত
বিপ্লৱ কি ?
উত্তৰঃ
আমাৰ দেশত গাখীৰৰ উৎপাদন
বৃদ্ধি আৰু গাখীৰৰ দক্ষতাপূর্ণ
ব্যৱহাৰৰ বাবে যি আধুনিক আৰু
বিজ্ঞানসন্মত কার্যপন্থা
গ্ৰহণ কৰা হৈছিল,
তাক
শ্বেত বিপ্লৱ বােলে।
প্রশ্ন:
আমাক
কার্বহাইড্রেট যােগান ধৰা
কেইবিধমান ধানজাতীয় শস্যৰ
উদাহৰণ দিয়া।
উত্তৰঃ
আমাক কার্বহাইড্রেট যােগান
ধৰা কেইবিধমান ধানজাতীয়
শস্য হ’ল – ঘেঁহু,
ধান,
মাকৈ,
মিলেট
ইত্যাদি।
প্রশ্ন:
আমাক
প্ৰ’টিন যােগান ধৰা কেইবিধমান
শস্যৰ উদাহৰণ দিয়া।
উত্তৰঃ
আমাক প্ৰটিন যােগান ধৰা
কেইবিধমান মাহজাতীয় শস্যৰ
উদাহৰণ হ’ল — বুট,
মটৰ,
মুগ,
মচুৰ
আদি।
প্রশ্ন:
আমাক
লিপিড বা চর্বী যােগান ধৰা
কেইবিধমান শস্যৰ উদাহৰণ
দিয়া।
উত্তৰঃ
আমাক লিপিড বা চর্বী যােগান
ধৰা কেইবিধমান তৈলবীজ শস্যৰ
উদাহৰণ হ’ল – ছয়াবিন,
সৰিয়হ,
সূর্যমুখী
ফুল,
তিল
আদি।
প্রশ্ন:
ভিটামিন
আৰু খনিজ লৱণৰ উৎস শস্যবােৰ
কি?
উত্তৰঃ
শাক-পাচলি,
ফল-মূল
আৰু মচলা জাতীয় খাদ্য শস্যবােৰ
হ’ল ভিটামিন আৰু খনিজ লৱণৰ
উৎস শস্য।
প্রশ্ন: জীৱজন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিধি শস্যৰ নাম লিখা।
উত্তৰঃ জীৱ-জন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিবিধ শস্যৰ নাম হ’ল বাৰচীম, অটচ আৰু চুড়ান ঘাঁহ।
প্রশ্ন:
ৰবি
শস্য কি?
উদাহৰণ
দিয়া।
উত্তৰঃ
যিবিলাক শস্যৰ খেতি শীতকালত
অর্থাৎ নৱেম্বৰ মাহৰ পৰা
এপ্রিল মাহৰ ভিতৰত কৰা হয়,
তেনে
শস্যক ৰবি শস্য বােলে। যেনে–
ঘেঁহু,
বুট,
মটৰ,
সৰিহয়
আদি।
প্রশ্ন:
খাৰিফ
শস্য কাক বােলে?
উদাহৰণ
দিয়া।
উত্তৰঃ
যি বিলাক শস্যৰ খেতি বাৰিষা
কালত অর্থাৎ জুন মাহৰ পৰা
অক্টোবৰ মাহৰ ভিতৰত কৰা হয়,
তেনে
শস্যক খাৰিফ শস্য বােলে;
যেনেঃ
ধান,
দুয়াবিন,
কপাহ
আদি।
প্রশ্ন:
বর্ণ
সংকৰণ কি ?
উত্তৰঃ
বর্ণ সংকৰণ হল জিনীয়ভাৱে
পার্থক্য থকা দুটা জীৱৰ মাজত
কৰা প্রজনন পদ্ধতি।
প্রশ্নঃ
জিনীয়ভাৱে ৰূপান্তৰিত শস্য
কাক বােলে ?
উত্তৰঃ
কোনাে উদ্ভিদৰ দেহত কোনাে
নির্দিষ্ট চৰিত্ৰৰ জিন প্রয়ােগ
কৰি উন্নত শস্যৰ সঁচ পাব পাৰি।
এনেদৰে প্রাপ্ত সঁচক জিনীয়ভাৱে
ৰূপান্তৰিত শস্য বােলা হয়।
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
প্রশ্ন:
শস্যৰ
ক্ষতিসাধন কৰা জৈৱিক কাৰকসমূহ
কি কি?
উত্তৰঃ
শস্যৰ ক্ষতিসাধন কৰা জৈৱিক
কাৰকসমূহ হ’ল – ৰােগ,
পতংগ
আৰু কৃমি।
প্রশ্ন:
শস্যৰ
উৎপাদন হ্রাস কৰিব পৰা অজৈৱিক
কাৰকসমূহ কি?
উত্তৰঃ
শস্যৰ উৎপাদন হ্রাস কৰিব পৰা
অজৈৱিক কাৰকসমূহ হ’ল— খৰাং,
অত্যধিক
লৱণ,
পানী
জমা হােৱা,
তাপ,
শীত
আৰু হিম।
প্রশ্ন:
জৈৱ
সাৰ কি ?
উত্তৰঃ
জৈৱ সাৰ হ’ল জীৱ-জন্তুৰ
মল-মূত্র
আৰু উদ্ভিদজাত পেলনীয়া অংশৰ
বিয়ােজন। ঘটাই প্রস্তুত কৰা
এবিধ জৈৱিক পদার্থ।
প্রশ্ন:
জৈৱ
সাৰৰ উপাদানসমূহ কি কি?
উত্তৰঃ
জৈৱ সাৰৰ উপাদান দুটা হ’ল-(i)
জৈৱিক
পদার্থ (ii)
অণুপােষক।
প্রশ্ন:
তৈল
বীজৰ পৰা আমি কি পাও?
উত্তৰঃ
তৈল বীজৰ পৰা আমি চর্বি আহৰণ
কৰাে।
প্রশ্ন:
সেউজ
সাৰে মাটিত যােগান ধৰা অণুপােষক
দুটা কি কি?
উত্তৰঃ
সেউজ সাৰে মাটিত যােগান ধৰা
অণুপােষক দুটা হ’ল-নাইট্রজেন
আৰু ফছফৰাছ।
প্রশ্ন:
ৰাসায়নিক
সাৰ কি?
উত্তৰঃ
ৰাসায়নিক বা কৃত্রিম সাৰ
হ’ল বাণিজ্যিকভাৱে প্ৰস্তুত
কৰা উদ্ভিদৰ অণুপােষক।
প্রশ্ন:
কৃত্রিম
সাৰে মাটিত যােগান ধৰা
অণুপােষকবােৰ কি?
উত্তৰঃ
কৃত্রিম সাৰে মাটিত যােগান
ধৰা অণুপােষকবােৰ হ’ল—নাইট্রজেন,
ফছফৰাছ।
আৰু পটেছিয়াম।
প্রশ্ন:
জলসিঞ্চনৰ
পদ্ধতিসমূহ উল্লেখ কৰা।
উত্তৰঃ
জলসিঞ্চনৰ বিভিন্ন পদ্ধতিসমূহ
হ’ল-
কুঁৱা,
নলা,
নদী
উত্তোলন ব্যৱস্থা আৰু পুখুৰী।
প্রশ্ন:
কৃষি
প্রণালী কাক বােলে ?
উত্তৰঃ
শস্য উৎপাদন কৰা বিভিন্ন
পদ্ধতিকে কৃষি প্রণালী বােলে।
প্রশ্ন:
মিশ্রিত
কৃষি প্রণালী কি ?
উত্তৰঃ
একেউৰা মাটিত সমকালীনভাৱে
দুটা বা ততােধিক শস্যৰ খেতি
কৰা প্ৰথাকে মিশ্রিত কৃষি
প্ৰণালী বােলে।
প্রশ্ন:
মিশ্রিত
কৃষি প্ৰণালীৰ সুবিধা কি?
উত্তৰঃ
মিশ্রিত কৃষি প্রণালীৰ সুবিধাটো
হ’ল যে এবিধ শস্যৰ ক্ষতিসাধন
হ’লেও আনবিধ শস্যৰ দ্বাৰা
কৃষকসকল লাভান্বিত হ’ব পাৰে।
প্রশ্ন:
অন্তৰাৱৰ্তী
কৃষি প্রণালী কি?
উত্তৰঃ
একেডৰা মাটিতে দুটা বা ততােধিক
শস্যৰ খেতি এক নির্দিষ্ট
শৈলীৰে কৰা প্রথাক অন্তৰাৱর্তী
কৃষি প্রণালী বােলে।
প্রশ্ন:
শস্যাৱৰ্তন
কাক বােলে ?
উত্তৰঃ
সুপৰিকল্পিতভাৱে একে ডােখৰ
মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন
শস্যৰ খেতি কৰা প্ৰথাক শস্যাৱর্তন
বােলে।
প্রশ্ন:
শষ্যাৱর্তনৰ
সুবিধা কি?
উত্তৰঃ
শস্যাৱর্তনৰ প্ৰধান সুবিধাটো
হ’ল যে একেড় মাটিত এবছৰতেই
দুটা বা ততােধিক শস্যৰ খেতি
সফলতাৰে কৰিব পাৰি ।,
প্রশ্ন:
শস্যত
ৰােগ সৃষ্টি কৰা অণুজীৱসমূহ
কি কি?
উত্তৰঃ
শস্যত ৰােগ সৃষ্টি কৰা অণুজীৱসমূহ
হ’ল—বেক্টেৰিয়া,
ভাইৰাছ
আৰু ভেঁকুৰ।
প্রশ্ন:
কীটনাশক
কাক বােলে ?
উত্তৰঃ
কীটনাশকবােৰ হ’ল শস্যৰ ক্ষতিসাধন
কৰা অপতৃণ,
পতংগ
আৰু ৰােগ নিয়ন্ত্রণ কৰা
কিছুমান ৰাসায়নিক পদার্থ।
প্রশ্ন:
কীটনাশকৰ
প্ৰকাৰ কেইটা কি কি?
উত্তৰ
:
কীটনাশসমূহ
তিনি প্রকাৰৰ। যেনে-
বননাশক,
পতংগনাশক
আৰু ভেঁকুৰনাশক।
প্রশ্ন:
গ্রীষ্মকালীন
কর্যণ কাক বােলে?
উত্তৰ
:
অপতৃণ
আৰু কীটসমূহ ধ্বংস কৰাৰ বাবে
খেতি পথাৰসমূহত গ্রীষ্মকালত
দকৈ হাল বােৱা হয়। ইয়াকে
গ্রীষ্মকালীন কর্ষণ বােলে।
প্রশ্ন:
ভঁৰালত
মজুত ৰখা শস্যৰ ক্ষতিসাধন
কৰা জৈৱিক কাৰকবােৰ কি?
উত্তৰঃ
ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন
কৰা জৈৱিক কাৰকবােৰ হ’ল-পতংগ,
এন্দুৰ,
ভেঁকুৰ,
বেক্টেৰিয়া
আদি।
প্রশ্ন:
ভঁৰালত
মজুত ৰখা শষ্যৰ ক্ষতিসাধন
কৰা অজৈৱিক কাৰক দুটা কি
কি?
উত্তৰঃ
ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন
কৰা অজৈৱিক কাৰক দুটা হ’ল-
ভঁৰালৰ
অনুপযুক্ত আর্দ্রতা আৰু
উষ্ণতা।
প্রশ্ন:
পশুপালন
কাক বােলে ?
উত্তৰঃ
পশুধনৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাক
পশুপালন বােলে।
প্রশ্ন:
পশুপালনত
অন্তর্ভুক্ত মুখ্য বিষয়
তিনিটা কি কি?
উত্তৰঃ
পশুপালনত অন্তর্ভুক্ত মুখ্য
বিষয় তিনিটা হ’ল— খাদ্য
যােগান,
প্রজনন
আৰু ৰােগ নিয়ন্ত্রণ।
প্রশ্ন:
গাে-পালনৰ
মুখ্য উদ্দেশ্য দুটা কি
কি?
উত্তৰঃ
গাে-পালনৰ
মুখ্য উদ্দেশ্য দুটা হ’ল (i)
গাখীৰ
উৎপাদন (ii)
কৃষিকৰ্মত
ব্যৱহাৰৰ বাবে বলধ গৰুৰ উৎপাদন।
প্রশ্ন:
খীৰতী
আৰু বলধ কাক বােলে ?
উত্তৰঃ
গাখীৰ দিয়া মাইকী গৰুক খীৰতী
আৰু কৃষিকৰ্মত ব্যৱহাৰ হােৱা
মতা গৰুক বলধ বােলে।
প্রশ্ন:
ভাৰতীয়
গৰুৰ প্ৰজাতিটোৰ নাম কি?
উত্তৰঃ
ভাৰতীয় গৰুৰ প্ৰজাতিটোৰ নাম
হ’ল বচ্ ইণ্ডিকাচ।
প্রশ্ন:
ভাৰতীয়
মহৰ প্রজাতিটোৰ নাম কি?
উত্তৰঃ
ভাৰতীয় মহৰ প্রজাতিটোৰ নাম
হ’ল— বচ্ বােবেলিচ।
প্রশ্ন:
দুগ্ধকাল
বুলিলে কি বুজা?
উত্তৰঃ
খীৰতী গৰু বা মহে পােৱালি জন্ম
দিয়াৰ পিছৰ যিমান দিনলৈকে
গাখীৰ উৎপাদন কৰে,
সেই
সময়খিনিক দুগ্ধকাল বােলে।
প্রশ্ন:
দুবিধ
বিদেশী গৰুৰ সঁচৰ উদাহৰণ
দিয়া।
উত্তৰঃ
দুবিধ বিদেশী গৰুৰ সঁচৰ উদাহৰণ
হু’ল— জার্চী আৰু ব্রাউন চুইছ।
প্রশ্ন:
দুবিধ
থলুৱা গৰুৰ সঁচৰ উদাহৰণ
দিয়া।
উত্তৰঃ
দুবিধ থলুৱা গৰুৰ সঁচৰ উদাহৰণ
হ’ল—ৰঙা সিন্ধি আৰু চাহিৱাল।
প্রশ্ন:
গৰু-ম’হৰ
সঁচৰ উৎকর্ষ সাধনৰ বাবে লােৱা
সাধাৰণ ব্যৱস্থাটো কি?
উত্তৰঃ
গৰু-ম’হৰ
সঁচৰ উৎকর্ষ সাধনৰ বাবে লােৱা
সাধাৰণ ব্যৱস্থাটো হ’ল— বর্ণ
সংকৰণ পদ্ধতি।
নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫
প্রশ্ন:
বহিঃ
পৰজীৱীৰ দ্বাৰা হােৱা গৰু-ম’হৰ
ৰােগবিধ কি ?
উত্তৰঃ
বহিঃ পৰজীৱীৰ দ্বাৰা হােৱা
গৰু-ম’হৰ
ৰােগবিধ হ’ল-চৰ্মৰােগ।।
প্রশ্ন:
অন্তঃপৰজীৱীৰ
দ্বাৰা গৰু-ম’হৰ
হ’ব পৰা ৰােগৰ উদাহৰণ দিয়া।
উত্তৰ:
অন্তঃপৰজীৱীৰ
দ্বাৰা হ’ব পৰা গৰু-ম’হৰ
ৰােগসমূহ হ’ল-
পাকস্থলী
আৰু অস্ত্ৰৰ ৰােগ,
যকৃতৰ
ক্ষতিসাধন আদি।
প্রশ্ন:
বর্ণ
সংকৰণ পদ্ধতিত ব্যৱহাৰ হােৱা
থলুৱা আৰু বিশেী কুকুৰাৰ সঁচ
দুটাৰ নাম লিখা।
উত্তৰঃ
বর্ণ সংকৰণ পদ্ধতিত ব্যৱহাৰ
হােৱা থলুৱা কুকুৰাৰ সঁচটো
হ’ল অচীল আৰু বিদেশী কুকুৰাৰ
সঁচটো হ’ল লেগহর্ণ।
প্রশ্ন:
কুকুৰাৰ
সঁচৰ উৎকর্ষ সাধনৰ সাধাৰণ
পদ্ধতিটো কি?
উত্তৰঃ
কুকুৰাৰ সঁচৰ উৎকর্ষ সাধনৰ
সাধাৰণ পদ্ধতিটো হ’ল— বর্ণ
সংকৰণ।
প্রশ্ন:
মাছে
আমাক প্ৰধানকৈ কোনবিধ খাদ্য
উপাদান যােগান ধৰে?
উত্তৰঃ
মাছে আমাক যােগান ধৰা প্রধান
খাদ্য উপাদানবিধ হ’ল—প্রটিন।
Class 9 Science Chapter 15 Question Answer In Assamese
প্রশ্ন:
মাছ
আহৰণ কৰাৰ প্রধান উপায় দুটা
কি কি?
উত্তৰঃ
মাছ আহৰণ কৰাৰ উপায় দুটা হ’ল-
(i) মীন
সংগ্রহ আৰু (ii)
মীন
পালন।
প্রশ্ন:
মীন
সংগ্রহ কাক বােলে ?
উত্তৰঃ
প্রাকৃতিক উৎসৰ পৰা মাছ আহৰণ
কৰা পদ্ধতিকে মীন সংগ্রহ
বােলে।
প্রশ্ন:
মীন
পালন কি ?
উত্তৰঃ
কৃত্রিম ভাৱে মাছ পালন কৰি
আহৰণ কৰাকে মীন পালন বােলে।
প্রশ্ন:
মেৰিকালচাৰ
বুলিলে কি বুজা?
উত্তৰঃ
সাগৰৰ পানীত কৰা মীন পালনকে
মেৰিকালচাৰ বােলা হয়।
প্রশ্ন:
একুৱাকালচাৰ
কি?
উত্তৰঃ
অন্তদেশীয় মীনক্ষেত্র যেনে
নদী,
পুখুৰী,
নলা,
মােহনা,
লেগুন
আদিত কৰা মীন পালনকে একুয়াকালচাৰ
বােলে।
প্রশ্ন:
পচন
সাৰ কি?
উত্তৰঃ
কৃষি পামৰ পেলনীয়া পদার্থ
যেনে পশুধনৰ মলমূত্র,
শাক-পাচলিৰ
পেলনীয়া অংশ,
ঘৰুৱা
আৱৰ্জনা আদি গাতত পুতি বিয়ােজন
ঘটাই প্রস্তুত কৰা জৈৱিক সাৰক
পচন সাৰ বােলে।
প্রশ্ন:
সেউজ
সাৰ কি ?
উত্তৰঃ
কোনাে শস্যৰ খেতি কৰাৰ আগে
আগে কিছুমান উদ্ভিদ যেনে –
ছানহেস্প,
গােৱাৰ
আদিৰ খেতি কৰা হয় আৰু পাছত
হাল বাই সিহঁতক মাটিৰ লগত
মিহলাই দিয়া হয়। ইহঁতক সেউজ
সাৰ বােলে।
প্রশ্ন:
কৃত্রিম
সাৰে মাটিত যােগান ধৰা তিনিটা
মুখ্য অনুপােষকৰ নাম লিখা।
উত্তৰঃ
কৃত্রিম সাৰে মাটিত যােগান
ধৰা তিনিটা মুখ্য অনুপােষক
হ’ল নাইট্রজেন,
ফছফৰাচ
আৰু পটাছিয়াম।
প্রশ্ন:
কি
ধৰণে মাছ ধৰা হয় ?
উত্তৰঃ
মাছ দুই ধৰণে ধৰা হয়। প্রাকৃতিক
উৎসৰ পৰা,
যাক
মীন সংগ্রহ বােলে আৰু মীন পামৰ
দ্বাৰা,
যাক
মীন পালন বােলা হয়।
প্রশ্ন:
ভাৰতীয়
গৰু আৰু ম’হৰ বৈজ্ঞানিক নাম
দুটা কি কি?
উত্তৰঃ
ভাৰতীয় গৰুৰ বৈজ্ঞানিক নাম
– বচ্ ইন্দিকাচ। ভাৰতীয় ম’হৰ
বৈজ্ঞানিক নামব বােবেলিচ
প্রশ্ন:
কৃষি
প্রণালী কেইপ্রকাৰৰ আৰু কি
কি ?
উত্তৰঃ
কৃষি প্রণালী তিনি প্রকাৰৰ।
যেনে-(i)
মিশ্রিত
কৃষি প্ৰণালী (ii)
অন্তৰাৱর্তী
কৃষি প্ৰণালী (ii)
শস্যাৱর্তন।
প্রশ্ন:
কণীৰ
কাৰণে আৰু মাংসৰ কাৰণে কি
প্রজাতিৰ কুকুৰা পালন কৰা
হয়?
উত্তৰঃকণীৰ
কাৰণে লেয়াৰ আৰু মাংসৰ কাৰণে
ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা
পালন কৰা হয়।
প্রশ্ন: মৌ উৎপাদনৰ বাবে উপযােগী মৌমাখিৰ জাতৰ কেনে ধৰণৰ আকাংক্ষিত বৈশিষ্ট্য থকা উচিত?
উত্তৰঃ
মৌ উৎপাদনৰ বাবে উপযােগী
মৌমাখিৰ জাতৰ তলত দিয়া
আকাংক্ষিত বৈশিষ্ট্যসমূহ
থকাটো দৰকাৰী —
(i)
সিহঁতৰ
মৌজোল সংগ্রহৰ ক্ষমতা বেছি
হােৱা উচিত।
(ii)
সিহঁত
কম আক্রমণাত্মক হােৱা উচিত।
(iii)
সিহঁতে
একেখন মৌচাকতে দীর্ঘদিন ধৰি
থকা হ’ব লাগে।
(iv)
অধিক
প্রজনন কৰিব পৰা হ’ব লাগে।
নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫
প্রশ্ন: উৎপাদন বৃদ্ধি কৰিবৰ বাৰে হাঁহ-কুকুৰা পালন, মীন পালন আৰু মৌমাখি পালনত কি সাধাৰণ ব্যৱস্থা হাতত লােৱা হয় ?
উত্তৰঃ উৎপাদন বৃদ্ধি কৰিবৰ বাবে হাঁহ-কুকুৰা পালন, মীন পালন আৰু মৌমাখি পালনত লােরা সাধাৰণ ব্যৱস্থাটো হ’ল উন্নত মানদণ্ডৰ সঁচৰ ব্যৱহাৰ।
প্রশ্ন:
মীন
সংগ্রহ,
মেৰিকালচাৰ
আৰু একুৱা কালচাৰৰ মাজত পার্থক্য
কি?
উত্তৰঃ
প্রাকৃতিক উৎসৰ পৰা মাছ আহৰণ
কৰাকে মীন সংগ্রহ বােলে।
তানহাতে সাগৰৰ পানীত সাগৰীয়
মাছ পালনকে মেৰিকালচাৰ বােলে।
তেনেদৰে অন্তর্দেশীয় মীনক্ষেত্র
যেনে নদী,
নলা,
পুখুৰী,
মােহনা
আদিত মীন পালনক একুৱা কালচাৰ
বােলা হয়।
প্রশ্ন:
ধান
জাতীয় শস্য,
মাহজাতীয়
শস্য,
ফল-মূল
আৰু শাক-পাচলিৰ
পৰা আমি কি পাওঁ ?
উত্তৰঃ
ধান জাতীয় শস্যৰ পৰা আমি
কার্বহাইড্রেট পাওঁ,
মাহ
জাতীয় শস্যৰ পৰা প্রটিন পাওঁ
আনহাতে ফল-মূল
আৰু শাক-পাচলিৰ
পৰা আমি প্রধানকৈ ভিটামিন
আৰু খনিজ লৱণ আহৰণ কৰাে।
প্রশ্ন:
খাদ্য
সম্পদৰ উৎকর্ষ সাধনৰ আৱশ্যকতা
কি?
উত্তৰঃ
খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ
এক বিশেষ অরশ্যকতা আছে। কাৰণ
বর্ধিত জনসংখ্যাৰ বাবে এতিয়া
আমাক অধিক খাদ্যৰ প্রয়ােজন।
কিন্তু এই খাদ্য চাহিদা পূৰাবলৈ
আমি আমাৰ কৃষিভূমিৰ আকাৰ বঢ়াব
নােৱাৰে। সেয়ে আমাৰ শস্য
আৰু পশুধনৰ উৎপাদনৰ উৎকর্ষ
সাধন আৱশ্যকীয় হৈ পৰিছে।
প্রশ্ন:
কৃষি
আৰু পশুপালনত বহনক্ষম প্রথা
প্রয়ােগ কৰাটো কিয়
প্রয়ােজনীয়?
উত্তৰঃ
আমি খাদ্য শস্য আৰু পশুধনৰ
উৎপাদন বৃদ্ধিৰ বাবে প্রাকৃতিক
সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ
কৰিব লগা হয়। ইয়াৰ দ্বাৰা
প্রাকৃতিক সম্পদৰ অনিষ্ট হৈ
প্রাকৃতিক ভাৰসাম্যত ব্যাঘাত
জন্মাৰ আশংকা থাকে। সেয়ে
আমি আমাৰ প্ৰাকৃতিক পৰিৱেশ
বিনষ্ট নকৰাকৈ আৰু তাৰ ভাৰসাম্যত
ব্যাঘাত নজন্মাৱাকৈ খাদ্য
সম্পদৰ উৎকর্ষ সাধনৰ বাবে
চেষ্টা উচিত।এনে প্ৰথাক
বহনক্ষম প্রথা বােলে আৰু সেয়ে
ই আমাৰ বাবে প্রয়ােজনীয়।
Class 9 Science Chapter 15 Question Answer In Assamese
প্রশ্ন:
ৰবি
আৰু খাৰিফ শস্য কি ?
উত্তৰঃ
যিবিলাক শস্যৰ খেতি শীতকালত
অর্থাৎ নৱেম্বৰ মাহৰ পৰা
এপ্রিল মাহৰ ভিতৰত কা হয়,
তাক
ৰবি শস্য বােলে। যেনে – ঘেঁহু,
বুট,
মটৰ,
সৰিয়হ
আদি। আনহাতে,
যিবিলাক
শস্যৰ খেতি বাৰি কালত অর্থাৎ
জুন মাহৰ পৰা আক্টোবৰ মাহৰ
ভিতৰত কৰা হয়,
তাক
খাৰি শস্য বােলে। যেনে-
ধান,
চয়াবিন,
কপাহ
আদি।
প্রশ্ন:
মুখ্য
অনুপােষক আৰু ক্ষুদ্রমাত্রিক
অনুপােষক কি ?
উত্তৰঃ
মাটিৰ পৰা আহৰণ কৰা তেৰটা
অনুপােষকৰ যি ছয়টা অনুপােষক
উদ্ভিদৰ বাৰে অতি বেছি পৰিমাণে
দৰকাৰ হয়,
সিহঁতক
মুখ্য অনুপােষক বােলে। আনহাতে,
মাটিৰ
পৰা আহৰণ কৰা যি সাতটা অনুপোেষক
উদ্ভিদৰ বাবে কম পৰিমাণে
প্রয়ােজনীয়,
সিহঁতক
ক্ষুদ্রমাত্রিক
অনুপােষক বােলে।
প্রশ্ন: মিশ্রিত কৃষি প্রণালী কাক বােলে? ইয়াৰ সুবিধা কি?
উত্তৰঃ
একেডৰা মাটিত সমকালীনভাৱে
দটা বা ততােধিক শসাৰ খেতি কৰা
প্ৰথাকে। মিশ্রিত কৃষি প্রণালী
বােলে।
ইয়াৰ
সুবিধা হল-
এবিধ
শস্যৰ ক্ষতিসাধন হলেও আনবিধ
শস্যৰ উৎপাদনৰ লাভান্বিত হ’ব
পাৰি।
Class 9 Science Chapter 15 Question Answer In Assamese
প্রশ্ন:
অন্তৰাৱর্তী
কৃষি প্রণালী আৰু শস্যাৱৰ্তন
বুলিলে কি বুজা?
উত্তৰ
একে ড়ৰা মাটিতে দুটা বা ততােধিক
শস্যৰ খেতি এক নির্দিষ্ট
শৈলীৰে কৰা প্রথাক অন্তৰাৱর্তী
কৃষি প্ৰণালী বােলে। সুপৰিকল্পিতভাৱে
একে ডােখৰ মাটিতে এটাৰ পিছত
এটাকৈ বিভিন্ন শস্যৰ খেতি
কৰা প্ৰথাক শস্যাৱর্তন বােলে।
প্রশ্ন:
জৈৱ
সাৰ আৰু কৃত্রিম সাৰৰ পাৰ্থক্যসমূহ
কি কি?
উত্তৰঃ
জৈৱ সাৰ |
কৃত্রিম সাৰ |
i) মাটিক জৈর পদার্থ আৰু কিছু পৰিমাণে অনুপােযক যােগান ধৰে। |
মাটিক অনুপােযক যােগান ধৰে। |
(ii) জৈৱ সাৰত থকা জৈর পদার্থই মাটিৰ গঠন আৰু গুণাগুণ উন্নত কৰে। |
কৃত্রিম সাৰত কোনাে জৈৱ পদার্থ নাথাকে বাবে ইহঁতে মাটিৰ গঠন উন্নত কৰে। |
iii) জৈৱ সাৰে মাটিত থকা অণুজীৱৰ ক্ষতি নকৰে। |
কৃত্রিম সাৰে মাটিত থকা অণুজীৱসমূহ ধ্বংস কৰে। |
(iv) জৈৱ সাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। |
কৃত্রিম সাৰ একেৰাহে ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পায়। |
(v) জৈৱ সাৰে পৰিৱেশ প্ৰদূষিত নকৰে। |
ইহঁতে পানীৰ লগত উটি গৈ জলাশয়ৰ পানী প্রদৃষিত কৰে। |
প্রশ্ন:
অপতৃণ
কি?
ইহঁতে
শস্যৰ কেনেদৰে ক্ষতি কৰে?
ইহঁতৰ
নিয়ন্ত্ৰণৰ চাৰিটা উপায়
লিখা।
উত্তৰঃঅপতৃণবােৰ
হ’ল কৃষিভূমিত উৎপন্ন হােৱা
অবাঞ্ছিত উদ্ভিদ। অপতৃণবােৰে
খাদ্য,
ঠাই
আৰু পেপাহৰৰ বাবে শস্যৰ লগত
প্রতিযােগিতা কৰে। সিহঁতে
মাটিৰ অনুপােষকবােৰ গ্ৰহণ
কৰি শস্যৰ বৃদ্ধি আৰু বিকাশত
বাধা দিয়ে। এনেদৰে অপতৃণবােৰে
শস্যৰ ক্ষতি কৰে। অপতৃণ
নিয়ন্ত্ৰণৰ চাৰিটা উপায়
হল-
(i) বননাশকৰ
ব্যৱহাৰ (ii)
সময়মতে
বীজ সিঁচা (iii)
অন্তৰাৱৰ্তী
কৃষি প্রণালী (iv)
শস্যাৱর্তন।
প্রশ্ন:
ভঁৰালত
মজুত ৰখা শস্যৰ ক্ষতি ৰােধ
কৰিবলৈ কি কি ব্যবস্থা লােৱা
হয়?
উত্তৰঃ
ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি
ৰােধ কৰিবলৈ লােৱা ব্যৱস্থাসমূহ
হ’ল—
(ক)
শস্যৰ
বীজ ভালদৰে চাফা কৰা। (খ)
প্রথমে
ৰ’দত আৰু পাছত ছাঁত শস্যসমূহ
ভালদৰে শুকোৱা।
(গ)
ৰাসায়নিক
দ্রব্য ব্যৱহাৰ কৰি কীট-পতংগ
নাশ কৰিবলৈ ধোঁৱাৰ ব্যৱস্থা
কৰা।
প্রশ্ন:
গাখীৰ
দিয়া জন্তুবিলাকৰ বাবে
আৱশ্যকীয় খাদ্যৰ প্ৰকাৰ
দুটা কি কি?
উত্তৰ
:
গাখীৰ
দিয়া জন্তুৰ বাবে আৱশ্যকীয়
খাদ্যৰ প্ৰকাৰ দুটা হ’ল। (i)
দেহ
গঠনৰ বাবে আৱশ্যকীয় খাদ্য,
(ii) দুগ্ধ
উৎপাদনৰ বাবে আরশ্যকীয় খাদ্য।
প্রশ্ন:
কিকি
আকাংক্ষিত চাৰিত্রিক বৈশিষ্ট্যৰ
বাবে ভাৰতীয় আৰু বিদেশী হাঁহ-
কুকুৰাৰ
মাজত প্রজনন কৰােৱা হয় ?
উত্তৰঃ
ভাৰতীয় আৰু বিদেশী হাঁহ-কুকুৰাৰ
মাজত তলত দিয়া চাৰিত্রিক
বৈশিষ্ট্যবােৰৰ বাবে প্রজনন
কৰােৱা হয়—
(ক)
উন্নত
গুণবিশিষ্ট আৰু বেছি সংখ্যক
পােৱালি জন্ম দিব পৰা জাত।
(খ)
বাণিজ্যিক
ভিত্তিত পােলি দিবৰ বাবে চাপৰ
ব্ৰইলাৰ পিতৃজনু।
(গ)
অধিক
উষ্ণতা সহ্য কৰিব পৰা জাত।
(ঘ)
প্রতিপালনৰ
বাবে ন্যূনতম ব্যৱস্থাৰ
প্রয়ােজন হােৱা জাত।
প্রশ্ন:
মিশ্ৰিত
মীন পালন পদ্ধতি কি?
ইয়াৰ
সমস্যা কি?
উত্তৰঃ
মিশ্ৰিত মীন পালন পদ্ধতি এনে
এক পদ্ধতি যত পাঁচ বা ছটা
প্রজাতিৰ মাছ একেটা পুখুৰীতে
পালন কৰা হয়। এই প্রজাতিসমূহ
এনেদৰে বাচি লােৱা হয় যাতে
সিহঁতৰ প্রত্যেকৰে। খাদ্যাভ্যাস
বেলেগ বেলেগ হয় আৰু সেয়েসিহঁতে
খাদ্যৰবাবে ইটোৱে সিটোৰ লগত
প্রতিযােগিতা কৰিব লগা নহয়।
ফলত পুখুৰীটোৰ সকলাে অংশৰে
খাদ্যৰ সদব্যৱহাৰ হয়। মিশ্ৰিত
মীন পালন পদ্ধতিৰ এটা সমস্যা
হ’ল – উন্নত প্ৰকাৰৰ মাছৰ
পােনাৰ অভাৱ। বেছিভাগ প্রজাতিৰ
মাছেই বাৰিষাকালত কণী পাৰে
বাবে প্রাকৃতিক উৎসৰ পৰা
সিহঁতক সংগ্রহ কৰােতে এটা
নির্দিষ্ট প্রজাতিৰ মাছৰ
পােনাৰ লগত আন প্ৰজাতিৰ মাছৰ
পােনা মিহলি হােৱাৰ সম্ভাৱনা
থাকে।
প্রশ্ন:
মৌমাখি
পালনৰ উদ্দেশ্য কি?
উত্তৰঃ
মৌমাখি পাল উদ্দেশ্যসমূহ হ’ল
—(ক)
মৌ
এক বহুলভাৱে ব্যৱহৃত দ্রব্য।
(খ)
মৌমাখি
পালনত অতি কম মূলধনৰ দৰকাৰ
হয় বাবে কৃষকসকলে ইয়াক
উপার্জনৰ এক অতিৰিক্ত উপায়
হিচাপে ল’ব পাৰে। (গ)
মৌচাকৰ
পৰা পােৱা মৌ-সিটা
বিভিন্ন ঔষধ প্রস্তুত কৰিবলৈ
ব্যৱহৃত হয়।
প্রশ্ন:
ভাৰতীয়
মৌমাখি আৰু ইটালীয় মৌমাখিৰ
বৈজ্ঞানিক নাম দুটা কি কি?
উত্তৰঃ
ভাৰতীয় মৌমাখিৰ বৈজ্ঞানিক
নাম – এপিচ্ চেনাে ইণ্ডিকা।
ইটালীয় মৌমাখিৰ বৈজ্ঞানিক
নাম – এপিচ্ মেলিফেৰা।
প্রশ্ন:
ভাৰতত
খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ
প্ৰয়ােজনীয়তা কি?
উত্তৰঃ
ভাৰত এখন জনবহুল দেশ। বর্তমান
আমাৰ দেশত অস্বাভাৱিক হাৰত
হােৱা জনসংখ্যা বৃদ্ধিৰ বাবে
আমাক এতিয়া আগতকৈ অধিক
খাদ্যদ্রব্যৰ প্রয়ােজন।
কিন্তু তাৰ তুলনাত আমি আমাৰ
খেতি পথাৰৰ আকাৰ বৃদ্ধি কৰিব
নােৱাৰে। সেয়ে দেশত খাদ্যৰ
নাটনি নহ’বৰ বাবে আমি আমাৰ
উৎপাদন ক্ষমতা বৃদ্ধি কৰি
খাদ্য সম্পদৰ উৎকর্ষ সাধন,
কৰাটো
আৱশ্যকীয় হৈ পৰিছে।
No comments:
Post a Comment