এখন দেশত লট্কন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল । বামুণৰ ঘৈণীয়েকজনী বৰ মুখ-চোকা আছিল । গিৰিয়েকে টকা-কড়ি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে । ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুনৰ মনত বৰ বেজাৰ লাগিল । সি ভাবিলে, “মই ঘৰৰ পৰা ওলাই যাওঁ । ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ” ।
ইয়াকে ভাবি বামুণ পূৱাই ঘৰৰ পৰা গুচি গ’ল ।
বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল । তেতিয়ালৈকে তাৰ পেটত খুদ-কণ এটিও পৰা নাই । ভোকে-পিয়াহে বামুণক জৰ্জৰিত কৰিলে । এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল । দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খাই-বৈ উঠি তাৰ আঁঠ বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল । বামুণ দোকানৰ ওচৰত থিয় হ’লত ল’ৰাটোৱে সুধিলে, “তোমাক কি লাগে ? তোমাৰ নাম কি ?” বামুণে উত্তৰ দিলে, “মই মিঠৈ খাবলৈ আহিছোঁ ; মোৰ নাম মাখি” ।
এইবুলি বামুণে টপ্কৰে মিঠৈ মুখত সুমাবলৈ ধৰিলে । বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক মাতি ক’লে, “বোপাই, বোপাই, মাখিয়ে মিঠৈ খাইছে” ।
বাপেকৰ চিলমিলকৈ টোপনি আহিছিল, পুতেকে তাৰ টোপনি ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে, “মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি” ।
এই কথা শুনি বামুণে লাহেকৈ ল’ৰাটোক ক’লে, “শুনিলি এতিয়া ? তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে” ।
এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে । ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক ক’লে, “বোপাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে” ।
এইবাৰ বাপেকে ভেকাহি মাৰি দি ক’লে, “কৰিলে যদি কৰক, তই কেপ্কেপাই নেথাকিবি” । ল’ৰাটোৱে এই কথা শুনি বাপেকক ভালকৈ বুজাই ক’বলৈ ভিতৰলৈ উঠি গ’ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি-পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্দ্ধং কৰিলে । ল’ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক’লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে । সি তেতিয়া ল’ৰাটোক বৰকৈ খং কৰিলত ল’ৰাটোৱে ক’লে, “মই দেখোন তোমাক গুৰিৰে পৰা কৈয়েই আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি ; তুমিহে ক’লা খাওক” ।
বাপেকে ক’লে, - “তই কৈছিলি, মাখিয়ে খাইছে বুলি ; মানুহে খাইছে বুলি নকলি কিয় ?” পুতেকে উত্তৰ দিলে, - “সি মোক তাৰ নাম মাখি বুলি কৈছিল” ।
বাপেকে কোনফালে মানুহটো পলাই গ’ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেই ফালেই খেদি গ’ল ।
বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাতৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল । এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল’লে । বামুণে উঠি গছ জোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে । এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰিলে । বামুণে গাহৰিৰ নেজত ধৰি ঘূৰি থাকোঁতে তাৰ খোচোনাৰ পৰা সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল । বামুনে গাহৰিৰ নেজডাল এৰিব নোৱৰা হ’ল ; কাৰণ এৰিলেই তাক গাহৰিয়ে সাং কৰিব ।
ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে । সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুনক সুধিলে, “ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই অছা কিয় ?” বামুণে উত্তৰ দিলে, “তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই । তুমি জানো দেখা নাই সেই টকাবোৰ ?” সি ক’লে, “দেখিছোঁ” ।
বামুণে ক’লে, “গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকেপ্ৰ্তি ৰূপ লাদি দিয়ে ; সেই দেখি ঘূৰাইছোঁ” ।
মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে – “আজি মোৰ অনেক টকা লোকচান হৈছে, যদি এইদৰে এগাল টকা ঘটি ল’ব পাৰোঁ তেন্তে ভালেই হয়” ।
ইয়াকে ভাবি সি বামুণক ক’লে, “ককাই মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে ? ময়ো বৰ বিপদত পৰিছোঁ । মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই টকাচেৰেক ৰূপ ঘটিবলৈ দিয়া, বৰ উপকাৰ হয় । এটা জুৱাচোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চোৰ কৰি নিলে” ।
তাৰ কথা শুনি বামুণে ক’লে, “তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুইণ হ’ব, বাৰু ঘূৰুৱা” ।
এই বুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ, দোকানীয়ে ধৰিলত, সাউৎকৰে নিজে এৰি দি লৰলৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব ।
বামুন ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ’লগৈ । ৰাতি সি তাতে খাই-বৈ শুই থাকি ৰাতিপূৱাৰ আগতেই তাৰ ঘোঁৰাটো য’ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগত ঘাঁবোৰৰ ভিতৰত ৰূপৰ দহ টকা সুমাই থৈ গুচি আহি আকৌ শুই থাকিলহি । ৰাতি ভালকৈ পূৱালত গৃহস্থ শুই উঠিল । আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপৰ দহ টকা উলিয়ালে । গৃহস্থই দেখি আচৰিত মানি, কি কথা, কি ব্যৱস্থা তাক সুধিলত সি ক’লে, “এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপূৱা দহ টকাকৈ ৰূপ পাঁও আৰু তাৰেই মই প্ৰতিপালিত হওঁ” ।
বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল । সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল’বলৈ বৰকৈ খট্বান্ধকৈ ধৰিলে । দৰ-দস্তুৰ কৰি সি ছশ টকা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি লবলৈ ওলাল । বামুণে প্ৰথমে নিদিওঁ নথওঁকৈ শেষত ক’লে, “বাৰু আঢ়ৈকুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া । তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা” ।
গৃহস্থই তাতে মান্তি হৈ ৬৫০ টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল’লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই ন ঘোঁৰাত উঠি গুচি আহিল । আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে । বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত লগালে, “মোক ভাল ঠগি গ’লা” ।
ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হলোঁ” ।
বামুণে উত্তৰ দিলে, “ককাই, মই তোমাক ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি এশপাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় ১০০ টকা ৰূপ পাবা” ।
বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব ; সেইদেখি সি সেই কথা কৈছিল । বামুণে এইদৰে মিঠৈৰ দোকানিক কৈ ঘোঁৰা চেঁকুৰাই গুচি গ’ল । দোকানীয়ে অলপ উশাহ পাই ঘুৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল । তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল । বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক’লে, “নে এইবোৰ ৰূপ” ।
ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল ।
******************************************************************
পানেশৈ
এখন গাঁৱত এজনী বুঢ়ী আছিল । তাইৰ এটা মৰমৰ ল’ৰা আছিল । ল’ৰাটোৱে এদিন পাণনি-চুৰুকি থাকোঁতে হথাৎ হাঁহ-কণী এটা পাই মাকক দিলেগৈ । মাকে কণীটো ধোৱাঁচাঙৰ ওপৰত তুলি থলে । কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ মনে মনে ধোঁৱাচাঙতে লুকাই থাকিল । বুঢ়ী ফুৰিবলৈ গ’লে ছোৱালীজনীয়ে সদায় চাঙৰ পৰা নামি আহি বুঢ়ীৰ ঘৰৰ পইতা ভাত খাই তপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ । এদিন বুঢ়ীৰ মনত গাজিলে, - মই চৰুত পইতা ভাত থৈ যাওঁ, কোনেনো নিতৌ পইতা ভাত খাই তপত গাল ৰান্ধি থৈ যায়হি ? বুঢ়ীয়ে এদিন বুধি পাতি ওচৰ চুবুৰীয়াক ডাঙৰ ডাঙৰকৈ ক’লে, - “আজি মই দুৰলৈ ফুৰিবলৈ যাম । তহঁতে মোৰ ঘৰ চাবি দেই” ।
এই বুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকত লুকাই থাকিল । আন দিনাৰ দৰে ছোৱালী জনীয়ে বুঢ়ী ওলাই গ’ল ভাবি আহি পইতাগাল খাই তপত এগাল ৰান্ধি থৈ, বেৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ্কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে । বুঢ়ীয়ে তেতিয়া “তই ক’ৰ ছোৱালী ? ইয়াত তই কেলৈ আছ ?” বুলি সোধাত তাই আতিগুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে । সেই দিনাখনৰে পৰা তাই বুঢ়ীৰ ঘৰত দেখা-শুনাকৈ থাকিল আৰু বুঢ়ীয়ে তাইৰ নাম পানেশৈ দিলে ; অইন মানুহে এইজনী ক’ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে “মোৰ জী” বুলি কয় ।
বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল । পানেশৈকে তাৰ বিয়া কৰাবৰ মন গ’ল । কিন্তু লাজত সি মাকক একো ক’ব নোৱাৰি ৰোহ-ঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ । ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই । পাছে বুঢ়ীয়ে ৰোহ-ঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোবা এখন পৰি থকা দিখি ওপৰলৈ চাই পুতেকক দেখি মাতিলে, - “বোপাই নামি আহ, তোক মই যিহকে লাগে তাকে দিম” ।
তেতিয়া পুতেকে মাকক ক’লে যে সি পানেশৈক বিয়া কৰাবৰ মন গৈছে । বুঢ়ীয়ে এৰাব নোৱাৰি মান্তি হৈ, পানেশৈক গম নোপোৱাকৈ তলে তলে বিয়াৰ ঠিক কৰিলে । বিয়াৰ দিনা পানেশৈয়ে নদীৰ ঘাটত মাহ হালধি বতি আছে, এনেতে সিফালৰ পৰা মগনিয়াৰ বুঢ়ী এজনী আহি পানেশৈক – “আই মোক মাহ দুটামান দিয়া” বুলি খুজি তাইৰ ওচৰতে বহিলহি । পানেশৈয়ে “যা ক’ৰ বুঢ়ী । মই ককাইৰ বিয়ালৈ মাহ হালধি বাঁটিছো, তোক কেনেকৈ দিম” ।
এই বুলি ক’লে । বুঢ়ীয়ে “বাৰু আই ভাল, ককায়েৰৰ বিয়ালৈ মাহ হালধি বাঁটিছ ; ছোৱালী কোন ক’ব পাৰ নে ?” এই বুলি সুধিলে । পানেশৈয়ে “নোৱাৰো ক’ব বাই ; কোন নো কচোন ?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে ক’লে, - “ছোৱালী আৰু কোন হ’ব আই, তোৰে লগত বিয়া পাতিছে” ।
পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক “বাই মইনো এতিয়া কি কৰিম কচোন ?” বুলি সোধাত বুঢ়ীয়ে ক’লে, - “তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ তহঁতৰ ঘৰৰ পিচত থকা বৰ পুখুৰীতে খেলাই থাকগৈ । তোক মাতিলে কেতিয়াও নাহিবি । ৰাতি হ’লে পুখুৰীৰ পাৰতে থকা ছোৱা গছৰ মুঢ়াতে সোমাই থাকিবিহি” বুলি বুধি দি গুচি গ’ল । পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এখন লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে । মাকে মাতেহে মাতে পনেশৈ নাহে । পানেশৈ নহা দেখি মাকে বিনাই বিনাই মাতিলে –
“পানেশৈ পানেশৈ মোৰ আই পানেশৈ
মোৰ ঘাটে চপাই দে নাও ।
দুহাতে দুমুঠি দি যাম চাৰি মুঠি
ডিঙিতো পিন্ধামে হাৰ ।
খাটলিপীৰাতে বহি ভাতে খাবি
বেটীয়ে ধৰিব আল ।
পানেশৈয়ে মাকক উত্তৰ দিলে, -
“দুহাতে দুমুঠি নলওঁ চাৰি মুঠি
তোৰ ঘাটে নচপাওঁ নাও ।
খাটলিপীৰাতে বহি ভাতে নেখাওঁ
বেটীয়েও নধৰক আল” ।
ককায়েকেও পানেশৈক মাতিলে, -
“পানেশৈ পানেশৈ মোৰ ভনী পানেশৈ
মোৰ ঘাটে চপাই দে নাও ।
দুহাতে দুমুঠি দি যাম চাৰি মুঠি
ডিঙিতো পিন্ধামে হাৰ ।
খাটলিপীৰাতে বহি ভাতে খাবি
বেটীয়ে ধৰিব আল ।
পানেশৈয়ে উত্তৰ দিলে, -
“ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ
তোৰ ঘাটে নচপাওঁ নাও ।
“দুহাতে দুমুঠি নলওঁ চাৰি মুঠি
ডিঙিতো নিপিন্ধো হাৰ ।
খাটলিপীৰাতে বহি ভাতে নেখাওঁ
বেটীয়েও নধৰক আল ।
আগেয়ে আছিলা মৰমৰ ককাইদেউ
এতিয়া হলাহি স্বামী” ।
পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত, মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল । দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাওঁ আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতি ছোৱা গছৰ মুঢ়াতে সোমাই থাকে ।
এদিন ককায়েকে ছোৱাৰ মুঢ়াৰ ওপৰত উঠি বৰশী বাইছিল । বৰশিত মাছে নুখুটি কেৱল কাণীপুঠী দুটামানে খুটিছিল । তাকে দেখি পানেশৈয়ে মুঢ়াৰ ভিতৰৰ পৰা মাত লগালে –
“একোমাছে নোখোতে, খোটে কাণীপুঠী ।
ককায়ে বৰশী বায় ছোৱা মুঢ়াত উঠি” ।
এইদৰে কেবা বাৰো মাতি আছে । ককায়েকে শুনি থাকি ইয়াতনো কি আছে বুলি মুঢ়াটো কুঠাৰ এখন আনি চিটাচিট কৰি পেলালেহি । এনেতে সেই মগনিয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে । সি খঙত জ্বলি উঠি ক’লে, “বেটী তয়ে মোৰ বিয়াখন ভাঙিলি ।
এতিয়া আকৌ খৰি বিচাৰি আহিছ । যা তোক খৰি নিদিওঁ” ।
বুঢ়ীয়ে নৈৰ পলবোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গ’ল । চলি চটা বুঢ়ীয়ে ধুই-পখালি ধোৱাচাঙত তুলি থলেগৈ, পানেশৈ সেই চলিতে সোমাই আছিল । বুঢ়ীয়ে বাহিৰলৈ ওলাই গ’লে, পানেশৈয়ে চৰুৰ পইতাগাল খাই তপত ভাত ৰান্ধি থয় । এইদৰে বহুত দিন গ’ল, এদিন পানেশৈ বুঢ়ীৰ হাতত ধৰা পৰিল । দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে, ৰাতি ছোৱালী হৈ বুঢ়ীৰ লগতে শুই থাকে । এদিন ককায়েকে এই বুঢ়ীৰ চোতালতে সমনীয়া ল’ৰা দুটামানৰ সৈতে ঘিলা খেলি আছিল । পানেশৈ খুৰী হাঁহজনী হৈ ওচৰতে টোক্টোকাই আছিল । ককায়েকে ঘিলাটো মাৰি দিলতেই তাই থাপ মাৰি লৈ গ’ল । ককায়েকে ভাবিলে, “এইজনী হাঁহতো কম নহয় ; এই হাঁহ নহয়, কিবাহে” ।
ইয়াকে ভাবি সি ৰোহঘৰত সোমালহি । মাকে কি হৈছে বুলি তাক সুধিলত সি কলে, - “বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে” ।
মাকে মগনীয়াৰ বুঢ়ীক বৰকৈ ধৰি ৰূপবান দি হাঁহজনী আনি পুতেকক দিলে । পুতেকে হাঁহজনীক আতোলতোলকৈ মৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱাপাটিত শুৱাই থয় । এদিন মগনিয়াৰ এজনীয়ে ল’ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি ক’লে, - “বোপাই সেইজনী হাঁহ নহয় তোৰ পানেশৈহে । আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি । তোক হাঁহ জনীয়ে খুটিব, কিন্তু তই নুঠিবি । তেতিয়া তোৰ তোপনি আহিছে ভাবি তাই মোট সলাই বাহিৰলৈ যাওঁতেই তই মোটটো তুঁহজুই একুৰাত সুমাই দিবি । তাই তেতিয়াই ভিতৰলৈ লৰি আহি মুচ্কচ্ গৈ পৰিব । তেতিয়াই তাইৰ মূৰত তেল পানী নেমুটেঙা থপিয়াই দিবি আৰু বিচনিৰে বিচিবি । তেনে কৰিলে তাই জ্ঞান পাব” ।
এই বুলি মগনিয়াৰ বুঢ়ী গুচি গ’ল । ল’ৰাই ৰাতি ঠিক মগনিয়াৰ বুঢ়ীয়ে কোৱাৰ দৰেই কৰিলত, হাঁহজনী এজনী দিব্য ছোৱালী হৈ পৰিল । তায়ে সেই পানেশৈ । ইয়াৰ পিচত সি তাইক বিয়া কৰায় ঘৰ পাতি বহুত দিন সুখেৰে কটালে ।
**************************************************************
তীখৰ আৰু চুটিবাই
এক গাঁৱত এহাল মাউৰা ল’ৰা-ছোৱালী অছিল । ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই । ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা অছিল দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি-চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল । সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি-জাগৰি, ঠোঙোনা-মোঙোনা খাই বৰ দুখত উঠিছিল ।
সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ’ল । সি বায়েকক ক’লে, -
“চুটি-মুটি বাই ।
পিঠা খাবৰ মন যায়” ।
বায়েকে উত্তৰ দিলে, - “এ বোপাই, মন গ’লেই জানিবা, খাবি কৰপৰা ? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে ; নহ’লেনো আই-বোপাইয়ে আমাক টিলৌ-টিপৌতে এৰি মৰি যায় নে ? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে । কোনোমতে খুজি-মাগি শাকে-পাতে ভাত এগাল খাওঁ ; পিঠা খাবলৈ বৰা ধান পাম ক’ত ? তেল পাম ক’ত ? গুড় পাম ক’ত ?” ।
বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক’লে, “চুটিবাই, তই মোক জোথা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ” ।
এইবুলি তীখৰে এৰীয়া কাপোৰ খন গাত লৈ ওলাই গ’ল ।
এঘৰ মানুহৰ ঘৰত বৰাধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল । গিৰিহঁতে ধানখেৰ জোকাৰি আঁতৰাইছে, তীখৰে তাক বাৰেভচহু ফুচুৰী কথা কৈ হঁহুৱাব লাগিছে । এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে । মানুহটোৱে পানী লৈ আহি দেখে যে । ল’ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে । সি তাক সুধিলে, - “হেৰ তীখৰ তোৰ কি হ’ল অ’ ?” তীখৰে কেকাই কেকাই উত্তৰ দিলে, - “উস মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই ।
কি কৰোঁ কলৈ যাওঁ । মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’লতে তীখৰে – “উস মই ঘৰলৈকে যাওঁ ; ইয়াত থাকিলে মৰিম” বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে । ঘৰলৈ আহি তীখৰে বায়েকক - “এইয়া ধান নে” বুলি কৈ কাপোৰ খন জোকাৰি ধান এগাল উলিয়াই দিলে । বায়েকৰ মহা ৰং । তাই ক’লে, - “ধান জানিবা পালো, কিন্তু তেল এটোপ পাওঁ ক’ত । তীখৰ, “বাৰু মোক টেকেলি এটা দে” বুলি কৈ, বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল । গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দিখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক’লে, - “ককাই ময়ো বেটেৰিটোৰ ওপৰত উঠিম নে ?” ভৰ সৰহ হ’লে বেগাই তেল ওলাব” ।
শালৰ গৰাকীয়ে ক’লে, - “উঠিবৰ মন গৈছে যদি উঠ, হানি নো কি ?” বেটৰিৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে, -
“এ সীতা শান্তি এ,
তোক মই নোবোলো ভাল ।
সূবৰ্ণৰ দলিচাই গা জুৰ নহ’লে,
তোক লাগে মিৰিগৰ ছাল” ।
তীখৰৰ মাতটো বৰ সুৰীয়া ; সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে । গীত গোৱা হ’লত তীখৰে ক’লে, “ককাই মোৰ ডিঙিটো চৰচৰাইছে এখন তামোল খাবলৈ পোৱা হেঁতেন ভাল আছিল” ।
সি এই বুলি ক’লত, গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গলতে, তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ টেল ভৰাই লৈ গুচি গ’ল । উভতি আহে তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰ্ং পাই ক’লে, “বাৰু তেল হ’ল, কিন্তু গুড় নহ’লে পিঠা খাবি কিহেৰে ?” তীখৰে অকৌ গুড় বিচাৰি লৰ ধৰিলে ।
তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ । যেই বতাৰ পাতত জুই লাগি জলি উঠিল তীখৰে লৰি আহি ফোঁপাই-জোপাই কুঁহিয়াৰ পেৰি থকা মানুহ কেইটাক ক’লে, - “ককাই সৰ্ব্বনাশ ! সৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধমধমকৈ জুই লাগিছে । এতিয়াই তোমালোকৰ ঘৰ-বাৰী পুৰি ভষ্ম হ’ব” ।
মানুহকেইটাই সেই ফালে চাই জুই লগা দেখি, কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালীতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ ধৰিলে । তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলায়ুৰ্দ্ধং কৰিলে ।
গুড় পাই চুটিবাইৰ বৰ আনন্দ হ’ল । তাই পিঠা কৰিবলৈ যোঁ-জা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল খৰি নাই । তেতিয়া তীখৰৰ বায়েকে ক’লে, - “তীখৰ ভাল কথাটো হ’ল । খৰিলৈ পাহৰিলোৱেই । খৰি এডালো নাই । বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে । এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ্ ঘপ্ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, - “তই কোন অ’ ? দেখোন ঘপ্ ঘপ্ কৰে গছৰ ডাল কাটিব লাগিছ ? এইখন মোৰ বাৰী বুলি তই নেজাননে ? তই কিয় মোৰ বাৰীত খৰি লুৰিছ অ’ ?”
তীখৰে বাঘক দেখি ভয় পাইও, ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, - “অ’ এইটি আমাৰ বাঘ ককাই নে ? এৰা ককাই ! মই এইখন তোমাৰ বাৰী বুলি জানো । মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে ? ককাই, মোৰ ঘৰত পিঠাখোৱা পাতিছে । ভাবিলো তালৈকে গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডালচেৰেকো লৈ যাওঁ” ।
তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক’লে, “নিয়া, নিয়া, মোৰ ভাইটি, যিমান খৰি লাগে নিয়া । মই যামতো পিঠা খাবলৈ । তোমাৰ ঘৰত নেখাম আৰু নো কাৰ ঘৰত খাম ? পিছে কেতিয়ানো যাব লাগিব ?” তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে, “সৌফালে যিদিনা বৰধোঁৱা দেখিবা, সেইদিনাই” ।
ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ ।
ইয়াৰ পিচত বায়েকে পিঠা ভাজি দিলে ; তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভুকে নেপালে । পিছদিনা সিহঁতৰ ঘৰৰ আগচোতালত তিতা ধানখেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দি, বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে । এখন পিঠা পদুলিমূৰত, এখন দুৱাৰমুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল । পদুলিমূৰত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চুণৰ ফিচা আছিল । বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদুলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখৰখন খালেহি । সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে । ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সেপ ঢুকিব নোৱাৰি মৰি থাকিল ।
**************************************************************
ভেকুলীৰ সাধু
এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল । সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ ধৰিবলৈ বুলি প’ল, জুলুকী লৈ উকিয়াই ওলালত বুঢ়া-বুঢ়ীৰো গা উঠিল । বুঢ়াৰ ভগা প’ল এটা আৰু বুঢ়ীৰ ভগা জাকৈ এখন আছিল, তাকে লৈ মাছলৈ দুয়ো ওলাল । বিলত নামি গঞা মানুহে গাইপতি ভাৰে ভাৰে মাছ মাৰিছে । কিন্তু বুঢ়া-বুঢ়ীয়ে চবিয়াই চবিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে । শেষত বুঢ়াৰ খ্ং উঠি বুঢ়ীৰে সৈতে দন্দ এখন পাতি লৈ উত্তৰা-উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে । বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জাকৈখন লৈ, আকৌ চাবচেৰেক মাৰিলত তাইৰ জাকৈত এটা ভেকুলী উঠিল। বুঢ়ীৰ জাকৈত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে ছিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিল ।
ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰত মাৰ মাৰি দিব খোজোঁতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, “ককা মোক নেমাৰিবা, মই তোমাৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম” ।
বুঢ়াই উত্তৰ দিলে, “বাৰু অ’ ।
তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ সোলেং এটা দিবি দেখিছোঁ । মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হ’বলা” ।
ভেকুলীয়ে ক’লে, “দিম হাল কোৰ বাই ককা । তুমি মোক ৰাখি চোৱাচোন” ।
ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, ‘চোৱাই যাওকচোন ইনো কি কৰে ; ই দেখোন বৰ গণ্ডপ মাৰিছে’ ।
ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে । পিছদিনা পোৱাই বুঢ়াই ভেকুলীক ক’লে, “যাচোন গৰুহাল লৈ পথাৰলৈ, তই নো কি হাল বাৱ চাওঁ” ।
বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ’ল । সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অঁতাই পথাৰত আলি দিবলৈ লাগিল ।
এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহে-দুনুহে, ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গচকি অলিটো ভাঙি তহিলং কৰি গ’ল । তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে । ৰজাই গালি শুনি চাৰিওফালে চায়হে চায় কোনেনো গালি পাৰিছে, গৰুহালৰ বাহিৰে আন কাকো তাত নেদেখে । বাৰেপতি গালি পৰা শুনি ৰজাৰ অসহনীয় হলত, তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ’ল ।
ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া-বুঢ়ীক সকলো ভঙি ক’লত বুঢ়া-বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে । ভেকুলীয়ে বুঢ়ীক ক’লে, “আই বেজাৰ নকৰিব ; আপুনি মোক এদোনমান মাহ গোটকৰাই দিয়ক মই গৰুহাল অনিবলৈ যাওঁ” ।
বুঢ়ীয়ে সুধিলে, “তই গোটকৰাই কি কৰিবি” ।
ভেকুলীয়ে ক’লে, “মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব” ।
বুঢ়াই ক’লে, “নেলাগে বুপাই তই গৰু অনিবলৈ যাব ; ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, মৰা হে পৰিবি । মই মৰকীয়াকৈয়ে গৰু অনি যি পাৰো খেতি কৰিম, তই নেলাগে বোপাই” ।
কিন্তু ভেকুলীয়ে একোতে ক্ষান্ত নহৈ যাবলৈ ওলোৱা দেখি শেষত বুঢ়ীয়ে তাক এদোনমান মাহ গোটকৰাই ভাজি দিলত সি তাকে লৈ ওলাই গ’ল । ভেকুলীয়ে জোলোঙাত মাহ গোটকৰাই লৈ একোমুঠি খাই এই বুলি বাটে বাটে গাই যাবলৈ ধৰিলে ।মাহ গোটকৰাই খাওঁবাটে বাটে যাওঁ,মোৰ লগত যেয়ে আহেতাকো এগাল দিওঁ ।ভেকুলীৰ কথা শুনি মাহ গোটকৰাই খাবৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু আনকি মৌ, বৰল, কোঁদো প্ৰভিতিও তাৰ লগ লাগিলহি । ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোটকৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি ক’লত সিহঁতে সেই কথা শুনি ৰজাৰে সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগতে গ’ল । ভেকুলীয়ে এটাইবোৰ জন্তুৰে সৈতে, মাটিৰ ধুলি উৰাই গুজৰি-গুমৰি ৰজাৰ পদুলি পাই কৈ পঠিয়ালে যে, “ৰজাই মোৰ গৰু ওভতাই দিবনে, মোৰ সৈতে যুঁজ দিব ?” ৰজাই যুঁজহে দিম বুলি ক’লত, ৰজাৰ সৈন্যৰে সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল । ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল’ৰা মৰিলত, ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি ।ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকূতি কৰি ক’লে, “যদি ভেকুলীয়ে মোক এই বাৰলৈ ক্ষমা কৰে তেন্তে মই ভেকুলীক মোৰ অৰ্দ্ধৰাজ্য আৰু মোৰ জীক দিম” ।
এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ, ৰজাৰ ঘৰতে থাকি, বুঢ়া-বুঢ়ীকো তালৈ তুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে ।
***************************************************************
No comments:
Post a Comment