js

Friday, April 1, 2022

জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।



১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।


চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয়।



ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভোগা সত্ত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৪২ চনৰ ভাৰত‌ ত্যাগ আন্দোলনত‌ তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।



১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।


১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।

No comments:

Post a Comment

SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020

  Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020   PROSE SECTION:   (Section-A)   1. A Letter to God G.L. Fuentes   ...