Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 3 Questions and Answers draft

গীত আৰু ছবি

দুর্গেশ্বৰ শৰ্মা

প্রশ্ন ১। চমু উত্তৰ দিয়া।

(ক) কেনে গীত আৰু কেনে ছবি কোনেও ভাল নােবেলে ?
উত্তৰঃ যিটো গীত বুজাইহে বুজে, যিটো ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নােবোলে।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰঃ গীত হলে আমাৰ প্ৰাণ টানি ধৰে।

(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ?
উত্তৰঃ মিহি ভাব, মিহি গতি, কৌশলী বিদ্যা অজৰ-অমৰ।

(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলােৱে ভাল বুলি কয়?
উত্তৰঃ যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলােৱে একে ৰং পায়, জগতৰাে উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলােৱে ভাল বুলি কয়।

(ঙ) সিহে পায় নিজে নিজে আলাসত ঠাই”—ইয়াত আলাস শব্দটোৰ অর্থ কি?
উত্তৰঃ আকাশ, শূন্য।

প্রশ্ন ২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই
উত্তৰঃ ভাল গীত আৰু ছবিক সকলােৱে ভাল পায়, আদৰ কৰে। উচ্চ প্রশংসা কৰে, উচ্চ আসনত ঠাই দিয়ে। কাৰণ ভাল গীত নুবুজা হলেও সি প্রাণ টানি ধৰে, অশান্ত হৃদয় জুৰ পেলায়। সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সােমাই পৰে, মনটো আনন্দৰে ভৰি পৰে।

প্রশ্ন ৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰঃ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা। এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰণ গছপাত আদিক লােক চক্ষুৰ আগত আকর্ষণীয় কৰি তুলিব পাৰে। যিটো গছৰ পাত দেশিও আমি আকর্ষিত নহয়, মন নকৰোঁ, শিল্পী হাতৰ পৰশত সি ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায়, মনপ্রাণ টানি ধৰে, মনত সােমায়। সেই কাৰণেই শিল্পীসকল, চিত্ৰসকলক মহান বুলি কয়। তেওঁলােকে ছবিত যিকোনাে বস্তুকে জীবন্ত ৰূপ দিব পাৰে। যিহেতু কৌশলী বিদ্যাৰ মৃত্যু নাই, – সি অজৰ অমৰ গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবিবােৰ অজৰ-অমৰ।

প্রশ্ন ৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নােবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলােৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা।
উত্তৰঃ যিবােৰ গীত শুনিলে সকলােৱে বুজি নাপায়, যিবােৰ গীতৰ সুৰে সকলােৰে অন্তৰ স্পৰ্শ কৰিব নােৱাৰে তেনেবােৰ গীত শুনিলেও কোনাে আকর্ষিত নহয়, কোনেও প্রাণত আনন্দ অনুভৱ নকৰে। তেনেবােৰ গীতক কোনেও ভাল বুলি নকয়। তাৰােপৰি যিবােৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবােৰ ছবিকে কোনেও ভাল বুলি নকয়। শিল্পীয়ে নিজৰ কাৰণেও গীত গায়, ছবি আঁকে হলেও এইবােৰে আমাকো তৃপ্ত কৰিব পাৰিব লাগিব। শ্রোতা, দর্শকক তৃপ্ত কৰিব পাৰিলেহে শিল্পীৰ সার্থকতা। আনহাতে যিবােৰ গীত শুনি, ছবি চাই সকলােৱে সমানে আনন্দ পায়, যিবােৰ গীত শুনিলে প্রাণ টানি ধৰে; যিবােৰ ছবিয়ে দর্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে, চকু তৃপ্ত হয় তেনেবােৰ গীত আৰু ছবিকে সকলােৱে ভাল বুলি স্বীকৃতি দিয়ে। ভাল গীত আৰু ছবিয়ে মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে। এনেগীত আৰু ছবিৰ মৰণ নাই

প্রশ্ন ৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ যিটো গীত শুনিলে বুজাইহে বুজে সকলােৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয়। আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকে কোনেও ভাল নেদেখে। যিটো ছবি দেখি, যিটো গীত শুনি সকলােৱে আনন্দ পায়— তেনে গীত আৰু ছবিক সকলােৱে আদৰি লয়, উচ্চ প্রশংসা কৰে, উচ্চ স্থানত স্থান দিয়ে। কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তােলে। ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে। সদায় দেখি থকা গছ পাতটিও ছবিত মনােৰম, জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্রাণ টানি ধৰে। ভাল গীত আৰু ভাল ছবিত মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে। এই সমূহৰ মৃত্যু নাই, ইহঁত অজৰ-অমৰ। ভাল গীত য’তেই গােৱা হয়, ভাল ছবি য’তেই প্রদর্শন কৰা হয় তাতেই প্রশংসিত হয়। সেই প্রশংসা ঠাই আৰু পৰিবেশ অনুসৰি কম বা বেছি হ’ব পাৰে।

প্রশ্ন ৬। ব্যাখ্যা কৰা —

(ক) সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্রাণ টানি ধৰে।
উত্তৰঃউদ্ধৃত কবিতাফাকি কবি দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি’ কবিতাটিৰ অন্তর্গত।
কবিয়ে গীত আৰু ছবিৰ মহত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে।
শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনাে বস্তুকে জীৱন্ত ৰূপ দি অতি আকর্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা, অথচ অকণাে আকর্ষিত নােহােৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মন সােমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে। সাধাৰণ বস্তু এটাও ছবি হলে আকর্ষণীয় হৈ পৰে। সেইদৰে গীতৰ সন্মােহনী সুৰেও প্রাণত আনন্দৰ জোৱাৰ তােলে। সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্রাণ টানি ধৰে, অন্তৰ জগাই তােলে; অন্তৰত অফুৰন্ত আনন্দ পােৱা যায়।

(খ) মিহিভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ অমৰ,
যতে পৰে ত’তে গজে বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।
উত্তৰ : উদ্ধৃত কবিতাফাকি কবি দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি’ কবিতাটিৰ অন্তর্গত।
ভালগীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পর্কে ক’বলৈ গৈ কবিয়ে এই ফাকি কবিতাৰে কবিতাটিৰ সামৰণি মাৰিছে।
যিবােৰ গীত আৰু ছবি ভাল বুলি সকলােৱে প্রশংসা কৰে, আদৰ কৰে সেইবােৰ গীত আৰু ছবিত এটা মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিয়ে ব্যক্তি তথা স্থান নির্বিশেষে সকলােকে মােহিত কৰে। এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবােৰ অজৰ-অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। এনে গীত আৰু ছবিয়ে সকলাে ঠাইতে, সকলাে সমাজতে আদৰ পায়, প্রশংসিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তাে সেই আদৰ আৰু প্রশংসা কম বেছি হ’ব পাৰে।

প্রশ্ন ৭। সমার্থক শব্দ লিখা –
জগত, উলাহ, চকু, সৰু, ভাল, কাণ

উত্তৰঃ

শব্দ সমার্থক
জগত বিশ্ব
উলাহ আনন্দ
চকু আখ, চক্ষু, নয়ন
সৰু ক্ষুদ্র
ভাল শুভ
কাণ কৰ্ণ

প্রশ্ন ৮| বাক্য ৰচনা কৰা।
কৌশলী বিদ্যা, অজৰ অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল।
উত্তৰঃ

কৌশলী বিদ্যা →শিল্প কলা এটা কৌশলী বিদ্যা।
অজৰ-অমৰ — ভাল কামৰ মৰণ নাই, অজৰ-অমৰ হৈ থাকে।
আলাসত ঠাই – সুকামত আলাসত ঠাই পাব পাৰি।
ডাঙৰ-দীঘল— পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত সন্তান ডাঙৰ-দীঘল হয়।

প্রশ্ন ৯। বিপৰীতার্থক শব্দ লিখা
মিহি, প্রাণ, মৃত্যু, মূল, ক্ষুদ্র

উত্তৰঃ

শব্দ বিপৰীতার্থক শব্দ
মিহি খহটা
প্রাণ অপ্রাণ
মৃত্যু জীৱিত
মূল অমূল, আগ
ক্ষুদ্র ডাঙৰ

(ক) কবি দুর্গেশ্বৰ শৰ্মাৰ জন্ম কত হৈছিল ?
উত্তৰ : ১৮৮২ চনত যােৰহাটৰ পটীয়া গাঁৱত।

(খ) কবি দুর্গেশ্বৰ শৰ্মাৰ এখনি নাটকৰ নাম লিখা।
উত্তৰঃ পার্থ পৰাজয়।

(গ) দুর্গেশ্বৰ শৰ্মাৰ এখনি কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ অঞ্জলি।

(ঘ) গীত আৰু ছবি’ কবিতাটিৰ কবি কোন?
উঃ দুর্গেশ্বৰ শৰ্মা।

(ঙ) “জগতৰৰ উলাহ বঢ়ায়” – কিহে।
উত্তৰ ভাল ছবিয়ে।

(চ) কি গীতে হৃদয় জগাব বুলি কবিয়ে কৈছে?
উত্তৰঃ ভাল গীতে।

(ছ) কিহে “নিজে নিজে আলাসত ঠাই পায়” বুলি কৈছে?
উত্তৰঃ ভাল গীত আৰু ভাল ছবিয়ে।

(জ) কাৰ “মৃত্যু নাই অজৰ অমৰ” বুলি কৈছে?
উত্তৰঃ মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যাৰ।

প্ৰশ্নঃ কেনেকুৱা গীত আৰু ছবিক সকলােৱে ভাল বুলি কয়?

উত্তৰঃ যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলােৱে একে ৰং পায়, জগতৰাে উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলােৱে ভাল বুলি কয়।

প্ৰশ্নঃ ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ যিটো গীত শুনিলে বুজাইহে বুজে সকলােৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয়। আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকে কোনেও ভাল নেদেখে। যিটো ছবি দেখি, যিটো গীত শুনি সকলােৱে আনন্দ পায়— তেনে গীত আৰু ছবিক সকলােৱে আদৰি লয়, উচ্চ প্রশংসা কৰে, উচ্চ স্থানত স্থান দিয়ে। কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তােলে। ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে। সদায় দেখি থকা গছ পাতটিও ছবিত মনােৰম, জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্রাণ টানি ধৰে। ভাল গীত আৰু ভাল ছবিত মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে। এই সমূহৰ মৃত্যু নাই, ইহঁত অজৰ-অমৰ। ভাল গীত য’তেই গােৱা হয়, ভাল ছবি য’তেই প্রদর্শন কৰা হয় তাতেই প্রশংসিত হয়। সেই প্রশংসা ঠাই আৰু পৰিবেশ অনুসৰি কম বা বেছি হ’ব পাৰে।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...