Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 2 Questions and Answers draft

মানৱ বন্দনা কবিতা

— চন্দ্ৰকুমাৰ আগৰৱালা

১। চমু উত্তৰ দিয়া ।

(ক) “মানুহেই পৰাৎপৰ” বােলা কথাষাৰৰ অর্থ অর্থ কি?
উঃ মানুহেই পৰাৎপৰ’ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলােতকৈ শ্রেষ্ঠ। মানুহৰ ওপৰত আন কোনাে শ্রেষ্ঠ জীৱ নাই।

(খ) মানুহক ময়াপী জীৱ’ বােলাৰ অর্থ কি?
উঃ মানুহক ময়াপী জীৱ’ বােলাৰ অৰ্থটো হ’ল মানুহ হৈছে মায়া বা মােহ থকা জীৱ। মানুহে পৃথিৱীৰ মােহ এৰিব নােৱাৰি এইখন পৃথিৱীলৈ পুনঃ পুনঃ জনম লৈ আহি থাকে।

(গ) পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?
উঃ কবিৰ মতে মানুহ দেৱতাতকৈয়াে শ্রেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে কাৰণ থাকিব নােৱাৰে। সেয়ে পাদ্য-অর্ঘ্য অর্থাৎ পূজাৰ সকলাে উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

২। মানব বন্দনা’ কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ কথাৰে লিখা।
উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহ সোঁতৰ কোনাে অন্ত নাই। এই পৃথিৱীলৈ এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচাম মৃত্যু বৰণ কৰিছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে পৃথিৱীক মানুহ নিজাপী ঘৰ অর্থাৎ আপােন ঘৰ বুলি ক’ব পাৰি।

আকৌ এইখন পৃথিৱীক স্বর্গতকৈয়াে অধিক কোৱাৰ কাৰণ হ’ল স্বর্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে পৃথিৱীখন স্বৰ্গতকৈয়াে অধিক সুখৰ ঠাইত পৰিণত হ’ব।

মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে প্রয়ােজন নাই। পূজাৰ সকলাে উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই প্রকৃত ধর্ম। কবিৰ মতে মানৱ দেহাও পবিত্র কাৰণ দেহৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

৩। এই যে পৃথিবী স্বর্গতত অধিক
মানুহৰ নিজাপী ঘৰ।
—কথাষাৰৰ অৰ্থ বুজাই লিখা।
উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সোঁতৰ কোনাে অন্ত নাই। এই পৃথিৱীত এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাপী ঘৰ অর্থাৎ আপােন ঘৰ বুলি কৈছে।

আকৌ কবিয়ে এইখন পৃথিৱীক স্বর্গতকৈয়াে অধিক বােলাৰ কাৰণ হ’ল স্বর্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে এই পৃথিৱীখন স্বর্গতকৈয়াে অধিক সুখৰ ঠাইত পৰিণত হ’ব।

৪। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উঃ উদ্ধৃত কবিতাফাকি আমাৰ সাহিত্য-সুবাসৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্রেষ্ঠ ধর্ম তাকে প্রকাশ কৰিব বিচাৰিছে।

কবিয়ে কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ। কিন্তু মানৱ জীৱন ক্ষন্তেকীয়া। এই ক্ষন্তেকীয়া জীৱনকাল মানুহে মানৱীয় কৰ্মৰ মাজেদি অতিবাহিত কৰা উচিত। কাৰণ মানৱ সেৱাই শ্রেষ্ঠ ধর্ম। মৰম, স্নেহ, দয়া, সহায় সহযােগ, পৰােপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰি। এইদৰে কবিয়ে কবিতাফাকিৰ জৰিয়তে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা  পাদ্য-অর্ঘ্য লই
জয় জয় জয় মানৱ দেহ।
উঃ উদ্ধৃত কবিতাফাকি আমাৰ সাহিত্য সুবাস’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰদ্বাৰা ৰচিত মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। জীৱ হিচাপে মানুহক শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবিৰ মতে মানুহতকৈ আন কোনাে শ্রেষ্ঠ দেৱতা নাই। মানুহে জীৱশ্রেষ্ঠ মানুহকহে পূজা সেৱা কৰিব লাগে। মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে প্রয়ােজন নাই। পূজাৰ সকলাে উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে। কাৰণ মানৱ সেৱাই প্রকৃত ধর্ম। কবিৰ মতে মানৱ দেহাও পৱিত্ৰ কাৰণ দেহাৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

মানৱ বন্দনা কবিতা

প্রশ্ন ২। মানৱবন্দনা কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰঃমানৱ-বন্দনা’কবিতাটি প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম-মৃত্যু আৰু প্রাণী শ্রেষ্ঠ মানুহৰ প্ৰকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে।
এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে, আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে। পৃথিৱীত মানুহৰ এই অহা-যােৱাৰ অনন্ত সোঁত বৈ আছে। মৃত্যু হলেও মানুহে পৃথিৱীৰ যেন মায়া-মােহ এৰিব নােৱাৰি পুনৰ পৃথিবীলৈ আহি আছে। পৃথিৱীত মানুহ মৰি থাকিলেও ই কেতিয়াও জনশূন্য হােৱা নাই। এচামৰ মৃত্যু হলে এচামৰ জন্ম হয়। সেয়ে পৃথিৱী ‘মৰত অর্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনাে অর্থনই।মানুহৰ জন্ম- মৃত্যু সেঁতিৰ কেতিয়াও অন্তহয়। এই পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগী, মানুহেই মানুহৰ কাৰণে দেৱতা স্বৰূপ। সেই কাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ কাম কৰিব লাগে, – মানুহে মানুহক মৰম কৰিব লাগে, মানুহে মানুহৰ কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰিব লাগে। মানুহে মানুহক মৰম কৰা, মানুহে মানুহৰ কল্যাণ কৰা—এইবােৰেই প্রকৃত ধর্ম। মানুহেই মানুহৰ বাবে শ্রেষ্ঠতকৈও শ্রেষ্ঠ, পৰম সত্য। সেই কাৰণে মানুহক পৰম দেৱতা মানি মানুহক পূজা কৰিবলৈ, – অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান জনাইছে।

ভাষা বিষয়ক

প্রশ্ন ৫| সমার্থক শব্দ লিখা
মানুহ, সংগ, পৃথিৱী, সোঁত, স্বর্গ, দেৱ

উত্তৰঃ মানুহ –নৰ, মনিচ, মনুষ্য।
সংগ –লগ, সংগী, লগৰীয়া
পৃথিৱী – ধৰিত্ৰী, বসু, বসুন্ধৰা, ধৰা, মহী
সোঁত— ধাৰ, গতি।
স্বর্গ – সৰগ।
দেৱ —দেৱতা।

(খ) মানৱী জনম দিয়া উটুৱাই’ – বুলি কবিয়ে কিহৰ কথা কৈছে – বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীত মানুহৰ সোঁতৰ অন্ত নাই। মানুহ আহি আছে গৈ আছে অর্থাৎ চামে চামে মানুহ জন্মি আছে,চামে চামে মানুহ মৰি আছে। সেই কাৰণেই পৃথিৱীত মানুহ শূন্য হােৱা নাই। মানুহেৰে পৃথিৱী পূৰ হৈয়েই আছে। মানুহৰ কাৰণে পৃথিৱী ‘নিজাপী ঘৰ। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহৰ সংগ। সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহৰ প্রতি মানুহৰ মৰমেই প্রকৃত ধৰম। মানুহে মানুহৰ কামত অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি, মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে। তেতিয়াহে পৃথিৱী স্বৰ্গতে অধিক সুখকৰ হৈ পৰিব।

(গ) কৰা কৰা পূজা পাদ্য অর্ঘ্য লই’ বুলি কবিয়ে কাক পূজা কৰাৰ কথা কৈছে বুজাই লিখা।
উত্তৰঃ কৰা কৰা পূজা পাদ্য অর্ঘ্য লই’ বুলি কবিয়ে মানুহে মানুহকেই পূজা কৰাৰ কথা কৈছে।
পৃথিৱীলৈ মানুহৰ জন্ম-মৃত্যুৰ সোঁত এটি অহৰহ বৈ আছে। এচামৰ মৃত্যু হ’লেও এচামৰ জন্ম হৈছে। পৃথিৱীত মানুহ শূন্য হােৱা নাই। ইয়াত মানুহৰ একমাত্ৰ সংগী হ’ল মানুহ। মানুহৰ বাবে মানুহতকৈ শ্রেষ্ঠ কোনাে নাই। সেয়ে মানুহে মানুহৰ প্রতি সততে দয়াশীল, সহানুভূতিশীল, মৰমিয়াল হ’ব লাগে । মানুহৰ প্রতি মানুহৰ মৰমেই হৈছে প্রকৃত ধৰম। মানুহৰ বাবে মানুহেই দেৱতা। মানুহৰ সেৱা কৰিলে অন্য দেৱ-দেৱীক সেৱা কৰাৰ প্রয়ােজন নাই। সেয়ে আন্তৰিকতাৰে পাদ্য-অর্ঘ্য লৈ দেৱতাক পূজা কৰাৰ দৰে মানুহক পূজা কৰাৰ কথা কবিয়ে কৈছে; অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে।

প্রশ্ন ৮| অতি চমু উত্তৰ দিয়া

(ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কত আৰু কোন চনত হৈছিল ?
উত্তৰঃ তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মজানত ১৮৬৭ চনত।
(খ) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল?
উত্তৰঃ হৰিবিলাস আগৰৱালা।
(গ) “জোনাকী’ কাকত কোন চনত প্রথম প্রকাশ পায় ?
উত্তৰঃ ১৮৮৯ চনত।

(ঘ) “জোনাকী’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(ঙ) সাদিনীয়া বাতৰি অসমীয়া’ কোন চনত প্রকাশ পায়?
উত্তৰঃ ১৯১৮ চনত।

(চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুৱৰী’ গীতি কবিতাটি কত প্রকাশ পাইছিল?
উত্তৰঃ “জোনাকী’ৰ প্ৰথম বছৰ প্রথম সংখ্যাত।

(ছ) “জোনাকী প্ৰথম বছৰ প্রথম সংখ্যাত প্রকাশ পােৱা চন্দ্র কুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম কি?
উত্তৰঃ বনকুৱৰী’

(জ) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্রথম প্রকাশিত কাব্যপুথিখনৰ নাম কি?
উত্তৰঃ প্রতিমা

(ঝ) প্রতিমাৰ খনিকৰ কাক কোৱা হয়?
উত্তৰঃ চন্দ্র কুমাৰ আগৰৱালাক।

(ঞ) অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?
উত্তৰঃ ‘প্রতিমাৰ খনিকৰ’ বুলি।

(ট) চন্দ্র কুমাৰ আগলৱালাৰ প্রতিমা’ কাব্য পুথিখনৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল ?
উত্তৰঃ “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সােণৰ” বুলি।

(ঠ) চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য পুথি কেইখনৰ নাম লিখা।
উত্তৰঃ প্রতিমা আৰু ‘বীণ বৰাগী।

(ড) মানৱ বন্দনা’ কবিতাটিৰ কবি কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(ঢ) “মানুহ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় ?” – মৰত’শব্দৰ অর্থ কি?
উত্তৰঃ পৃথিৱী, মর্ত, মৰণৰ ঠাই।

(ণ) “মানুহেই পৰােপকাৰ” ‘পৰাপকাৰ শব্দৰ অর্থ কি ?
উত্তৰঃ শ্রেষ্ঠতকৈয়াে শ্রেষ্ঠ — পৰম সত্য।

(ত) “কৰা কৰা পূজা পাদ্য অর্ঘ্য লই” বুলি কোনে কাক পূজা কৰাৰ কথা কৈছে?
উত্তৰঃ মানুহে মানুহক পূজা কৰাৰ কথা কৈছে।

(থ) “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সােণৰ” – এই মন্তব্য কোনে কৰিছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই।

(দ) মানুহৰ প্রকৃত সংগ কোন ?
উত্তৰঃ মানুহ।

(ধ) মানুহৰ দেৱ’ কোন ?
উত্তৰঃ মানুহ।

(ন) মানুহৰ কাৰণে শ্রেষ্ঠতকৈও শ্রেষ্ঠ পৰম সত্য কোন?
উত্তৰঃ মানুহ।

(প) মানুহৰ ‘নিজাপী ঘৰ’ কি?
উত্তৰঃ এই পৃথিৱী।

(ফ) মানুহৰ ধৰম ক’ত থাকে ?
উত্তৰঃ মৰমত।

 

প্ৰঃ মানৱ বন্দনা কবিতা মূল মূলভাব লিখা

উঃ এই পৃথিৱীখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু এই পৃথিৱীত মানৱ প্ৰেমেই হৈছে মানুহৰ প্ৰধান ধৰ্ম। মানুহ শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠতৰ জীৱ। গতিকে মানুহে ভেদভাৱ পাহৰি মানুহৰ কল্যাণ সাধনত ব্রতী হ’ব লাগে। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহৰ সংগ। সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহৰ প্রতি মানুহৰ মৰমেই প্রকৃত ধৰম। মানুহে মানুহৰ কামত অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি, মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে।

প্ৰঃ মানৱ বন্দনা’ কবিতাটিৰ কবি কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰঃ “মানুহেই পৰাৎপৰ” বােলা কথাষাৰৰ অর্থ অর্থ কি?

উঃ মানুহেই পৰাৎপৰ’ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলােতকৈ শ্রেষ্ঠ। মানুহৰ ওপৰত আন কোনাে শ্রেষ্ঠ জীৱ নাই।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...