Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 5 Questions and Answers draft

মোৰ দেশ কবিতাৰ প্ৰশ্ন উত্তৰ

—হীৰেন ভট্টাচার্য

প্রশ্ন ১। অতি চমু উত্তৰ দিয়াঃ
(ক) হীৰেন ভট্টাচার্যৰ জন্ম কত হৈছিল?

উত্তৰ যােৰহাটত।

(খ) হীৰেন ভট্টাচার্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ চিত্ৰবন’ আৰু ‘মনন।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰঃ ঐশ্বর্য বিপুল সম্ভাৰ।।

মোৰ দেশ কবিতাৰ মূলভাব

প্রশ্ন ২। মােৰ দেশ’ কবিতাটোৰ সাৰাংশ / মূলভাব লিখা।
উত্তৰ মােৰ দেশ’ কবিতাটোৰ মাজেৰে কবিয়ে প্রেমৰ শ্ৰেষ্ঠতা আৰু উৎকর্য প্রতিপন্ন কৰিছে। প্রতি ফাকি কবিতাই এনে শ্রেষ্ঠতা আৰু গৰিমাৰ জয়গান ঘােষণা কৰিছে। কবিয়ে পােনপটীয়াকৈ নিজৰ দেশক শ্রেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ ইয়াৰ প্রশংসা কৰিছে। কবিৰ জীৱন যাযাবৰী জীৱন। পৃথিবীৰ চৌদিশে অৰঙে-দৰঙে ঘূৰি তেওঁ দেশ সমুহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে। নিজৰ দেশৰ মাটিৰ পৰা আৰম্ভ কৰা এই যাত্রা পথত কবিৰ বহু বন্ধু সহচৰ হৈছে। এই বন্ধু সকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতাও লাভ কৰিছে। তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খােলা কৰি কথা পাতিছে, ৰং ধেমালি কৰিছে, আৰু জীৱনৰ আনন্দ উপভােগ কৰিছে। কেতিয়াবা সমুদ্রৰ তীৰত বিশাল বাৰিধিৰ উত্তাল লহৰৰ দৃশ্য উপভােগ কৰিছে, কেতিয়াবা আকৌ মৰুভূমিৰ বিস্তৃত বলুকাৰাশিৰ মাজত থকা খেজুৰ গছৰ তলত বহি বন্ধুৰ সৈতে বিনােদনৰ আনন্দত লিপ্ত হৈছে। সুউচ্চ পাহাৰৰ পাদদেশত বহি কেতিয়াবা ওপৰলৈ চাই বিস্ময় বিমুগ্ধ পুলক অনুভৱ কৰিছে। কিন্তু এই আনন্দ, এই বিনােদন কবিৰ বাবে ক্ষন্তেকীয়া। কাৰণ পলকতে কবিৰ আকৌ যাত্ৰা আৰম্ভ হৈছে। এনে এটা সময়ত গৈ কবিৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশৰ মাটিত উপস্থিত হােৱাৰ লগে লগে। ইয়াৰ দ্বাৰা কবিয়ে এই কথাকে প্রতিপন্ন কৰিব খুজিছে যে পৃথিৱীৰ অৰঙে দৰঙে ঘূৰি ফুৰিলেও তেওঁৰ নিজৰ দেশখনৰ দৰে এখন দেশ আন কতাে বিচাৰি নাপায়।

প্রশ্ন ৩। ব্যাখ্যা করা

(ক) “অনৈক্যৰ মাজত ঐক্য হৈ, বিৰােধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছে।”
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি হীৰেন ভট্টাচাৰ্যৰচিত “মােৰ দেশ’ কবিতাটিৰ আন্তর্গত।
কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথাকেই কবিতা ফাকিৰ জৰিয়তে প্রকাশ কৰিছে।
কবিয়ে নিজৰ দেশক সেউজ সােণালী কৰিবৰ কাৰণে জীৱনৰ প্রতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়ােজিত কৰিছে। নিজ দেশৰ চিন্তাই কবিৰ মনত সােণালী ভবিষ্যতৰ স্বপ্ন জগাই তুলিছে। কবিয়ে এই দেশৰ বুকুতেই পাইছে ভালপােৱাৰ আনন্দ। প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু প্ৰতিটো সন্ধিয়াই কবিক দি যায় বহুতাে ফুলৰ মধুৰ সুবাস। প্ৰতিটো ঋতুৱে কৰিক জীৱনৰ আশীর্বাদ প্রদান কৰে। কবিয়ে নিজৰ দেশৰ কৃষক-মজদুৰ সকলৰ সৈতে মিলিজুলি থাকিব বিচাৰে। এই দেশত বিভিন্ন জনগােষ্ঠী আছে আৰু প্ৰতিটো জনগােষ্ঠীৰ স্বকীয় ৰীতি-নীতি, ধর্ম আৰু বিচাৰধাৰা আছে। এনে অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে কবিয়ে অহৰহ প্রচেষ্টা চলাই আহিছে। কবিয়ে বিৰােধৰ মাজত ঐক্য-সংহতি প্রতিষ্ঠাৰ বাবে জাগ্রত প্ৰহৰীৰ দৰে সর্বদা প্রস্তুত হৈ আছে। তেওঁ বিচাৰে সকলাে ধৰণৰ বিৰােধৰ মাজতাে দেশত ঐক্য-সংহতি বিৰাজ কৰক। তাৰ কাৰণে কবি সদায় প্রস্তুত।

(খ) মােৰ জীৱনৰ আঁহে আঁহে
মােৰ যৌৱনৰ কোহে-কোহে সেই সপােনৰ কলৰােল।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি হীৰেন ভট্টাচার্য ৰচিত ‘মােৰ দেশ’ নামৰ কবিতাটিৰ অন্তর্গত।
কবিয়ে তেওঁৰ দেশৰ প্ৰতি থকা ভাল পােৱা প্ৰকাশ কৰিবলৈ গৈ এই কবিতাফাকি অৱতাৰণা কৰিছে।
কবিয়ে নিজ জন্মভূমিৰ মঙ্গল কামনা কৰে। দেশৰ সৰ্বাংগীন মংগল, ঐক্য আৰু সংহতিয়েই একমাত্র কাম্য। সেইবাবেই কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণ দেশৰ মংগল আৰু উন্নতিৰ বাবে প্ৰয়ােগ কৰিব বিচাৰে। কবিয়ে ব্যক্তিগত চিন্তাৰ পৰিবৰ্তে দেশ আৰু দেশৰ মানুহৰ বাবে চিন্তা কৰি মনত লাভ কৰে অসীম আনন্দ। তেওঁৰ জীৱনৰ আহে আঁহে,যৌবনৰ কোহে কোহে দেশৰ কল্যাণ সপােনে উন্মনা কৰি তুলিছে। এই সপােনবােৰ বাস্তৱায়িত কৰিবলৈ তেওঁ কাম কৰি যায়। কবিৰ বাবে একমাত্র সুখৰ ঠাই হ’লএকমাত্র শ্রেষ্ঠ দেশ হ’ল তেওঁৰ নিজৰ দেশ। স্বদেশ প্রেমে তেওঁক দিছে জীৱনৰ নতুন অর্থ। সেয়েহে কবিয়ে নিজৰ দেশ আৰু দেশবাসীৰ প্রতি কাম কৰি যাবলৈ অংগীকাৰ কৰিছে।

ভাষা বিষয়ক 

প্রশ্ন ৫। সমার্থক শব্দ লিখা 
দেশ, কাম, কলৰােল, সাগৰ, সপােন, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তুৰংগ কল্লোল।
উত্তৰঃ দেশ – ৰাষ্ট্র
কাম – বন, কর্ম।
শইচ– শস্য।
কলৰােল – কলৰৱ।
বুকু –হিয়া, হৃদয়।
সাগৰ — সমুদ্র, বাৰিধি।
তৰংগ – লহৰ; ঢৌ।
সপােন – কল্পনা।
কল্লোল-কলৰৱ [.
বন্ধু — লগ, মিত্র, মিতা।
শেষ–অন্ত, ইতি।
সম্ভাৰ–সামগ্রী, সমল।

প্রশ্ন ৭।মােৰ দেশ’ কবিতাৰ মাজেদি কবিৰ দেশপ্ৰেমৰ ভাৰ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলােচনা কৰা।
উত্তৰ:কবি হীৰেন ভট্টাচার্য প্ৰেমৰ কবি হলেও অন্যান্য প্ৰেমৰ কবিৰ সৈতে তেওঁৰ কবিতাৰ বিশেষ মিল দেখানাযায় । তেওঁৰ প্ৰায়বােৰ প্ৰেমৰ কবিতাতে কবিৰ বেদনা-বিধুৰ অন্তৰবাণীত ক্রোধ, অনাদৰ আৰু তজ্জনিত যন্ত্রণাৰ হৃদয়ভেদী কৰুণ স্বৰ শুনা যায়। ইয়াৰ উপৰিও হীৰেন ভট্টাচার্যৰ কবিতাত সাধাৰণতে দুটা ধাৰাৰ প্রেম দেখিবলৈ পােৱা যায়— সর্বহাৰ শ্ৰেণীৰ প্রতি গভীৰ প্ৰেম আৰু স্বদেশ প্রেম। এই দুয়ােটা প্ৰেমৰ ধাৰা সুন্দৰ প্রতিফলন ঘটিছে, তেওঁৰ মােৰ দেশ’ কবিতাত।

প্রশ্ন ১০ | অতি চমু উত্তৰ দিয়া
(ক) কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা।
উত্তৰ জন্ম – ১৯৩২ চন, আৰু মৃত্যু – ২০১২ চন।

(খ) কবি হীৰেন ভট্টাচার্যই কোনখন কবিতাপুথিৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল?
উত্তৰঃ সুগন্ধি পখিলা’ কবিতা পুথিখনিৰ বাবে।

(গ) কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথি দুখনিৰ নাম লিখা।
উত্তৰঃ ‘সুগন্ধি পখিলা’ আৰু ‘শইচৰ পথাৰ চায়

(ঘ) কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিফলটি শুনা যায় ?
উত্তৰ  জাপানী হাইকু কবিতা।

(ঙ) মােৰ দেশ’ কবিতাটিৰ কবি কোন
উত্তৰঃ হীৰেন ভট্টাচার্য।

(চ) মােৰ দেশ’ কবিতাটিত কবিৰ কি ভাব ফুটি ফাইছে?
উত্তৰ গভীৰ স্বদেশানুৰাগ।

(ছ) “চিত্রবন’ কাকতখনি কোনে সম্পাদনা কৰিছিল ?
উত্তৰঃ কবি হীৰেন ভট্টাচার্যই।

(জ) “মােৰ প্ৰাণৰাে প্ৰাণৰ, গানৰে গানৰ, মােৰ দেশ।”== কপাষাৰ কোনে কৈছে?
উত্তৰঃ কবি হীৰেন ভট্টাচার্যই।

(ঝ) কবিয়ে কাৰ লগত “প্রাণৰ কথা পাতিছে” বুলি কৈছে?
উত্তৰ বন্ধুৰ লগত।

(ঞ) “তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্রা।”—কবিৰ এই যাত্রা কলৈ?
উত্তৰ ঃ বিভিন্ন দেশলৈ।

(ট) কবিৰ শেষ যাত্রা কি ?
উত্তরঃ নিজ দেশ।

(ঠ) প্ৰতিটো ৰাতিপুৱাই কবিলৈ কি লুকাই আনে?
উত্তৰঃ ঐশ্বর্য বিপুল সম্ভাৰ ।

(ড) প্ৰতিটো সন্ধিয়াই কবিলৈ কি বৈ আনে?
উত্তৰঃ স্নিগ্ধ ফুলৰ সুবাস।

(ঢ) প্রতিটা ঋতুৱে কৰিক কি দি যায়?
উত্তৰ জীৱনৰ আশীর্বাদ।

(প) কোনসকলৰ মাজত কৰি আছে বুলি কৈছে?
উত্তৰ ৰণুৱা, হালােৱা, বনুৱা এই সকলৰ মাজত।

(ত) শত্রু মিত্র সকলােকে মই চিনিছে।’ — শত্রু মিত্র চিনি কবিয়ে কি কৰিছে?
উত্তৰঃ বিশ্বাসেৰে অন্তৰ জিনিছে।

(থ) শান্তিৰ চৰাইযুৰিক আঁজুলি ভৰাই কবিয়ে কি দিছে
উত্তৰ ভৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।

(দ) সুগন্ধি পখিলা’ৰ কৰি কোন?
উত্তৰঃ হীৰেন ভট্টাচার্য।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...