js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 8 Questions and Answers draft

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া।

(ক) উৰাবাতৰি মানে কি ?
উত্তৰঃ যিবােৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্রণােদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লােকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰাবাতৰি।

(খ) কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰঃ যিবােৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিৰ গতিৰােধক হৈ থিয় দিয়ে, সেইবােৰেই কু-সংস্কাৰ।

(গ) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা।”—কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায় ?
উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত।

(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনে ধৰণৰ ৰােগত আক্ৰান্ত হৈছিল?

উত্তৰঃ কলেৰা ৰােগত আক্ৰান্ত হৈছিল।

প্রশ্ন ২। অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ যিবােৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবােৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে, – সেইবােৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্রেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তােলে।

প্রশ্ন ৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?
উত্তৰঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ, প্ৰভাৱিত হােৱাৰ প্ৰধানকৈ সাতটা কাৰণ উল্লেখ কৰিছে। কাৰণকেইটা এনেধৰণৰ-~

প্রথম কাৰণ, মানুহৰ জ্ঞানৰ অভাৱ। শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস, কু-সংস্কাৰৰ বশৱৰ্তী হয়। শিক্ষা লাভ কৰিলেও মানুহ অধ্যয়নশীল নহয়। বহুতে আবেগত অন্ধবিশ্বাস, কু-সংস্কাৰক বিশ্বাস কৰে। অধ্যয়নবিমুখিতাৰ কাৰণেই মানুহে আবেগক নিয়ন্ত্রণ কৰিব নােৱাৰে।

দ্বিতীয় কাৰণটো হ’ল – যিকোনাে কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্রায়বােৰ মানুহে কথাবােৰ, সমুখত ঘটা ঘটনাবােৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চায় কাৰণে অন্ধবিশ্বাস, কু-সংস্কাৰৰ বশবর্তী হয়।

তৃতীয় কাৰণ হ’ল, দায়িত্বশীল মানুহ কিছুমানেও ক্ষুদ্র ক্ষুদ্র স্বার্থ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। এনে কার্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে।

চতুর্থ কাৰণ হ’ল— ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয়, ভাব আৰু সাহিত্য-সংস্কৃতিৰ বিনিময় ঘটে। ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস, কু-সংস্কাৰ সমাজৰ পৰা আঁতৰ নহয়।

পঞ্চমতে, নিজ স্বার্থ পূৰণৰ কাৰণেও কিছু লােকে জানি-শুনিও অসম্ভব লৈ মানুহৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰৰ কথা প্রচাৰ কৰাত সাধাৰণ লােকে সেইবােৰ বিশ্বাস কৰাত সমাজত কু প্ৰভাৱ পৰে।

ষষ্ঠ কাৰণটো হ’ল— যত্ন নকৰাকৈ কিছুমান লােকে থাউকতে ধন-টকা-পইচা লাভ কৰিব বিচৰাৰ উপৰিও ৰােগ আদিও ভাল কৰিব বিচৰা মনােভাব হ’ল— অন্ধবিশ্বাস, কু- সংস্কাৰৰ কু প্রভাৱ।

সপ্তম কাৰণটো হ’ল— যুক্তিবাদী মন আৰু বিজ্ঞান মনষ্কতাৰ অভাৱতাে অন্ধবিশ্বাস, কু-সংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায়।

প্রশ্ন ৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি?
উত্তৰঃ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্রয়ােজন, – ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তর্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতাে সজাগতা আহি এইবােৰ নিয়ন্ত্রিত হব। আনহাতে তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেওঁ এইবােৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবােৰ নিয়ন্ত্রণ কৰিব পৰা যায়।

প্রশ্ন ৫। ‘ডাইনী’, ‘সােপাধৰা’— এইবােৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লােকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লােকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা ?
উত্তৰঃ ‘ডাইনী’ বা ‘সােপাধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযােগ গ্রহণ কৰি এচাম স্বার্থপৰ মানুহে হত্যাৰ দৰে অসামজিক আৰু অমানৱীয় কার্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লােভত বা ওচৰ চুবুৰীয়া কাৰােবাৰ যদি উন্নতি হয় তেওঁৰ প্রতি ঈর্ষান্বিত হৈয়াে সেই বিশেষ মানুহঘৰৰ কাৰােবাক ‘ডাইনী বুলি অভিহিত কৰি অসৎ প্রবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সােপাধৰাৰ অপপ্রচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হয়। ‘ডাইনী’ অথবা ‘সােপাধৰা বিষয়টো সমাজৰ আবেগ-অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থন্বেষী মানুহক উৎসাহিত কৰে।

প্রশ্ন ৬। তােমালােকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি তােমাৰ চকুত পৰিছে নেকি ? এই বিষয়ে এটি টোকা লিখা।  সেইবােৰ নিৰাময়ৰ বাবে তােমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা-
উত্তৰঃ আমাৰ অঞ্চলত শিক্ষা-দীক্ষা লাভ কৰা, আনকি উচ্চপদত অধিষ্ঠিত তথা বিভিন্ন চাকৰি কৰি থকা ভালেমান লােক আছে যদিও এই অঞ্চল অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাই। সাধাৰণ মানুহৰ মাজত জৰা-ফুকা কৰি, জাব-জৰি লৈ ৰােগ ভাল কৰিব পৰা, বিয়াৰ দৰা কইনা আৰু তেওঁলােকৰ নিকটাত্মীয়ই জাব-জুৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা, গ্রহৰ কু-দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায়-বাণিজ্য, ভাগ্যোন্নতিৰ উদ্দেশ্যে বিভিন্ন পাৰ্থৰ ধাৰণ কৰা আদি অন্ধবিশ্বাস সমাজৰ পৰা আজিৰ এই বিজ্ঞানৰ চৰম উৎকৰ্ষৰ দিনতাে আঁতৰা নাই।

আনহাতে এওঁ উচ্চ জাতৰ, এওঁ নীচ জাতৰ, উচ্চ জাতৰ মানুহে নীচ জাতৰ ছােৱালী বিয়া কৰাব বা বিয়া দিব নাপায়, সম্পর্ক স্থাপন কৰিব নাপায়, তেনে বৈবাহিক সম্পর্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা, জুই-পানী আলগ কৰা আদি কু-সংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহ মুক্ত হ’ব পৰা নাই।সেই অন্ধবিশ্বাস, কু-সংস্কাৰবােৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবােৰ কাৰ্যকৰা মনােভাৱ আঁতৰ কৰিবলৈ আলােচনা- বিলােচনা, মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায়। অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবােৰ, কুফলবােৰ সবিস্তাৰে খবৰ কাগজ, ৰেডিঅ’, টি ভি আদিত প্ৰচাৰ হৈ থকা কথাবােৰ প্ৰতি অঞ্চলৰ মানুহ সকলৰ মনােযােগ আকর্ষণ কৰি তাৰ প্রতি সজাগ হ’বলৈ বুজাব পৰা যায়। আনহাতে এইবােৰৰ ওপৰত নাটক লিখি, অভিনয় কৰি চিত্র প্রদর্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায়। এনেধৰণেৰে ব্যৱস্থা ল’লে মানুহে লাহে লাহে কু-সংস্কৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাৰ আঁতৰি যাব। শিক্ষণৰ লগে লগে প্রকৃত জ্ঞান লাভ হ’ব যদি এনেদৰে ব্যৱস্থা লব পৰা যায়।

প্রশ্ন ৭। ব্যাখ্যা কৰা

(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিবীৰ আটাইতকৈ গধুৰ ৰােজা।
উত্তৰ। উদ্ধত কথাফাকি প্রসিদ্ধ গল্পকার, ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “অন্ধ বিশাস আৰু কুসংস্কাৰ” প্রবন্ধটিৰ অন্তৰ্গত। অন্ধবিশ্বাস, কুসংস্কাৰে সমাজক কেনেদৰে প্রভাবিত কৰি আহিছে- এই সম্পর্কে আলোচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই উক্তিৰি উল্লেখ
কৰিছে। অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বর্তমান সময়ত সমাজৰ কাৰণে এটা ডাঙৰ অভিশাপ দৰে হৈ পৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম-মমতা, মানবতা আদি মানবীয় গুণসমূহ নাইকিয়া কৰি পেলাই সভ্য সমাজ এথনিক কলুষিত কৰে। জনজীৱনৰ সুস্থ আৰু শান্ত সহজ-সৰল জরিনধাৰণ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশাস্তআৰু অৰি, জটিল কৰি তােলে। বর্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিবীৰ প্রায়বােৰ ঠাইতে নানান অঘটন, হত্যাকাণ্ড, আত্মহত্যা আদি হ’ব লাগিছে। এই কাৰণে সর্বপল্লী ৰাধাকৃষ্ণণে এনেদৰে মন্তব্য কৰিছিল।

(খ) সংস্কাৰ এক জীবন পদ্ধতি।
উত্তৰঃ উদ্ধত কথাফাকি প্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধৰ বৰা ৰচিত “অন্ধ বিশ্বাস আৰু কুসংস্কাৰ”প্রবন্ধটিৰ অন্তগত। অন্ধবিশ্বাস, আৰু কু সংস্কাৰমুজ জীৱনহে যে প্রকৃত জীবন এই কথা প্রকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কোনাে বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাস কুসংস্কাৰে আবৰা জীৱন কেতিয়াও বিপদমুক্ত, সুখী জীৱন নহয়।প্রতি মুহূর্ততে ধন জন হানি হােৱাৰ উপৰিও অপমানিত হােৱাৰ ভয় থাকে। অন্ধবিশ্বাস আৰুকু-সংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন। সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ
লগত দৌৰিবলৈ সমৰ্থবান কৰি তােলে। এনে জীৱনহে প্রকৃত জীৱন, বিপদমুক্ত আৰু শান্তি, সুখৰ জীৱন। সংস্কাৰেই মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে, মানুহ হিচাপে জীয়াই। থাকিবলৈ শিকায়। সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে।

(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ” প্ৰৱন্ধটিৰ অন্তৰ্গত। মানুহ শিক্ষিত হ’লেও অধ্যয়ন নহ’লে যে প্রকৃত জ্ঞাননহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গা কৰি উঠিছে, এই কথা প্রকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে। মানুহ শিক্ষিত হৈছে, কিন্তু অধ্যয়নশীল নােহােৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায়, সেইবােৰৰ সম্পর্কে জ্ঞানৰ অভাৱ হয়। অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে, জ্ঞান বঢ়ায়। মহাপুৰুষ শংকৰদেৱ আদিকে ধৰি কত জন মহান ব্যক্তিয়ে মানৱতাৰ মূল্যবােধ সম্পর্কে সবলভাবে বুজাই অমূল্য গ্রন্থ ৰচনা কৰি থৈ গৈছে। সেইবােৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানবী মূল্যবোেধ অনুভৱ কৰিব নােৱাৰে আৰু সমাজক অন্ধবিশ্বাস কু-সংস্কাৰে আবৰি ধৰি আছে,সমাজত বিশৃংখল পৰিবেশ সৃষ্টি হৈছে, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানরীয় কার্যকলাপ সংঘটিত হৈছে।

ভাষা বিষয়ক

প্রশ্ন ৮। উদাহৰণ চাই বাকী কেইটা কৰা।
উদাহৰণ =মানৱীয়→ অমানৱীয়।
সজাগুতা→অসজাগতা।
সামাজিক→ অসামাজিক
ৰাজনৈতিক→ অৰাজনৈতিক
সাংবিধানিক →অসাংবিধানিক
প্ৰচাৰ→অপ্রচাৰ।

প্রশ্ন ৯। বিপৰীতার্থক বুজোৱা শব্দ লিখা।
নেতিবাচক→ইতিবাচক
অসৎ→সং
মােগাত্মক→ বিয়ােগাত্মক
অক্ষম →সক্ষম।
অনুচিত→উচিত
অভিশাপ→আশীর্বাদ
প্রশ্ন ১০। পাঠত উল্লেখ থকা পাচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।।
উত্তৰ ঃ কু-সংস্কাৰ, জীৱন-পদ্ধতি, জীৱন-ধাৰণ, জাত-কুল, ভূত-প্রেত।

প্রশ্ন ১১। বাক্য ৰচনা কৰা ?
মৌলিক অধিকাৰ, অমানৱীয় কার্য, প্ৰচাৰ মাধ্যম, সজাগতা সভা, স্বার্থন্বেষী লােক, আদিম স্তৰ।
উত্তৰ :

মৌলিক অধিকাৰ→ নির্বাচনত ভােট দিয়াটো আমাৰ মৌলিক অধিকাৰ।
অমানৱীয় কার্য →মানুহক হিংসা কৰাটো অমানরীয় কার্য।
প্রচাৰ মাধ্যম→ বাতৰি কাকত, ৰেডিঅ’, টি ভি আদি একোটা প্রচাৰ মাধ্যম।
সজাগতা সভা → সজাগতা সভাৰ জৰিয়তে যিকোনাে কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি।
স্বার্থন্বেষী লােক→ স্বার্থন্বেষী লােকে আনৰ উপকাৰৰ কথা চিন্তা কৰিব নােৱাৰে।
আদিম স্তৰ→ আদিম স্তৰত মানুহবিলাক অসভ্য আছিল।

শব্দার্থ আৰু টোকা।
অপদেবতা – অহিত বা অকাৰ সধা দেৱতা; ভূত-প্রেত।
অবাঞ্ছিত –যিটো বাঞ্ছা কৰা নহয়; বিচৰা নহয়।
ইতিবাচক–সন্মতি সূচক
কলুষিত —কলংকিত; কলংকযুক্ত।
গতিৰােধক —গতিক বাধা দিয়া ব্যৱস্থা।
উৰাবাতৰি।
দেহাবয়ব —দেহৰ গঠন; দেহৰ অৱয়ব।
নেতিবাচক— ইতিবাচকৰ বিপৰীত। অসন্মতি সূচক।
প্রতিকূলতা— বাধা, বিপৰীত অৱস্থা।
প্রমূল্য—মানদণ্ড।
বন্দিত —যাক বন্দনা কৰা হয়; পূজনীয়।
বড়ি —ঔষধৰ সৰু-ঘূৰণীয়া গুটি।
ভ্রান্ত বিশ্বাস—ভুল ধাৰণা।
মনস্তাত্ত্বিক- মনৰ প্রকৃতি সম্পৰ্কীয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১০। চমু উত্তৰ দিয়া
(ক) অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰৱন্ধটিৰ লেখক কোন?
উত্তৰঃ জয়ন্ত মাধৱ বৰা।

(খ) জয়ন্ত মাধৱ বৰাৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰঃ মৰিয়া হােলা।

(গ) জয়ন্ত মাধৱ বৰাৰ এখনি গল্পপুথিৰ নাম লিখা।
উত্তৰঃ জাকৈয়া ছােৱালী।

(ঘ) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
উত্তৰ মৰিয়া হােলা নামৰ উপন্যাসৰ বাবে।

(ঙ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন?
উত্তৰ ভাৰতৰ প্ৰাক্তন রাষ্ট্রপতি।

(চ) শদিয়ালৈ মিছনাৰী সকল কিয় আহিছিল ?
উত্তৰ ৪ খ্রীষ্টান ধর্ম প্রচাৰৰ অর্থে।

(ছ) মিছনাৰীসকলে কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰাৰ বড়ি কাক খাৰলৈ দিছিল?
উত্তৰঃ কলেৰাত আক্রান্ত স্থানীয় লােকক।

(জ) মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লােকে কিয় খােৱা নাছিল?
উত্তৰ জাত যােৱা আৰু এঘৰীয়া হােৱাৰ ভয়ত।

(ঝ) ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায়?
উত্তৰ ঃ যখিনীয়ে।

(ঞ) সম্প্রতি অসমৰ সাক্ষৰতৰ হাৰ কিমান?
উত্তৰ : ৭৩,১৮শতাংশ।

(ট) শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্র কি আছিল ?
উত্তৰ মানৱতা।

(ঠ) আবেগ নিয়ন্ত্রণ কৰিব নােৱাৰাৰ এটা মূল কাৰণ কি?
উত্তৰ : অধ্যয়ন বিমুখিতা।

(ড) ইতিবাচক চিন্তা কৰিব নােৱাৰা সমাজক কি বুলি কোৱা হয়?
উত্তৰঃ পংগু সমাজ বুলি কোৱা হয়।

(ঢ) বিনিময় নহলে কি নহয় বুলি কৈছে?
উত্তৰ দিগন্ত প্ৰসাৰিত নহয়।

(ণ) বিজ্ঞান জীৱন ধাৰণৰ কি?
উত্তৰ এটা প্রণালী।

(ত) অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ এটা শক্তিশালী আহিলা কি?
উত্তৰঃ সজাগতা।

প্ৰঃ উৰাবাতৰি মানে কি ?

উত্তৰঃ যিবােৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্রণােদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লােকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰাবাতৰি।

প্ৰঃ অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰঃ যিবােৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবােৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে, – সেইবােৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্রেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তােলে।

প্ৰঃ কুসংস্কাৰ বুলিলে কি বুজা?

উত্তৰঃ যিবােৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিৰ গতিৰােধক হৈ থিয় দিয়ে, সেইবােৰেই কু-সংস্কাৰ।

No comments:

Post a Comment

SEBA Class X Employability Skills Chapter 5 Green Skills MCQ

  Green Skills Class 10 MCQ Session 1: Sustainable Development 1. What is Sustainable Develo...